সমললৈ যাওক

পৃষ্ঠা:বৈষ্ণৱী-কীৰ্ত্তন.djvu/৮০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৮
বৈষ্ণৱী কীৰ্ত্তন।

ৰাজাৰ বচনে গুৰু ভৈলা আনন্দিত।
হাঁসিয়া বোলন্ত শুনা ৰাজা পৰীক্ষিত॥
পুৰোহিত হুয়া বিশ্বৰূপ মহামতি।
সাৱধানে পুছে হেন বাসৱক প্ৰতি॥
নাৰায়ণ কৱচ কহিলা সাৱহিতে।
তাক এবে কহোঁ ৰাজা শুনা একচিত্তে॥
বিশ্বৰূপ বদতি শুনিয়ো হৰিহয়।
যদি অকস্মাত আসি মিলে মহা ভয়।
হস্তপদ প্ৰক্ষালিয়া উত্তৰৰ মুখে।
কুশহন্তে আচমন কৰি মহাসুখে॥
মূলমন্ত্ৰে অঙ্গন্যাস কৰন্যাস কৰি।
শুচি সংযমন হুয়া মাধৱক স্মৰি॥
নাৰায়ণ কৱচক কৰিবে ধাৰণ।
অনায়াসে হৈব ঘোৰ ভয় নিবাৰণ॥
পদ জানু উৰুযুগ উদৰ হৃদিত।
উৰঃস্থলে মুখে শিৰে যথাক্ৰমোদিত॥
প্ৰণৱাদি অষ্টাক্ষৰ মন্ত্ৰ মহা ৰঙ্গে।
ন্যাস কৰিবেক জানা সেহিসব অঙ্গে॥
দ্বাদশ অক্ষৰ মন্ত্ৰ তাত অনন্তৰ।
ন্যাসিবেক অঙ্গুলিৰ পূৰ্ব্বে নিৰন্তৰ॥
হৃদি শিৰ কৰ মধ্যে শিখাত নেত্ৰত।
শৰীৰৰ সন্ধিস্থানে এহি ক্ৰম মত॥