পৃষ্ঠা:বৈষ্ণৱী-কীৰ্ত্তন.djvu/৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬০
বৈষ্ণৱী কীৰ্ত্তন।

হে কৃষ্ণ কৃপা-   ময় প্ৰভু মোক
  কৰা কৃপা এহিমান।
তোমাৰ চৰণে   ৰহোক আমাৰ
  সদায় নিৰ্ম্মল জ্ঞান॥
জয় জগবন্ধু   জগত কাৰণ
  নাৰায়ণ নিৰাকাৰ।
কেৱলে তোমাৰ   চৰণ পঙ্কজে
  ৰহোক মন আমাৰ॥


নিবেদন।

কতনো অমোঘ   অপৰাধ হৰি
  কৰিয়া আছো প্ৰচুৰ।
বুদ্ধিত থাকিয়া   নেদেহা সুবুদ্ধি
  কৃপা হুয়া ঠাকুৰ॥
যিহেতু তোমাৰ   চৰণ পঙ্কজে
  নভজিলো নাৰায়ণ।
সিহেতু অনাদি   অবিদ্যা আমাৰ
  কৰিল জ্ঞান উচ্ছন॥
তুমি নিজ পিতৃ   গুৰু ইষ্ট দেৱ
  নভজো তোমাৰ পাৱে।
এহি দোষে মোক   যম দূতে ধৰি
  যাতনা দুঃখ ভূঞ্জাৱে॥