পৃষ্ঠা:বৈষ্ণৱী-কীৰ্ত্তন.djvu/৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

কীৰ্ত্তন।

ঘোষা।

ত্ৰাহি গোপাল কৃপাল স্বামী।
মজিলো ভৱজলধিত আমি॥
 পদ।
একমনে শুনা হৰিৰ ধ্যান।
বৈকুণ্ঠ নামে আছে মহাথান॥
শাৰী শাৰী ৰঞ্জে বিমানচয়।
বৈদূৰ্য্য হীৰা মৰকতময়॥
চন্দ্ৰ-সূৰ্য্য যেন প্ৰকাশে আতি।
নজানি যাত পশি দিন ৰাতি॥
চাৰু সৰোবৰ নিৰ্ম্মল জল।
সুগন্ধি পদ্ম শোভে উতপল॥
আছে ৰাজহংস সমূহে ৰঞ্জি।
লীলায়ে মৃণাল ভুঞ্জে উভঞ্জি॥
পাৰে পাৰিজাত মলয়া বাৱ।
চটকে ত্যজে সুললিত ৰাৱ॥
ভ্ৰমৰগণে গাৱে হৰি গীত।
বৈষ্ণবগণ শুনি আনন্দিত॥