পৃষ্ঠা:বৈষ্ণৱী-কীৰ্ত্তন.djvu/১০৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৬
বৈষ্ণবী কীৰ্ত্তন৷

জ্যেষ্ঠ পুত্ৰ শ্ৰীসনাতন ভায়ে৷
শিলিখাতলে ধৰ্ম্ম প্ৰবৰ্ত্তাৱে॥
ৰতিকান্ত লেঙ্গদিত উদিত।
কনিষ্ঠ শ্ৰীকান্ত নৱ মাটিত॥
ৰতিকান্তৰ পুত্ৰ উদিত ৰাম।
উদিত ৰাম পুত্ৰ পঞ্চ অনুপাম॥
মুক্ষদ ভৈলা লেঙ্গদিত উদিত।
কামদ ৰৈলা বাংশবাৰিত॥
জগধৰ সৰমৰাত স্থিতি।
ৰৈলা নৰবৰ তৈলপানীত॥
গিৰিধৰ ধল সত্ৰত ৰৈলা।
ইসবে যদুমণি ধৰ্ম্ম কৈলা॥
শ্ৰীৰামানন্দ দেৱ আজ্ঞাত৷
শুনিয়ো যিবা ধৰ্ম্ম কন্ত যৈত॥
বৰ কৃষ্ণ মৈমামৰাত স্থিত।
শ্ৰীকৃষ্ণ কাটনি পাৰে বিদিত॥
বলমি সত্ৰে বিজয়ানন্দ।
ডিবৰু সত্ৰে ৰৈলা সদানন্দ॥
এই চাৰি মূৰ্ত্তি ধৰ্ম্মক কন।
বৰ কৃষ্ণ পুত্ৰ জগমোহন॥
চেঞ্চামূখ সত্ৰে তান তনয়।
উজনি সত্ৰে ব্ৰহ্মানন্দ ৰয়॥