পৃষ্ঠা:বৈষ্ণৱী-কীৰ্ত্তন.djvu/৭৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২০
বৈষ্ণৱী কীৰ্ত্তন।

দৰ্পহাৰী নাম ৰাখে অৰ্জ্জুন সুধীৰ।
পশুপতি নাম ৰাখে গৰুড় মহাবীৰ॥
যুধিষ্ঠিৰে নাম ৰাখে দেৱ যদুবৰণ।
বিদুৰে ৰাখিলা নাম কাঙ্গাল ঠাকুৰ॥
বাসুকী ৰাখিলা নাম দেৱ সৃষ্টি-স্থিতি।
ধ্ৰুবলোকে নাম ৰাখে ধ্ৰুৱৰ সাৰথি॥
নাৰদে ৰাখিলা নাম ভক্ত প্ৰাণধন।
ভীষ্মদেৱে নাম ৰাখে সত্য নাৰায়ণ॥
সত্যভামা নাম ৰাখে সত্যৰ সাৰথি।
জাম্বৱতী নাম ৰাখে দেৱ যুদ্ধাপতি॥
বিশ্বামিত্ৰে নাম ৰাখে সংসাৰৰ সাৰ।
অহল্যা ৰাখিলা নাম পাষাণ উদ্ধাৰ॥
ভৃগুমুনি নাম ৰাখে জগতৰ হৰি।
পঞ্চমুখে ৰাম নাম গায় ত্ৰিপুৰাৰি॥
কুঞ্জকেশী নাম ৰাখে বলি সদাচাৰী।
প্ৰহ্লাদে ৰাখিলা নাম নৃসিংহ মুৰাৰি॥
দৈত্যাৰি দ্বাৰিকানাথ দাৰিদ্ৰভঞ্জন।
দয়াময় দ্ৰৌপদীৰ লজ্জা নিবাৰণ॥
স্বৰূপে সবাৰো হয় গোলোকত স্থিতি।
বৈকুণ্ঠ ক্ষীৰোদশায়ী কমলাৰ পতি॥
বলময় ৰসিক নাগৰ অনুপাম।
নিকুঞ্জবিহাৰী হৰি নৱ ঘনশ্যাম॥