পৃষ্ঠা:বৈষ্ণৱী-কীৰ্ত্তন.djvu/৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
বৈষ্ণৱী কীৰ্ত্তন।৪৩

ই তিনি লোকত দেৱ   হেন আৰ আছে কেৱ
  পতিতক ৰাখে সংসাৰত।
পতিতপাৱন তুমি   শাস্ত্ৰ মুখে আছো শুনি
  শৰণে পশিলো চৰণত॥
বৈষ্ণৱৰ পদধূলি   মাথে লৈবো হাতে তুলি
  কৰিবো শ্ৰৱণ প্ৰসঙ্গত।
মুখত নেৰিবো নাম   তেবে মোৰ সিদ্ধি কাম
  এহিমানে মাগো চৰণত॥
তুমিসি শঙ্কৰ   গুৰু ভকতৰ
 কল্পতৰু জানি মই পশিলো শৰণে।
 আউৰ মোৰ নাহি ত্ৰিভুবনে।
শৰণে পশিলো বাপ   গুচায়ো সংসাৰ তাপ
  নাম মোৰ নছাড়োক মনে॥