সমললৈ যাওক

পৃষ্ঠা:বৈষ্ণৱী-কীৰ্ত্তন.djvu/৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৬
ৰ্বৈষ্ণৱী কীৰ্ত্তন৷

ইহেন মনুষ্য জন্ম বৃথা যায় আয়ু।
কৈত কেতিক্ষণে পৰে ইটো প্ৰাণ বায়ু॥
যত দেখা ভাৰ্য্যা-পুত্ৰ সবে অকাৰণ।
চাই মাত্ৰ থাকে কালে ধৰে যেতিক্ষণ॥
যম যাতনাক তৰিবাৰ কৰা কাম।
শঙ্কৰে ৰচিলা ডাকি বোলা ৰাম॥


ঘোষা৷

শৰণ৷

হৰিপদ সেৱা নকৰে নিমিত্তে
 মায়ায়ে বান্ধি ফুৰাৱে।
ভাৱত মায়াক নতৰে হৰিত
 শৰণ নলৱে যাৱে॥
মই দুৰাচাৰ কেৱলে তোমাৰ
 অপৰাধি নাৰায়ণ।
ক্ষমিয়োক হৰি লৈয়ো দাস কৰি
 পশিলো হেৰা শৰণ॥
হে কৃষ্ণ স্বামী তযু পাৱে আমি
 কেৱলে শৰণ চাওঁ।
কৰা অনুগ্ৰহ মায়াৰ নিগ্ৰহ
 তেবেসে এভু এৰাওঁ॥