পৃষ্ঠা:বৈষ্ণৱী-কীৰ্ত্তন.djvu/৬৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬১
বৈষ্ণৱী কীৰ্ত্তন।

তুমি প্ৰিয় আত্মা   পৰম দেৱতা
  তোমাত ভৈলো বিমুখ।
এতেকে তোমাৰ   মায়ায়ে আমাক
  দিলেক সংসাৰ দুঃখ॥


কাকুতি।

কিমতে ভকতি কৰিবো তোমাত হৰি এ,
মই মূঢ়মতি নজানো তাৰ উপায় ৰাম ৰাম।
মহা বলৱন্ত দুৰ্ব্বাসনা ঘোৰ হৰি এ,
আমাৰ মনক তেজিয়া দূৰ নযাই ৰাম ৰাম॥
তোমাৰ মায়ায়ে মন মুহি আছে হৰি এ,
অজ্ঞান আন্ধাৰে পৰিয়া পাৰ নপাওঁ ৰাম ৰাম।
অভয় চৰণে শৰণ পশিলো হৰি এ,
তুৱা গুণ নাম ভকতি প্ৰদীপ চাওঁ ৰাম ৰাম॥
ভকতি মিনতি প্ৰণতি নজানো হৰি এ,
মোত পৰে জ্ঞানশূন্য হীনমতি নাই ৰাম ৰাম।
তুমি প্ৰভু কৃপা ৰসেৰ সাগৰ হৰি এ
দিয়ো মোক তুৱা পদ ছাঁয়া তলে ঠাই ৰাম ৰাম॥
হৰি এ কৰুণাসিন্ধু জীৱন বন্ধু,
গতিমতি তুমি নাৰায়ণ।
তুৱা গুণ নাম ভকতৰ মহাধন॥