পৃষ্ঠা:বৈষ্ণৱী-কীৰ্ত্তন.djvu/৮১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৭৯
বৈষ্ণৱী কীৰ্ত্তন।

ষড়ক্ষৰ মন্ত্ৰন্যাস কৰি শুদ্ধমন।
মকাৰ অক্ষৰে কৰিবেক দিগন্ধন॥
আপোনাক ঈশ্বৰ স্বৰূপে ধ্যান কৰি।
এহি মন্ত্ৰ উচ্চাৰিব মাধৱক স্মৰি॥
মোৰ সৰ্ব্ব ৰক্ষা কৰন্তোক দেৱ হৰি।
গৰুড়পৃষ্ঠত পাদপদ্ম যুগ ধৰি॥
খড়্গ, চৰ্ম্ম, শঙ্খ, গদা, বাণ আৰু পাশ।
ধনু ধৰি অষ্টভুজ জগত-নিবাস॥
জলে জলজন্তু বৰুণৰ পাশ হন্তে।
মোক ৰাখন্তোক মৎস্যৰূপী ভগৱন্তে॥
স্থলে ৰাখন্তোক ত্ৰিবিক্ৰম যে ৰামন।
আকাশত বিশ্বৰূপে কৰোক ৰক্ষণ॥
দুৰ্গম দাৰুণ বন সঙ্কট সংগ্ৰামে।
মোক ৰক্ষা কৰন্তোক নৰসিংহ নামে॥
খৰান্তোক যজ্ঞৰূপী বৰাহে পথত।
যিটো উদ্ধাৰিলা ভূমি প্ৰলয় জলত॥
পৰ্শুৰামে ৰাখন্তোক গিৰি শিখৰত।
শ্ৰীৰাম লক্ষ্মণে ৰাখন্তোক প্ৰৱাসত॥
অভিচাৰ মন্ত্ৰ যত আনো প্ৰমাদত।
নাৰায়ণে তাত মোক ৰাখন্তো সতত॥
সৰ্ব্বত্ৰ ৰাখন্তো মোক নৰ কৃপাময়।
যোগভ্ৰষ্ট হন্তে ৰাখন্তোক দত্তাত্ৰেয়॥