পৃষ্ঠা:বৈষ্ণৱী-কীৰ্ত্তন.djvu/৯৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৪
বৈষ্ণৱী কীৰ্ত্তন।

শ্ৰীশঙ্কৰদেৱৰ দশ নাম।

শ্ৰীশঙ্কৰ গঙ্গাধৰ ইষ্টদেৱ হৰি।
মহাপুৰুষ গুৰু আতা আৰু ডেকাগিৰি॥
গৃহস্থ আচাৰ্য্য এহি জানা নাম দশ।
যাহাৰ স্মৰণে হয় পাপৰ বিনাশ॥

স্থান বৰ্ণনৰ গীত।

জয় জয় বটদ্ৰৱা বৈকুণ্ঠ দূতয়।
সেহি থানে নিজগুৰু ভৈলন্ত উদয়॥
সেহি থানে নিজগুৰু পাৰিলন্ত পাট।
ৰাম নাম মহাৰত্ন বেসাইলন্ত হাট॥
মধ্যে পদশিলা দক্ষিণে নামঘৰ।
মণিকূট গৃহবান্ধি ৰহিলা শঙ্কৰ॥
দক্ষিণে যাত্ৰাৰ দৌল মহাপুৰুষে নিৰ্ম্মিলা।
সাতো বৈকুণ্ঠৰ চিহ্ন আঁকিয়া দেখাইলা॥
পশ্চিমে শিলিখা-বৃক্ষ হালিয়া আছয়।
তাহাতে আউজি গুৰু পুস্তক লিখয়॥
উত্তৰে আকাশী গঙ্গা ভক্তিসৰোবৰ।
মধ্যৰাতি নমাইলন্ত শ্ৰীমন্ত শঙ্কৰ॥