পৃষ্ঠা:বৈষ্ণৱী-কীৰ্ত্তন.djvu/৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪৮
বৈষ্ণৱী কীৰ্ত্তন।

অৰুণ নখ চন্দ্ৰমাৰ শাৰী।
শঙ্খ-চক্ৰ-গদা-পঙ্কজধাৰী॥
গলত গলপতা সাতসৰি।
উৰে নৱগুণ কত উত্তৰী॥
শ্যামল শৰীৰ শোভে অধিক।
ময়ুৰপুচ্ছ যেন চিকমিক॥
কম্বুকণ্ঠে শোভে কৌস্তুভ মণি।
প্ৰভাতে উদিত আদিত্য জিনি॥
পূৰ্ণচন্দ্ৰ-ৰুচি মুখমণ্ডল।
কৰ্ণত মকৰ দোলে কুণ্ডল॥
তাৰ ৰশ্মি জ্বলে গণ্ড পাণ্ডুৰ।
ৰুচিৰ চিবুক চাৰু অধৰ॥
প্ৰৱাল ৰত্নে যেন কৰে কান্তি।
সুন্দৰ দন্ত মুকুতাৰ পান্তি॥
সদায় নুগুচে ঈষত হাঁস।
নাসা তিলফুল সম প্ৰকাশ॥
অৰুণ লোচন পঙ্কজ পাশি।
ধনু সম আছে ভ্ৰূব প্ৰকাশি॥
ৰত্নময় কৰে তিলকে কান্তি।
কপালে লম্বিত অলকা পান্তি॥
ৰঞ্জে শিৰে ৰত্নময় মুকুট।
চুড়ামণি ৰত্মে প্ৰকাশে জুট॥