পৃষ্ঠা:বৈষ্ণৱী-কীৰ্ত্তন.djvu/১০৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০১
বৈষ্ণৱী কীৰ্ত্তন।

মধুপুৰ সত্ৰে পদো আতৈ।
মাধৱৰ বাক্যে সদা প্ৰৱৰ্ত্তয়॥
গোপাল বদুলাত অনুপাম।
পদো বাক্যে কমলাত শ্ৰীৰাম॥
নিকা পথ কথা সমাপি থওঁ।
পুৰুষ সংহতি শুনিয়ো কওঁ॥


পুৰুষ সংহতি-বৰবাৰেজন।

শ্ৰীশঙ্কৰ দেৱৰ পুত্ৰ প্ৰথম।
জ্যেষ্ঠ পুৰুষোত্তম নাম শোভন॥
তাহান আচাৰ্য্য দ্বাদশ জন।
কহোঁ তাসম্বাৰ যাৰ যেন থান॥
শ্ৰীকৃষ্ণ এলেঙ্গি লেটুৰ গ্ৰাম।
টিপহাত কৃষ্ণ চৰণ নাম॥
বেঙ্গেনাআটীত মুৰাৰি ভৈলা।
মুকুন্দ কাঠৰ পুত্ৰক কৈলা॥
সাউকুছি হৰি চৰণ খ্যাত।
কমললোচন থাকৰিয়ালত।
এহি ছয়জন শূদ্ৰ ব্ৰাহ্মণ আৰ।
শুনিয়ো কহোঁ সত্ৰ কৈত কাৰ॥