সমললৈ যাওক

পৃষ্ঠা:বৈষ্ণৱী-কীৰ্ত্তন.djvu/৮৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২০
বৈষ্ণৱী কীৰ্ত্তন।

বিশ্বৰূপ বদতি শুনিয়ো হৰিহয়।
এহি দিব্য নাৰায়ণ কৱচ দুৰ্জ্জয়।
কহিলো তোমাত আক ধৰিয়ো হৰিষে।
জিনিবাহা অপ্ৰয়াসে দৈত্যক নিঃশেষে॥
এহি কৱচক যিটো কৰিয়া ধাৰণ।
যাক যাক প্ৰতি কৰে চক্ষুৰে দৰ্শন॥
চৰণে বা কদাচিত পৰশ কৰয়।
সিও জন জানা সবে ভয় মুক্ত হয়॥
ৰাজভয় বৈৰীভয় গ্ৰহভয় যত।
আধিব্যাধি আদি যত আছে সংসাৰত॥
কিছুৱে নপাৱে তাক জানিবা নিশ্চয়।
এহি মহা বিদ্যা যিটো হৃদয়ে ধৰয়॥
পূৰ্ব্বে এক আছিল কৌশিক নামে ঋষি।
তেহেঁ মহাবিদ্যা ইটো ধৰিলা হৰিষি।
মৰুভূমি মাজে তেহোঁ প্ৰাণক ছাড়িলা।
বিদ্যাৰ প্ৰভাৱে পাছে মুকুতি লভিলা॥
একদিনা চিত্ৰৰথ গন্ধৰ্ব্বৰ পতি।
অপেসৰা গণ সমে ৰথে কৰে গতি॥
কৌশিকৰ অস্থিছয় যৈত আছে পৰি।
তাহাৰ উপৰে গৈলা দিব্য ৰথে ছড়ি॥
সেহি দোষে পুণ্যক্ষয় ভৈল সেহি কালে।
ৰথসমে অধোমুখে পৰিল নিঢালে॥