পৃষ্ঠা:বৈষ্ণৱী-কীৰ্ত্তন.djvu/৮৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৯৪
বৈষ্ণৱী কীৰ্ত্তন।

পৃথিবীত পৰি দুঃখে কৰে হাঁহাঁকাৰ।
কোন দোষে হেনগতি ভৈলেক আমাৰ॥
পাছে বালখিল্য ঋষি সকলে কহিলা।
বৈষ্ণৱ অস্থিৰ উপৰে তুমি গৈলা॥
আউৰ তযু ৰথ নচলিব স্বৰ্গপথ।
দেখা বৈষ্ণৱৰ কেনে তেজৰ সমৰ্থ॥
এবে হেন কৰা অস্থিচয় তুলি লোৱা।
সৰস্বতী জলে নিয়া আপুনি লগোৱা॥
তেবে সেহি পুণ্যে ইটো পাপ কৰি ক্ষয়।
এহি ৰথে চড়ি যাইবা স্বৰ্গৰ নিলয়॥
শুনি চিত্ৰৰথে বালখিল্যৰ বচন।
শিৰে তুলি লৈলা বৈষ্ণৱৰ অস্থিগণ॥
ভক্তিভাৱে লগাই সৰস্বতীৰ জলত।
পৰম বিস্ময় তান মিলিল মনত॥
পাছে স্নান কৰি সেহি পৱিত্ৰ জলত।
স্বৰ্গে লৰি গৈলা চড়ি দিব্য বিমানত॥
শুক নিদগতি শুনা অভিমন্যু সুত।
নাৰায়ণ কৱচৰ মহিমা অদ্ভুত॥
যিটো ইটো কচক শুনে এক মন।
যদি বা আদৰ ভাৱে কৰয় ধাৰণ॥
তাহাৰ সমস্তে প্ৰাণী কৰয় বন্দন।
সকলো ভয়ত সিটো হোৱয় মোচন॥