পৃষ্ঠা:বৈষ্ণৱী-কীৰ্ত্তন.djvu/৭২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭০
বৈষ্ণৱী কীৰ্ত্তন।

দানৱগঞ্জন, নিৰাকাৰ, নিৰঞ্জন।
হৃষীকেশ, শিৱ, শৌৰি, শকটভঞ্জন॥
সৰ্ব্বদেৱময়, মহামৃত্যু, অন্তকাৰী।
বৃষভবিধবংসী ৰিপু, ৰামন, বকাৰি॥
সুৰবৃক্ষ, ব্ৰহ্ম, বাসুদেৱ, বিশ্বেশ্বৰ।
কালীয়মৰ্দ্দন, দেৱ দেৱ দামোদৰ॥
জগতব্যাপক, পুণ্যজনক চৰিত্ৰ।
জগতজনক, জগন্নাথ, জিতামৃত॥
গোবিন্দ, আনন্দসিন্ধু, উপেন্দ্ৰ, গোপাল।
জীৱৰ জীৱন, বনমালী মহাকাল॥
ভকতবৎসল, ক্লেশ-কলুষ-মোচন।
শ্ৰীবৎসলাঞ্ছন, কৃষ্ণ, কমললোচন॥
পুৰাণ পুৰুষ, পুণ্য, শ্ৰৱণ-কীৰ্ত্তন।
দুৰন্ত, দয়ালু, দেৱ দাৰিদ্ৰভঞ্জন॥
পদ্মনাভ, শম্ভু, বিভু, প্ৰভু, ভগৱন্ত।
কতেক কহিবো মোৰ নাম অপৰ্য্যন্ত॥
একো একো নাম মোৰ জগত উদ্ধাৰ।
স্মৰণতে কৰে পাপ সমূহ সংহাৰ॥
যেনমতে সিংহসবে গৰ্জ্জে মহাবেগে।
কোন ক্ষুদ্ৰ মাতঙ্গ শতেক তাৰ আগে॥
মোৰ নাম জানা সখি বাড়ৱ-অগনি।
পাতক শুকান বন লাগে তাত চনি॥