পৃষ্ঠা:বৈষ্ণৱী-কীৰ্ত্তন.djvu/৫৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৭
বৈষ্ণৱী কীৰ্ত্তন।

হে যদুপতি   মই মুঢ়মতি
  নজানো সেৱা তোমাৰ।
কেৱলে তোমাৰ   চৰণ পঙ্কজে
  শৰণ কৰিলো সাৰ॥
পুৰুষ উত্তম   পৰম পুৰুষ
  পৰম আনন্দ স্বামী।
তযু পাদপদ্ম   মকৰন্দ আশে
  শৰণ পশিলো আমি॥
প্ৰভু ভগৱন্ত   অনন্ত ঈশ্বৰ
  প্ৰপন্ন জন তাৰণ।
তুমি প্ৰিয়তম   পৰম দেৱতা
  জানিয়া লৈলো শৰণ॥


ভজন।

জয় জয় জয়   কৃষ্ণ কৃপাময়
  ভজিলো তোমাৰ পাৱে।
তোমাৰ চৰণ   পঙ্কজত মন
  মজোক মোৰ স্বভাৱে॥
জয় জয় ৰাম   জগত কাৰণ
  জগত জীৱন স্বামী।
পৰম দেৱতা   জানিয়া তোমাৰ
  চৰণে ভজিলো আমি॥