পৃষ্ঠা:বৈষ্ণৱী-কীৰ্ত্তন.djvu/১১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১০৮
বৈষ্ণৱী কীৰ্ত্তন।

একে অগনিৰ অনেক নাম।
একে সুবৰ্ণৰ বহুত কাম॥
একে ঈশ্বৰৰ বহুত মূৰ্ত্তি হুই
জীৱক কৃপায়ে হোন্ত সদয়॥
বাস্তৱত একো ভিন্ন নোহয়।
অজ্ঞানী সকলে ভিন্ন মানয়॥
ইহাক যিটো ভেদ ভাৱ কৰে।
অৱশ্যে সিটো নৰকত পৰে॥
ইটো সন্তাখ্যান কথা গহন।
আমি মূঢ়মতি অলপ জন॥
তথাপিতো কৈলো মনত আশ।
ইটো দোষ ক্ষমা জগনিবাস॥
সকলো সন্তৰ হৈবোহো দাস।
প্ৰণামো সবাকে দমায়া মাথ॥
কহয় মূৰুখমতি এৰি আন কাম।
সমাজে বেঢ়িয়া ডাকি বোলা ৰাম ৰাম