পৃষ্ঠা:বৈষ্ণৱী-কীৰ্ত্তন.djvu/১০১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৯
বৈষ্ণৱী কীৰ্ত্তন।

দক্ষিণে নিত্যানন্দ চৈতন্যক।
সেবিত চাৰিমূৰ্ত্তি প্ৰকাশক॥
পূৰ্ব্বে ভাগৱত বৈকুণ্ঠে স্থিত।
সূত মুখে ভূমি ভৈলা বিদিত॥
নৈমিষাক্ষেত্ৰে সূতে প্ৰচাৰিলা।
বাৰাণসী স্থানে মহেশে নিলা॥
শঙ্কৰ আচাৰ্য্যত হন্তে পাই।
পদ্ম আচাৰ্য্যক দিলা দুনাই॥
পদ্মাচাৰ্য্য ভট্টাচাৰ্য্যত স্থিত।
ভট্টাচাৰ্য্যে জগমিশ্ৰ বিদিত॥
জগদ্দীশ মিশ্ৰে শঙ্কৰৰ ঠাই।
পূৰ্ণ কৃষ্ণ জানি দিলা যোগাই॥
বৈকুণ্ঠে গৈলা মাধৱক থই।
আৱৰ বিপ্ৰ দামোদৰ কই॥
শুনিয়ো দামোদৰ আজ্ঞা পাই।
চাৰিজন বিপ্ৰে পথ সূচাই॥
প্ৰথমে বিদ্যা ভট্ট নাম ধৰি।
পাটবাউসিত সত্ৰক কৰি॥
গৰৈমাৰি সত্ৰে সন্ত সন্তম।
বহৰিত হৰিদেৱ উত্তম॥
বৈকুণ্ঠপুৰে বলো বেহেৰাত।
হৰিদেৱ আজ্ঞা যদু মাহাৰাত॥