পৃষ্ঠা:বৈষ্ণৱী-কীৰ্ত্তন.djvu/৭৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৫
বৈষ্ণৱী কীৰ্ত্তন।

হিৰণ্যকশিপু কৈলা হৃদি বিদাৰণ।
প্ৰহলাদক ৰক্ষা কৈলা দেৱ নাৰায়ণ॥
বলিক ছলিবে হৰি হৈলাহা বামন।
দুৰ্ব্বাসাৰ সাপে কৈলা পাণ্ডৱ ৰক্ষণ॥
অষ্টোত্তৰ শত নাম যি কৰে পঠন।
অনায়াসে পায় সিটো কৃষ্ণৰ চৰণ॥
ভক্তবাঞ্ছা পূৰ্ণ কৰা শ্ৰীনন্দ নন্দন।
মথুৰাত কংস ধ্বংস লঙ্কাত ৰাৱণ॥
বকাসুৰ বধ আদি কালীয় দমন।
হৰি হৰি বোলা সবে কৰি এক মন॥


গোপী শতনাম।

অনেক সহস্ৰ গোপী ৰূপে অনুপাম।
গুনা তাসম্বাৰ মুখ্য মুখ্য কিছু নাম॥
ইন্দুমতী, মদনমঞ্জৰী, ৰত্নমালা।
পদ্মাৱতী, কুন্তী, কুমুদিনী, চন্দ্ৰকলা॥
ৰোহিণী, হৰিণী, স্বয়ম্বৰী, বিদ্যাধৰী।
মাধবী, ৰাধিকা, মধুমতী, মন্দোদৰী॥
ভাগ্যৱতী, ভগৱতী, গৌৰী, ৰতি, ৰামা।
বসুমতী, সতী, লীলাৱতী, তিলোত্তমা॥