পৃষ্ঠা:বৈষ্ণৱী-কীৰ্ত্তন.djvu/৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫২
বৈষ্ণৱী কীৰ্ত্তন।

ঘোষা।

কি কৰিলো কি কৰিলো ভকতি নকৰি।
অন্তকে পাইলেক আসি ৰক্ষা কৰা হৰি॥

পদ

নকৰিলো শিৰে মাধৱক নমস্কাৰ।
ইটো মাথাগোট মোৰ ভৈল মহাভাৰ॥
কৰ্ণ দুই আছে নুশুনিলো হৰি কথা।
দুগোটা গৰ্ত্তৰ ভাৰ বহিলোহো বৃথা॥
জিহ্বা মোৰ আছন্তে নলৈলো ৰাম নাম।
দাদুৰীৰ জিহ্বা যেন ভৈল কোন কাম॥
নেদেখিলো নয়নে প্ৰভুৰ যেন ৰূপ।
সম্যকে জানিলো দুয়ো আখি অন্ধকূপ॥
যেন চিত্ৰ বিচিত্ৰ মৈৰাৰ ভাসে পাখি।
হৰি ৰূপ নেদেখিনো পাইলো কেন আখি॥
হৰিপদ তুলসীৰ নলৈলোহো ঘ্ৰাণ।
জীৱন্তে মৰিলো নাসা ভাটিৰ সমান॥
পিন্ধিলোহো বাহুত অনেক অলঙ্কাৰ।
প্ৰভুৰ পূজাক নকৰিলো একবাৰ।
কৃষ্ণ কৃত্য নকৰিলো ভৈলোহো বৰ্ব্বৰ।
ইটো হস্ত বাহু মিছা মৃতক শৱৰ॥
পাৱ দুই আছন্তে নগৈলো ক্ষেত্ৰ স্থান।
মোৰ পাৱ ভৈল বৃক্ষ শিপাৰ সমান॥