পৃষ্ঠা:বৈষ্ণৱী-কীৰ্ত্তন.djvu/৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৫০
বৈষ্ণৱী কীৰ্ত্তন।

সুপ্ৰভাত মথুৰা পুৰীৰ।
মুখপদ্ম দেখিবে স্বামীৰ।
জীৱৰ জীৱন প্ৰাণপতি।
আজি পাইবে কোন ভাগ্যবতী॥
কিনো সুপ্ৰসন্ন ভৈল বিধি।
হাতে পাইলে গোকুলৰ নিধি॥
মুখপদ্ম চন্দ্ৰ নোহে সৰি।
আনন্দে দেখিবে নেত্ৰভৰি॥
পাইব গৈয়া নাগৰী সুন্দৰী।
আউৰ দুনাই নাসিবন্ত হৰি।
সৌহৃদ্য ভাঙ্গিলা ক্ষণেকতে।
উপাসন্ত লক্ষ্মি কেনমতে॥
কিনো নিদাৰুণ নাৰায়ণ।
নুবুলিবা প্ৰবোৰ বচন।
পতি পুত্ৰ এড়ি তৈলো চেড়ী।
কোন সতে প্ৰভু গৈলা এড়ী॥
কিনো বজ্ৰে বান্ধিলেক হিয়া।
ভকতক গৈল দুঃখ দিয়া॥
আমি মৰো তোমাৰ বিৰহে।
জানি কেন মতে হৃদি সহে॥
এহি বুলি কান্দে গোপনাৰী।
ৰাম কৃষ্ণ বুলি গেৰি পাৰি॥