পৃষ্ঠা:বৈষ্ণৱী-কীৰ্ত্তন.djvu/৭৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৪
বৈষ্ণৱী কীৰ্ত্তন।

শালগ্ৰাম দামোদৰ শ্ৰীপতি শ্ৰীধন।
ত্ৰৈলোক্য তাৰকনাথ ব্ৰহ্ম সনাতন॥
কল্পতৰু কমললোচন হৃষীকেশ।
পতিতপাৱন গুৰু জ্ঞান উপদেশ॥
চিন্তামণি চতুৰ্ভুজ দেৱ চক্ৰপাণি।
দীনবন্ধু দৈৱকীনন্দন যদুমণি॥
অনন্ত কৃষ্ণৰ নাম অনন্ত মহিমা।
নাৰদাদি ব্যাসদেৱে যাৰ নপাই সীমা॥
নাম ভজা নাম চিন্তা নাম কৰা সাৰ।
অনন্ত কৃষ্ণৰ নাম মহিমা অপাৰ॥
শতভাৰ সুবৰ্ণ গো কোটি কন্যা দান।
তথাপিতো নোহে কৃষ্ণ নামৰ সমান॥
যেই নাম সেই কৃষ্ণ ভজা নিষ্ঠ কৰি।
নামৰ সহিত থাকে আপুনি শ্ৰীহৰি॥
শুনা শুনা হেৰা ভাই নাম কীৰ্ত্তন।
যি নাম স্মৰণে হয় পাপ বিমোচন॥
কৃষ্ণ নাম সত্য ভাই আন সবে মিছা।
পলাইবাৰ পথ নাহি যম আছে পিছা॥
কৃষ্ণ নাম হৰি নাম আতি সুমধুৰ।
যি জনে কৃষ্ণক ভজে সেহিসে চতুৰ॥
ব্ৰহ্মা আদি দেৱে যাক ধ্যানে নাহি পায়।
সি হৰি কঞ্চিত হৈলে কি হৈবে উপায়॥