পৃষ্ঠা:বৈষ্ণৱী-কীৰ্ত্তন.djvu/১০৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৫
বৈষ্ণবী কীৰ্ত্তন৷

বাংশবাৰী সত্ৰে স্থান কৰিলা।
জগত জুৰিয়া ধৰ্ম্ম ৰাখিলা॥
আৱৰ সৰু যদুমণি দেৱ হৰি।
ৰহিলা গজলাত সত্ৰ কৰি॥
ভূঞাৰ পুত্ৰ অনিৰুদ্ধ নাম।
লোহিত তীৰে কৰিলা থান॥
দহঘৰ সত্ৰে ৰৈলা নাৰায়ণ।
নগৰীয়া সত্ৰে ৰৈলা সনাতন॥
চৰাইবাহি সত্ৰে নামে মূৰাৰি।
বিপ্ৰ ছয়জন কহোঁ বিচাৰি॥
আঁহতগুৰিত শ্ৰীৰাম নাম।
ৰামচন্দ্ৰ খৌৰ মোচৰ থান॥
মাকোৱাৰী পুৰুষোত্তম শোভন।
আৱৰ সন্ন্যাসী ৰাম চৰণ॥
হাবুঙ্গ সত্ৰে পৰমানন্দ নাম।
ভৈলাহা ৰাজগুৰু অনুপাম॥
এহি বাৰজন বাৰ থানত।
কন্তু গোপালৰ ধৰ্ম্ম সতত॥
গোপালদেৱৰ পুত্ৰ কমল।
প্ৰবৰ্ত্তে নাম ধৰ্ম্ম সুনিৰ্ম্মল॥
শুনিয়ো হেঙ্গলীয়া যদুমণি হন্তে।
যৈত যিবা জনে ধৰ্ম্মক কন্তে॥

–১৪