পৃষ্ঠা:বৈষ্ণৱী-কীৰ্ত্তন.djvu/৫৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

তাৎপৰ্য্য।

পদ।

শুনিয়োক সৰ্ব্বজন কৃষ্ণৰ চৰিত্ৰ।
আতপৰে আন পুণ্য নাহিকে কলিত॥
লভি আছা জন্ম যিটো ব্ৰহ্মাৰ বাঞ্ছিত।
জানি যত্নে কৰা পান কৃষ্ণ কথামৃত॥
ক্ষণিক শৰীৰ বিলম্বত কাৰ্য্য নাই।
চিন্তামণি জন্ম হেৰা হাততে হৰাই॥
নাহিকে চেতন কাল অজগৰে গিলে।
ধন-জন-জীৱন যাইবেক একতিলে॥
যত দেখা ভাৰ্য্যা পুত্ৰ সৱে অকাৰণ।
চাই মাত্ৰ থাকে কালে ধৰে যেতিক্ষণ॥
বিষয়ৰ সুখ একতিলে কৰি চুৰ।
যমৰ কিঙ্কৰে ধৰি নিবে যমপুৰ॥
যমৰ মূৰ্ত্তিক দেখি হৰাইবে চেতনা।
দুৰ্ঘোৰ নৰকে পেলাই ভুঞ্জাইবে যাতনা॥
হেন জানি কৃষ্ণৰ চৰিত্ৰ কৰা সাৰ।
তেবেসে তৰিবা ঘোৰ সংসাৰ নিকাৰ॥
বিচাৰি শাস্ত্ৰত পাইবা এহিসে যুগুতি।
কৃষ্ণৰ নামেসে সাধে ভুকুতি মুকুতি॥
কলিৰ পৰম ধৰ্ম্ম জানা হৰি নাম।
শঙ্কৰে ৰচিলা ডাকি বোলা ৰাম ৰাম॥