সমললৈ যাওক

পৃষ্ঠা:বৈষ্ণৱী-কীৰ্ত্তন.djvu/৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩৫
বৈষ্ণৱী কীৰ্ত্তন।

হেন বৈকুণ্ঠ মাজত পাছে।
উচ্ছ্ৰিত ৰত্নমন্দিৰেক আছে॥
বৈদূৰ্য্যৰ অন্ত স্ফটিক আৰ।
মাণিক্য কপাট হীৰাৰ দ্বাৰ॥
কাটিলা জিঞ্জিৰি সুবৰ্ণাৱলী।
বিচিত্ৰ মণি মৰকত স্থলী॥
পদ্মৰাগ ৰতে লগাইলা চৌতি।
কোটী সূৰ্য্য যেন গৃহৰ জ্যোতি॥
বিচিত্ৰ চন্দ্ৰাতপ আছে টানি।
আৰিল মুৰাৰি মুকুতা মণি॥
হেন মন্দিৰে ৰত্ন সিংহাসনে।
আছন্ত বসি প্ৰভু নাৰায়ণে॥
চৌপাশে সেৱে পাৰিষদ যত।
মৌক্তিক ছত্ৰ ধৰি ওপৰত॥
ধৱল চামৰে দুপাশে বিঞ্চে।
সঘনে সুতি কুসুম সিঞ্চে॥
সঘণে অনেক ভকতি ভাবে।
উপাসন্ত লক্ষ্মী জগত মাৱে॥
চৈতন্যময় শুদ্ধ ৰূপ ঘৰি।
পৰম আনন্দে আছন্ত হৰি॥
আতি চমৎকাৰ ৰূপ বিপুল।
কন্দৰ্প কোটী যাক নোহে তুল॥