পৃষ্ঠা:বৈষ্ণৱী-কীৰ্ত্তন.djvu/৬৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৬৫
বৈষ্ণৱী কীৰ্ত্তন৷

তোমাক পৰম ঈশ্বৰ নমানি,
হৰি হৰি হৰি হৰি এ,
মহা অহঙ্কাৰে দ্ৰোহ আচৰিলো আমি।
আবে তযু পদে শৰণ পশিলো,
হৰি হৰি হৰি হৰি এ,
মই দ্ৰোহীয়াৰ দোষ ক্ষমা কৰা স্বামী।
দাস হুয়া তযু সেৱা নকৰিলো,
হৰি হৰি হৰি হৰি এ,
ইটো ঘোৰ অপৰাধৰ চিকিৎসা নাই৷
তুমি পুনু প্ৰভু সহজ কৃপালু,
হৰি হৰি হৰি হৰি এ,
শৰণ পশিলো ক্ষমিবে প্ৰভু যুৱাই॥
মই অজ্ঞানীৰ যতেক অজ্ঞান,
হৰি হৰি হৰি হৰি এ,
কথা কহি কোনে সীমা কৰিবেক তাক।
ইটো মোৰ ঘোৰ দোষ পৰিহৰি
হৰি হৰি হৰি হৰি এ,
কৃপাময় কৃষ্ণ চৰণে ৰাখা আমাক॥
প্ৰিয়তম আত্মা ঈশ্বৰ দেৱতা,
হৰি হৰি হৰি হৰি এ,
কৃষ্ণেসে সুহৃদ বান্ধৱ গুৰু আমাৰ।
কৃষ্ণৰ চৰণ পঙ্কজ বিনাই,
হৰি হৰি হৰি হৰি এ,
মই অনাথৰ গতি নাহি নাহি আৰ।