পৃষ্ঠা:বৈষ্ণৱী-কীৰ্ত্তন.djvu/৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৮
বৈষ্ণৱী কীৰ্ত্তন।

অনাদি অনন্ত   হে ভগৱন্ত
  ভজো কৰি প্ৰণিপাত।
মুকুতি ৰসকো   তেজি মহাজনে
  শৰণ লৱে তোমাত॥


নমস্কাৰ।

হে কৃষ্ণদেৱ   পাপী বুলি কেৱ
  মোক মোৰ নোবোলয়।
পতিত পাৱন   জানিয়া তোমাত
  আপুনি গৈলো বিক্ৰয়॥
নমো হৰিপদ   পঙ্কজ যুগল
  বিমল সুখ সাগৰ।
অনাদি অনন্ত   দেৱ সদাশিৱ
  ভগৱন্ত ভয়হৰ॥
মোহ মায়া ৰাগ   মদ মল কাম
  দম্ভ দ্বেষ আদি ভাৱ।
যি গুৰু জনত   ই সব নাথাকে
  প্ৰণামো তাহান পাৱ॥
জয় যদুপতি   গোপাল গোবিন্দ
  যাদৱ মাধৱ ৰাম।
ভকতৰ ধন   জীৱৰ জীৱন
  কৰোহোঁ পাৱে প্ৰণাম॥