হাতেম তাই

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
[  ]

হাতেম তাই
মূল উৰ্দ্দুৰপৰা


ভাঙনি
কৰ্ম্মবীৰ নবীনচন্দ্ৰ বৰদলৈ
১৯২২ চনৰ কাৰাবাসৰ বন্দী-জীৱনত
মূল উৰ্দ্দু—"হাতেম তাই"ৰপৰা অনূদিত।


১৯২২ চন

[  ]  Hatem Tai: The Story of "Hatem Tai" translated by Late Karamabir Nabin Chandro Bordoloi, Published by Padmasri Shrimati Nalinibala Devee; with the financial assistance of the Publication Board, Assam, Gauhati.

Price: Re 1.50 nP only

 

হেমন্তকুমাৰী দেৱী

 

অসম প্ৰকাশন পৰিষদলৈ
আগবঢ়াওঁতা
নলিনীৱালা দেৱী
১৯৬১ চন
গুৱাহাটী

 

ছপা কৰিছে —
শ্ৰীৰাধাগোবিন্দ বসাক
শ্ৰীকান্ত প্ৰেছ
৭৫নং, বৈঠকখানা ৰোড,,
কলিকতা-১

 

মূল্য:**

[  ]

উছৰ্গা

 মোৰ মৰমৰ উঠি অহা জাতিৰ ভৱিষ্যত সোণৰ অসমক গঢ়দিওঁতা অকণি মইনাহঁতলৈ “হাতেম তাই” সাধুৰ পুথিখনি আগবঢ়ালোঁ। হাতেম তাইৰ মহান পৰোপকাৰী উদাৰ সজ চৰিত্ৰৰ মহৎ আদৰ্শই তোমালোকৰ সুন্দৰ কোমল চৰিত্ৰবোৰ মহানতাৰ জেউতিৰে উজলাই তোলক।

তোমালোকৰ ককাদেউতা
নবীনচন্দ্ৰ বৰদলৈ
১৯২২ চন, শিলচৰ জেইল।

[  ]

আগ-কথা

 কৰ্ম্মবীৰ নবীনচন্দ্ৰ বৰদলৈ ডাঙৰীয়াই ঘাইকৈ ৰাজনীতিতে মনোনিবেশ কৰিছিল যদিও তেখেতৰ বহুমুখী প্ৰতিভা বহুত বিষয়ত প্ৰকাশ পাইছিল। বৰদলৈ ডাঙৰীয়াৰ সাহিত্য-সঙ্গীতানুৰাগী সংবেদন- শীল মনৰ কোমল অনুভূতিসমূহ ওজস্বিনী বক্তৃতা আৰু গীতৰ মাজেদি প্ৰকাশ হৈছিল।

 বৰদলৈ ডাঙৰীয়াই অসহযোগ আন্দোলনৰ কাৰাবাসৰ সময়ত মূল উৰ্দ্দুৰপৰা আধৰুৱাকৈ ভাঙনি কৰি থোৱা “হাতেম তাই”ৰ আখ্যান দুকুৰি বছৰ পৰি আছিল বুলি প্ৰকাশিকাই ভূমিকাত লিখিছে।

 বৰদলৈ ডাঙৰীয়াৰ স্মৃতিৰ প্ৰতি শ্ৰদ্ধাৰ চিন স্বৰূপেই প্ৰকাশন পৰিষদে “হাতেম তাই” পুথি প্ৰকাশৰ বাবে আৰ্থিক সাহায্য আগবঢ়াইছে। জনপ্ৰিয় ‘হাতেম তাই”ৰ আখ্যানটো কৰ্ম্মবীৰৰ ভাষাত পঢ়িবলৈ অসমীয়া ৰাইজে আগ্ৰহ কৰিব বুলিয়েই আশা ৰাখিলোঁ।

গুৱাহাটী
১৫ এপ্ৰিল, ১৯৬১

শ্ৰীবিশ্বনাৰায়ণ শাস্ত্ৰী
সচিব, প্ৰকাশন পৰিষদ, অসম

[  ]

পাতনি

 ১৯২১ চনৰ স্বাধীনতা আন্দোলনৰ প্ৰথম মুক্তিযুদ্ধ অসমত জগাই তোলে স্বৰ্গীয় পিতৃদেৱ কৰ্ম্মবীৰ নবীনচন্দ্ৰ বৰদলৈ দেৱে। কৰ্ম্মবীৰৰ উদ্দাত্ত আহ্বানত অসমৰ ইমূৰৰপৰা সিমূৰলৈ খলক লাগে, নিজে ওকালতি ত্যাগ কৰি স্বাধীনতাৰ বাণীৰে অসমৰ সুপ্তময় ধমনীত তপত তেজৰ সোঁত বোৱাই দিছিল কৰ্ম্মবীৰৰ প্ৰাণপৰশা ওজস্বিনী আহ্বানে। নিজৰ ঘৰ-দুৱাৰ ল’ৰা-ছোৱালী সকলে দেশৰ মুক্তিৰ কাৰণে জলাঞ্জলি দি কৰ্ম্মবীৰে নিজকে সম্পূৰ্ণ ভাৱে অহিংস মুক্তিযুজত সপি দি নিচেই অলপ দিনৰ ভিতৰতে অসম জুৰি তুমুল আন্দোলন গঢ়ি তুলিলে। কৰ্ত্তব্য সাধন কিন্তু শৰীৰ পাতন, এয়ে আছিল বৰদলৈৰ উদাৰ সৰল মনৰ মূল মন্ত্ৰ। পোনপটীয়া, স্পষ্টবাদিতা, সিংহৰ দৰে পৰাক্ৰমী নিৰ্ভীক মন, কৰ্ত্তব্যত অবিচলিত নিষ্ঠা, সত্যবাদিতা, পৰোপকাৰী কোমল প্ৰাণ, যি গুণত গুণমুগ্ধ জনমভূমি অসমে সসম্ভ্ৰমে নবীনচন্দ্ৰ বৰদলৈৰ নাম কৰ্ম্মবীৰ ভূষণেৰে ভূষিত কৰিলে। কৰ্ম্মক্লান্ত জীৱনৰ সামৰণিতো স্বৰ্গীয় বীৰপুৰুষ ভুলাভাই দেশায়ে নবীনচন্দ্ৰক জীৱনৰ শেষ সন্মানেৰে ভূষিত কৰিলে “অসমৰ মুকুটবিহীন সম্ৰাট”, যি উপাধি চন্দ্ৰ দিবাকৰ থকালৈকে ৺নবীনচন্দ্ৰৰ কীৰ্ত্তিৰাশিত চিৰ উজ্জ্বল প্ৰভা বিস্তাৰ কৰি থাকিব। অসমৰ তুমুল অহিংস যুদ্ধৰ সেনাপতি বীৰ নবীনচন্দ্ৰক ১৯২২ চনত বৃটিছ শাসকে কাৰাৰুদ্ধ কৰিলে। দীঘলীয়া ডেৰ বছৰ কাল কঠোৰ কাৰাবাসৰ ভিতৰত কৰ্ম্মবীৰে জিৰণি লোৱা নাছিল। কাৰা অৱসৰৰ সময় খিনিত চিৰ চেনেহী ভাষা-জননীৰ সেৱাত আত্মনিয়োগ কৰি সাতখন গ্ৰন্থ লিখি উলিয়ায়-কৃষ্ণলীলা ভক্তিমূলক নাটক আৰু চেক্সপিয়েৰৰ কেইবাখনিও নাটকৰ অনুবাদ কৰে। কাৰাবাসত থকা কালতে সহ কাৰাবাসী এজন সদাশয় মৌলবীৰপৰা বৰদলৈদেৱে [ ১০ ] সাগ্ৰহেৰে উৰ্দ্দু ভাষা শিকে। অলপ দিনৰ ভিতৰতে তেখেতে উৰ্দ্দু ভাষা আয়ত্ত কৰি উক্ত মৌলবী জনৰ হাতত “হাতেম তাই” পুথিখন পাই উৰ্দ্দু, পুথিখন অসমীয়ালৈ ভাঙিবলৈ ধৰে। এনেতে বৰদলৈ কঠিন কণ্ঠৰোগত আক্ৰান্ত হৈ শয্যাশায়ী হৈ পৰিল। পুথিখনিৰ কেইটামান অধ্যায় অসমাপ্ত হৈয়ে ৰল। বৰদলৈদেৱ ডেৰ বছৰৰ মূৰত জেলৰপৰা মুক্তি পাই জুৰুলা দেহেৰে বাহিৰলৈ আহি ঠান-বান সংসাৰখনত মন দিয়েহি। এনে অৱস্থাত পুথিখনি অসমাপ্ত অৱস্থাতে পৰি ৰল। বৰদলৈদেৱৰ দেউতাৰ ) স্বৰ্গাৰোহণৰ আজি সুদীৰ্ঘ দিনৰ পিচত পুথিখনিত চকু পৰি, মই এখন বঙালী “হাতেম তাই”ৰ-পৰা অসমাপ্ত অংশখিনি সমাপ্ত কৰিলোঁ। আগৰ অধ্যায়বোৰ মূল উৰ্দ্দুৰ ভাঙনিৰ লগত পিচৰ বঙালী পুথিৰ ভাঙনিৰ হয়তো ত্ৰুটি বিচ্যুতি হব পাৰে; ভাষাৰো তাৰতম্য ঘটিব পাৰে। সেই বাবে ৰাইজৰ ওচৰত ক্ষমা মাগিলোঁ। আজি দীঘলীয়া দুকুৰি বছৰৰ মূৰত চৰকাৰৰ প্ৰকাশন পৰিষদৰ সহায়ত পুথিখনি ৰাইজৰ আগলৈ উলিয়াবলৈ পাই ধন্য মানিছোঁ। কাৰণ এই পুথিখনি অকল উৰ্দ্দু, সাহিত্যৰে গৌৰৱৰ বস্তু নহয় সমগ্ৰ ইছলাম ধৰ্ম্মৰো গৌৰৱৰ বস্তু। পুথিখনি অনুলিপি কৰি দি সহায় কৰা বাবে শ্ৰীতাৰিণী শৰ্ম্মাৰ শলাগ লৈছোঁ। শেষত প্ৰকাশন পৰিষদৰ সহায়ত ছপা কৰি ৰাইজৰ আগত দাঙি ধৰিবলৈ সুবিধা দিয়া বাবে পৰিষদলৈ মোৰ আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জনালোঁ। শেষত ৰাইজৰ ওচৰত মৰম বিচাৰি—

প্ৰকাশিকা
নলিনীবালা দেৱী

[ ১১ ]

হাতেম তাই

 প্ৰথম সাধু—খোৰাছান নগৰৰ বৰজখ সদাগৰৰ জীয়াৰী হাসেন বানুক সেই নগৰৰ বাজ কেনেকৈ কৰা হয় আৰু কেনেকৈ হাবিলৈ গৈ তেওঁ অগণন ধন-সোণ পায় আৰু ৰাজপুত্ৰ ‘মণিৰ স্বামী’ কেনেকৈ তেওঁৰ প্ৰেমত পৰে আৰু হাতেম তায়ে কেনেকৈ তেওঁক সেই বিষয়ত সহায় কৰিবলৈ প্ৰতিজ্ঞা কৰে।

 শুনাত শুনো যে “খোৰাছান” নগৰত এজন ৰজা আছিল। লাখে লাখে অশ্বাৰোহী আৰু পদাতিক সৈন্য সদাই তেখেতৰ লগত আছিল, আৰু বিচাৰ বিবেচনাত এনে আছিল যে তেখেতৰ ৰাজ্যত বাঘে-ছাগে একে ঘাটে পানী খাইছিল। তেখেত এনে ন্যায় বিচাৰক আছিল যে আপোন পিতাককো সেই বিষয়ত খাতিৰ নকৰিছিল। তেখেতৰ ৰাজ্যত “বৰজখ” নামেৰে এজন খুব বিশিষ্ট ধনী আছিল। তেওঁ তেওঁৰ কৰ্ম্মচাৰীসকলৰ হাতত বেপাৰৰ বস্তু- বাহানি দি নানান দেশত বেহা কৰোৱাইছিল। তেওঁ নিজে কিন্তু নিজৰ দেশতেই শান্তিৰে বাস কৰিছিল। তেওঁ ৰজাক বৰ সন্মান আৰু ভক্তি কৰিছিল, আৰু ৰজাৰো তেওঁৰ ওপৰত খুব কৃপা আৰু মৰম আছিল; কিছুদিনৰ মুৰত বৰজখৰ জীৱনৰ সফুৰা শেষহৈ গ’ল আৰু তেওঁ ‘হাসেন বানু’ নামেৰে একেটি জীয়াৰী এৰি ইহ সংসাৰ ত্যাগ কৰিলে। তেওঁৰ ধন সম্পত্তি তেওঁৰ জীয়াৰী হাসেন [ ১২ ] বানুয়েই পালে। সেই সময়ত হাসেন বানু পাট গাভৰু। “বৰজখে" হাসেন বানুক ৰজাক গতাই দি গৈছিল। ৰজায়ো তেওঁক নিজৰ সন্তানৰ তুল্যই দেখিছিল, আৰু বৰজখৰ ধন সম্পত্তি সকলো হাসেন বানুকে সঁপি দিছিল। কিছুকাল পাছত যেতিয়া ছোৱালী অলপ জনা শুনা হ’ল তেতিয়া নিজৰ আত্মৰ সদ্‌গতি আৰু দেহ মনৰ পবিত্ৰতাৰ কথা ভাবি তেওঁ তেওঁৰ নিজৰ ধাই মাকক ক'লে “মোৰ মৰমীয়াল আই অ, এই সংসাৰ এটা পানীৰ বুদ্বুদৰ নিচিনা ক্ষণস্থায়ী। এই ধন দৌলত মই অকলেই লৈ কি কৰিম। এনে মনেধৰে যেন এইবিলাক ভগবানৰ নামত তেওঁৰ কাৰ্য্যত লগাই দিওঁ আৰু নিজকে পৃথিবীৰ জঞ্জালবিলাকৰ পৰা পৱিত্ৰ ৰাখোঁ। বিয়া নকৰাওঁ কেৱল ভগবানৰ ধ্যানত জীৱন কটাওঁ। তুমি মোৰ এই সঙ্কল্প কেনে দেখা কোৱাঁ?” ধাইয়ে কলে—“আই মোৰ কথা শুনা, তুমি এখন কাগজত মই কোৱাদৰে সাতোটা প্ৰশ্নলিখি তোমাৰ দুৱাৰত কাগজখন লগাই থোৱা।”
 আৰু লেখি দিবা যে তোমাৰ সেই সাতোটা প্ৰশ্নৰ যি লোকে মীমাংসা কৰি দিব পাৰিব তুমি তেওঁকে বৰিবা। সেই প্ৰশ্ন কেইটা এই–"
 ১ম প্ৰশ্ন—সেইটো কি বস্তু যাক এবাৰ দেখিলে আকৌ দ্বিতীয়বাৰ দেখিবলৈ হাউস লাগে।
 ২য় প্ৰশ্ন–পূণ্য কাৰ্য্য কৰা আৰু নদীত ভঁহাই দিয়া।
 ৩য় প্ৰশ্ন–কৰো প্ৰতি অন্যায় নকৰিবা-কৰা যদি তাকে পাবা।
 ৪ৰ্থ প্ৰশ্ন–সত্যবাদীৰ সদাই সুখ হয় কিয়?
 ৫ম প্ৰশ্ন -কোহিন্দাৰ খবৰ আনিব লাগে।
 ৬ষ্ঠ প্ৰশ্ন--মোৰ ওচৰত যি মুক্তা আছে সি এটা কুকুৰাৰ কণিৰ সমান। তাৰ জুৰি ক'ত আছে আনি দিব লাগে।
 ৭ম প্ৰশ্ন–হমামবাদগৰদৰ খবৰ আনি দিব লাগে। হাসেন বানুৱে ধাইৰ এই কথাত মান্তি হ'ল। মনে মনে গুনিলে যে এনে কোন আছে


 হেঁপাহ।

[ ১৩ ] যে এই সাতোটা কথাৰ ঠিক মতে মীমাংসা কৰি দিব পাৰিব। এনে ধাৰণা কৰি তেওঁ দিনে ৰাতিয়ে ধ্যান-ধাৰণা-ব্ৰত-উপাসনাত লাগি গল।

 এদিন নিজৰ ঘৰৰ পৰা আলিৰ ফালে চাই থাকোঁতে হাসেনবানুয়ে দেখে যে এজন যোগী পুৰুষ ৪০ জন শিষ্যৰে সৈতে ৰাস্তাৰে যাব লাগিছে। কিন্তু তেখেতে মাটিত ভৰি দিয়া নাই। শিষ্যসকলে সোণ ৰূপৰ ইটা পাতি পাতি দি গৈ আছে, আৰু তেখেতে তাৰ ওপৰত ভৰি দি দি গৈ আছে। তাকে দেখি হাসেনবানুয়ে ধাইক শুধিলে আই এই ফকিৰ জন বৰ সাধক বুলি মনে ধৰে, এখেত কোন? ধাইয়ে ক’লে যে এখেত ৰজাৰ গুৰু। প্ৰত্যেক মাহতে ৰজা দুই চাৰিবাৰ এখেতৰ ঘৰলৈ যায়। আৰু এখেতেও কেতিয়াবা কেতিয়াবা ৰজাৰ ঘৰলৈ যায়। পৃথিবীত এখেতৰ নিচিনা সন্ন্যাসী নাই, কাৰণ এখেত অত্যন্ত সাধু আৰু ঈশ্বৰ ভক্ত। হাসেন বামুয়ে কলে—“তুমি তেখেতক খবৰ দিয়াগৈ যে মই তেখেতক নিমন্ত্ৰণ কৰি আনি আলহি শুধিব খোজোঁ। তেখেতক অলপ সময়ৰ নিমিত্তে ইয়ালৈ আনি মোৰ চুলিৰে তেখেতৰ চৰণৰ ধুলি মছি দিব পাৰিলে মই নিজকে ধন্য মানিম।” ধাইয়ে এই কথা ভাল বুলি প্ৰশংসা কৰিলে আৰু মানুহৰ হতুৱাই সন্ন্যাসী জনক এই বিষয়ে সোধোৱাত তেখেতেও নিমন্ত্ৰণ গ্ৰহণ কৰি পিচদিনা দুপৰিয়া আহিবলৈ প্ৰতিজ্ঞা কৰি গলগৈ। লগতে তেওঁৰ দুকুৰি শিষ্যকো আনিব বুলি কৈ গ’ল। এইকথা শুনি হাসেনবানুৱে নানা তৰহৰ মিঠাই, সুমিষ্ট ফল আৰু আন আন আমিষ আৰু নিৰামিষ আহাৰ তৈয়াৰ কৰোৱালে। আৰু উপহাৰ দিবৰ নিমিত্তে থালতকৈ নানা ৰকমৰ সোণ, ৰূপ, হীৰা মুকুতাৰ বস্তু সজাই থোৱালে। ঘৰৰ দুৱাৰ মুখৰপৰা অতি উৎকৃষ্ট বহুমূল্যৰ কাপোৰ কোঠালিৰ ভিতৰলৈকে পৰাই দিয়ালে আৰু ঘৰৰ মাজত ৰাজসিংহাসনৰ নিচিনা আসন পাতি বহুমূল্য আস্তৰণ পৰাই থোৱালে। ঠিক সময়ত সন্ন্যাসী তেওঁৰ চল্লিশ জন শিষ্য লৈ সোণ ৰূপৰ ইটাত ভৰি দি দি উপস্থিত হলহি আৰু হাসেনবানুৰ এইবিলাক


 ফৰাণ সাহান—সিংহাসন

[ ১৪ ] বন্দোবস্ত দেখি বৰ প্ৰশংসা কৰিলে। তাৰ পাছত “ফৰাণ সাহানত" বহিলগৈ। বানুৱে অতি ভক্তি আৰু বিনয়েৰে সম্ভাষণ কৰি সোণ, ৰূপ হীৰা জহৰতৰ থালবিলাক উপহাৰ দিলে। অতি লোভী হলেও ফকিৰে সম্প্ৰতি সাধুতা দেখুৱাই সেইবিলাক গ্ৰহণ নকৰিলে আৰু সংসাৰ যে অনিত্য আৰু সোণ ৰূপে যে সন্ন্যাসীৰ কোনো কামত নালাগে ইয়াকে কৈ প্ৰবোধ দিলে। তাৰ পাছত উৎকৃষ্ট আসনত বহি নানা ৰকম উৎকৃষ্ট খাদ্য খালে। সোণৰ চৰিয়াত হাত মুখ ধুই পুনৰ (সিংহাসন) ফৰাসে সহানাৎ বহিলগৈ। তাৰ পাছত ঘৰৰ দুৱাৰে দুৱাৰে গুণাৰ কাম কৰা পাট কাপোৰৰ পৰ্দ্দা হীৰা মুকুতাৰ নানাৰকমৰ আস্‌বাব ইত্যাদি দেখি মনে মনে গুনিব ধৰিলে যে “বৰজখ সদাগৰ বৰ ধনী আছিল। আজি ৰাতি এই ধন মোৰ ঘৰ পোৱাব লাগিব।” তাৰ পাছত হাসেনবানুক বহুত আশীৰ্বাদ দি সন্ন্যাসী তাৰ পৰা বিদায় হ’ল।

 দৈবাৎ ভাগৰে পৰিশ্ৰমে সেইদিনা খন বানুৰ চাকৰবিলাকেও ভাগৰ লাগি ঘৰৰ সদৰ দুৱাৰ জপাবলৈ পাহৰিলে, আৰু দিনত উলিওৱা সোণ ৰূপৰ বস্তুবিলাকো পেটাৰিত ভৰাই থবলৈ পাহৰিলে। দুপৰ নিশা সেই সন্ন্যাসী ডকাইত তাৰ দুকুৰি অনুচৰ লগত লৈ আহি ঘৰ সোমালহি আৰু ঘৰৰ বস্তু বাৰি লুটিবলৈ ধৰিলেহি। দুই চাৰিজন চাকৰ উঠি চিঞৰ-বাখৰ কৰাত ঘৰৰ আন আন চাকৰ বোৰো উঠিল। তেতিয়া সেই ডকাইতবিলাকে প্ৰায় দহবাৰ জনক প্ৰাণে মাৰিলে আৰু বহুতক জখম কৰি বস্তু-বাৰি লৈ পলাই গ’ল। হাসেন বানুৱে ওপৰত এখন খিৰিকীৰ পৰা চাই থাকি দেখিলে আৰু চিনিলে যে ডাকাইত আন কেওঁ নহয়। সেই সোণ ৰূপৰ ইটাত ভৰি দিয়া ফকিৰ আৰু তাৰ শিষ্যবিলাক। ৰাতিটো কোনো মতে শেষ হল, পুৱাতে হাসেন বানুৱে গৈ ৰাজ দৰবাৰত উপস্থিত হৈ গোচৰ কৰিলেগৈ। ৰজাই সিংহাসনত বহিয়েই ওৰণি লোৱা ছোৱালীটিৰ কি গোচৰ এই বুলি সোধাত এজন পাত্ৰই বানুক কি কব লগীয়া আছে কবলৈ কলে। [ ১৫ ] বানুৱে সমস্ত বৃত্তান্ত কৈ কলে স্বৰ্গদেৱ সেই ডকাইত আন কেওঁ নহয় আপোনাৰ গুৰুজন। গুৰুৰ ওপৰত ৰজাৰ বৰ ভক্তি আৰু বিশ্বাস কাজেই এই কথা শুনি গোচৰ মিছা বুলি অনুমান কৰি হুকুম দিলে যে এই ছোৱালী জনীক বধ কৰিব লাগে। এজন পাত্ৰই তেতিয়া উঠি বৰজখ সদাগৰৰ নাম কৰি কলে স্বৰ্গদেউ তেখেত আপোনাৰ পৰম মিত্ৰ আছিল তেওঁৰ কন্যাক যদি আপুনি আজি হত্যা কৰে তেন্তে বৰ অপযশ হব। কথাত ৰজা অলপ কুমলিল হুকুম দিলে বাৰু, এইক প্ৰাণে মাৰিব নালাগে, কিন্তু এই সমস্ত সম্পত্তি ৰজাঘৰীয়া হল আৰু এই ৰাজ্য এৰি এতিয়াই গুছি যাব লাগে। ৰজাৰ ফৌজে তৎক্ষণাৎ হাসেন বানুক নগৰৰ বাজ কৰি দিলে, লগত গল কেৱল ধাই। ইফালে সমস্ত সম্পত্তি ৰাজ চৰকাৰৰ অধীন হল।

 অন্তৰত বৰ দুখ পাই ধাই আৰু বানু গৈ গৈ বৰ ডাঙৰ হাবি পালেগৈ। হাবিৰ ভিতৰেদি গৈ গৈ ভাগৰে-দুখে, ভোকে-পিয়াহে আকুল হৈ এজোপা গছৰ তলত দুয়ো গৈ বহিল গৈ। তাতে দুয়োৰো টোপনি ধৰিলত, লাল কাল দি শুলে। হাসেন বানুৱে সপোন দেখিলে যেন এজন সন্ন্যাসী বগা কাপোৰ পিন্ধি হাতত সেউজিয়া টোকন এডাল, ডিঙ্গিত ৰুদ্ৰাক্ষৰ মালা দেখিলেই ভক্তিৰ উদ্ৰেক হয়। তেখেতে কলে আইদেউ দুঃখ নকৰিবা। পৰমেশ্বৰে যি কৰে মঙ্গলৰ নিমিত্তেই কৰে। এই গছৰ তলত সাত জন ৰজাৰ ধন আছে। সেই ধন তোমাৰ নিমিত্তেই আছে। উঠি অলপ খান্দিলেই পাবা।” সাৰপাই উঠি হাসেন বানুয়ে বাইক কলে আৰু দুয়ো গছৰ তল খান্দিবলৈ আৰম্ভ কৰিলে। অলপমান পৰ খন্দাৰ পাছতে গছৰ তলত সাতোটা কুঁৱা ওলাল, আৰু সাতোটা কুৱাতেই সোণৰ মোহৰেৰে খুন্দ খাই থকা দেখা গল। তাৰ মাজত কুকুৰা কাণৰ সমান ডাঙৰ মুক্তা এটাও পালে।

 এই খিনি ধন দৌলত পাই হাসেন বানুৰ মনত বৰ আনন্দ হল আৰু পৰমেশ্বৰক অসীম কৃতজ্ঞতা জনালে। তাৰ পাছত ধাইক [ ১৬ ] ক’লে আই! তুমি চহৰলৈ গৈ খোৱা বোৱাৰ বস্তু বাৰি আৰু অলপ বাচন বৰ্ত্তন লৈ আহা গৈ” ধাই এই কথাত ৰাজি নহয় কাৰণ তেওঁ ভয় কৰিলে পাছে এৰি গলে হাসেনবানুৰ আকৌ বা কি বিপদ হয়। এনেকৈ কথা বতৰা পাতি থাকোঁতেই হাসেন বানুৰ এজন আত্মীয় সন্ন্যাসীৰ ভেশ ধৰি সেইখিনি ওলালহি। সি আহিয়েই হাসেনৰ ভৰিত ধৰি কান্দিবলৈ ধৰিলে আৰু উঠি হাসেনবানুৰ মূৰত চুমা খাই থিয় দি ৰল। হাসেনে তাক দেখি বৰ ৰং পালে আৰু কলে যে “আৰু কোনো ভয় নাই। ঈশ্বৰে মোক বৰ অনুগ্ৰহ কৰিছে। এতিয়া মই অসীম ধনৰ অধিপতি। মোৰ পৰা ৰূপ বনি লৈ তুমি চহৰলৈ গৈ এই সু খবৰ মোৰ বন্ধু-বান্ধবক দিয়াগৈ আৰু মোৰ আত্মীয় কুটুম্বসকলক ইয়ালৈ লৈ আহাগৈ। আহোঁতে খুব ভাল ভাল মিস্ত্ৰী আৰু কাৰিকৰ কিছুমানো লগতে লৈ আহিবা। সম্প্ৰতি মোৰ নিমিত্তে ইয়াত এটা সুন্দৰ পকি ঘৰ হব। তাৰ পাছত ইয়াত “সাহাবাদ” নামে এখন নগৰ পাতিম। এইকথা কিন্তু প্ৰকাশ নহয় যেন” এইকথা শুনি মানুহ জন চহৰলৈ উলটি আহিল। হাসেন বানুৰ পৰিয়ালৰ মানুহবিলাকে ভিক্ষা কৰি কৰি খাই ফুৰিছিল। সিহঁতক গোট খুৱালে। আৰু হাসেন বানুৰ ওচৰলৈ লৈ গ’ল। তাৰ পাছত সিহঁতক তাতে থৈ পুনৰ চহৰলৈ উলটি গৈ ৰাজমিস্ত্ৰী আৰু আন আন কৰ্মীসকলক সদাগৰৰ লগত বন্দোবস্ত কৰি সিহঁতকো হাবিলৈ লৈ গল। প্ৰথমে সকলোটিয়ে তম্বু তৰি আছিল। তাৰ পাছত ছমাহ বাদে যেতিয়া সুন্দৰ ঘৰ দুৱাৰে এটি হাউলি তৈয়াৰ হ’ল তেতিয়া এটাইবোৰ তাতে থাকিল। হাসেনবানুৱে মিস্ত্ৰী সকলক এখন নগৰ পাতন কৰিবলৈ ক’লত ঘাই মিস্ত্ৰীজনে আপত্তি কৰিলে যে ৰজাৰ হুকুম নোহোৱাকৈ এনে কাম কৰা ভাল নহয়। হাসেন বানুও এই কথাত মান্তি হ’ল।

 তাৰ পাছত হাসেন বানুৱে নিজৰ ভেশ সলাই মতা মানুহৰ সাজ পোছাক পিন্ধিলে আৰু এটা তেজাল ঘোৰাত উঠি লগত কিছুমান অনুচৰ [ ১৭ ] লৈ চহৰৰ ফালে ৰাওনা হল। চহৰ পালত ৰজাৰ ওচৰলৈ খবৰ গল যে এটি অতি সুন্দৰ সদাগৰৰ লৰাই তেখেতৰ চৰণ দৰ্শন কৰিবৰ আকাঙ্খ কৰি দুৱাৰ মুখত ৰৈ আছেহি। এইকথা শুনি ৰজাই তেওঁক বৰ আদৰ কৰি ভিতৰলৈ নিবলৈ হুকুম দিলত ৰাজ কৰ্ম্মচাৰীসকলে বৰ আদৰেৰে তেওঁক ভিতৰলৈ আহ্বান কৰি লৈ গ’ল। ৰাজ সিংহাসনৰ ওচৰত থিয় দি ৰজাক নিয়ম মতে অভিবাদন নমস্কাৰ কৰাৰ পাছত হাসেনবানু বিনীত ভাবে হাতযোৰ কৰি থিয় দিলে। ৰজালৈ অনা ৰাজ ভক্তিৰ শৰাই ধন ৰত্নেৰে পৰিপূৰ্ণ কৰি সিংহাসনৰ তলত থৈ দিলে। ৰজাই তেওঁক সুধিলে যে, “তুমি ক’ত থাকা আৰু ইয়ালৈ কেলেই আহিছা। তোমাৰ নাম কি?” তেওঁ ক’লে মই অমুক সদাগৰৰ পুতেক। পিতা গৰ্দ্দিশ চহৰৰ পৰা অমুক ঠাইলৈ যাওঁতে কাল প্ৰাপ্ত হয়। তেতিয়াৰ পৰা মই এই ছত্ৰৰ ছায়াত থাকিম বুলি মনস্থ কৰি আহি আহি এইখিনি পাইছোহি। ইচ্ছা কৰিছোঁ যেন জীৱনৰ বাকী দিন কেটা ইয়াতে কটাম। এতিয়া প্ৰাৰ্থনা কৰোঁ যে অমুক জঙ্গলত কিছুদিন থাকিবলৈ দিয়ে আৰু তাতে জঙ্গল কাটি “সাহাবাদ” নামে এখন নগৰ স্থাপন কৰিবৰ হুকুম পাওঁ।” ৰজাই হাসেনবানুক দেখি অত্যন্ত সন্তোষ পালে আৰু কবলৈ ধৰিলে “ডেকা আজিৰ পৰা তুমি মোক পিতৃ তুল্য বুলি ভাবিবা আৰু মোৰ সন্তান-সন্ততিৰ মাজত তুমি যে এটা হলা। যি লাগে তাকে দিম। য’তে খুচি ত’তে থাকা। মনত কোনো শঙ্কা নকৰিবা।” হাসেনে উত্তৰ কৰিলে স্বৰ্গদেৱে যদি মোক কোৱঁৰ শ্ৰেণী ভূক্তহে কৰিলে তেন্তে মোক এটা উত্তম খিতাপ আৰু নাম দিয়া হওঁক, যাতে মোৰ সন্মান বাঢ়ে। ৰজাই তেওঁৰ নাম দিলে “মেহেৰসাহ” আৰু কলে “হে পুত্ৰ যি জঙ্গলৰ নাম কলা সি বহু দূৰত। মোৰ এনেহে ইচ্ছা যেন ৰাজ্যৰ ওচৰতে এডোখৰ ঠাইত তুমি নিজ নামেৰে এখন চহৰ কৰি থাকিবা।” হাসেনে জৱাব দিলে যে “স্বৰ্গদেৱে মোৰ সেই জঙ্গলতহে মন বহিছে। তাতে মিস্ত্ৰী লগাই চহৰ [ ১৮ ] সজাবলৈ আজ্ঞা দিলে বৰ অনুগৃহীত হওঁ।” সমশেষত ৰজায়ো তাতে মঞ্জুৰ হ’ল। ইয়াৰ পাছত হাসেনবানু মাহত দুবাৰ তিনিবাৰকৈ ৰজাক দৰ্শন কৰিবলৈ আহিবলৈ ধৰিলে। শেষত বছৰৰ মূৰত সাহাবাদ নগৰ তৈয়াৰী হলত মিস্ত্ৰী কাৰিকৰ সকলোকে বখশিশ দি বিদায় দিলে। তাৰ পাছত “হাসেনবানুয়ে” ৰাজসভালৈ প্ৰতিদিনে অহাযোৱা কৰিবলৈ ধৰিলে।

 এদিন ৰজাঘৰলৈ আহি হাসেনবানুয়ে দেখিলে যে ৰজাই তেওঁৰ গুৰুৰ ওচৰলৈ যাবলৈ কাৰবাৰ কৰিছে। হাসেনক দেখি ৰজাই কলে “বোপা মোৰ ইচ্ছা যে তুমিও মোৰ লগতে সেই সাধু সজ্জন জনক দেখা কৰিবলৈ যাবা। বলা দুয়ো গৈ তেখেতক দৰ্শন কৰি ইহ পৰকালৰ উপকাৰ সাধোঁ গৈ।” হাসেনে যদিও সেই সাধু ৰূপী দুৰাত্মাৰ মুখ দেখাও পাপ মুলি মনে মনে ভাবিছিল তথাপি ৰজাৰ অনুৰোধত ৰজাৰ লগত যাবলৈ বাধ্য হৈছিল। সন্ন্যাসীৰ ঘৰ পাই দস্তুৰ মতে অভিবাদন নমস্কাৰাদিৰ পাছত ৰজাই ইকথা সিকথাৰ পিছত সন্ন্যাসীৰ আগত হাসেনবানুক মেহেৰুসাহ বুলি পৰিচয় দিলে আৰু নানা ৰকমে প্ৰশংসা কৰিবলৈ ধৰিলে। হাসেনে তললৈ মূৰ কৈ ভাবিবলৈ ধৰিলে যে, “এই প্ৰশংসা মোৰ নহয় মোৰ ধনৰহে। মই সেই বৰজখৰ কন্যা হাসেন বানুয়েই। মোকেই নগৰৰ বাজ কৰি দিছিল। আৰু আজি মোৰ গুণ ৰাশিৰ ইমান প্ৰশংসা। কিছু কথা বতৰাৰ পাছত ৰজাই কলে যে মেহেৰসাহৰ ঘৰত যদি সন্ন্যাসী ঠাকুৰে শুভ পদাৰ্পন কৰি তেখেতে তেওঁৰ আতিথ্য গ্ৰহণ কৰে, তেন্তে তেওঁ বৰ উপকৃত হব। সন্ন্যাসীয়ে এই কথা শুনি মেহেৰসাহক প্ৰশংসা কৰি তাত মান্তি হল। তেতিয়া হাসেন বানুৱে ৰজাক জনালে যে “স্বৰ্গদেৱ মোৰ ঘৰ বহুত দূৰত এই চহৰত বৰজখ সদাগৰৰ ঘৰটো খালি আছে মোক যদি সেইটো কেদিন মানৰ নিমিত্তে দিয়ে তেন্তে মই তাতে এই পৰম ধাৰ্ম্মীক মহাত্মাক সোধ-পোচ কৰিব পাৰোঁ। ৰজাই এই কথাত মান্তি হৈ তাৰ পৰা [ ১৯ ] বিদায় ললে আৰু হাসেনবানুৱেও তাৰ পৰা তেওঁৰ পুৰণা বাপতীয়া ঘৰলৈ গৈ তাৰ দুৰ্দ্দশা দেখি বৰ শোক কৰিলে। তাৰ পাছত মানুহ দুনুহ লগাই দি ঘৰটো মেৰামত কৰাই সোণ ৰূপৰ আসবাব, পাট গুণাৰ পৰ্দ্দা, নানা ৰকম দলিচা আৰু সু-শোভন বস্তুৰে সজোৱাই পেলোৱালে। তাৰ পাছত এদিন ৰজা ঘৰলৈ গৈ ফকিৰক পিচদিনা নিমন্ত্ৰণ কৰিবলৈ আনুমতি লৈ আহিল। এটি মুকুতাৰ মৈৰা আৰু সোণৰ ফেঁচা কৰি বহা ঠাইৰ ওচৰত থলে আৰু থাল ভৰাই ভৰাই সোণৰূপৰ মোহৰ আৰু আন আন বহুমূল্য পাথৰ চাৰিও- ফালে সজাই থৈ ঘৰৰ সৌন্দৰ্য্য বঢ়াই থলে। তাৰ পাছত মানুহ পঠিয়াই সন্ন্যাসীক পিচদিনাৰ নিমিত্তে নিমন্ত্ৰণ কৰি পঠিয়ালে। পাচদিনা যথা সময়ত সন্ন্যাসীয়ে সোণ ৰূপৰ ইটাত ভৰিদি দি আহি ৪০ জন অনুচৰেৰে সৈতে হাসেনবানুৰ ঘৰ ওলাল হি। হাসেনবানুয়ে অতি যত্ন কৰি তেওঁক নি ৰাজসিংহাসনত বহুৱালে আৰু বহুত তুতি-মিনতি কৰি খুৱাই-ধুৱাই সাধুবৰক সন্তুষ্ট কৰি তামোল ছালি আতৰ ইত্যাদিৰে মান সৎকাৰ কৰিলে। তাৰ পাছত মুকুতাৰ মৈৰা আৰু সোণৰ ফেঁচাটি উপহাৰ দিলত ধূৰ্ত সন্ন্যাসীয়ে ভাবিলে যে এতিয়া লোভ দেখুৱাই লাভ কি। ৰাতি আহি এইবিলাক লুটি-পুটি নিলেই হব। এই ভাবি সংসাৰ যে অনিত্য আৰু সোণৰূপ যে সাধু সন্তই হাতেৰে চুব নাপায়, ইয়াকে বঢ়িয়াকৈ হাসেনবানুক বুজাই বঢ়াই তেখেত বিদাই লৈ গলগৈ। ইফালে হাসেনবানুয়ে গৈ চহৰৰ এখান কোটোয়ালক খবৰ দিলেগৈ যে আজি ৰাতি তেওঁৰ ঘৰত বহুত ডকাইত পৰিব, কোটোয়ালে যেন বহুত চিপাহীলৈ তাত গুপ্ত ভাবে থৈ দিয়ে। ৰাতি হলত ঘৰৰ দুৱাৰ মেলি থৈ ঘৰৰ সকলো মানুহ সাৱধান হৈ থাকিল। ইফালে কোটোয়াল আৰু চিপাহীয়ে ঘৰৰ চাৰিওফালে লুকাই সাৱধানে থাকিল। মাজনিশা সন্ন্যাসী তাৰ চল্লিচ জন লগৰীয়াৰে সৈতে আহি উপস্থিত হৈ ঘৰত সোমায় নিজৰ ইচ্ছা মতে সোণ ৰূপৰ বস্তু, মুকুতাৰ মৈৰা, সোণৰ ফেঁচা বেচকৈ বান্ধি ললে আৰু ঘৰৰ পৰা ওলাল। [ ২০ ] ঠিক সেই সময়তে হাসেনবানুৰ মানুহ আৰু চিপাহীবিলাকে লুকুৱা ঠাইৰ পৰা ওলাই সিহঁতক ধৰি বান্ধি পেলালে। সিহঁতক মালে-বস্তুৱে বেচকৈ বান্ধি কোটোৱালে নি ৰাতিটো বান্ধি থলে। পুৱা হাসেনে মেহেৰ সাহৰ ভেশেৰে ৰজা ঘৰত উপস্থিত হলগৈ। ইফালে ডকাইতবিলাকক লৈ কোটোৱালো হাজিৰ হলহি। ৰজাই ৰাজসিংহাসনত বহি কোটোৱালক তাৰ সকামৰ কথা শুধিলত তেওঁ পুৱাৰাতিৰ ঘটনা যথাযথ বৰ্ণনা কৰিলে আৰু ক’লে যে মেহেৰশাহে এইখিনি বুদ্ধি নকৰাহেঁতেন নৃসংশহতে তেওঁক ধনেপ্ৰাণে বধিলেহেঁতেন। ৰজাই মেহেৰশাহক এই বিষয়ে শুধি তেওঁৰ মুখেও এই কথা শুনি আসামী বিলাকক তেওঁৰ আগলৈ আনিবলৈ হুকুম দিলে। সৰ্ব্ব প্ৰথমে আহিল সন্ন্যাসী ডকাইত বেশেৰে। ৰজাই তেওঁক দেখি আচৰিত হ’ল আৰু সুধিলে যে তেওঁৰ এই বেশৰ তাৎপৰ্য্য কি। সন্ন্যাসী অবাক। তেওঁৰ পিঠিৰ বোজাৰ পৰা বহুত সোণ ৰূপৰ চোৰাই মাল ওলাল। তেতিয়া ৰজাৰ বৰ খং উঠিল আৰু গোটেই দলৰে প্ৰাণ দণ্ড কৰিলে। তেতিয়া হাসেন বানুয়ে সিংহাসনৰ আগত থিয় দি কলে স্বৰ্গদেৱ মই মতা মানুহ নহও, মই বৰজখ সদাগৰৰ জীয়েক হাসেনবানুহে। আগৰ বাৰৰ এই ডকাইতেই মোৰ যথা সৰ্ব্বস্ব লুটি নিছে। তাৰ ঘৰ দুৱাৰ খানি কুৰি চালে সকলো ওলাব। ৰজাই তৎক্ষণাৎ মানুহ পঠাই চোৱালত বৰজখ সদাগৰৰ বহুত ধন দৌলত ওলাল। তেতিয়া ৰজাই হাসেন বানুক ধন্যবাদ দিলে আৰু নিজে বৰ দুখ প্ৰকাশ কৰিলে। আৰু হাসেনবানুৰ ঘৰ-দুৱাৰ, বস্তু-বাৰি সকলো ওভোটাই দি কলে যে "পূৰ্ব্বে মই তোমাক পো বুলিছিলোঁ এতিয়া জী বুলিলোঁ” তুমি তোমাৰ পুৰণা ঘৰ, বস্তু সকলো অবাধে ভোগ কৰা, আৰু নতুন চহৰতো প্ৰভুত্ব কৰা। হাসেনে তেতিয়া গছৰ তলত কিদৰে বহুত ধন সোণ পাইছিল সকলো কলে, আৰু ৰজাক “সাহাবাদলৈ” নিমণ কৰি গ’ল।

 হাসেনবানু সাহাবাদ পাইয়েই চহৰত নানাৰকম সাজ-সজ্জা কৰিবলৈ [ ২১ ] লাগি গ‘ল। নিজৰ থকা ঘৰটোও অতি উত্তম কৈ সজোৱালে। নানা ৰকম ধন, ৰত্ন, গছ, পান্নাৰ ফুল পাতেৰে (তেড়েন) চ‘ৰা ঘৰ (চোগল) বাটঘৰ সজাই অতিদিব্য চমৎকাৰ কৈ কৰোৱালে। ঘৰৰ ভিতৰত বিচিত্ৰ সিংহাসন পতাই শৰাইয়ে শৰাইয়ে নানা ধন-সোণ-ৰত্ন সজোৱাই থোৱালে। বাটে বাটে কাপোৰ পৰালে। বাট চৰাৰ পৰা সিংহাসনলৈকে বহুমূল্য “সননদ” পতোৱালে ৰাজ ভোগ্য, নানা ৰকম খোৱা বস্তু সংগ্ৰহ কৰি থোৱালে, যথা সময়ত ৰজা আহি নগৰ দুৱাৰত উপস্থিত হলহি, আৰু হাসেনবানুৱে নিজৰ সৈন্য সামন্ত লগতলৈ অতি আদৰেৰে আৰু সন্মানেৰে ৰজাক আগবঢ়াই আনিলেগৈ। ৰজাক যথাযোগ্য সম্মানেৰে ৰাজাসনত বহুৱাই বিনীত ভাবে তেখেতৰ চৰণ চুম্বন কৰি হাতযোৰ কৰি জনালে যে “স্বৰ্গদেউ বেটীয়ে যি ধন-ৰত্ন পাইছোঁ সকলো আপোনাৰ। এইবিলাক আপুনি গ্ৰহণ কৰি মোক কৃতাৰ্থ কৰক”। এইবুলি ৰজাক লগতলৈ সেই কুঁৱা কেইটা দেখুৱাবলৈ লৈ গলে। ৰজাই গৈ দেখে হীৰা, মুকুতা, সোণ, ৰূপেৰে কুঁৱা কেইটা ভৰপূৰ আৰু তাৰ জেউতিৰে ঠাই ডোখৰ উজ্জ্বল হৈ আছে। ৰজাই হাতেদি এমুঠি ৰত্ন তুলিবলৈ হাতখন কুঁৱাৰ মুখত লগোৱা মাত্ৰেই দেখে যে ধন ৰত্ন এটাইখিনি তৎক্ষণাৎ সাপ আৰু বিছাত পৰিণত হ‘ল। ৰজায় ভয়তে হাতখন কোচ খুৱাই আনিলে আৰু ভয়তে হাসেনবানুৰ মুখো কেহ ৰাজ বটা যেন সেঁতা পৰিল। অলপ পৰ থাকি ৰজাই ক‘লে “হাসেনবানু এই বস্তু ঈশ্বৰে তোমাকেহে ভোগ কৰিবলৈ দিছে কাজেই এই বস্তুত মোৰ লোভ নাই। ইয়াক তুমি নিজৰ বুলি যথা ইচ্ছা খৰচ কৰিব পাৰা। অলপ পৰ থাকি হাসেনবানুৰ আতিথ্যত পৰম প্ৰীত হৈ ৰজা নগৰলৈ উভতি গল।

 হাসেনবানুৱে নতুন নগৰত এটা আলহি ঘৰ সজোৱালে আৰু বিদেশী কোনো মানুহ আহিলেই, তেওঁক সেই ঘৰত থৈ খুৱাই বুৱাই তেওঁৰ পদবী আৰু সন্মানৰ নিমিত্তে যিমানখিনি দিয়া উচিত সেই অনুসাৰে খৰচ পত্ৰদি বিদাই কৰে।


 তেড়েণ—চ‘ৰাঘৰ, চোগল-বাট ঘৰ, সননদ—কাৰ্পেট দালিচা [ ২২ ]  এই ৰকমে নানা দেশৰ মানুহ আহি আহি উলটি গৈ নিজ নিজ দেশত হাসেন বানুৰ নানা গুণ আৰু ব্যৱহাৰৰ প্ৰশংসা কৰিবলৈ ধৰিলে। সেই সময়ত "খাৰজম" নামে এখন ৰাজ্য আছিল। তাৰ ৰজা বৰ পৰাক্ৰমী আছিল। তেওঁৰ “মনিৰস্বামী” নামে এজন কোৱঁৰ আছিল। মানুহৰ মুখে ডেকা মনিৰ স্বামীয়ে এই খবৰ শুনি তেওঁৰ মন হাসেন বানুৰ প্ৰতি আকৃষ্ট হবলৈ ধৰিলে। সেই ৰাজ্যত এজন ভাল চিত্ৰকৰ আছিল। তাক মাতি মনিৰ স্বামীয়ে কিছু ধনদি কলে যে সাহাবাদৰ গৰাকী হাসেন বানুৰ নক্সা এখন মোক আনি দিব লাগে। চিত্ৰকৰ জনে এইকথা শুনি তাৰ পৰা ৰাওনা হৈ গল। গৈ গৈ সাহাবাদ পালে গৈ। তাত খাইবৈ উঠাৰ পাছত হাসেনবানুৰ লগত দেখা কৰিবলৈ গল। হাসেনবানুও পৰ্দ্দাৰ আৰৰ পৰা তেওঁৰ লগত কথা হবলৈ ধৰিলে। চিত্ৰকৰ জনে জনালে যে তেওঁৰ কিছুদিন হাসেন বানুৰ তলত চাকৰি কৰিবৰ মন। হাসেনবনুয়ে শুধিলে “তেওঁ কি কাম জানে।” চিত্ৰকৰে জনালে যে তেওঁ অতি নিপুণ চিত্ৰকৰ। হাসেনে এইকথা শুনি তেওঁক তাত কিছুদিন থাকিবলৈ ক‘লে। এদিন হাসেন বানুৰ নিজৰ এখন পট কৰোৱাৰ ইচ্ছাহল। চিত্ৰকৰক মাতি আনি ক‘লে মই তোমাক সাক্ষাতে দেখা নিদিলেও মোৰ এখন পট তুমি আঁকিব পাৰিবানে? চিত্ৰকৰ জনে কলে আপুনি আপোনাৰ ওখ বাৰান্দাৰ দেওয়ালৰ তলত এটা সৰু পুখুৰী কৰাই তাক পানীৰে ভৰ্ত্তি কৰাওক। মাজত পৰ্দ্দা দিব যেন আপোনাক দেখা নাপাও, কিন্তু আপোনাৰ ছায়াটো যেন সেই পানীত পৰে। তেনেহলেই মই আপোনাৰ অতি উত্তম পট আকি দিব পাৰিম।” হাসেনবানুৱে সেইদৰে বন্দোবস্তু কৰাই দিয়াত তেওঁৰ ছায়া চাই চিত্ৰকৰ জনে দুখন পট আকিলে। এখন নিজে লুকুৱাই ৰাখিলে বাকীখন হাসেনবানুক দিলে। পট পাই হাসেনবানু সন্তুষ্ট হৈ তেওঁক বটা বকসিস্ দি বিদায় দিলে

 চিত্ৰকৰে পট নি মনিৰস্বামীক দিলত মনিৰস্বামীয়ে সেই পট দেখিয়েই মুৰ্চ্ছা গল। তাৰ পাছত উঠি মনে মনে ভাবিলে যে এই হেন নাৰী ৰত্ন [ ২৩ ] নাপালে জীৱনেই বৃথা। এই ভাবি ৰাতি মনে মনে ঘৰৰ পৰা ফকিৰৰ বেশেৰে ওলাই গৈ সাহাদাবাদ পালে গৈ। তাত আলহি ঘৰত গৈ থাকিল হয়; কিন্তু ভাত-পানী একো নাখায়। এই কথা শুনি হাসেন বামুয়ে তেওঁক মতাই পঠালে আৰু আঁৰ কাপোৰৰ সিফালৰ পৰা সুধিলে “বাটৰুৱা তুমি নোখোৱা নোবোৱা কিয়; যদি লাগে মই কিছু টকা কড়ি দিও তাকে লোৱা। মনিৰস্বামীয়ে মাত লগালে “হে সুন্দৰী মই ধনৰ দুখীয়া নহও মই নিজেই “খাৰজম” নগৰৰ ৰাজকোৱঁৰ। মই প্ৰেমৰ ভিখাৰি। তোমাৰ এখন নক্‌সা দেখি আৰু তোমাৰ গুণ-গৰিমাৰ কথা শুনি মোৰ প্ৰাণ তোমাতে অৰ্পণ কৰিছোঁ। মোক এবাৰ দেখাদি প্ৰাণ ৰক্ষা কৰা।” হাসেন বানুৱে ক‘লে যুৱৰাজ এই আশা পৰিত্যাগ কৰক। মোৰ ভৰিৰ বুঢ়া আঙ্গুলিও আপুনি দেখা নাপায়। মোৰ সাতোটা প্ৰশ্ন আছে। সেই সাতোটাৰ যি উত্তৰ দিব পাৰিব মই তাকেই বৰণ কৰিম নহলে নহব।” এইকথা শুনি মনিৰ স্বামীয়ে প্ৰশ্ন কেইটা কি শুধিলে। হাসেন বানুৱে ক‘লে যে মোৰ প্ৰথম প্ৰশ্ন এই “এবাৰ দেখিলে আকৌ দেখিবৰ হেপাহ আছে, এই কথাষাৰ কোনে কয় আৰু সি ক’ত আছে।” মনিৰ স্বামীয়ে শুধিলে যে কলৈ গলেনো তাক দেখা পাব। হাসেন বানুৱে হাঁহি উত্তৰ দিলে যে তেওঁ যদি জানিলেইহেতেন তেন্তে শুধিলেহেতেন নো কিয়। তাৰ পাছতো ৰাজকোৱঁৰে হাসেনবানুক নানা অনুনয় বিনয় কৰিবলৈ ধৰিলে। হাসেনবানুৱে শেষত দাবি দিলে আৰু কলে—এনেকৈ তেওঁক বাৰে বাৰে বিৰক্ত কৰিলে তেওঁ তেওঁক তাৰ পৰা বলেৰে খেদাই দিবলৈ বাধ্য হব। অগত্যা ৰাজকোৱঁৰ তাৰ পৰা ওলাই গল। আৰু কান্দি কান্দি হাবিয়ে বনে ফুৰিবলৈ ধৰিলে। এই দৰে কান্দি কান্দি গৈ গৈ পামোৰ নামৰ এখন নগৰ পালেগৈ। তাৰ ওচৰত এখন হাবিয়নি আছিল। তাত সোমাই এজোপা গছৰ তলত বহি অতি কৰুণ ভাবেৰে হুৰাও ৰাও ৱে কান্দিবলৈ ধৰিলে। দৈবাৎ “এমনৰ” ৰজা “হাতেম তাই” তালৈ চিকাৰ কৰিবলৈ আহি অতি সুন্দৰ ডেকা এজনক এইদৰে কান্দি কাটি গছৰ তলত বহি থকা দেখি [ ২৪ ] শুধিলে—“বাটৰুৱা-সুন্দৰ-ডেকা। তুমি কোন আৰু ইয়াত বহি এইদৰে কেলেই হুৰাও ৰাওঁ কৈ কান্দি আছা? মই এমনৰ ৰজা মোৰ আগত তোমাৰ দুখৰ কথা কোৱা মই যথাসাধ্য তাৰ প্ৰতিকাৰ কৰিম। মনিৰ স্বামীয়ে কলে “মহাৰাজ! ময়ো এজন যুৱৰাজ কিন্তু মোৰ দুঃখ গুচাওঁতা ঈশ্বৰ ভিন্ন আৰু কোনো নাই। সম্প্ৰতি ঈশ্বৰো বিমুখ সেই দেখি কান্দি কাটিয়েই এই দেহা নষ্ট কৰিম। আপুনি নিজৰ কামত যাওক। এই হতভাগ্যৰ নিমিত্তে অকাৰণে ভাবিবৰ একো দৰ্কাৰ নাই।” হাতেম তাইৰ অজলা ডেকা জনক দেখি বৰ মৰম লাগিল। তেতিয়া তিনি সত্য কৰি কলে “বোপা মই সত্যে কৈছে তোমাৰ দুখ গুচাবৰ নিমিত্তে মই দৰ্কাৰ হলে প্ৰাণণা দিবলৈ সাজু আছোঁ। এতেকে কোৱা তোমাৰ কি হৈছে। মনিৰ স্বামীয়ে সকলো কথা ভাঙ্গি পাতি কলত দুয়ো পুনৰ “সাহাবাদলৈ” গল গৈ। সাহাবাদত” সেইদিনা থাকি হাতেম তায়ে হাসেনবানুৰ লগত কথা বতৰা হৈ এই ঠিক কৰিলে যে তেওঁ তেওঁৰ সকলো প্ৰশ্ন মীমাংসা কৰিব কিন্তু শেষত যাকে বিয়া কৰাবলৈ কব হাসেনে তাকে বিয়া কৰাব লাগিব। আৰু সম্প্ৰতি মনিৰ স্বামীক সাহাদাবাদৰ আলহি ঘৰতে তেওঁ উলিটি নহালৈকে থাকিবলৈ দিব। এই কথাত হাসেনবানু মাস্তি হল। আৰু মনিৰস্বামীক তাতে এৰি হাতেমতাই তাৰ পৰা নিজ ৰাজ্যলৈ উলিটি আহিল। নিজ ৰাজ্যৰ সকলো বন্দবস্ত কৰি হাতেম তাই তাৰ পৰা ৰাওনা হল।

[ ২৫ ]

হাতেম তাইৰ কথা

১ম প্ৰশ্নৰ মীমাংসা—

 ঘৰৰপৰা ওলাই হাতেমৰ মনত চিন্তা লাগিল যে এতিয়া কেনি যাম, কি কৰিলে এই কথাৰ সম্ভেদ পাম। কিছু দূৰ গৈ গৈ এখন হাবি পালে। তাতগৈ দেখে যে এটা নাহৰ ফুটুকি বাঘে এজনী গাভিনী পহু ধৰিছে। হাতেমে তাকে দেখি বাঘটোক বাধা দিলে আৰু ক‘লে “এইজনী গাভিনী পহু তই কেলেই ইয়াক মাৰি অধৰ্ম্ম কৰ। বাঘে কলে “হাতেম তুমি ধাৰ্ম্মিক বুলি মই শুনিছো কিন্তু মই মাংসভোজী, যি পাওঁ তাকে খাওঁ এই হৰিণী মোৰ খাদ্য। তুমি ধাৰ্ম্মিক হৈ মোৰ মুখৰ আহাৰ কেলেই কাঢ়ি ল’লা”? হাতেমে ক‘লে “তই কোৱা কথা সচাঁ। মোৰ গাৰ মাংস এডোখৰ মই কাটি দিম তই খাবি। ক ছোন কোন ঠাইৰ মঙ্গহ তোক লাগে। বাঘে ক‘লে! তপিনাৰ মঙহত হাড় নাই তাৰে এডোখৰ কাটি দিলে মই খাব পাৰো। হাতেমে ছুৰি উলিয়াই এডোখৰ মঙ্গহ কাটি দিলে বাঘে তাকে খাই বৰ সন্তুষ্ট হ‘ল। তাৰ পাছত শুধিলে “হে হাতেম তুমি এমন এৰি কেলেই এনেকৈ অনাই বনাই এই ভয়ঙ্কৰ হাবিত ফুৰিছাহি। হাতেমে হাসেনবানু আৰু মনিৰস্বামীৰ কথাখিনি ক‘লে আৰু প্ৰথম প্ৰশ্ন কথাখিনিকৈ শুধিলে “হে বাঘ! তুমি জানানে সেই মানুহ জন ক’ত আছে, যি সদায় কেৱল আটাহ পাৰিব লাগিছে “এবাৰ দেখিলোঁ আকৌ দেখিবৰ হাউচ হৈছে” বাঘে ক‘লে “মই জানো সেইখন ঠাইৰ নাম “দন্তে হোৱেদা।” সেই ঠাই ইয়াৰ পৰা বহুদূৰ নহয়। তুমি গৈ গৈ থাকিলে এটা দুই আলিৰ মূৰ পাবা। তাৰ পৰা বাওঁ ফালৰ আলিৰে গৈ থাকিলে সেই ঠাই পাবা গৈ। এই বুলি কৈ বাঘে পহুয়ে দুয়ো হাতেমক আশীৰ্ব্বাদ দি দি গুছি গল। হাতেমে তাৰ পৰা বিষত খোৰাই খোৰাই কোনোমতে কিছু দূৰ গৈ এজোপা গছৰ তলত পৰি ধৰফৰাবলৈ ধৰিলে। সেই গছৰ [ ২৬ ] ওচৰতে শিয়াল শিয়ালীৰ বাঁহ আছিল। সিহঁত কৰবাৰ পৰা আহি ধৰফৰাই থকা হাতেমক দেখিলেহি। শিয়ালীয়ে শিয়ালক কলে “আমি ইয়াত আৰু থকা উচিত নহয় কাৰণ ইয়াত মনিষ আহি ঠাই ললেহি।” শিয়ালে কলে এইটো “হাতেম তাই এওঁ থকাৰ পৰা আমাৰ কোনো অপকাৰ নহয়, কাৰণ এওঁ পৰম ধাৰ্ম্মিক মানুহ।” শিয়ালীয়ে শুধিলে “তুমিনো এইবিলাক জানিলা ক‘ত। শিয়ালে ক‘লে “বুঢ়া বুৰটিয়াৰ মুখে পূৰ্ব্বেই শুনিছোঁ যে অমুক তাৰিখে হাতেম তাই এই হাবিলৈ আহিব। সেই তাৰিখ আজি। এওঁ এখন দেশৰ ৰজা।” শিয়ালীয়ে শুধিলে “এওঁ যদি ৰজাই হয় তেন্তে এওঁৰ এই দশা হল কেনেকৈ।” শিয়ালে কলে “এওঁ মনিৰ স্বামীৰ কামৰ নিমিত্তে এইফালে আহিছে আৰু বাটত এজনী গাভিনী পহুক এটা বাঘে ধৰাত তেওঁ নিজৰ মঙ্গহে দি, সেই পহু জনীক ৰক্ষা কৰিছিল। সেই দেখি তেওঁ এনে দুঃখ পাইছে।” এই কথাশুনি শিয়ালী বৰ আচৰিত হল। নৰমনিষৰ ভিতৰতো যে এনে দয়ালু আৰু ধৰ্ম্মিষ্ঠ পুৰুষ থাকে এইকথা শিয়ালীয়ে ইয়াৰ পূৰ্ব্বে বিশ্বাস কৰিবই নোৱাৰিছিল। তেতিয়া শিয়ালীৰ মনত বৰ দয়া হৈ শুধিলে যে “এখন হাবিত “পৰিৰথ” নামে একৰকম চৰাই আছে। তাৰ মূৰটো মানুহৰ দৰে গাটো মৈৰাৰ দৰে। সৰবত খুৱাই দিলে সি জীয়াই থাকে। সেই চৰাইৰ মূৰৰ ঘিউ আনি এওঁৰ ঘাত দিলে ঘা ভাল হৈ একেবাৰে আৰোগ্য হব।” শিয়ালীয়ে শুধিলে “সেই বস্তুনো এতিয়া আনিব কোনে” শিয়ালে ক‘লে “যদি তই এওঁক ৰখি থাক তেন্তে ময়ে গৈ আনিব পাৰোঁ।” শিয়ালী মান্তি হলত শিয়াল গৈ গৈ এথন হাবিত “পৰিৰখ” চৰাই এটাক গছৰ তলত শুই থকা পালেগৈ। তাৰ মূৰটো তৎক্ষণাৎ চিঙ্গিলৈ আহিল। আহি দেখে যে শিয়ালীয়ে আহৰ বিহাৰ এৰি হাতেমৰ মূৰ শিতানত বহি আছে, আৰু তেওঁৰ কাৰণে এটা চৰাইকো আহিবলৈ দিয়া নাই। সেই চৰাইৰ মূৰৰ ঘিউ উলিয়াই তেতিয়া হাতে ঘাত লগাই দিলে। দেখোঁতে দেখোতে ঘা শুকাই উঠিল [ ২৭ ] আৰু হাতেম উঠি বহিল। হাতেমে উঠি শিয়ালক কলে—“হে শিয়াল! তুমি মোৰ নিমিত্তে আৰু এটা প্ৰাণী কেলেই বধ কৰিলা। ইয়াক বধাৰ বাবে ঈশ্বৰৰ ওচৰত মই কি জবাব দিম।” শিয়ালে ক’লে “হে হাতেম! তুমি এই বিষয়ত একো চিন্তা নকৰিবা। যি পাপ হয় মোৰ হব।” তেতিয়া হাতেমে ক’লে যে মোৰ নিমিত্তে তো বহুত কৰিলা; এতিয়া তোমালোকৰ যদি কিবা উপকাৰ কৰিব পাৰোঁ, কোৱাঁ। শিয়ালে কলে যে “এজোৰ ঘোং ওচৰতে আছে। সিহঁতে বছৰে বছৰে আমাৰ পোৱালিবিলাক খাই পেলায়। সিহঁতক মাৰি যদি আমাৰ পোৱালিবিলাক ৰক্ষা কৰিবৰ এক উপায কৰি দিব পাৰা, তেন্তে পৰম উপকাৰ হয়।” এই কথা শুনি হাতেমে “ঘোঙৰ বাহ কিমান দূৰত আছে আৰু ক’ত আছে মোক দেখুৱাব পাৰানে” বুলি সুধিলত শিয়ালে তেওঁক লৈ গৈ ঘোঙৰ বাহ দেখুৱাই দিলেগৈ আৰু নিজে দূৰত লুকাই থাকিল। হাতেম গৈ ঘোঙৰ ওচৰ পাই তাৰ বাহৰ ওচৰতে বহি থাকিলগৈ। ঘোঙ ঘোঙনী ক’ৰবাৰপৰা আহি পালেহি আৰু হাতেমক দেখা পাই ঘোঙে মাত লগালে “বোলো হেৰ মনিষ! তই ইয়ালৈ কেলেই আহিছ? ভালে ভালে আঁতৰি যা, নহলে এতিয়াই ডোখৰা-ডুখৰি কৰিম।” হাতেমে মাত লগালে যে “তহঁতে কেলেই এনে কথা কৱ। মই আলহী নহয়? অলপ পৰ ইয়াত বহিলোঁৱেই, তাতে নো তহঁতৰ কি হানি হল?” সেই কথাত ঘোঙে গুঁজৰিবলৈ ধৰিলে। হাতেমে তেতিয়া কলে যে “ঘোঙ! তই গোঁজৰনি খিনি অলপমান পৰ সামৰি থৈ মোৰ কথা শুন। তহঁতে কেলেই শিয়াল-শিয়ালীৰ পোৱালিবিলাক ধৰি ধৰি খাৱ? আনক হিংসা কৰিব নেপায়, নেজাননে?” ঘোঙে তৰ্জ্জন গৰ্জ্জন কৰি ক’লে “হেৰ নৰ মনিষ! ভালে ভালে আঁতৰ হ। ইয়াত শিয়ালৰ কাৰণে ওকালতি কৰিব নেলাগে।” হাতেমে তেতিয়া সিহঁতক ঈশ্বৰৰ দোহাই দিলে। আৰু ক’লে “হেৰ, অসহায় নিৰপৰাধ শিশু কেটাক কেলেই বছৰে বছৰে মাৰ। ঈশ্বৰৰ দোহাই—এনে কাম [ ২৮ ] নকৰিবি।” ঘোঙে সেই কথাটোত মান্তি নহৈ হাতেমক আক্ৰমণ কৰিবলৈ উদ্যত হলত হাতেমে ঘোঙ-ঘোঙনী দুয়োকো টেটুত দুহাতে ধৰি মাটিত পেলাই টেপা মাৰি ধৰিলে। উশাহ নেপাই সিহঁত মৰোঁ মৰোঁ হ’ল। তেতিয়া প্ৰাণ বধ কৰিবৰ ইচ্ছা নকৰি সিহঁতৰ নখকেটা উঘালি পেলালে আৰু দাঁত কেটা ভাঙি দি এৰি দিলে। সিহঁতে তাৰ বিষত ছটফটাই থাকোতে হাতেমে আঠুকাঢ়ি ঈশ্বৰক প্ৰাৰ্থনা কৰিলে—“হে প্ৰভু! মোক ক্ষমা কৰা! আৰু এই নিৰ্ব্বোধ পশু কেইটাৰ যাতনাৰ নিবৃত্তি কৰি দিয়া।” চাওঁতে চাওঁতে সিহঁতৰ যাতনা নিবৃত্তি হল। তেতিয়া সিহঁতে কান্দি কালি কবলৈ ধৰিলে—“এতিয়া আমি কেনেকৈ আহাৰ ধৰিম আৰু কেনেকৈ জীয়াই থাকিম।” হাতেমে ক’লে—“হেৰ অজান পশু, দুখ নকৰিবি। যি প্ৰভুৱে সকলোকে সৃজন কৰিছে তেৱেঁই তহঁতক আহাৰ যোগাব।” তেতিয়া জোপৰ আঁৰৰপৰা শিয়াল ওলাই আহি সইত খাই কলে—“আমি জীয়াই থকাত ঘোঙৰ আহাৰৰ নিমিত্তে কেতিয়াও ভাবিব নেলাগে। যি আহাৰ সিহঁতে খাব পাৰে, সেই আহাৰকৈ সদায় নিয়মিত ৰূপে যোগাই থাকিম।” ইয়াৰ পাচত হাতেম পুনৰ শিয়ালৰ বাহৰ ওচৰলৈ গ’ল। শিয়াল- শিয়ালীৰ মন আনন্দ আৰু কৃতজ্ঞতাত উপচি পৰিল। শিয়ালীয়ে শিয়ালক কলে—“এইজন মানুহক অকলে যাবলৈ দিব নোৱাৰি; তুমিও যোৱাঁ।” শিয়ালেও হাতেমৰ লগত যাবলৈ ওলাল। হাতেমে কিন্তু তাক ধন্যবাদ দি যাবলৈ হাক দিলে আৰু কেৱল বাট দেখুৱাই দিবলৈ অনুৰোধ কৰিলে। অগত্যা শিয়ালে “দস্য হাৱেদা” ৰ বাট দেখুৱাই দি বিদায় ললে আৰু হাতেম আগবাঢ়ি গল। গৈ গৈ এঠাইত চাৰি আলিৰ মূৰ পালেগৈ। তাত থিয় দি কেনি যাব ভাবি চিন্তি থাকোতেই দেখা পালে যে অসংখ্য ভালুক ইফালে সিফালে লৰিব লাগিছে। সেইখন ভালুক ৰজাৰ দেশ। প্ৰজাবিলাকে হাতেমক ধৰি ৰজাৰ কাষলৈ লৈ গ’ল। ৰজাই হাতেমক দেখি


“দস্য হাৱেদা”—এখন ঠাইৰ নাম।

[ ২৯ ] বৰ সন্তোষ পালে, আৰু নিজৰ সিংহাসনৰ ওচৰত বহুৱাই সুধিলে

যে তেওঁ কোন? অনুমানত তেওঁক হাতেম বুলি বিবেচনা হয় বুলি কলে। হাতেমে নিজকে টোৱেৰ পুতেক হাতেম বুলি চিনাকি দিলে আৰু তেওঁ যে “এমন” দেশৰ ৰজা তাকো কলে। তেতিয়া ভালুকৰ ৰজাই হাতেমক কলে যে “হে হাতেম! তুমি মোৰ অতি আদৰৰ জীয়ৰীক বিয়া কৰাব লাগিব। ঈশ্বৰেও তোমাক সেই কাৰণেই ইয়ালৈ আনিছে।” হাতেমে এই কথা শুনি আচৰিত হৈ কলে যে মানুহৰে জন্তুৰে বিয়া কেনেকৈ হব পাৰে! এই কথা শুনি ভালুকৰ ৰজাই এটা বেলেগ ঘৰত তেওঁৰ কন্যাক থৈ হাতেমক তালৈ পঠিৱাই দিলে। হাতেমে গৈ দেখে যে পৰীতুল্যা অৰ্থাৎ পূৰ্ণিমাৰ জোনৰ দৰে এটা ছোৱালী তাতে বহি আছে। এই আচৰিত ঘটনা দেখি হাতেম তাৰপৰা উলটি আহিল। ৰজাই সুধিলে তুমি মান্তি হৈছানে? হাতেমে মনিৰ স্বামীৰ কথা ভাবি তেওঁৰ প্ৰতিজ্ঞা ভঙ্গৰ ভয়ত বিয়া কৰাবলৈ অমান্তি হ’ল। ৰজাই তেতিয়া অত্যন্ত ক্ৰুদ্ধ হৈ হুকুম দিলে যে হাতেমক এটা গহ্বৰত বন্দী কৰি থোৱা হওক। ভালুক-পুলিচে তৎক্ষণাত হাতেমক বন্দী কৰিলে। হাতেম সাত দিন সাত ৰাতি তাতে অনাহাৰে আছিল। তাৰ পাচত তেওঁক মুক্তি কৰি আনি ভালুকৰ ৰজাই খুব খুৱাই বুৱাই পুনৰ সুধিলে। পুনৰ হাতেমে অস্বীকাৰ কৰাত পুনৰায় তেওঁক সেই কাৰাগাৰত বন্দী কৰি থলে। এইবাৰ বন্দী অৱস্থাত হাতেমৰ প্ৰতি স্বপ্নাদেশ হল যে তেওঁ যেন এই বিয়া কবুল কৰে। সেই দিনা হাতেমক মুক্তি কৰি আনি ৰজাই সুধিলত হাতেম মান্তি হ’ল। তেতিয়া অতি ধুম-ধামেৰে বিয়াৰ কাম আৰম্ভ হল। খুব উত্তম উত্তম ফৰাশ পতা হ’ল। তাৰ ওপৰত “মচনদে শাহানা” (অৰ্থাৎ ৰাজগদী) সজোৱা হল। সভাসদ পাত্ৰ মিত্ৰ সকলোৱে ৰকম ৰকম লেবাছ (পোছাক) পিন্ধি আহি তাত বহিল। নানা ৰকম মেওয়া মিঠাই খানা জলপানেৰে সকলোকে তুষ্ট কৰা হল। শেষত [ ৩০ ] সেই দেশৰ ৰসুম (ৰীতি) অনুসাৰে বিবাহ কাৰ্য্য সম্পন্ন কৰা হল। হাতেম সেই ঠাইত অতি সুখেৰে ৰূপৱতী আৰু গুণৱতী ভাৰ্য্যাৰ সাহচৰ্য্যত কিছুদিন থাকিল। তাৰ পাচত এদিন ঘৈণীয়েকৰ আগত মনিৰ স্বামীৰ কথা আৰু নিজ প্ৰতিজ্ঞাৰ কথা কৈ তেওঁক এই বিষয়ে সহায় খুজিলে। পতিপ্ৰাণাই স্বামীৰ এই কথা শুনি তেখেতক সেই বিষয়ত সহায় কৰিবলৈ অঙ্গীকাৰ কৰি বাপেকক এই বিষয়ে জনালত ৰজায়ো এই বিষয়ৰ ভাৰ জীয়েকৰ গাতে দিলে। তেতিয়া ৰাজকন্যাই স্বামীক নিজ প্ৰতিশ্ৰুত কাৰ্য্য কৰিবলৈ বিদায় দিলে আৰু যাবৰ সময়ত এটা জহৰ-মহৰ তেওঁৰ পাগুৰিত বান্ধি দিলে। হাতেম তাৰপৰা ৰাৱণা হৈ গ'ল। কিছু দূৰ গৈ গৈ হাতেম এটা অজগৰৰ মুখত পৰিল গৈ। অজগৰেও আগতে তেওঁক পাই খপ কৰে গিলি থলে। গিলাৰ পাচত অজগৰৰ পেটত ইমান গোলমাল হবলৈ ধৰিলে যে তৎ নেপাই তেওঁক আকৌ বঁতিয়াই উলিয়াই দিলে। মুঠকথা—ৰাজকন্যাৰ জহৰ-মহৰে এইবাৰ হাতেমক ৰক্ষা কৰিলে। তাৰ পাচত হাতেমে গৈ গা-পা কাপোৰ কানি ধুই আকৌ যাবলৈ ধৰিলে। কিছুদূৰ যাওঁতেই হাবিৰ মাজতে ৰাতি হ'ল। তেতিয়া এজোপা গছৰ তলত তেওঁ শুই পৰিল। ৰাতিপুৱা সাৰ পাই উঠি দেখে যে এজন মানুহ তেওঁৰ ওচৰতে বহি আছে। উঠি নমস্কাৰ কৰিলত বহি থকা মানুহজনে সুধিলে—“বোপা, তুমি কোন? কলৈ যাবা?” হাতেমে উত্তৰ কৰিলে “মই এজন বাটৰুৱা। মই ‘দস্য হাৱেদালৈ যাম।” এই কথা শুনি মানুহজনে কলে যে “তুমি এই ইচ্ছা মনৰপৰা আতৰ কৰা। তালৈ গলে মানুহ ফিৰি নাহে আৰু ফিৰি আহিলেও সি বলিয়া হয়।” হাতেমে কলে যে তেওঁ মনিৰ স্বামীৰ ওচৰত প্ৰতিজ্ঞাবদ্ধ; কাজেই তেওঁ যাবই লাগিব। ঈশ্বৰত ভাৰসা কৰি তেওঁ ওলাইছে, প্ৰভুৱে এতিয়া যি কৰে সেয়ে হব। তেতিয়া মানুহজনে তেওঁক এই বুলি সমিধান দিলে—“যদি নিতান্তই যোৱা, তেন্তে


 মনিৰ স্বামী—এজন ৰাজ কেঁৱৰৰ নাম।

[ ৩১ ] মোৰ এই কথা কেইটা মনত ৰাখিবা। সেইখিনি পোৱাৰ পূৰ্ব্বেই যদি তোমাক কোনো সুন্দৰী তিৰোতাই হাতত ধৰি লৈ যায়, যলৈকে লৈ যায় তলৈকে যাবা। কিন্তু সাৱধান—তাইৰ বা আন কোনোৰে ভুবন মোহিনী সৌন্দৰ্য্যই যেন তোমাক মুহিব নোৱাৰে। ঈশ্বৰকে সদায় ভাবি থাকিবা আৰু শত প্ৰলোভনৰ মাজতো যেন মনলৈ কোনো কুভাব আহিব নিদিয়া। সাৱধান সিহঁতৰ হাতত নধৰিবা।” এই কথা কোৱাৰ পাচত দুয়ো খাই বৈ তাতে ৰাতি থাকিল। পুৱা হাতেম ৰাৱণা হ’ল। বহুত দূৰ যোৱাৰ পাচত হাতেমে এটা পুখুৰী দেখা পালে। পুখুৰীৰ পাৰত থিয় দিয়া মাত্ৰেই এজনী অতি সুন্দৰী তিৰুতা আহি তেওঁৰ হাতত ধৰি পুখুৰীৰ ভিতৰলৈ টানি লৈ গ’ল। পানীত পৰি তেওঁ চকু মুদিলে। বহুত পৰ গৈ গৈ মাটিত ভৰি লাগিলত চকু মেলি দেখিলে যে তেওঁ এখন বাগিচাত উপস্থিত হৈছেগৈ। তেওঁক যি জনে তালৈ নিলে তেওঁ তাৰপৰা আঁতৰি গ’ল। ফলত হাতেমে অকল- শৰে সেই বাগিচাৰ চাৰিওফালে চাই চাই ফুৰিবলৈ ধৰিলে। কিছু পৰৰ পাচত দেখে অসংখ্য অনুপমা সুন্দৰী-সাক্ষাৎ যেন অপেশ্বৰী হে, নানা সাজ অলঙ্কাৰেৰে সাজি-কাচি তেওঁক ধৰিলেহি। এটাইবোৰেই তেওঁক ধৰি টনা-টনি কৰিবলৈ আৰম্ভ কৰিলে। হাতেমে কিন্তু তললৈ যি মূৰ কৰি আছিল, তাৰপৰা মুখ বা চকু তুলি নেচালে। সুন্দৰী- বিলাকে তেওঁক টানি এটা বিচিত্ৰ ঘৰৰ ভিতৰলৈ লৈ গল। তাত কাৰু-কাৰ্য্য সমন্বিত নানা ৰত্নেৰে খচিত এখন আসনত তেওঁক বহুৱালে। তাৰ পাচত সেই সুন্দৰীবিলাক ঘৰৰ দেৱালৰ গাত সমান হৈ মিলি গৈ নক্‌সা লগা দি লাগি থাকিল। অলপ পৰৰ পাচতে দেখে তাৰে আটাইতকৈ সুন্দৰ ছবিটো দেৱালৰ গাৰপৰা ওলাই নাচি নাচি আকৌ হাতেমৰ ওচৰলৈ আহিল। ইয়াকে দেখি তেওঁ অবাক হল আৰু ঈশ্বৰক স্মৰণ কৰিবলৈ ধৰিলে। নাচনীজনী অতি সুন্দৰী—তাতে আৱ-ভাৱ কটাক্ষত মুনিৰো মন মোহে। কিন্তু হাতেমে তেওঁৰ মন ঠিক ৰাখিছিল। ৰাতি হলত দেখিলে—ঘৰত নানা ৰকম চাকিৰ পোহৰেৰে [ ৩২ ] ঘৰটি উজ্জ্বল হৈ উঠিল আৰু সুন্দৰীসকল দেৱালৰপৰা ওলাই আহি নানা ৰস ৰঙ্গ কৌতুকেৰে গান বাজনা কৰি কৰি নাচিবলৈ ধৰিছে। সিহঁতে হাতেমৰ আগত নানা ৰকম সুন্দৰ সুন্দৰ খাদ্য ফল মিঠাই আদি আনি দিবলৈ ধৰিলে। হাতেমে সেইবিলাক খাই বৰ সোৱাদ পায়, কিন্তু তেওঁৰ কোনোমতেই পেট নভৰে। এইৰূপে তিনি ৰাতি পাৰ হৈ গল। হাতেমে তেতিয়া ভাবিলে যে এই মায়াপুৰীত এই ৰকমে জীৱনভৰ থাকিলেও মুক্তি নহব; কাজেই ইয়াত অলপ উৎপাত নকৰিলে নহব। এইদৰে ভাবি তেওঁ এজনী তিৰুতাৰ হাতত ধৰি এটা বৰ আজোৰ মাৰিলে। সেই মুহূৰ্ত্ততে আন এজনীয়ে তেওঁক এনে গোৰ এটা মাৰিলে যে তেওঁ লাথি খাই মূৰ্চ্চিত হৈ পৰিল। জ্ঞান আহিলত চকু মেলি দেখে যে সেই সুন্দৰীবিলাকো নাই, সেই ঘৰো নাই, সেই বাগিচাও নাই; তেওঁ এখন ভয়ঙ্কৰ নিবিড় হাবিৰ মাজত পৰি আছে। হাতেমে মনে মনে ভাবিলে যে তেওঁ এইবাৰ “দশ্যে হাৱেদা” পালেহি। তেতিয়া তেওঁ উঠি ইফালে সিফালে ফুৰিবলৈ ধৰিলে। অলপমান পৰৰ পাচতে তেওঁৰ কাণলৈ এটা আৱাজ আহিল এবাৰ দেখিলোঁ, আকৌ এবাৰ দেখিবলৈ মন যায় ঐ।” তেওঁ বুজিলে এয়ে সেই মানুহ—যিজনৰ কথা হাছেন বানুয়ে প্ৰথম প্ৰশ্নত সুধিছিল। তেওঁ সেই মানুহজনৰ ওচৰলৈ গৈ দেখে যে দীঘল শুভ্ৰ ডৰীয়া পুৰুষ এজনে বহি সেইদৰে নিৰাশৰ বাণী শুনাব লাগিছে। হাতেমক দেখি সেই মানুহজনে সুধিলে “হে সুঠাম সুন্দৰ ডেকা, তুমি এই হাবিলৈ কৰপৰা আহিলা আৰু তোমাক লাগে কি?” হাতেমে উত্তৰ কৰিলে—“ডাঙৰীয়া! মই আপোনাকে বিচাৰি আহিছো। আপুনি নো দিনে ৰাতিয়ে কেলেই এনেকৈ চিঞৰি থাকে? আপুনি এনে কি দেখিলে যাক দেখিলে দ্বিতীয়বাৰ নেদেখিলে মন ব্যাকুল হয়।” মানুহজনে হাতেমক ওচৰত বহিবলৈ ক’লে। এনেতে সন্ধ্যা হল—দুখন ৰুটি দুই গিলাচ পানী আনি আগত এজনে থৈ গল। হাতেম আৰু সেই মানুহজনে তাকে খাই ভোক পিয়াহ নিবাৰণ কৰিলে। ৰাতি সেই মানুহজনে [ ৩৩ ] কবলৈ ধৰিলে যে তেওঁ এদিন এটা পুখুৰীৰ পাৰত বহি থাকোতেই এজনী সুন্দৰীয়ে তেওঁক হাতত ধৰি পুখুৰীৰ তলত থকা এখন সুন্দৰ বাগিচালৈ লৈ গ'ল। তাতে এটা বিচিত্ৰ অট্টালিকাৰ মাজলৈ নি এখন হীৰা মুকুতাৰে ভৰা বাদাহী মচনৰ ওপৰত নি তেওঁক বহুৱালে। তেতিয়া নানান ধৰণৰ সুন্দৰী আহি তেওঁৰ আগত নাচিবলৈ ধৰিলে। তাৰে এজনীয়ে ওৰণী লৈ তেওঁৰ ওচৰলৈ আহিল। সেই সুন্দৰীক ওচৰত পাই তেওঁ তাইৰ মূৰৰ কাপোৰ গুচুৱাই চালত দেখিলে যে জগতত এই ৰূপৱতী অতুলনীয়। সেই কইনাটি দেখি তেওঁ আপোনপাহৰি গ'ল। আৰু বিশ্ব সংসাৰ পাহৰি আপোন প্ৰাণ মন সেই সুন্দৰীৰ চৰণত সমৰ্পণ কৰিলে। শেষত সেই সুন্দৰীক হাতত ধৰি নিজৰ গাৰ ফালে টানোতেই আন এজনী তিৰুতাই আহি এনে এটা লাথি মাৰিলে যে সেই লাথি খাই তেওঁ আহি এই হাবিত পৰিলহি। তেতিযাৰপৰা তেওঁ শান্তি পোৱা নাই। দিনে ৰাতিযে প্ৰাণ জ্বলিব লাগিছে। পাহৰিবৰ বাবেও কত চেষ্টা কৰিব লাগিছে কিন্তু হায় এই পৰ্যন্ত তেওঁ পাহৰা দূৰৈত থাওক মনৰ জুই আৰু দুগুণ হৈ জ্বলিবহে লাগিছে। এতিয়া তেওঁৰ জীৱনত আৰু আন কোনো আশা-আকাঙ্গা নাই। কেৱল সেই সুন্দৰীক চকুৰে একোবাৰ দিনান্তে দেখা পালেও জীৱন কৃতাৰ্থ মানিব। হাতেমে বুজিলে যে বুঢ়া একেবাৰে বলিয়া হৈ গৈছে। ইযাক বুজুৱাৰপৰা একো লাভ নাই। আসক্তি এনে বস্তু যে তাৰ শান্তি প্ৰিয় সাহচৰ্যৰ দ্বাৰাই হে হব পাৰে। এনে ভাবি তেওঁ সেই মানুহজনক সেই পুখুৰীটো দেখুৱাই দিবলৈ গাত ল'লে। ৰাতি পুৱা দুয়ো তাৰপৰা ৰাৱণা হল। গৈ গৈ দুই তিনি দিন বাদে সেই পুখুৰী পালেগৈ। হাতেমে দূৰৰপৰা মানুহজনক পুখুৰীটো দেখুৱাই দিলে আৰু ক'লে—“ডাঙৰীয়া! সেই পুখুৰীৰ পাৰলৈ যাওক গৈ। তালৈ গলেই এজনী সুৰীয়ে আপোক সেই আপুনি গোটেই জীৱন তাতে বহি বহি ৰূপৰ খেলৰ আনন্দৰ লহৰী চাই থাওক গৈ। কিন্তু সাৱধান-কোনো সুন্দৰীৰ হাতত যেন নধৰে; [ ৩৪ ] ধৰিলে পুনৰ সেই হাবিয়েই আপোনাৰ গতি হব।” এই কথা শুনি মানুহজন লৰ মাৰি পুখুৰীৰ পাৰলৈ গলগৈ। হাতেমে দেখিলে যে এজনী সুন্দৰী আহি তেওঁৰ হাতত ধৰি পুখুৰীৰ তললৈ লৈ গলগৈ। হাতেমে তাৰ পাচত চাহাবাদ চহৰৰ ফাললৈ খোজ ললে। কিছুদিনৰ পাচত চাহাবাদ পালেহি আৰু হাচেন বানুক সকলো কথা ক'লে। আৰু কলে যে সেই অন্তৰাজ আৰু দস্যহাৱেদাও নাই।

 হাচেন বানুৱে তেওঁক বহুত ধন্যবাদ দিলে। তাৰ পাচত হাতেমে মনিৰ স্বামীৰ লগত দেখা কৰি তাতেই আঠ দিন কটালে।


দ্বিতীয় প্ৰশ্ন
(“পুণ্য কৰ্ম্ম কৰা আৰু পানীত ভহাই দিয়া”)

 হাতেম আকৌ দ্বিতীয়বাৰ ৰাৱণা হল। গৈ গৈ এখন বৰ হাবিয়নি পালেগৈ। তাতে এজোপা গছৰ তলত জিৰাই থাকোঁতেই তেওঁৰ টোপনি আহিল। সাৰ পাই উঠি তেওঁ শুনিলে বেদনাতুৰ সুৰেৰে কোনোবাই ইনাই-বিনাই কান্দিব লাগিছে। হাতেমৰ মন সমবেদনাৰে ভৰি গল। তেওঁ ওচৰচাপি গৈ দেখে যে এটি বৰ ধুনীয়া ডেকা বহি কান্দিব লাগিছে। তেওঁৰ ফুলৰ নিচিনা শুৱনি গালেদি দুধাৰি মুকুতা পান্তিৰ নিচিনা চকুলো বই পৰিছে। শোকত অধীৰ ডেকা জনে ক'ব লাগিছে - “মই কাক মোৰ প্ৰিয়তমাৰ বাতৰি সুধিম! কোনে মোক সমিধান দিব?

 এই কথা শুনি হাতেম ওচৰলৈ গল আৰু ডেকা জনক সুধিবলৈ ধৰিলে “ডেকাদেউ! তোমাৰ এনে কি বিপদ হৈছে যে তুমি ইমান ব্যাকুল আৰু ব্যথিত হৈছা? তেওঁ উত্তৰ দিলে—“ডাঙৰীয়া, মই এজন সাউদ। নানা ৰকমৰ বস্তু লৈ বণিজ বেহাই ফুৰে। এদিন এনেকৈ ফুৰোঁতে [ ৩৫ ] ইয়াৰপৰা বাৰ ক্ৰোশ দূৰত থকা এখন নগৰত উপস্থিত হলোঁগৈ। তাতে এজন মানুহৰ ঘৰৰ বাৰান্দাৰ ছঁয়াত বহি জিৰণি লৈ থাকোতেই তেওঁৰ ঘৰৰ ভিতৰৰ ফালে চকু পৰিল। দেখিলোঁ যে এগৰাকী পৰীৰ দৰে গাভৰু সেই ঘৰতে্ ইফাল-সিফালকৈ ফুৰিব লাগিছে। মানুহক সুধি গম পালোঁ যে তেখেত এতিয়াও আবিয়ৈ। মোৰ প্ৰাণ মন সেই মুহূৰ্ত্ততে সেই ৰূপৱতী গাভৰুৰ চৰণত সমৰ্পণ কৰিলোঁ। শুনিলোঁ বোলে গাভৰু জনীয়ে তেওঁক বিয়া কৰাব খোজা মানুজনক তিনিটি প্ৰশ্ন সোধে। যেয়ে সেই তিনি প্ৰশ্নৰ মীমাংসা কৰিব পাৰিব, তাকে তেওঁ বিবাহ কৰিব। এই কথা শুনি মই সেই মানুহ জনৰ ঘৰলৈ গৈ বিয়াৰ প্ৰস্তাৱ কৰি পঠিয়ালোঁ। গাভৰুৱে মোক ভিতৰলৈ মাতি নি ক'লে যে আপুনি যদি নিজৰ প্ৰতিশ্ৰুতিত (কায়েম) থাকোঁ বুলি কথা দিয়ে, তেন্তে মই মোৰ প্ৰশ্ন তিনিটা আপোনাৰ আগত বয়ান কৰিব পাৰোঁ। তেওঁৰ কথা শুনি মই তেওঁ যি কৰে তাতে মাস্তি হম বুলি প্ৰতিজ্ঞা কৰিলোঁ। তেতিয়া তেওঁ তিনিটা প্ৰশ্নৰ কথা কলে। প্ৰশ্ন কেইটা এই—

 (১) এই নগৰৰ প্ৰান্তত এটা ভয়ঙ্কৰ গাঁত আছে। তাৰ যে অন্ত ক’ত কোনেও কব নোৱাৰে। তাৰ ভিতৰত কি আছে সেই খবৰ মোক আনি দিব লাগে।

 (২) ওচৰতে এখন হাবিত শুকুৰবাৰে ৰাতি সদায় আৱাজ হয়। কোনোবা এজনে কয় “মই এনে কাম কৰা নাই—যি কাম আজি ৰাতি মোৰ ব্যৱহাৰত আহে”।

 (৩) মেহেৰ পৰীশাহৰ হাতত জহৰমহৰ এটা আছে, মোক সেই জহৰ-মহৰটো আনি দিব লাগে।

 প্ৰশ্ন তিনিটা শুনিয়েই মোৰ ধাতু উৰিল। যি কাণ্ডজ্ঞান আছিল সিয়ো লোপ পালে। মই তেতিয়া তাৰপৰা উঠি আহিবৰ কাৰবাৰ কৰোঁতেই কইনা জনীয়ে বল কৰি নিজ মানুহৰ দ্বাৰাই মোৰ মালবস্তু কাঢ়ি ৰাখি মোক নগৰৰ বাজ কৰি দিয়ালে।

[ ৩৬ ]  মোৰ এতিয়া তিনিটা অৱস্থা—১ম যথাসৰ্ব্বস্ব গল, ২য় লাজৰ সীমা নাইকিয়া হল, ৩য় প্ৰেমে মোৰ কলিজা থকা-সৰকা কৰি চালনীৰ দৰে কৰিব লাগিছে। এতিয়া মোৰ জীৱনত আৰু সকাম নাই যেন দেখোঁ।”

 সেই কথা শুনি হাতেমে তেওঁক নিৰ্ভয় দি মাল বস্তুও ফিৰৎ আনি দিব, কইনাকো লগ লগাই দিব—এই প্ৰতিজ্ঞা কৰি তেওঁক লগত লৈ সেই নগৰলৈ গললৈ। তাতে এটা আলহী-ঘৰত থাকি খাই বই জিৰাই শতাই সেই কইনা থকা ঘৰলৈ গৈ খবৰ দি পঠিয়ালে বোলে কইনাৰ বিয়াৰ বিষয় প্ৰাৰ্থনা কৰিবলৈ এজোৰা মানুহ আহিছে। তৎক্ষণাৎ ভিতৰলৈ মতাই নি হাতেমক কইনাই প্ৰতিজ্ঞাবদ্ধ কৰালে। হাতেমেও কইনাক প্ৰতিজ্ঞাবদ্ধ কৰিলে যে যদি তেওঁৰ প্ৰশ্নৰ মীমাংসা কৰি দিব পাৰে, তেন্তে তেওঁ কইনাক যাকে বিয়া কৰিবলৈ কয় তাকে বিয়া কৰাব লাগিব। কইনাও তাতে মান্তি হ'ল। তেতিয়া পূৰ্ব্বৰ প্ৰশ্ন তিনিটিৰ কথা কইনাই তেওঁক জনালে। হাতেমে তেতিয়া তাৰপৰা বিদায় লৈ লগত বাট দেখুৱা মানুহ লৈ গাঁতৰ ফালে বেগ দিলে। গাঁতৰ মুখ দেখুৱাই দি লগত অহা মানুহ- বিলাক উভতি গল আৰু হাতেম সেই গাঁতত সোমাই গল। অকাই পকাই গাঁতৰ মাজেদি সোমাই গৈ গৈ বহুত পৰৰ মূৰত অলপ পোহৰ দেখা পালে। আৰু কিছুদূৰ গৈ এখন বৰ ডাঙৰ পথাৰ পালে। কিছুদূৰ যোৱাৰ পাচত এদল মানুহ দেখা পালে। সিহঁত আচলতে মানুহ নহয় “দেও” হে। দেও বিলাকে তেওঁক লগ পাই ধৰি পেলালে আৰু তেওঁক মাৰি খাবৰ বন্দবস্ত লগালে। এটা দেওৱে কলে যে “ভাইহঁত মানুহৰ মঙ্গহ বৰ মিঠা আৰু উপাদেয়। ইয়াক আমি ৰজাৰ আগত হে দিব লাগে। আমি খালে ৰজাই দণ্ডিব।” এই কথা শুনি আনবিলাক দেওৱে হাতেমক এৰি দিলে বোলে আমাৰ আন কাম এৰি এতিয়া ইয়াক লৈ ৰজাঘৰলৈ যাব নোৱাৰোঁ।” মুকলি পাই হাতেম তাৰপৰা গৈ গৈ এখন গাঁও পালেগৈ। সেইখনো দেওৰে গাঁও। [ ৩৭ ] তাৰ দেওবিলাকেও হাতেমক পাই খাওঁ খাওঁ মূৰ্ত্তি ধৰিলে। কিন্তু অৱশেষত সিহঁতে তেওঁক সিহঁতৰ চৰ্দাৰৰ ওচৰলৈ লৈ গ'ল। ইফালে চৰ্দ্দাৰৰ তিৰুতা গৰাকীৰ চকুৰ বেমাৰ হৈ বহুত দিনৰপৰা পৰি আছিল। চকু মেলিবই নোৱাৰে, তাৰ ওপৰত যতনা বিষ পূঁজ পানীৰ কোবত তত নাই; দিনে ৰাতিয়ে কেৱল চিঞৰ। চৰ্দ্দাৰৰ মন বৰ বেয়া, মূৰে কপালে হাত দি বহি আছে। হাতেমক অনা দেখা পাই তেওঁ বিৰক্ত হৈ কলে-“এই মনিষটোক কেলেই ইয়ালৈ আনিছ, এৰি দে-হঁক। যেনি খুচি যাওক।” সিহঁতে হাতেমক এৰি দিলে। হাতেমে চৰ্দ্দাৰক তেনে ৰকমে বহি থকা দেখা পাই তাৰ কাৰণ সুধিলত চৰ্দ্দাৰে ঘৈণীয়েকৰ চকুৰ বেমাৰৰ কথা হাতেমক কলে। তেতিয়া হাতেমে কলে যে “যদি তুমি মোক চিকিৎসা কৰিব দিয়া, তেন্তে মই এই ৰোগ ভাল কৰি দিব পাৰোঁ।” হাতেমৰ কথা শুনি চৰ্দ্দাৰজনে প্ৰতিজ্ঞা কৰিলে যে যদিহে মোৰ পৰিবাৰ ভাল হয় তেন্তে তুমি যি হুকুম দিয়া মই তাকে পালন কৰিবলৈ ৰাজি আছোঁ।” হাতেমে কলে যে মোক আন একো নেলাগে; কেৱল তোমালোকৰ ৰজাৰ ওচৰলৈ নি তেওঁৰ লগত মোৰ পৰিচয় কৰাই দিব লাগে। চৰ্দ্দাৰ এই কথাত আনন্দেৰে মান্তি হ'ল। তেতিয়া হাতেমে চৰ্দ্দাৰণীক চালেগৈ। ৰোগ নিৰ্ণয় কৰি পাগুৰিৰপৰা জহৰ-মহৰটো উলিয়াই পানীত তাকে পিহি সেই পানী ৰোগিণীৰ চকুত সানি সানি দিবলৈ ধৰিলে। অলপ সময়ৰ ভিতৰতে ৰোগিণী চকু মেলিব পৰা হ'ল। আৰু কেবাৰমান দিয়াৰ পাচতে দুই তিনি দিনৰ ভিতৰতে তেওঁ একেবাৰে সম্পূৰ্ণ আৰোগ্য হ'ল। চৰ্দ্দাৰে হাতেমক বৰ আদৰেৰে তাতে খুৱাই বুৱাই কেদিনমান ৰাখি এদিন তেওঁক ৰাজ-সভালৈ লৈ গল। ৰজাৰ আগত হাতেমক উপস্থিত কৰি চৰ্দ্দাৰজনে কবলৈ ধৰিলে যে “স্বৰ্গদেউ, এই মানুহজন বৰ বিদগ্ধ পণ্ডিত আৰু জ্ঞানী। চিকিৎসা শাস্ত্ৰতো এখেত বৰ পাৰ্গত। মোৰ পৰিবাৰৰ আজি বহুত দিনৰ দুৰাৰোগ্য চকুৰ বেমাৰ। এখেতে অতি সহজে দুই এদিনতে সম্পূৰ্ণ ভাল কৰি দিলে।” ৰজাই এই কথা [ ৩৮ ] শুনি হাতেমক বৰ আদৰ কৰিলে আৰু তেওঁৰ নিজৰ কথা কলে বোলে “হে মনিষ, ময়ো পেটৰ বেমাৰত বৰ দুখ পাইছোঁ! যি খাওঁ হজম নহয়—সদায় পেটৰ বেদনাত বিতত হৈ থাকে। তাৰে যদি কিবা উপায় কৰিব পাৰা, চোৱা।” হাতেমে কলে “স্বৰ্গদেউ, আপুনি ভোজন কৰিবৰ সময়ত মোক মাতিবচোন বাৰু, মই কি কৰিব পাৰোঁ চাম।” খাবৰ সময়ত হাতেমৰ ডাক পৰিল। তেওঁ গৈ দেখে নানান বস্তু ৰান্ধি ৰজাৰ আগত সজাই সজাই থৈ দিছে। পৰিচাৰকবিলাকে সেই বস্তু বিলাকৰ প্ৰতি লোলুপ দৃষ্টিৰে চাই আছে। হাতেমে গোটেইবিলাক খোৱা বস্তুকে ঢকাই পেলালে। আৰু কিছুমান পৰ এনেকৈ থৈ পুনৰ ঢাকনিবিলাক গুচুৱাই পেলোৱালে। দেখা গ'ল—খোৱা বস্তুবিলাকৰ ভিতৰত নানা ৰকমৰ পোক পিলপিলাই ফুৰিব লাগিছে। ৰজা আচৰিত হ'ল আৰু হাতেমক ইয়াৰ কাৰণ সুধিলে। হাতেমে কলে “স্বৰ্গদেউ! মানুহৰ নজৰতকৈ দেওসকলৰ নজৰ অতি প্ৰখৰ। আপোনাৰ এই খাদ্যবিলাক দেখি আপোনাৰ পৰিচাৰক দেওবিলাকৰ লোভ লাগে। কাজেই মুখ লগাৰ বাবে আপোনাৰ এনে গতি হয়। আপুনি আপোনাৰ খোৱা বস্তুবিলাক আদিৰ পৰা অন্তলৈকে ঢাকনিৰ তলত ৰাখিব আৰু খাওঁতে নিজে ৰন্ধা ঠাইৰ ওচৰতে খাব। আন একো কৰিব নেলাগে।” ৰজাই এই নিয়মেৰে দুই এদিন খাওঁতেই লাহে লাহে তেওঁৰ পেটৰ বেমাৰ ভাল হবলৈ ধৰিলে। আৰু কিছুদিনৰ মূৰত একেবাৰে আৰাম পালে। ভালহৈ উঠি ৰজাই। হাতেমক আলিঙ্গন কৰিলে আৰু কি লাগে সুধিলে। হাতেমে ক'লে—“স্বৰ্গদেউ! আপোনাৰ পোতাশালত বহুত মনিষ বন্দী হৈ আছে। সিহঁতক যেন মুক্তি দিয়া হয়।” ৰজাই তৎক্ষণাৎ হুকুম দিয়াই সিহঁতক অনালে আৰু বটা বক্‌চিচ্‌ দি তাৰপৰা বিদায় কৰি দিলে। ৰজাই তাৰ পাচত হাতেমক ক'লে যে তেওঁৰ আৰু এটা ইচ্ছা আছে—যদি হাতেমে সেই ইচ্ছা পূৰ কৰে।” হাতেমে সাধ্যমতে চেষ্টা কৰিবলৈ প্ৰতিজ্ঞা কৰিলত তেওঁ ক'লে যে তেওঁৰ [ ৩৯ ] মৰমৰ জীয়াৰী জনীৰ বৰ বেমাৰ। হাতেমে তৎক্ষণাৎ তেওঁক চাবলৈ অনুমতি প্ৰাৰ্থনা কৰিলে। ৰজায়ো তেওঁক ভিতৰলৈ লৈ গৈ জীয়েকক দেখুৱালে। হাতেমে দেখে যে ৰোগিণী বহু দিনৰ পুৰণি বেমাৰত ভুগিব লাগিছে। মুখত তেজ নাই—একেবাৰে কেহৰাজ বঁটা যেন হৈ পৰিছে। হাতেমে এবাটি চৰতৰ ফৰমাইচ দিলে৷ চৰত আহিলত তাতে জহৰ-মহৰটি বেচকৈ পিহি সেই চৰবত নৰিয়াক খুৱাই দিলে। নৰিয়াৰ তাৰ পিচৰ পৰা এদিন এৰাতি হৰদম ভেদ হবলৈ ধৰিলে। শেষত গৈ কেবাবাৰো বাতিও হ’ল। ঘটনা দেখি ৰজাই বৰ ভয় খাইছিল। কিন্তু ঈশ্বৰৰ নাম লৈ লৈ হাতেমে তেওঁক নিৰ্ভয় দি আছিল। লাহে লাহে বেমাৰ শাম কাটিলে আৰু জোৰ নাইকিয়া হ'ল আৰু ধীৰে ধীৰে ছোৱালীৰ তেজপূঁজ ধৰি সম্পূৰ্ণ আৰোগ্য হল। প্ৰায় কুৰি দিনৰ পাচত ছোৱালী সম্পূৰ্ণ আৰোগ্য হলত হাতেমে ৰজাৰপৰা বিদায় ললে। ৰজাই বৰ আদৰেৰে অসংখ্য ধন সম্পত্তি সোণৰ মোহৰ লগত দি হাতেমক গাতৰ মুখত থোৱাই দিয়ালে। হাতেম তাৰপৰা মানুহ দুনুহৰ মূৰত সেই ধন সম্পত্তিবিলাক দি আলহী-ঘৰ পালেগৈ। তাত সেই সদাগৰৰ লৰাক এই ধন বস্তুবিলাক দান কৰিলে। সদাগৰ ডেকাই আন একো নেপাই হাতেমৰ ভৰি দুখন আকোৱালি ধৰি হৃদয়ৰ কৃতজ্ঞতা আৰু ভক্তি জনালে।

 তাৰ পাচত পূৰ্ব্বৰ গাভৰুৰ ওচৰলৈ গৈ প্ৰথম প্ৰশ্নৰ কথা ভাঙি পাতি ক'লে আৰু দ্বিতীয় প্ৰশ্নৰ কথা সুধিলে। গাভৰুৰ দ্বিতীয় প্ৰশ্নও হাতেমক কলে।

 দ্বিতীয় প্ৰশ্ন এই। শুকুৰ বাৰে ৰাতি এটা আৱাজ হয়। তাতে কোনোবা এটাই কয়—“এনে কাম মই কৰা নাই—যি আজি ৰাতি মোৰ কামত আহিব পাৰে।” সেইটো কি আৰু কৰপৰা আহে ইয়াৰ খবৰ আনি দিব লাগে।

 এই কথা শুনাৰ পাচত হাতেম তাৰপৰা সেই শব্দ বিচাৰি যাত্ৰা [ ৪০ ] কৰিলে। ময়দানে ময়দানে ৰাতিয়ে দিনে ফুৰিবলৈ ধৰিলে। অলপ দিনৰ পাচত এদিন সেই আৱাজ তেওঁ শুনিলে। শব্দ শুনি সেই শব্দ লক্ষ্য কৰি গৈ গৈ তেওঁ এদিন অকস্মাৎ এঠাইত ওলালগৈ— যত মানুহৰ কন্দা-কটাৰ ৰোল উঠিছে। হাতেমে তাৰ মানুহক ইয়াৰ গুৰি সোধাত এজনে ক'লে যে সদায় মাহৰ সাত তাৰিখে গাঁৱলৈ এটা দৈত্য আহে। সি যেতিয়া আহি পায় তেতিয়া এটা মানুহ তৈয়াৰ থাকিব লাগে, সি তাক খায়। এই বেলি আহে বৃহস্পতিবাৰে আমাৰ গাঁৱৰ গৰাকী জনৰ ধুনীয়া লৰাটিৰ পাল পৰিব। সেই কাৰণেই গাঁৱৰ সকলো মানুহেই এতিয়াৰপৰা শোকত অধীৰ হৈ কান্দিব লাগিছে। হাতেম গৈ গৰাকী জনক লগ ধৰি তাক নিৰ্ভয় দিলে আৰু সুধিলে যে সেই দৈত্যটোক কোনোবাই দেখিছেনে নাই। গৰাকীয়ে তাক মাটিত আকি দেখুৱালে। তাৰ নখন মুখ আৰু নখন হাত, নখন ভৰি। হাতেমে কলে যে “এই দৈত্যৰ নাম “হেলোকা” ই এক ৰকমৰ কৱন্ধ। ইয়াক মাৰিলেও নমৰে পুৰিলেও নোপোৰে। কিন্তু মই যি কওঁ তাক যদি শুনা তেন্তে মই ইয়াক মাৰিবৰ প্ৰৱন্ধ কৰিব পাৰোঁ।” গৰাকী জনে হাতেমে যি কয় তাকে কৰিবলৈ গাত ললে। তেতিয়া হাতেমে কলে যে “তোমাৰ গাঁৱত যদি দৰ্পণ (আৰ্চ্চী) তৈয়াৰ কৰিব পৰা মানুহ আছে তেন্তে এখন বৰ ডাঙৰ আৰ্চী মোক তিনি দিনৰ ভিতৰতে সাজি দিব লাগে।” তেতিয়াই গৰাকীয়ে গাঁৱৰ দৰ্পণ তৈয়াৰ কৰা মানুহবিলাকক মাতি আনি এখন কুৰি হাত দীঘল আৰু এহাত পুতলৰ দৰ্পণ কৰিবলৈ লগাই দিলে। যথা সময়ত দৰ্পণ তৈয়াৰ হৈ আহিল। তেতিয়া সেই দৰ্পণ খন লৈ গৈ দৈত্য যলৈ আহে তাতে নি থিয় কৰি দিলে। দৰ্পণৰ এখন ঢাকোন কৰি সেই ঢাকনি কাপোৰেৰে তাক ঢাকি থলে। অহা দিনৰ দিনা হাতেমে গাঁৱৰ মানুহক নিজৰ নিজৰ ঘৰলৈ যাবলৈ দিলে। যদি কোনো বাই ধেমালি চাব খোজ তেন্তে তেওঁৰ লগত থাকিবলৈ ক'লে। [ ৪১ ] আন সকলে নিজৰ ঘৰলৈ গল গৈ; কিন্তু গৰাকীৰ লৰাটোৱে হাতেমক এৰি যাবলৈ মান্তি নহল। তেতিয়া গৰাকীয়ে পুতেকক যাবলৈ বৰকৈ অনুনয় বিনয় কৰিবলৈ ধৰিলে। পুতেকে ক'লে— “বোপাই, মোক তো তোমালোকে দৈত্যৰ মুখত দিয়ে থৈ গলা। এতিয়া যদি মৰোঁ এই পৰম উপকাৰী আৰু সাহিয়াল মানুহ জনৰ লগতে মৰিম।” তাৰ পাচত সকলো ঘৰাঘৰি গুচি গল। কেৱল হাতেম আৰু চৰ্দ্দাৰৰ পুতেক তাত থাকিল। ৰাতি হলত দেখা গল যে ধুমুহা বতাহ অহাদি কিবা এটা আহিব লাগিছে। দেখিবলৈ এটা পৰ্ব্বতৰ দৰে—তাৰ নখন মুখ, নখন হাত আৰু নখন ভৰি। ঘনে ঘনে হুঙ্কাৰ দি দি আহিব লাগিছে। একোটা গোঁজৰনিত মাটি কঁপি উঠে। তাৰ নখন মুখৰপৰা জুই ওলাব লাগিছে আৰু তাৰে গোটেই ঠাই খন পোহৰ হৈ উঠিছে। সি আহি আয়নাৰ সমুখ পালতে হাতেমে তাৰ ঢাকনি কাপোৰ খন আঁতৰাই দিলে। মুখৰ জুইৰ পোহৰত দৈত্যই আয়নাত নিজ মূৰ্ত্তি দেখি স্তম্ভিত হৈ ৰল, আৰু মাটিত গোৰোহনি মাৰি এটা ভয়ঙ্কৰ চিঞৰ মাৰি দিলে। যত যি আছিল সেই ভয়ঙ্কৰ আৱাজত সকলো অজ্ঞান হৈ পৰিল। দৈত্যই পুনৰ আৰু এটা চিঞৰ মাৰিলে। একে চিঞৰে তাৰ পেট ফাটি গল। সি তাৰ নিজ মূৰ্ত্তি দেখি ভয়ে বিস্ময়ে ক্ৰোধে অস্থিৰ হৈ তাতে গিৰিসকৈ পৰি মৰি গল। সি মৰাৰ পাচত গাঁৱৰ মানুহে আহি হাতেমক নানা ৰকমে খাতিৰ কৰিবলৈ ধৰিলে। তেওঁক বহুতো ধন সম্পত্তিও আনি দিলেহি। তেওঁ সেই ধন সম্পত্তি নলৈ সিহঁতক আশ্বাস দি কলে যে ধন সম্পত্তি উপাৰ্জ্জন কৰা তেওঁৰ উদ্দেশ্য নহয়। মানুহৰ দুখ দুৰ্দ্দশা দূৰ কৰাই তেওঁৰ জীৱনৰ উদ্দেশ্য। তাৰ পাচত তেওঁ সুধিলে যে সেই গাঁৱত মানুহে শুকুৰবাৰে ৰাতি এটা মানুহে কোৱা শুনানে যে “মই এনে কোনো কাম কৰা নাই যি আজি ৰাতি মোৰ কোনো উপকাৰত লাগিব পাৰে।” গাঁৱৰ গৰাকীয়ে সেই আৱাজ কোন ফালৰপৰা শুনে দেখুৱাই [ ৪২ ] দিলে, কিন্তু কোনে সেই আৱাজ কৰে সেই সম্বন্ধে হাতেমক বিশেষ একো ক'ব নোৱাৰিলে। হাতেমে সেই গাঁৱত দুৰাতি থাকি শব্দ যি ফালৰ পৰা আহে সেই ফালে ৰাৱণা হ’ল। কিছু দূৰ গৈ এটা টিলাৰ তলত দুশ আৰোহী আৰু বহুত পদাতিক সৈন্য দেখা পালে। কিছুমান পৰ মনযোগ দি চাই থাকি তেওঁ উমান পালে যে এই পদাতিক বা অশ্বাৰোহী তাত একো নাই— তেওঁৰ ভ্ৰমহে মাথোন। সেই ঠাইত দেখিলে গোৰস্থান। তেওঁ ভাবিলে যে লোকৰ কৱৰ বা সমাধি। তেওঁ আন্দাজ কৰিলে যে আৱাজটোও ৰাতি হলে তাৰেপৰা আহে। তেওঁ তাতে বহি থাকিল। ৰাতি হলত দেখে এটা জীৰ্ণ কবৰৰপৰা এটা মানুহ ওলাই আহি সেই কবৰটোৰ ওপৰত বহিল। তাৰ পিন্ধা কাপোৰখন অতি দুৰ্গন্ধ আৰু ফটা; তাৰ গা মলিয়ন আৰু খহুলা। খাবলৈ তাৰ ওচৰত কিছু মলিয়ন পানী। তেওঁ আৰু দেখিলে যে আন আন কবৰবিলাকৰপৰাও একোটা একোটা মানুহ ওলাই আহি নিজ নিজ কবৰৰ ওচৰত বহিলহি। সিহঁতৰ পিন্ধনত সুন্দৰ সুন্দৰ কাপোৰ। শৰীৰত নানা ৰকম সুগন্ধি অনুলেপন সানি সুগন্ধিময় হৈ আছে। বহিছে মনসদৰ ওপৰত আৰু খাইছে অতি উৎকৃষ্ট লোভনীয় খাদ্য। আনবিলাক মানুহে সঙ্গীজনৰ ফালে কেৰাহি কৰিও চোৱা নাই। কিছুমান পৰ থাকি সেই মানুহজনে এটা দীঘল হুমুনিয়াহ ছাৰি চিঞৰ মাৰি কৈ উঠিল “আঃ! মই সেই কাম নকৰিলোঁ যি কামৰ ফল আজি ৰাতি কামত লাগিব পাৰে।” হাতেমে নিজৰ মন্দিলৰ (উদ্দেশ্যৰ) সীমা পালেহি দেখি ঈশ্বৰক অসংখ্য ধন্যবাদ দিলে। হাতেমে বহি বহি চাই আছে এনেতে দেখিলে যে প্ৰত্যেক জন মানুহৰ আগত একোখন থালত ক্ষীৰ আৰু নানা ৰকম সুখাদ্য আহি উপস্থিত হৈছে আৰু লগে লগে একো লোটা পানী। তাৰে ভিতৰত এজনে মাত লগালে যে যদি কোনো ইয়াত উপস্থিত তেওঁকো এই খাদ্যৰ ভাগ দিব লাগে। এজনে আহি হাতেমক মাতি লৈ গ'ল হি।


 মন্দিল—উদ্দেশ্য  মনসদ—দলিচা।

[ ৪৩ ] হাতেম যোৱা মাত্ৰেই তেওঁৰ আগত আনি এখন থাল আৰু এলোটা পানী দিলেহি। হাতেমে দেখে যে সেই দুৰ্ভগীয়া মানুহ জনৰ আগত এখন থালত দিছে কিছুমান শিলৰ টুকুৰা আৰু এলোটা গছৰ ৰস আৰু কুঁজা এটাত একুঁজা পানী; তাতো পূজ তেজ আদি নানান প্ৰকাৰ দুৰ্গন্ধময় বস্তুৰে ভৰা। চকু কাণ মুদি হাতেমে নিজৰ ভাগ খাই উঠিল। তাৰ পাচত তাৰে এজনক সুধিলে-“আপোনালোকে যে ইমান আনন্দেৰে নানান ভোগ কৰি আছে সেই বেচেৰা গৰীবৰ এনে দুৰৱস্থা কেলেই হৈছে? মানুহজনে কলে যে তেওঁলোকে ইয়াৰ কোনো ৰহস্য নেজানে। সেই মানুহ জনক সুধিলেই সকলো কথা গম পাব। হাতেমে তাৰ ওচৰলৈ গৈ তাক সুধিলত কবলৈ ধৰিলে—“মই জীয়াই থাকোঁতে এজন সদাগৰ আছিলোঁ। মোৰ নাম আছিল ‘ইউচুফ'। এইবিলাক যে দেখিছা ইহঁত আছিল মোৰ চাকৰ; মোৰ অপাৰ ধন দৌলত আছিল। কিন্তু মই ইমান কৃপণ আছিলোঁ যে ঈশ্বৰৰ বা ধৰ্ম্মৰ বা সজকামৰ নামেৰে এক পইচাও খৰচ কৰিব নোৱাৰিছিলোঁ। মোৰ চাকৰবিলাকে নিজৰ নিজৰ পইচা খৰচ কৰি মাজে মাজে ধৰ্ম্ম কামত লগালে মই সিহঁতক খুব মাৰ-পিট কৰিছিলোঁ। সিহঁতে সেই অত্যাচাৰ সহ কৰিও পৰকালৰ নিমিত্তে যথাসাধ্য ধৰ্ম্ম কৰ্ম্ম কৰি আছিল। তাৰ ফলত আজি মোৰ এই দুখ কষ্ট আৰু নিজ নিজ সুকৃতিৰ ফলত সিহঁত ইমান আনন্দেৰে আছে। এই ফালেদি বণিজ বেহাবলৈ যাওঁতে বাটতে ডকাইতে পাই চাকৰ বাকৰেৰে সৈতে আমাৰ সকলোটিকে বধ কৰি ইয়াতে পুতি থৈ মাল বস্তু কাঢ়ি লৈ গুচি গল। এতিয়া মোৰ লৰা-ছোৱালী বিলাকে খাবলৈ নেপাই বাটে বাটে ভিক্ষা কৰি কৰি ফুৰিব লাগিছে।” হাতেমে সুধিলে যে তেওঁৰ এই দুঃখৰ অন্ত কেনেকৈ হব পাৰে। তেওঁ কলে—“হব পাৰে-যদি কোনোবাই মোৰ দেশলৈ যায়। আৰু তাত সদাগৰ চুবুৰিত যি মোৰ ঘৰ আছে তাৰ ওচৰতে এজোপা গছৰ তলত বহুত ৰত্ন পুতি খোৱা আছে। যদি সেইবোৰ উলিয়াই দান যজ্ঞ কৰে আৰু মোৰ লৰা-ছোৱালীবিলাকক প্ৰাণ প্ৰৱৰ্ত্তনৰ সুবিধা [ ৪৪ ] দিব পাৰে, তেতিয়া হলে সিহঁতৰ আৰু মোৰ দুখৰ ওৰ পৰিব।”

 হাতেমে এই কথা শুনি কলে যে তেওঁ এই কাজ নিশ্চয় কৰিব। নকৰে যদি তেওঁ ত্বই বংশৰ মানুহেই নহয়। তাৰ পাচত তেওঁ ৰাতিটো তাতে থাকিল। ৰাতি দেখে যে ধৰ্ম্মাত্মাবিলাকে মহা আনন্দেৰে ৰাতি কটাব লাগিছে আৰু ই বেচাৰাই কান্দি-কাটি সময় কটাইছে। পুৱা হলত মৃতকৰ আত্মবিলাক পুনৰ নিজ নিজ কবৰলৈ সোমাই গল। হাতেমে তাৰপৰা যাত্ৰা কৰিলে।


[ ৪৫ ]

হাতেমৰ চীন দেশৰ ফাললৈ গমন

 বাটত যাওঁতে যাওঁতে হাতমে এঠাইত দেখিলে যে এটা মানুহে এটা কুঁৱাৰপৰা পানী তুলিবলৈ আৰম্ভ কৰিছে। নিজেই পানী তুলি খাবৰ মন কৰি হাতেমো ওচৰ চাপিল। এনেতে দেখে যে হাতীৰ শুঁৰৰ দৰে এটা সাপ কুৱাৰপৰা উঠি আহি মানুহটোক কঁকালত কামোৰ মাৰি ধৰি কুঁৱাৰ ভিতৰলৈ টানি লৈ গ'ল। দেখি শুনি হাতেম অবাক হল। তেওঁ ভাবিবলৈ ধৰিলে যে এনে কাম কেলেই হল। কৰুণাৰে তেওঁৰ মন ভৰি গল। ভাবিবলৈ ধৰিলে যে এই কুঁৱা বাটৰুৱাৰ। ঘৰত চাগৈ তাৰ লৰা-ছোৱালীবিলাকে বাপেকৰ অপেক্ষাত বহি আছে। হে প্ৰভূ, ই তোমাৰ কি মাযা এনে কাম মোৰ চকুৰ আগতে কেলেই ঘটালা। নিজকে নিজে তেতিযা ধিক্কাৰ দিবলৈ ধৰিলে ‘হাতেম তই আগতে চাই থাকিও যে বেচাৰাক সাহায্য কৰিবগৈ নোৱাৰিলি, তই শেষ বিচাৰৰ দিনা ভগৱানৰ আগত কি উত্তৰ দিবি।’ এই বিলাক ভাবি চিন্তি তেওঁ একেবাৰে কুঁৱাত জাপ মাৰি পৰিল। কুঁৱাৰ তললৈ গৈ গৈ যেতিযা মাটিত ভৰি লাগিল গৈ, দেখে যে সি কুঁৱাৰ তল নহয়— এখন মৈদান। যিমান দূৰলৈ চকু যায় কেৱল ফল ফুলেৰে সুশোভিত (জক্‌মক্‌) হৈ আছে। কিছু দূৰ গৈ এটা সুন্দৰ ঘৰ চকুত পৰিল। তাৰ মাজত দেখিলে যে এটি অতি সুসজ্জিত কোঠালীত বেলোনৰ তাৰ ওপৰত এজন দীৰ্ঘকায় পুৰুষ শুই আছে। হাতেমে ভাবিলে যে এওঁ সাৰপাই উঠিলেই এওঁৰ মুখেৰে সকলো বাতৰি পোৱা যাব। এনেতে দেখে যে সেই মানুহটোক মুখত লৈ সেই সাপটো সেইফালে আহিব লাগিছে। সাপটোৱে হাতেমক দেখা পোৱা মাত্ৰকে মানুহটোক এৰি হাতেমৰ ফাললৈ কোব ললে। হাতেমেও তাৰ মতলব বুজি তাৰ ডিঙিত এনে টেপা মাৰি [ ৪৬ ] ধৰিলে যে সি নিৰুপায় হৈ ভয়ানক গণ্ডগোল আৰম্ভ কৰি দিলে। শুই থকা মানুহজন সাৰ পাই উঠিল আৰু তেওঁ হাতেমক কলে—“এইটো মোৰ পাইক ইয়াক এৰি দিয়া।” হাতেমে কলে যে যেতিয়ালৈকে সি সেই মানুহটোক এৰি নিদিয়ে, তেৱোঁ তাক নেৰে। এই কথা শুনি সাপটোৱে তাৰ মুনিবক সাৱধান কৰি দিলে যে এই মানুহ কম নহয়। ই সকলো ভেল্কি আৰু যাদু নষ্ট কৰিব। হাতেমে তাক সুধিলে যে সি কেনেকৈ তালৈ আহিল। মানুহজনে কলে যে এটা সাপে তাক তালৈ আনি এৰি থৈ গৈছে। আৰু কলে যে এই পৰি থকা আধামৰা মানুহ বিলাকেও কয় যে সিহঁতকো সেই সাপটোৱেই আনি আনি থৈ গৈছে। এইদৰে অসংখ্য মানুহ আগতে মৰি গৈছে আৰু ইহঁতো এতিয়া মৃত্যু মুখত। হাতেমে কলে—“আৰু ভয় নাই। সাপক মই বধ কৰিছো। তোমালোকে এতিয়া নিজ নিজ ঘৰলৈ যাব পাৰা।” বন্দী মানুহবিলাকে হাতেমক অসংখ্য আশীৰ্ব্বাদ দি আৰু প্ৰশংসা কৰি নিজ নিজ ঘৰৰ ফাললৈ খোজ ললে। হাতেমো চীন দেশৰ ফালে ৰাৱণা হল।

 কিছু দূৰ গৈ এখন নগৰৰ দুৱাৰ পালেগৈ। দুৱাৰ পাৰ হবলৈ ধৰোতেই দাৰোৱানে হাতেমক যাবলৈ হাক দিলে। হাতেমে তাৰ কাৰণ সোধাত উত্তৰ দিলে যে এই নগৰলৈ কোনো বিদেশী মুনিহ মানুহ আহিলে প্ৰথমে ৰজাৰ লগত দেখা কৰি তাৰ পাচতহে যেনি খুচি তেনি যাব পাৰে। হাতেমে ইয়াৰ ৰহস্য সুধিলত কলে যে ৰজাৰ এজনী জীয়ৰী আছে। তাই কোনো নতুন মানুহ আহিলেই তাক তিনিটা প্ৰশ্ন সোধে। সেই প্ৰশ্নৰ জবাব দিব নোৱাৰা মানুহক প্ৰাণে মাৰে। বেচাৰা নিৰীহ মানুহবোৰ কোনো প্ৰতিশোধ নোলোৱাকৈ প্ৰাণে মৰে দেখি এই ঠাইৰ নাম “বেদাদ নগৰ”।

 হাতেমে সেই প্ৰহৰীক লগত লৈ ৰজাৰ ওচৰলৈ গল। ৰজাই তেওঁৰ নাম সুধিলে। হাতেমে কলে যে তেওঁ “বিনি আদম” অৰ্থাৎ মানুহৰ পোৱালি। তেওঁৰ আন নামৰ কোনো দৰ্কাৰ নাই। তাৰ পাচত ৰজাক কবলৈ ধৰিলে—“হে ৰজা৷ ই আপোনাৰ কি দস্তুৰ যে আপোনাৰ ইয়ালৈ [ ৪৭ ] আহিলে অতিথিয়ে প্ৰাণ হেৰুৱায়। আন মানুহৰ তালৈ গলে অতিথিয়ে সেৱা-শুশ্ৰূষা আদৰ-যত্ন পায়। সেই কাৰণে তেওঁলোকৰ নাম আকতাবৰ (সূৰ্য্যৰ) নিচিনা ৰোসনদাৰ হৈ থাকে।” এই কথা শুনি ৰজা- জনে বহুত দুখ কৰিলে। কলে—“মই কি কৰিম। এই নগৰৰ নাম আগেয়ে আছিল “আদল আবাদ” অৰ্থাৎ সুবিচাৰৰ স্থান; এতিয়া ইয়াৰ নাম হৈছে “বেদাদ নগৰ।” মোৰ হতভাগিনী ছোৱালী জনীৰ ওপৰত কি এটা দুৰ্দ্দৈবই অধিকাৰ কৰিছেহি—যাৰ বাবে ইয়াত বাটৰুৱাই প্ৰাণ হেৰুৱায় আৰু সিহঁতৰ বধৰ ভাগী হওঁ মই। নিজৰ পেটৰ পোৱালি গুণে ছোৱালী জনীক মাৰি পেলাবও নোৱাৰোঁ।” হাতেমে তেতিয়া ঈশ্বৰক স্মৰণ কৰি কলে “হে ৰজা! মোক সেই ছোৱালী জনীৰ ওচৰলৈ লৈ যাওক। ঈশ্বৰে কৰিলে মই এই বিষয়ৰ সমাধান কৰিব পাৰিম।” ৰজাই হাতেমক ছোৱালীৰ ওচৰলৈ পঠিয়াই দিলে। পৰ্দ্দাৰ আঁৰত ছোৱালীটী বহি আছিল। হাতেমক দেখি বহুত আদৰ সাদৰ কৰি বহুমূল্য আসনত বহুৱালে। ছোৱালীটীৰ ৰূপ দেখি হাতেম আচৰিত হল আৰু মনে মনে দুঃখ কৰিবলৈ ধৰিলে যে হে ভগৱান ইমান অতুলনীয় ৰূপ দিয়ে এই কন্যাটাক কেলেই এনে কৰিছা। কন্যাও হাতেমক দেখি মুগ্ধ হ'ল। ধাইৰ আগত ছোৱালীটীযে দুখ কৰি কলে যে এইজন পুৰুষকো কালি বধ কৰিব লাগিৰ। ধাইমাকে কুঁৱৰীক বহুত অবোধ দিলে। হাতেমে ধাইক সুধিলে কি কাৰণে ইয়াত ইমান মানুহক বধ কৰা হয়। ধায়ে কলে—“ৰাতি হলে এই ছোৱালী জনী বলিয়া হয় আৰু তিনিটা প্ৰশ্ন সোধে। যাক প্ৰশ্ন সোধে সি উত্তৰ দিব নোৱাৰে কাৰণে তাক বধ কৰে।” কথাই-বতৰাই সন্ধিয়া হল। হাতেমৰ আগত ধাযে আনি নানা ৰকমৰ সুমিষ্ট খাদ্য খাবলৈ দিলেহি। হাতেমে তাক স্পৰ্শও নকৰিলে। ধায়ে কলে—“তুমি ঠিক মানুহ হয়। নিমখ সম্বন্ধে তোমাৰ ধাৰণা আছে।” ইয়াৰ পাচত ৰাতি হল। লগুৱা লিকচৌ তাৰপৰা আঁ‌তৰি গল। কোঠাৰ দুৱাৰ ভালকৈ বন্ধ কৰি দিয়া হল। মাথোন হাতেম আৰু সেই কুঁৱৰী কোঠাৰ মাজত থাকিল। অলপমান পৰৰ পাচত কুঁৱৰী বলিয়া হৈ [ ৪৮ ] চিঞৰ বাখৰ কৰিবলৈ ধৰিলে। দাঁত চোবাই মুখ বিকটাকাৰ কৰি হাতেমক গালি পাৰিবলৈ ধৰিলে। এইৰূপে অলপমান সময় থাকি কুঁৱৰীযে হাতেমক তিনিটা প্ৰশ্ন সুধিলে।

 ১ম প্ৰশ্ন—সেই বিন্দু কি—যাৰ দ্বাৰাই জীৱ জন্তুৰ জন্ম হয়।
 হাতেমেৰ উত্তৰ—“দৰিয়াৰে ইসৰাৰ” অৰ্থাৎ অনাদি যুগৰপৰা প্ৰবাহমান জীৱন-সোঁতক “বিন্দু” বোলা হয়। যাৰ ৰূপ ৰেতঃ স্বৰূপ। যি বিন্দুৰপৰা জীৱৰ উৎপত্তি হয়।
 ২য় প্ৰশ্ন—সেইটো কি গছৰ গুটি—যি সকলো ফলতকৈ মিঠা।
 উত্তৰ—সংসাৰ গছত সেযে সন্তান স্বৰূপে প্ৰাসদ্ধ।
 ৩য় প্ৰশ্ন—সেইটো কি বস্তু যি সকলো জীৱ জন্তুকে খাই পেলায।
 উত্তৰ—মৃত্যু। যি কাকো নেৰে।

 উত্তৰ কেইটা শুনি কুঁৱৰী জনীযে তললৈ মূৰ কৰি কঁপিবলৈ ধৰিলে আৰু কিছু পৰৰ পাচত অজ্ঞান হৈ মাটিত পৰি গ'ল। সেই মুহূৰ্ততে অকস্মাৎ হাতেমে দেখে যে এটা ভয়ানক কাল-মূৰ্ত্তি সাপ ছোৱালীজনীৰ গাৰপৰা ওলাই হাতেমৰ ফালে ফণা তুলি আহিছে। হাতেমেও তৎক্ষণাৎ তেওঁৰ পাগুৰিৰ জহৰ-মহৰটো উলিয়াই হাতত লৈ সাপটো থাপ মাৰি ধৰিলে। জহৰ-মহৰৰ গুণত সাপে একো কৰিব নোৱাৰিলে। তাৰ পাচত এটা কলহত তাক ভৰাই মুখত ভালকৈ এটা সোপা দিলে আৰু ঘৰৰ মজিয়াখন খান্দি সাত হাত তলত কলহটো পুতি থলে। তাৰ পাচত নিজৰ আসনত গৈ বহিল। পুৱাই পুৱাই আহোঁতে কুঁৱৰীযে সাৰ পাই নিজ কোঠালীত এজন পুৰুষক বহি থকা দেখি সুধিলে—“হেৰা লাজহীন পুৰুষ, তুমি কোন? ইয়াত কেলেই বা বহি আছা?” হাতেমে কলে— “হেই লজ্জাহীনা! মই কোন ইমান সোনকালে পাহৰিলি নে?” কুঁৱৰী মনে মনে থাকিল। ৰাতি- পুৱালত ধায়ে আহি দেখে যে মানুহ জন জীয়াই আছে আৰু কুঁৱৰী পৰি আছে। কুঁৱৰীক সোধাত কুঁৱৰীয়ে কলে—“ধাই আই! আজি মোৰ গাটো পাতল পাতল লাগিছে আৰু মই যেন বৰ ডাঙ্গৰ বেমাৰৰপৰা [ ৪৯ ] আজি আৰোগ্য হৈ উঠিলোঁ, এনে লাগিছে।” হাতেমক সোধাত আগ ৰাতিৰ সমস্ত কথা তেওঁ বৰ্ণাই বৰ্ণাই কলে আৰু সাত হাত মাটিৰ তলত সাপ পোতা আছে, এই কথাও কলে। আৰু কলে—“এতিয়াৰপৰা এই কুঁৱৰী নিৰাপদ হল।” ৰজাই এই কথা শুনি ততালিকে আহিল। তেওঁ হাতেমক সেই ছোৱালীজনী বিয়া কৰাবলৈ অনুৰোধ কৰিলত হাতেমো মান্তি হল। তাৰ পাচত হাতেমে তাতে তিনি মাহ গৃহস্থী কৰি থাকিল। তিনি মাহৰ পাচত কুঁৱৰী গৰ্ভৱতী হলত হাতেম তাৰপৰা বিদায় হৈ গল। যাবৰ সময়ত কুঁৱৰীক কলে—“তোমাৰ গৰ্ভত যি সন্তান হয় সি এমন দেশৰ ত্বয় বংশৰ সন্তান হব। কাৰণ মই সেই বংশৰ মানুহ। যদি লৰা হয়, ডাঙৰ হলে যদি সি যাব খোজে তেন্তে “এমন” দেশলৈ পঠিৱাই দিবা। আৰু যদি ছোৱালী হয় তেন্তে এজন ধৰ্মভীৰু চাই সৎ মানুহক বিয়া দিবা। যদি জীয়াই থাকে, তেন্তে আৰু এবাৰ দেখাদেখি হব।”

 ইয়াৰ পাচত হাতেম গৈ গৈ বহুদিনৰ মুৰত চীনদেশ পালেগৈ। তাত গৈ সদাগৰ পাৰাত ইউছুফ সদাগৰৰ বংশ পৰিয়ালৰ খবৰ কবলৈ ধৰিলেগৈ। বিচাৰোঁতে বিচাৰোঁতে ইউচুৰ পুতেকক পাই সকলো কথা তেওঁক জনালে। বিশেষকৈ কত কেনেকৈ ধন পোতা আছে তাকো কলে। আৰু কলে ধন খিনি পালে তাৰে চাৰি ভাগ কৰি তিনি ভাগ ধৰ্ম কামত খৰচ কৰিবলৈ বাপেকে কৈ পঠিৱাইছে। ইউচুফৰ পুতেকে এই কথা বাদচাহক জনাবলৈ কলে। হাতেম তেতিয়াই ৰজাৰ তালৈ গল। ৰজাই প্ৰথমে হাতেমৰ কথা শুনি অবিশ্বাস আৰু উপলুঙা কৰি তেওঁক ৰাইজৰ বাজ কৰি দিয়া হুকুম দিছিল। পাচত হাতেমে বৰকৈ কোৱাত তেওঁৰ কথাৰ সত্যতা প্ৰমাণ কৰিবৰ কাৰণে ইউচুফ সদাগৰৰ ঘৰলৈ গল। তাত নিৰ্দিষ্ট ঠাই খান্দিলত অসংখ্য ধন সম্পত্তি পালে। ৰজাই হাতেমৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰি এহিচা ইউচুফৰ পুতেকক দিলে আৰু তিনি হিচা পুণ্য কাজত খৰচ কৰিবলৈ হাতেমক দিলে। হাতেমো তাতে কিছুদিন থাকি ইউছুফৰ নামেৰে বহু দান পুণ্য কৰিলে। সেই দেশত যত [ ৫০ ] অন্নহীন বস্ত্ৰহীন, গৃহহীন আছিল সকলোৰে অভাৱ পূৰণ কৰি দিলে আৰু আনো নানা পুণ্য কাম কৰি তেওঁৰ হাতত দিয়া সকলোখিনি ধন শেষ কৰি তাৰপৰা উভতিল। উভতি আহোঁতে বাটত পুনৰ “আদলাবাদত” সোমাই নিজৰ পৰিবাৰক চালে। দেখিলে তেওঁৰ এটি বৰ সুন্দৰ পুত্ৰ উপজিছে। কিছুদিন লৰা তিৰুতাৰ লগত তাতে থাকি তেওঁ পুনৰ তাৰ পৰা ৰাৱণা হল, আৰু যত ইউছুফৰ কবৰ আছে সেই খিনি পালেহি। তাত তিনিৰাতি থাকি আলেখ-লেখ চাই দেখিলে যে ইউচুফৰ প্ৰেতাত্মাই এতিয়া আনবিলাকৰ দৰেই খাবলৈ পায় আৰু সুখে আছে। হাতেমে তেওঁৰ লগত দেখা কৰিলত তেওঁ দুয়ো হাত তুলি হাতেমক আশীৰ্বাদ কৰিলে আৰু হাতেমৰ দ্বাৰাই যে তেওঁ কিমান সৌভাগ্যৱান হ’ল, তাকো কলে।

 তাৰ পাচত হাতেম ৰাৱণা হল। কিছু দূৰ গৈ এখন হাবিয়নি পালে। তাতে এজনী অতি নিঃকিন বুঢ়ী বহি থকা দেখা পালে। বুঢ়ীয়ে ভিক্ষা খুজিলত হাতেমে হাতৰপৰা আঙঠী এটা খুলি বুঢ়ীক দি গুচি গল। আঙঠী পায়ে বুঢ়ীয়ে গীত গোৱাদি গাবলৈ ধৰিলে।

 বুঢ়ীৰ গীত শুনি তাৰ চোৰ পুতেক সাতোটা কৰবাত লুকাই থকা ঠাইৰপৰা ওলাই আহি হাতেমৰ পাচে পাচে যাবলৈ ধৰিলে। হাতেমক সিহঁতে কলে সিহঁত কোনো ৰজাৰ তলত চাকৰি বিচাৰি যাব। হাতেমে লগৰীয়া পাই ভাল পালে। কিন্তু এডোখৰ নিৰ্জন ঠাইত সিহঁতে হাতেমক পিচ ফালৰপৰা ধৰি ছুৰীৰে কেটামান খোচ মাৰি এটা কুঁৱাত পেলাই দি তেওঁৰ মাল-বস্তু খিনি কাঢ়ি লৈ গুচি গল। হাতেমৰ পাগুৰিত থকা আশ্চৰ্য্য জহৰ-মহৰৰ গুণত হাতেমৰ ঘাঁবিলাক যোৰা লাগিল আৰু পানীৰ তলত পৰি থাকিও হাতেম নমৰিল। তাতে পৰি থাকোতেই হাতেমে দৈৱবাণী শুনিলে—“হাতেম এই কুঁৱাত বহুত ধন সোণ আছে। সেইবিলাক তোৰ, তই লব পাৰ।” হাতেমে খেপিয়াই চাই দেখে যে হয়। এনেতে দুটা মানুহ আহি কুঁৱাৰ সমুখত থিয় দি এডাল ডোল পেলাই দি হাতেমক [ ৫১ ] তুলিলে। সিহঁতে কুঁৱাৰ মাল-বস্তুবিলাকো তুলি দি অদৃশ্য হল। হাতেমে সেইবোৰ এঠাইত লুকুৱাই থৈ সেই চোৰ কেইটাক বিচাৰি গল। সেইখিনি পাওঁতে বুঢ়ীক আৰু এটা আঙঠী দিলে। বুঢ়ীয়েও আকৌ আগৰদৰে মাজত চোৰ পুতেকহঁতক লৈ ওলাই আহিল। সিহঁত আহোঁতেই হাতেমে সিহঁতক সুধিলে যে সিহঁতে এনেকুৱা ডকাইতি বৃত্তি কৰে কেলেই। সিহঁতে উত্তৰ দিলে যে পেটৰ দাযত সিহঁতে এনে কাম কৰে৷ হাতেমে কলে—যদি তেওঁ সিহঁতক বহুত ধন সোণ দান কৰে সিহঁতে এই বৃত্তি এৰিবনে নেৰে। সিহঁত মান্তি হলত হাতেমে সিহঁতক ঈশ্বৰৰ নামেৰে শপত খুৱাই লৈ হাবিলৈ লৈ গৈ গোটেই খিনি ধন সম্পত্তি সিহঁতক দি দিলে। সিহঁতেও হাতেমৰ আগত ঈশ্বৰৰ নাম লৈ ধৰ্মৰ নাম লৈ, শপত খাই সেই দিনৰপৰা চোৰ বৃত্তি এৰি পেলালে।

 হাতেমে তাৰপৰা লাহে লাহে খোজ লৈ আৰু এখন হাবি পালেগৈ। তাত দেখে যে ভোকে পিয়াহে লালকাল হৈ অতি সুন্দৰ কুকুৰ এটা পৰি আছে। তাকে দেখি হাতেমে তাক এটা পুখুৰীৰ পাৰলৈ নি ধুই মেলি পানী খুৱালে আৰু নিজৰ খাদ্যৰপৰা কিছু খাদ্য তাক খুৱালে। কিছুমান পৰ তাৰ মূৰত হাত বুলাওঁতে বুলাতে হঠাৎ হাতত এটা গজাল লাগিল। গজালটো টান মাৰি উলিয়াই পেলাওঁতেই কুকুৰটো কুকুৰ গুচি মানুহ হল। হাতেমে তাক দেখি বৰ আচৰিত হ'ল। সুন্দৰ ডেকাজনক তেতিয়া হাতেমে ইয়াৰ কাৰণ সুধিলত কলে যে তেওঁ এজন সদাগৰৰ পুতেক। বাপেকে বহুত ধন সম্পত্তি এৰি মৰি গলত কিছুদিন তেওঁ বৰ আৰামেৰে দিন কটাইছিল। তেওঁ এজনী অতি সুন্দৰী তিৰুতা বিয়া কৰাইছিল। কিছুদিনৰ মুৰত তেওঁ দূৰ দেশলৈ বণিজ বেহাবলৈ গৈছিল। সেই সুযোগত তেওঁৰ তিৰুতা জনীয়ে এটা গোলামৰ প্ৰেমত পৰি তাৰ উপপত্নী হৈ আছিল। বণিজৰপৰা উলটি অহাৰ আগেয়ে কুমন্ত্ৰীৰ হতুয়াই এই গজালটো ঘৈণীয়েকে তৈয়াৰ কৰাই মন্ত্ৰপুত কৰাই থৈছিল। উলটি আহি তেওঁ ভাগৰে দুখে ৰাতি শুলত ঘৈণীয়েকে এই গজালটো তেওঁৰ মূৰত ঠুকি দিছিল। [ ৫২ ] তেওঁ তৎক্ষণাৎ কুকুৰ ৰূপ হল আৰু তেতিয়াই টঙ্গনিয়াই তেওঁক ঘৰৰ বাজ কৰি দিলে। ঘৰৰপৰা ওলাই বজাৰৰ ফালে গলত বত বজাৰৰ কুকুৰবিলাকে তেওঁক বেঢ়ি ধৰি কামুৰিবলৈ ধৰিলে। তৎ নেপাই লৰি আহি এই হাবিত সোমাই ৰক্ষা পৰিল হয়, কিন্তু ভোকে পিয়াহে অচেতন হৈ তেওঁ কথমপিহে জীয়াই আছিল। এতিয়া তেওঁ হাতেমৰ ভৰিত লুটি খাই পৰি তেওঁক অসংখ্য ধন্যবাদ দিবলৈ ধৰিলে। হাতেমে “তেওঁৰ কোন দেশ” এই কথা সুধিলত তেওঁ কলে তেওঁ “সুৰত” চহৰৰ মানুহ। হাতেমে সুধিলে সেই চহৰৰ হৰিশ সদাগৰক তেওঁ চিনে নে নিচিনে। ডেকা জনে চিনো বুলি কলত তেওঁ তালৈকে যাব বুলি কৈ দুয়ো সেই ফালে বেগ দিলে। সুৰত চহৰ পায়েই তেওঁ হাতেমক নিজ ঘৰলৈ লৈ গল। হাতেমক বাহিৰত বহুৱাই থৈ তেওঁ মনে মনে ঘৰলৈ সোমাই গৈ দেখে যে তেওঁৰ ঘৈণীয়েক আৰু সেই গোলামটো একেখন বিছনাত শুই আছে। তেওঁ তৰোৱাল লৈ একে কোবে গোলামৰ মূৰটো ওফৰাই দিলে আৰু তেওঁৰ মূৰত মৰা গজালটো ঘৈণীয়েকৰ মূৰত মাৰি দিলে। ঘৈণীয়েক তৎক্ষণাৎ কুকুৰণী হল। তেতিয়া কুকুৰ জনীক ডোলেৰে বান্ধি থৈ তেওঁ বাহিৰলৈ আহি হাতেমৰ আগত সকলো কলে। হাতেমে মানুহ জনক বধ কৰাৰ বাবে বৰ দুখ কৰিলে। যি হওক তাতে এৰাতি থাকি পিচদিনা “ছৰাইখানাত” গৈ সদাগৰৰ ছোৱালীক দেখা কৰিলেগৈ। তাৰপৰা হৰিশ সদাগৰৰ জীয়েকক দেখা কৰি তাইৰ দ্বিতীয় প্ৰশ্নৰ উত্তৰ দিলে আৰু সুধিলে যে আজি-কালিও সেই আওয়াজ “মই এনে কাম একো কৰা নাই যি আজি ৰাতি কামত লাগিলহেঁতেন” শুনে নে নুশুনে। বৰজখৰ জীয়েকে কলে যে আজি-কালি তেওঁ সেই আওৱাজ নুশুনে। তাৰ পাচত তৃতীয় প্ৰশ্ন মেহেৰুশাহ পৰী ৰজাৰ হাতত থকা জহৰ-মহৰটো আনি দিব লাগে।

 সেই চহৰত দুই এদিন থাকি হাতেমে পুনৰ ৰাৱণা হ'ল।

[ ৫৩ ]

হাতেম মেহেৰুশাহ পৰী ৰজাৰ মোহৰ
আনিবলৈ যোৱাৰ কাহিনী

তৃতীয় প্ৰশ্ন

 হাতেমে মনে মনে শুনিলে যে দৈত্যৰ ৰজা ফৰোকাছ বাদচাহৰ ওচৰলৈ গলেই এই বিষয়ৰ সহায় আৰু সমাধান পাব পাৰে। ইয়াকে ভাবি পূৰ্বৰ সেই গাঁৱৰ ভিতৰেদি সোমাই ফৰোকাছ বাদচাহৰ ওচৰ পালেগৈ। বাদচাহে তেওঁক বৰ আদৰ কৰি ২|৩ দিন তাতে ৰাখিলে আৰু পাচত তেওঁৰ তালৈ পুনৰ উলটি যোৱাৰ কাৰণ সুধিলে। হাতেমে মেহেৰু পৰী ৰজাৰ হাতৰ জহৰ-মহৰ আনিবলৈ যাব বুলি কোৱাত ৰজাই তেওঁক বহুত বুজাই বৰাই নিৰস্ত কৰিবলৈ যত্ন কৰিলে। তেওঁ কলে সেই পৰীৰ ৰাজ্যলৈ কি দৈত্য কি মানৱ কোনো যোৱা একেবাৰে মানা। তাত সোমালেই মৃত্যু নিশ্চিত। হাতেমে কলে যে মৃত্যু হলেও আৰু এতিয়া উপায় নাই। তেওঁ প্ৰতিজ্ঞাত যেতিয়া বন্দী, যাবই এতিয়া ঈশ্বৰ মাত্ৰ ভৰসা। অগত্যা দৈত্যৰাজ ফৰকাছে” দৈত্য এটাক বাট দেখুৱাবলৈ লগত দি তেওঁক পৰী ৰাজ্যৰ ফালে পঠিয়াই দিলে।

 দুয়ো গৈ গৈ বহুত দিনৰ মুৰত পৰীৰাজ্যৰ সীমা পালেগৈ। তেতিয়া লগৰীয়া দৈত্যটোৱে হাতেমক দূৰৰপৰা ঠাই ডোখৰ দেখুৱাই দি নিজে তাতে ৰল। আৰু সি কলে যে তেওঁ উলটি নাহে মানে বা তেওঁৰ সম্বন্ধে এটা নিশ্চিত বাতৰি নেপায় মানে ৰজাই তাক তাতে থাকিবলৈ কৈছে। তাক তাতে এৰি হাতেম অকলে আগবাঢ়ি গল। কিছুদূৰ গৈ দেখে—আগত অভেদ্য পৰ্বত শ্ৰেণী। তাৰ গছবিলাক আকাশলঙ্ঘী, বাট অতি সঙ্কীৰ্ণ আৰু দুৰ্গম। যি হওক অতি কষ্টে [ ৫৪ ] অশেষ পৰিশ্ৰমেৰে হাতেম গৈ ওপৰ উঠিল গৈ। ওপৰত উঠি কিছু দূৰ গৈয়ে দেখে অতি সুশ্ৰী পাখিলগা কিছুমান মানুহৰ নিচিনা জীৱ এখন বাগিচাত বহি আছে। ইহঁতেই পৰী আৰু পৰী ৰাজ্যৰ সীমা ৰক্ষক।

 হাতেমক দেখি সিহঁত খেদি আহিল আৰু কবলৈ ধৰিলে—“ই ইয়ালৈ আহিল কেনেকৈ! ই যে মানুহ।” তেতিয়া এটাই কলে “ৰজাৰ হুকুম-মানুহ ইয়ালৈ আহিলেই তাক শাস্তি দি মাৰিব লাগে।” তেতিয়াই সিহঁতে জুই জ্বলাই তাতে হাতেমক পেলাই দিলে। কিন্তু ভালুকী কুঁৱৰীয়ে দিয়া জহৰ-মহৰৰ কি আশ্চৰ্য গুণ যে হাতেম জুইত পোৰা নগল। হাতেমক জুইত পেলাই দি ৰখীয়াবিলাক গুচি গল। হাতেম তাৰপৰা ওলাই আকৌ যাবলৈ ধৰিলে। সেই পৰীদলে হাতেমক আকৌ দেখি এই বেলি একেবাৰে পানীত পেলাই দিলে। হাতেম উটি উটি যাওঁতে এটা ঘৰিয়ালে পাই তেওঁক গিলি থলে। জহৰ মহৰৰ গুণত হাতেম পেটত জীণ নগল। ইফালে পেটৰ ভিতৰত ভয়ানক গণ্ডগোল কৰিবলৈ ধৰাত পেটৰ বিষত ঘৰিয়ালে তৎ নেপাই হাতেমক বঁতিয়াই উলিয়াই দিলে। তাৰ পেটৰ পৰা ওলাই ভাহি ভাহি হাতেম গৈ এডোখৰ ঠাই পালেগৈ। তাতে উঠি কাপোৰ-কানি শুকুৱাই উৱাই ভালকৈ পিন্ধি তৰলৈ উঠি গল। তৰলৈ গৈ দেখে যে এটা পৰীজাদাই সেই ঠাই ৰক্ষা কৰি আছে। হাতেমক দেখি সি আচৰিত হল আৰু সুধিলে তেওঁ তালৈ কেনেকৈ আহিল। হাতেমে কলে-“এটা ঘৰিয়ালে তেওঁক গিলিছিল। সি তেওঁক বঁতিয়াই উলিয়াই দিলত উটি উটি গৈ সেইখিনি পালেগৈ।” হাতেমে পৰীৰখীয়াক কলে—“ভাই! পাচত যি কৰ কৰিবি সম্প্ৰতি মোক অলপ খাবলৈ দে। মই এতিয়া ভোকত মৰোঁ।” পৰীজাদাটোৰ এই কথাত মৰম লাগি হাতেমক নিজ ঘৰলৈ নি নানাৰকম মিষ্টান্ন খাবলৈ দিলে।

 হাতেমে পৰীজাদাক আন্তৰিক কৃতজ্ঞতা জনাই বিদায় লৈ উত্তৰৰ পিনে যাত্ৰা কৰিলে। হাবিয়নি এৰি এটি পাহাৰৰ তলত এজোপা গছৰ তলত এটি বৰ ধুনীয়া ডেকাই কৰুণ সুৰেৰ কান্দি কান্দি বিলাপ [ ৫৫ ] কৰি থকা দেখিবলৈ পালে।—“কলৈ গলা, আকৌ এবাৰ দেখা দিয়া মই যে মৰিবলৈ ওলাইছোঁ। তোমাৰ নো দয়া নহয় নে?” এইদৰে বিনাই বিনাই কান্দি থকা দেখি হাতেমৰ দয়ালু মন সমবেদনাত কোমল হৈ গ'ল। ডেকাৰ ওচৰ চাপি কন্দাৰ কাৰণ সুধিবলৈ ধৰিলে। কিন্তু ডেকা ইমানেই বিহ্বল যে হাতেমৰ প্ৰশ্নৰ কোনো উত্তৰ নিদিলে। অৱশেষত ডেকাৰ হাত দুখনত ধৰি হাতেমে বৰ আদৰেৰ ডেকাক বাবে বাৰে অনুৰোধ কৰিবলৈ ধৰিলে। কলে—“ভাই! তুমি মোৰ কথাৰ উত্তৰ নিদিয়া কিয়? ময়ো তোমাৰ দৰে ঈশ্বৰৰ সৃষ্টিৰ মানুহ নহওঁ জানো? মোৰ জানো প্ৰাণ নাই তোমাৰ দৰে। তোমাৰ দুখত জানো মোৰ প্ৰাণত আঘাত নেলাগে? তেনে তুমি কিয় উপেক্ষা কৰিছা? তোমাৰ মনৰ দুখৰ কথা মোক কোৱা ভাই। যেনেকৈ পাৰোঁ মই তোমাৰ দুখ গুচুৱাম।” ইমান পৰৰ পিচত ডেকাজনে হাতেমলৈ মুৰ দাঙি চালে আৰু সুধিলে—“কোন তুমি সদাশয় যুৱক? মোৰ দুখৰ কথা শুনি তোমাৰ বাৰু কি লাভ?” হাতেমে কলে - -“ভাই, তুমিও মানুহ, ময়ো মানুহ। মানুহ হলে মানুহৰ দুখ গুচুৱাব লাগে। ঈশ্বৰৰ এয়ে অভিপ্ৰেত।”

 ডেকাই কলে-“ভুল কৰিছা ভাই ভুল কৰিছা। কোনেও কাৰো মুখলৈ নেচায়। সকলো নিজৰ সুখত ব্যস্ত। এই ঠাইতেই আজি সাত বছৰ ধৰি ইনাই বিনাই বহি আছোঁ। কত জনে কত বাৰ কৌতুহল ভাৱে সুধিলে আৰু নিজ বাটেদি গুচি গ'ল, কোনেৱে মূৰ্খ বুলি গালি পাৰি গুচি গ'ল। এজনেও মোৰ অন্তৰৰ দুখ নুবুজিলে। তুমিও যোৱা যুৱক! মোৰ দুখৰ কাহিনী শুনিব নেলাগে।” কিন্তু হাতেমে নেমানিলে। কলে—“বিশ্বাস কৰা ভাই! সকলো আঁতৰি যাওক কিন্তু মই নেযাওঁ। মই মানুহৰ দুখ মোচনৰ প্ৰতিজ্ঞা লৈ ঘৰৰপৰা বাজ হৈছোঁ। এতিয়া তোমাৰ দুখ মোচনেই মোৰ প্ৰথম কাম হব। তোমাৰ দুখ মোচনৰ কাৰণে মই প্ৰাণ দিবলৈয় সাজু হৈ আছোঁ। ভাই। তুমি মোক অকপটে সকলো ভাঙি কোৱাঁ।” [ ৫৬ ]  ডেকাই এই মহাপ্ৰাণ যুৱকৰ মধুৰ কথা শুনি শ্ৰদ্ধাত মুগ্ধ হৈ হাতেমৰ ভৰিত লুটি খাই পৰিল আৰু নিজৰ দুখৰ কথা কবলৈ ধৰিলে।

 ডেকাই কলে “মই এজন বণিকৰ লৰা। সাত বছৰৰ আগতে এই বাটেদি ৰুম চহৰলৈ গৈছিলোঁ। এই পৰ্ব্বতৰ শোভাত মই মুগ্ধ হৈ অকলৈ পাহাৰৰ ওপৰলৈ উঠি গলো। শেষত ঘূৰি পকি এই গছ জোপাৰ তলতে এটি মনোৰম দৃশ্য দেখিলোঁ। এই ঠাইতেই এজনী অপূৰ্ব সুন্দৰী পৰী-কন্যা শুই আছিল। সেই ৰূপৰ সেই লাৱণ্যৰ কি আকৰ্ষণ আছিল মই কব নোৱাৰোঁ, মই মোৰ জ্ঞান হেৰৱাই পেলালোঁ। যেতিয়া চেতনা আহিল, দেখোঁ যে সেই অপৰূপা কন্যাই মোৰ মূৰটো কোলাত লৈ শুশ্ৰুষা কৰি আছে। মই লৰালৰিকৈ উঠি তেওঁৰ হাতখনত ধৰিবলৈ মোৰ হাতখন মেলিলোঁ। কিন্তু তেওঁ তৎক্ষণাত আতৰি গল আৰু কলে—“যুৱক মই কুমাৰী কন্যা, মোৰ হাতত তুমি নধৰিবা। তুমি অসুস্থ হৈ পৰিছিলা দেখি মই তোমাক ৰোগী হিচাবে শুশ্ৰুষা কৰিছিলোঁ। এই কামত যদি কিবা দোষ হয় ঈশ্বৰে মোক মাৰ্জনা কৰিব। কিন্তু বিবাহ নোহাৱাকৈ মোক কোনো পুৰুষে স্পৰ্শ কৰিব নোৱাৰে। তেওঁৰ কথা শুনি মই তেওঁক বিবাহ কৰিবৰ কাৰণে অতি অনুনয় কৰিবলৈ ধৰিলোঁ। তেওঁ কলে—“মোৰ আই বোপাই জীয়াই আছে। তেওঁলোক বৰ বুঢ়া হৈছে বুলি মই পৰী ৰাজ্যৰ সিংহাসন পাইছোঁ; তথাপি মই কুমাৰী কন্যা। পিতা মাতাৰ অমতত মই বিবাহ কৰিব নোৱাৰোঁ। বিশেষকৈ তুমি মানুহ। মই মানুহ চোৱাৰ হেপাহতে এই মানুহৰ সমাগম ঠাইলৈ আহিছিলো।” তেওঁৰ কথা শুনি বলিয়াৰ দৰে তেওঁক কাকূতি কৰিবলৈ ধৰিলোঁ। কাৰণ পৰী কন্যাৰ উন্মাদ মায়াই মোৰ জ্ঞান ধৈৰ্য সকলো নাশ কৰি পেলাইছে। মোৰ কাকূতি শুনি তেওঁ কলে “বাৰু তুমি ঠিক এই ঠাইতেই ৰৈ থাকা, তিনি-দিনৰ ভিতৰত মোৰ আই বোপাইৰ মত লৈ ঘুৰি আহিম। নাইবা মই তোমাক আমাৰ পৰী ৰাজ্যলৈ লৈ যাম। মই আহিব নোৱাৰিলেও তোমাক নিবলৈ দুত পঠিয়াম। তুমি হলে এই [ ৫৭ ] ঠাই এৰি কলৈকে-নেযাবা।” এই কথা কৈ তেওঁ যি গ’ল। সাত দিনৰ ঠাইত আজি সাত বছৰ মই তেওঁলৈ বাট চাই চাই এই ঠাইতেই বহি আছে। এই ঠাই এৰি যাবও নোৱাৰে, কিজানি তেওঁ ঘূৰি আহি উভতি যায়, সেই আশঙ্কাতে মই আজি দীঘলীয়া সাত বছৰ ধৰি তেওঁলৈকে বাট চাই দিন নিয়াইছো। এবাৰো তেওঁ মোক দেখা দিব নেপাই নে?”

 ডেকাই কান্দিবলৈ ধৰিলে। হাতেমে এই উন্মাদ ডেকাক সান্ত্বনা দি তেওঁ কোন পিনে গৈছে সুধিলে। ডেকাই কলে তেওঁৰ নাম “অলিগুন- পৰী” তেওঁ অলকা পাহাৰৰ পৰীৰ দেশলৈ গৈছে। হাতেমে কলে-“ভাই তুমিও মোৰ লগতে বলা। আমি সেই মায়াবিনীক বিচাৰি উলিয়ামেই।” ডেকাই কলে “নাই ভাই মই নেযাওঁ। মই গলে কিজানি তেওঁ আহি মোক নেপাই উলটি যায। মই এই ঠাই এৰিব নোৱাৰোঁ।” হাতেমে কলে “বাৰু ভাই তুমি থাকা। ঈশ্বৰৰ দয়া হলে ময়েই তেওঁক বিচাৰি উলিয়াব পাৰিম। তোমাৰ কাম শেষ নকৰালৈকে মই আন কামলৈ নেযাওঁ।” এই দৰে ডেকাক সান্ত্বনা দি হাতেমে অলকা পৰ্ব্বতৰ পিনে যাত্ৰা কৰিলে। এটাৰ পাচত এটাকৈ পৰ্বতমালা পাৰ হবলৈ ধৰিলে। শেষত এদিন এখন দুৰ্গম পৰ্বত পাৰ হৈ এখন নিজান ঠাই পালে যি ঠাইৰ পৰা অলকা পৰ্ব্বত আৰম্ভ হৈছে, সেই ঠাইত ওলালগৈ। অলকা পাহাৰৰ মনোৰম শোভা চাই থাকোতে পৰ্ব্বত-শিখৰত এজনী অতি অপৰূপা সুন্দৰ গাভৰু দেখিবলৈ পালে। তেওঁ লৰালৰিকৈ পৰ্ব্বতত উঠি গাভৰুৰ আগতে থিয় হলগৈ। গাভৰুৱে চক্ খাই উঠি কোন পিনে যে নাইকিয়া হল হাতেমে তৎ ধৰিব নোৱাৰিলে। শেষত গাভৰুক বিচাৰি তেওঁ এখন লতা গুল্মৰে আৱৰি থকা ঠাই পালে। এই ঠাইতেই লুকাইছে ভাবি লতাবোৰ আতৰাই তাৰ মাজত সোমাই পৰিল। হঠাতে তেওঁৰ সুৰঙ্গ এটা চকুত পৰিল। সেই বাটেদিয়েই গাভৰু পলাইছে ভাবি তেওঁ সুৰঙ্গ বাটেদি সোমাই গ'ল আৰু ঢালু সুৰঙ্গ বাটেদি তেওঁ তললৈ চুচৰি গলগৈ। তেওঁ ঈশ্বৰৰ নাম লবলৈ ধৰিলে। অলপ পিচত তেওঁৰ ভৰিত মাটিৰ পৰশ লাগিল। তেওঁ থিয় হৈ চাৰিওপিনে চকু ফুৰাই চাই [ ৫৮ ] আচৰিত হল। মাটিৰ তলত এখনি মনোৰম সুন্দৰ ঠাইত তেওঁ উপস্থিত হৈছেহি। কেউপিনে ধুনীয়া গছ-গছনি লতা গুল্ম ঠায়ে ঠায়ে মুকলি ঘাঁহনি যেন এখন নিজান গাঁৱলীয়া ঠাই। তেওঁ নিশাটো এটা লতা কুঞ্জৰ ভিতৰতে শুই কটালে। পুৱাতে উঠি তেওঁ ঠাইখন ভালকৈ চকু ফুৰাই চাবলৈ ওলাই আহিল। কেউপিনে ফুৰিবলৈ ধৰিলে। তেওঁৰ অলপ দূৰৈত এটি মনোৰম অট্টালিকা চকুত পৰিল। তেওঁ সেই পিনে আগবাঢ়িবলৈ ধৰিলে। অলপ পিচতে এজাক ধুনীয়া ছোৱালী লৰি আহি হাতেমক বেৰি ধৰিলে আৰ সুধিবলৈ ধৰিলে “হেৰ, তই ক’ৰ দুঃসাহসী মানুহ! তই ইয়ালৈ কেনেকৈ আহিলি? কোনে তোক বাট দেখুৱালে ক।” হাতেমে সাহেৰে উত্তৰ দিলে-“মোক ঈশ্বৰে বাট দেখুৱালে, আৰু কোনে বাট দেখুৱাব সুন্দৰীসকল। মই ঈশ্বৰৰ কামতেই তোমালোকৰ ৰাণীৰ লগত দেখা হবলৈ আহিছো।” শুৱনী গাভৰু কিজনীয়ে নিজৰ ভিতৰতে কিবা আলোচনা কৰিলে আৰু কলে- “তুমি যদি ৰাণীক দেখা কৰিবলৈ আহিছা, এই দৰে তুমি যাব নোৱাৰিবা। যদি তোমাক হাত ভৰি বান্ধি বন্দী হিচাবে আমাৰ লগত লৈ যাবলৈ সম্মত হোৱা তেনেহলে সেই দৰে বান্ধি তোমাক ৰাণীৰ ওচৰলৈ নিব পাৰো। হাতেম বন্দী হৈ যাবলৈ সম্মত হোৱাত, গাভৰু কেইজনীয়ে তেওঁক হাতে ভৰিয়ে বান্ধি ৰাণীৰ ওচৰলৈ লৈ গ'ল। গাভৰুহঁতৰ যুক্তি দেখি হাতেমে শলাগিলে! এজনী আগতে লৰি গ’ল খবৰ দিবলৈ। ৰাণীয়ে যেতিয়া শুনিলে এজন মানুহক পৰীহঁতে বন্দী কৰি অনাৰ কথা, তেওঁৰ ততালিকে সাত বছৰৰ আগৰ এজন মানুহৰ কথা মনত পৰিল। তেওঁ দিয়া প্ৰতিশ্ৰুতিৰ কথা পাহৰি যোৱাত তেওঁৰ বৰ লাজ লাগিল। পৰীহঁতে হাতেমক বন্দী কৰি ৰাণীৰ ওচৰত হাজিৰ কৰিলেহি।

 আলগুন পৰী ৰাণীয়ে বন্দী হাতেমৰ উন্নত সৰল উদাৰ মুখলৈ বহু পৰ থৰ লাগি চাই ৰল। পাচত অহাৰ কাৰণ সুধিলে। শেষত হাতেমে সকলো বৃত্তান্ত বিবৰি কোৱাত আলগুন পৰী ৰাণীয়ে নিজ হাতেৰে তেওঁ বান্ধ মোকোলাই দি আদৰ সাদৰ কৰি সিংহাসনত বহুৱালে আৰু [ ৫৯ ]  হাতেমক পৰম শ্ৰদ্ধাৰে কবলৈ ধৰিলে - “আৰব যুৱৰাজ! আপোনাৰ মহত্ত্ব আৰু কীৰ্ত্তিৰ কথা এই সুদূৰ পৰী-ৰাজ্যও পাইছেহি। আপোনাক দৰ্শন পাই আমি ধন্য হলোঁ। মানুহে যে নিঃস্বাৰ্থ ত্যাগৰ আদশত দেৱতাতকৈয়ো শ্ৰেষ্ঠ হব পাৰে, এনে কথা কেতিয়াও ভবা নাছিলো। আজিহে মানুহৰ মহত্ব বুজিলোঁ। আপোনাৰ দৰে যদি সকলো মানুহ হলহেঁতেন তেতিয়া হলে আমি পৰীবিলাক তো তুচ্চ, দেৱকন্যাসকলেও এনে মহৎ মানৱৰ পত্নী হৈ সেৱা কৰি ধন্য মানিলেহেঁতেন। আপুনি যদি সন্মত হয়, তেনেহলে আপুনি এই পৰী-ৰাজ্যৰ সিংহাসন গ্ৰহণ কৰক। আমি আপোনাৰ দাসীৰূপে চৰণ সেৱা কৰিম।” হাতেমে পৰী-ৰাণীক কলে—“ৰাণী! মই নিজৰ সুখ বিচাৰি অহা নাই। যি জন হতভগীয়াৰ দুখ মোচনৰ কাৰণে মই আহিছো, সেই উন্মাদ যুৱকক আপুনি দেখা দি প্ৰাণ ৰক্ষা কৰিবলৈহে মই খাটিছো তেতিয়াহে মই সুখী হম।” হাতেমৰ কথা শুনি পৰী-ৰাণী মুগ্ধ হৈ কলে- “ধন্য আপুনি মহাপ্ৰাণ। মানুহৰ মহৎ গুণৰ কথা বহুত শুনিছো, পৰোপকাৰৰ কথাও বহুত শুনিছো, কিন্তু এনে মানুহ আজি হে প্ৰথম চকুৰে দেখি ধন্য হলোঁ। যি জনে স্বৰ্গৰাজ্যৰ পৰীকন্যাৰ যাচি দিয়া প্ৰেম, স্বৰ্গ-সুখ হাতত পায়ো পৰৰ সুখৰ কাৰণে ত্যাগ কৰি পেলায়, দেৱতাসকলেও এনে সুখ সম্পদ ত্যাগ কৰিব নোৱাৰে। আপোনাক দেখি আজি মানুহৰ প্ৰতি মোৰ অসীম শ্ৰদ্ধা জন্মিছে। সঁচাকৈয়ে মানুহ দেৱতাতকৈয়ো মহৎ। আপুনি যি আজ্ঞা কৰে মই তাকে কৰিবলৈ সাজু। কিন্তু মই এতিয়া সেই ঠাইলৈ যাব নোৱাৰো আৰু মানুহক বিয়াকৰোৱাত মোৰ পিতা-মাতাৰ সন্মতি নাই। গতিকে মই কি কৰিব পাৰো কওক।” হাতেমে কলে— “আপুনি এবাৰ, মাথোন সেই যুৱকক দেখা দিয়ক। নহলে আজ্ঞা কৰক—মই তেওঁক লগত লৈ এই ঠাইলৈ লৈ আহে।” পৰী-ৰাণীয়ে কলে- “বাৰু সেয়ে হওক। কিন্তু আপুনি দুখ কষ্ট কৰি যাব নেলাগে, মোৰ পৰিচাৰিকাবোৰে তেওঁক লৈ আহক গৈ।” ৰাণীৰ আজ্ঞা মতে পৰীবোৰে খন্তেকতে যুৱকক উৰুৱাই লৈ আহি পৰী-ৰাণীৰ আগত থিয় কৰালেহি! [ ৬০ ] প্ৰেমোন্মাদ ডেকাই ঈপ্সিতা প্ৰেমিকাক দেখি স্থান কাল পাত্ৰ পাহৰি গৈ অপলক দৃষ্টিৰে পৰী-ৰাণীলৈ চাই ৰ'ল। উপকাৰী হাতেমৰ কথা পাহৰি গ’ল। পৰী-ৰাণীযে হাতেমক কলে—“দেখিলে মানুহৰ কৃতজ্ঞতা! যাৰ কাৰণে আপুনি ইমান দুখ বৰণ কৰিলে তেওঁ আপোনাৰ পিনে এবাৰ নেচালেও।” হাতেমে কলে “একো কথা নাই ৰাণী! মই কাৰো উপকাৰ প্ৰত্যাশা কৰি কাম নকৰোঁ। কিন্তু মোৰ অনুৰোধ – আপুনি এই আত্মহাৰা ডেকাৰ জীৱন ৰক্ষা কৰক। আপুনি যদি নকৰালে এওঁৰ জীৱন নেথাকিব।” পৰী-ৰাণীয়ে কলে—“এওঁ যদি চিৰজীৱনৰ বাবে ইয়াত থাকিবলৈ সন্মত হয়, তেতিয়া হয়তো মোৰ পিতা-মাতাই সন্মতি দিব পাৰে। নহলে মানুহক বিয়া কৰোৱা আমাৰ পৰী-ৰাজ্যৰ নীতিবিৰুদ্ধ কথা। পৰী-ৰাণীৰ কথা শুনি বলিযা ডেকা চিঞৰি উঠিল—“মই ইয়াতেই চিৰজীৱন থাকিম, তোমাৰ দাস হৈ থাকিম, তুমি মোৰ জীৱন দান কৰা।” পৰী-ৰাণীয়ে বিয়াত সন্মতি দিলে। হাতেম আগত থাকি পৰী-ৰাণী আৰু ডেকাৰ বিয়া সমাধা কৰিলে। সাতদিন আনন্দ উৎসৱ পালন কৰা হ'ল। হাতেমে পৰী-ৰাণীৰ ওচৰত বিদায় মাগিলে। পৰী-ৰাণীয়ে কলে—“আৰব ৰাজকুমাৰ! আপোনাৰ মহত্ত্বত সুখী হৈছোঁ, কওক আপোনাৰ কাৰণে মই কি কৰিব পাৰো?” উত্তৰত হাতেমে হাসেন বানুৰ সাতোটা প্ৰশ্নৰ কথা কলে আৰু কলে “মই তৃতীয় প্ৰশ্নৰ সমাধান বিচাৰি আহিছোঁ। মেহেৰচাহ পৰীজাদাৰ হাতত থকা জহৰ-মহৰটো নিলেই মোৰ তৃতীয় প্ৰশ্ন সমাধান হৈ যায। আলগুণ পৰীৰ বাপেক মেহৰচাহ পৰীজাদাৰ হাতত থকা জহৰ-মহৰটো পৰী-ৰাণীয়ে হাতেমক আনন্দেৰে দান কৰিলে। হাতেমে আনন্দ মনেৰে হামিৰ দেশলৈ যাবলৈ ওলাল। পৰী-ৰাণীযে কলে –“পৰ্ব্বত শ্ৰেণীৰে ঘেৰি থকা সেই দুৰ্গম ঠাইলৈ আপুনি কেনেকৈ যাব? আপোনাক মোৰ পৰী পৰিচাৰিকাবোৰে যলৈকে যাব খোজে লৈ যাব, তাৰু শেষত আপোনাৰ নিজৰ দেশত থৈ আহিব। আপুনি কষ্ট কৰি যাব নেলাগে।” ৰাণীৰ আদেশত পৰীবোৰে হাতেমক আকাশেদি উৰুৱাই নিলে আৰু পৰ্ব্বতমালা পাৰ হৈ সমান ঠাইত [ ৬১ ] নমাইদিলে। আকাশেদি উৰি যাওঁতে হাতেমে মাথােন ধোঁৱাহে দেখিছিল, আন একো দেখা নাছিল। হাতেমৰ কাণত এটা চিঞৰ পৰিলহি—।

“পৰলৈ হুল চাচিলে আগতে আপুনি মৰে ফুটি ঐ

 আপুনি মৰে ফুটি।”

 সেই চিঞৰৰ শব্দ লক্ষ্য কৰি হাতেমে গৈ দেখা পালে এটা আচৰিত দৃশ্য৷ এখন পথাৰৰ মাজত এডাল পুৰণি বৰগছ। সেই গছ ডালৰ ঠাল এটাত এটা বৰ প্ৰকাণ্ড পিঞ্জৰা ওলমি আছে। পিঞ্জৰাটোৰ ভিতৰত এজন কণা বুঢ়া বহি আছে। মাজে মাজে বুঢ়াই কপালত চাপৰ মাৰি দিয়ে আৰু চিঞৰি কান্দি উঠে “পৰলৈ হুল চাচি— আগতে মৰিলোঁ ফুটি ঐ আগতে মৰিলোঁ ফুটি।”

 এই দৃশ্য দেখি হাতেমৰ কৰুণ হিয়া কান্দি উঠিল। বুঢ়াক সাদৰ সম্ভাষণ কৰি এইদৰে কান্দি থকাৰ কাৰণ সুধিলে। বুঢ়াই উত্তৰ দিয়ক চাৰি খং আৰু বিৰক্তিত হাতেমক গালি পাৰিবলৈ ধৰিলে।

 “হেৰ মৰিবলৈ ওলােৱা, তই কোন অ’!

 মােক নিজানতত শান্তিৰে থাকিবলৈ নিদিয়নে ?”

 গুচ্ গুচ্ আদৰ চেলাব নেলাগে, য’ৰ মানুহ তলৈ যা।”

 এই কথা শুনি হাতেমে আকৌ কলে—“আপ! শুনক ঈশ্বৰে মােক আপােনাৰ দুখ গুচুৱাবলৈ পঠিয়াইছে। দয়াকৰি আপােনাৰ দুখৰ বিৱৰণ মােক কওক । মই নিজৰ জীৱন দি হলেও আপােনাৰ দুখ গুচুৱাম।” বুঢ়াই কলে—“হেৰৌ বাটৰুৱা ! তই যদি মােৰ দুখ গুচুৱাবলৈ আহিছ, তেনে আগতে শপত খা—মােক এই অৱস্থাৰপৰা উদ্ধাৰ কৰিবি বুলি । আন দহজনৰ দৰে মােৰ কথাখিনি শুনি মােক ইতিকিং কৰি পলাই নেযাওঁ বুলি। মােৰ দুখৰ কথাবােৰ শুনি দহজনৰ আগত কৈ কৈ ৰহইচ কৰি নুফুৰোঁ বুলি। তেতিয়াহলে মই কওঁ মােৰ কথা।” হাতেমে বুঢ়াৰ গালি খাই অকণাে খং নকৰিলে। ঈশ্বৰৰ নাম লৈ বুঢ়াৰ দুখ গুচুৱাম বুলি শপত খালে। বুঢ়াই কবলৈ ধৰিলে—“মই এই দেশৰ [ ৬২ ] আটাইতকৈ ডাঙৰ সদাগৰৰ ল'ৰা। মোৰ নাম “হামিৰ।” মোৰ পতাই মোৰ নাম অনুসাৰেই এই চহৰ নিৰ্ম্মাণ কৰিছিল। তেওঁ বণিজ বেহাবলৈ যাওঁতে জাহাজ বুৰি স্বৰ্গী হয় , কিন্তু মোৰ পিতাৰ অতুল সম্পত্তি মই ৰাখিব নোৱাৰিলোঁ৷ নানা ব্যভিচাৰ কৰি মই সকলো সম্পত্তি হেৰুৱালোঁ৷ শুনিলো মাটিৰ তলত আগৰ দিনৰ বহুত ধন পোতা আছে বুলি। এজন জ্যোতিষী মতাই আনি তেওঁৰ লগত যুক্তি কৰিলোঁ,— যদি তেওঁ মোক মাটিৰ তলৰ ধন দেখুৱাই দিব পাৰে মই তেওঁক সিকি ভাগ দিম। জ্যোতিষীয়ে ঠাই দেখুৱাই দিয়ামতে মাটি খান্দি মই বহুত ধন-সম্পত্তি পালোঁ। কিন্তু মই মোৰ প্ৰতিজ্ঞা নেৰাখিলোঁ। ধনৰ লোভত সকলো পাহৰি জ্যোতিষীক যথেষ্ট প্ৰহাৰ কৰি তাৰপৰা খেদি দিলোঁ। আন কি জ্যোতিষীৰ চকু দুটা কণা কৰি দিবলৈযো মই বিচাৰিছিলোঁ। ঈশ্বৰক সাক্ষী কৰি জ্যোতিষী গুচি গ'ল। কিছুদিন গ’ল, সেই জ্যোতিষীজন আকৌ উলটি আহি মোৰ লগত বন্ধুৰ দৰেই ব্যৱহাৰ কৰিবলৈ ধৰিলে। পূৰ্ব্ব ব্যৱহাৰ পাহৰিলে বুলি মই বিশ্বাস কৰিলোঁ। তেওঁ এদিন কলে, বন্ধু! ভূগৰ্ভত এতিয়াও অতুল সম্পদ আছে। মই তেওঁক আকৌ এডোখৰ ঠাই গণি দিবলৈ অনুৰোধ কৰাত তেওঁ সন্মতি জনালে। মই ধনৰ লোভত আকৌ বলি হৈ উঠিলোঁ; আৰু ধন পালে আধা ভাগ দিম বুলি প্ৰতিজ্ঞা কৰিলোঁ। তেওঁ কলে—মোৰ কথাত তুমি বিশ্বাস কৰিব নেলাগে, নিজ চকুৰেই চাই লবা। এইদৰে কৈ তেওঁ মোক এই ঠাইলৈ লৈ আহিল , আৰু এবিধ পনীয়া বস্তু চকুত সানি কলে,—এতিয়া তুমি নিজেই মাটিৰ তলৰ ধন দেখা পাবা। কিন্তু হায়! মই তেওঁৰ চাতুৰি বুজি নেপালোঁ। পনীয়া বস্তুটো চকুত লগোৱা মাত্ৰকে মই অন্ধ হলোঁ। পূব্ব অপমান সুঁৱৰি জ্যোতিষীয়ে মোক এই পিঞ্জৰাটোত ভৰাই গছৰ ডালত আৰি থলে; আৰু কলে পূৰ্ব্ব পাপৰ প্ৰায়শ্চিত্ত কৰ। তই মোক কণা কৰিবলৈ বিচাৰিছিলি, এতিয়া নিজে কণা হৈ গছত ওলমি থাক। অসৎ কৰ্ম্মৰ ফল এনেকুৱাই হয়। [ ৬৩ ] তোৰ ভাল কৰিছিলোঁ আৰু তই মোক মাৰি-কিলাই চকু কণা কৰিবলৈ বিচাৰিছিলি। সেই বেয়া তোৰ আগেয়ে হ’ল। অনুতাপ কৰ, প্ৰায়শ্চিত্ত কৰ পাপী!” বুঢ়াই আকৌ কপালত চাপৰ মাৰি কান্দি উঠিল। বুঢ়াই আকৌ কবলৈ ধৰিলে,—“জ্যোতিষীৰ ভৰিত পৰি মই কান্দিবলৈ ধৰিলোঁ; তেতিয়া তেওঁ কলে সদায় নিজ পাপৰ বাবে অনুতাপ কৰি কৰি ঈশ্বৰত ওচৰত ক্ষমা বিচাৰি কান্দিবি। তেতিয়া ঈশ্বৰে তোক আৰোগ্যৰ উপায় দিব। এই পাহাৰৰ সিফালে হামিৰা মৰুভূমিৰ মাজত নিতো দুপৰ নিশা “নুৰৰোজ” ঘাঁহৰ ফুল ফুলে। সেই ফুলৰ ৰস আনি যদি কোনোবাই তোৰ চকুত সানি দিব পাৰে, তেতিয়াহলে তই আকৌ চকুৰে দেখিবি। তেতিয়াৰেপৰা নিজ পাপৰ শাস্তি এইদৰে ভুগি আছে। কোনে মোক আনি দিব নুৰৰোজ ফুলৰ ৰস। কোন যাব সেই দুৰ্গম ঠাইলৈ। সেই মৰুপ্ৰান্তৰ ভয়ানক ঠাই। অসংখ্য হিংস্ৰ জন্তু ভৰা বিপদসঙ্কুল সেই ঠাইলৈ কোন যাব?” বুঢ়াই আকৌ কান্দে। হাতেমে বুঢ়াক সান্ত্বনা দি কয়—“ভয় নাই বুঢ়া আপ! আপুনি নিশ্চিন্ত হওক। যিমানেই বিপদ নহওক লাগিলে, মই গৈ ফুলৰ ৰস আনিম, ঈশ্বৰ মোৰ সহায় হব। তোমাৰ দুখ নুগুচোৱাকৈ মই দেশলৈ উভতি নেযাওঁ। ঈশ্বৰে মোক নিশ্চয় সহায় কৰিব।” এই কথা কৈ হাতেমে মৰুপ্ৰান্তৰলৈ যাত্ৰা কৰিলে। পৰী-ৰাণীৰ আজ্ঞামতে হাতেমক সহায় কৰিবলৈ ৰৈ থকা পৰীবোৰে হাতেমক সেই ঠাইলৈ লৈ যাবলৈ আগবাঢ়ি আহিলে। পৰীহঁতে হাতেমক আকাশীপথেৰে উৰুৱাই লৈ গ'ল—নিমিষতে মৰুপ্ৰান্তৰলৈ। হাতেমক মৰু প্ৰান্তৰত নমাই দিলে। হাতেমে কলে,—“পৰীসকল! তোমালোক অলপ দূৰৈত থাকিবা, মই মোৰ কাম শেষ কৰি আহি তোমালোকৰ সহায় লম হি।” তেতিয়া এন্ধাৰ হৈ আহিছে। কেউপিনে নানা বনৰীয়া জন্তুৱে খাওঁ খাওঁ মূৰ্ত্তি ধৰি হাতেমক খাবলৈ খেদি আহিল। কিন্তু ঈশ্বৰবিশ্বাসী পৰোপকাৰী হাতেমৰ হাতত কেইবাটাও ৰক্ষাকবচ আছে। ভালুকী সুন্দৰীৰ “জহৰ-মহৰ” সামাসৰ পৰীজাদাৰ জহৰ-মহৰৰ গুণত কোনো [ ৬৪ ] জন্তু হাতেমৰ ওচৰ চাপিব নোৱাৰিলে। হাতেমে মুকুতাৰ দৰে আচৰিত জহৰ-মহৰ হাতত লৈ নিৰ্ভয়ে আগবাঢ়িল।

 পৰীসকলো হাতেমৰ পিছে পিচে ভয়ে ভয়ে আগবাঢ়ি গল। অলপ দূৰ যাওঁতেই দেখিবলৈ পালে আগত দীঘল দীঘল ঘাঁহৰ মৰু গছৰ আগত জল্ জল্ কৰে একোটা “নুৰৰোজ”ৰ ফুল ফুটি উঠিছে। একোটা যেন তৰাহে জমকৈ জ্বলি উঠিছে, এনে তাৰ উজ্জ্বল পোহৰ। চাওঁতে চাওঁতে গোটেই মৰু প্ৰান্তৰত পোহৰৰ ঢৌ খেলিবলৈ ধৰিলে। পোহৰত হিংসুক বনৰীয়া জন্তুবোৰে মানুহৰ গোন্ধ পাই বলিয়া হৈ উঠিল। হাতেমে নিৰ্ভীকভাৱেৰে সেই বলিয়া জন্তুবোৰৰ মাজেদিয়েই আগবাঢ়ি গ’ল। তেওঁ সবাতোকৈ ডাঙৰ আৰু উজ্জ্বল তিনটা “নুৰৰোজ” ফুল ছিঙি ললে। পৰীবোৰে হাতেমৰ সাহ আৰু শক্তি দেখি বিস্ময় মানিলে। হাতেমৰ কাম শেষ হল। পৰীসকলে আকৌ হাতেমক উৰুৱাই “হামিৰৰ” ওচৰলৈ লৈ আহিল। তেতিয়া পুৱাৰ পোহৰত পাহাৰৰ চূড়াবোৰ তিৰবিৰাই উঠিছে। চৰাইবোৰে সাৰ পাই গান গাবলৈ ধৰিছে। হাতেম নামিল। বুঢ়াৰ পিঞ্জৰা নমাই বুঢ়াক উলিয়াই আনিলে আৰু সেই দেৱদুৰ্ল্লভ “নুৰৰোজ” ফুলৰ ৰস বুঢ়াৰ চকুত সানি দিলে। লগে লগে বুঢ়াই দৃষ্টি শক্তি ফিৰাই পাই আনন্দত চিঞৰি উঠিল, আৰু হাতেমৰ ভৰিত লুটিখাই পৰি কৃতজ্ঞতাৰে ভৰিত চুমা খাবলৈ ধৰিলে। “তুমি দেৱতা, হে মহাপ্ৰাণ! তুমি মোৰ সকলো সম্পত্তিৰ আধা লোৱা; মই তোমাক কি দিম আৰু।” হাতেমে কলে-“বুঢ়া আপ! মই অৰ্থৰ লোভত আপোনাৰ কাম কৰা নাই। ঈশ্বৰে মোক মই পাব লগা খিনিতকৈয়ো সৰহ ধন-সম্পত্তি দিছে। তেওঁৰ কৃপাত যে মই আপোনাক আৰোগ্য কৰিব পাৰিলোঁ এয়ে মোৰ মহাধন। এয়ে মোৰ অমূল্য পুৰস্কাৰ। মানুহক ঈশ্বৰে যি বুদ্ধি আৰু শক্তি দিছে, সেই বুদ্ধি আৰু শক্তি ঈশ্বৰৰ স্ৰজন। এই সুন্দৰ পৃথিৱী খনিক সৰ্ব্বতোভাৱে সুন্দৰ কৰি তুলিবলৈ চেষ্টা কৰাই মানুহৰ কৰ্ত্তব্য। মই মাথোন ঈশ্বৰৰ আদেশ মতে সেই কৰ্ত্তব্যহে কৰিছোঁ। [ ৬৫ ] আপোনাৰ ধন-সম্পত্তিৰ মোক যি ভাগ দিবলৈ ওলাইছে, সেই ভাগটো দুখীয়া দৰিদ্ৰক বিলাই দিলেই মই সন্তোষ পাম। অন্নহীনক অন্ন, বস্ত্ৰহীনক বস্ত্ৰ, গৃহহীনক গৃহ, আৰু ৰোগীক পথ্য শুশ্ৰুষাৰ ব্যৱস্থা কৰিলে আপুনি ঈশ্বৰৰ কাম কৰা হব। ঈশ্বৰৰ কৃপাত মনত আপুনি অপাৰ শান্তি পাব।” এইদৰে বুঢ়াক সান্ত্বনা দি বুঢ়াৰ ওচৰৰপৰা বিদায় লৈ হাতেমে আকৌ পৰীসকলৰ সাহায্য লৈ আকাশীপথেৰে উৰি আহি “সাহাবাদ” নগৰ পালেহি। পৰীসকললৈ অশেষ ধন্যবাদ জনাই জনাই হাতেমে পৰীসকলক বিদায় দিলে।

 লাহে লাহে হাসনুবানুৰ প্ৰাসাদলৈ খোজ ললে। হাসনুবানুৱে হাতেমক অতি সমাদৰ কৰি ভ্ৰমণৰ কাহিনী শুনি বিস্ময় আৰু আনন্দত অভিভূত হৈ পৰিল। মনিৰক আলিঙ্গন কৰি হতেমে কুশল বাতৰি সুধিলে। হাসনুবানুক চতুৰ্থ প্ৰশ্নৰ উত্তৰ লাগে-কোৰম দেশত এজন মানুহ আছে:—

“সঁচা কবলৈ নাই যাৰ ভয।
পৃথিৱীত তাৰ কোনো নাই ভয়॥”

 এই কথাষাৰ কৈ চিঞৰি থাকে—এই কথাষাৰ কৈ কিয় চিঞৰে তাৰ সম্ভেদ আনি দিব লাগে। হাসনুবানুৰ চতুৰ্থ প্ৰশ্নৰ অৰ্থ বিচাৰি হাতেম কোৰম দেশলৈ যাত্ৰা কৰিলে।

————

চতুৰ্থ প্ৰশ্নৰ সমাধান

 কোৰম দেশৰ বাটত হাতেমে বহুত কষ্ট ভোগ কৰি যাওঁতে যাওঁতে এদিন এটা টকলা পাহাৰৰ ওচৰ পালেগৈ। পাহাৰৰ তলত এডাল বৰ ডাঙৰ গছ আছিল। সেই ঠাইলৈ লক্ষ্য কৰি হাতেমে যি ভয়ানক দৃশ্য দেখিলে, আতঙ্কত হাতেমৰ চকু মুদখাই গ'ল, চেতনা লোপ পালে। তেওঁৰ অলপ দূৰতেই পাহাৰৰ তলত এটা ডাঙৰ তেজৰ পুখুৰী। [ ৬৬ ] পুখুৰীৰ পিনে আগবাঢ়ি যাওঁতে ওপৰলৈ চকু পৰিল, আৰু গা শিয়ঁৰি উঠিল। ভয়ত চিঞৰ ধৰিলে। পুখুৰীৰ ওপৰৰ সেই ডাঙৰ গছ জোপাৰ ডালবোৰত অতি ধুনীয়া ধুনীয়া তিৰুতা মানুহবোৰৰ মূৰবোৰ ওলমি আছে। আটাইতকৈ ওখ ডালটো পুখুৰীত লাগো লাগো হৈ ওলমি আছে, আৰু ডাঙৰ মূৰৰপৰা তেজবোৰ জৰজৰকৈ বৈ বৈ তেজৰ পুখুৰী হৈ গৈছে। সেই ডালটোত যি জনী সুন্দৰী ছোৱালীৰ মূৰটো ওলমি আছে, সেই ছোৱালী জনী অসামান্যা সুন্দৰী; এনে সুন্দৰী কন্যা হাতেমে জীৱনত কেতিয়াও দেখা নাই। সেই মূৰবোৰ যদিও কটা মূৰ, মুখবোৰ জীয়া মানুহৰ দৰে; প্ৰত্যেক খন মুখতে হাঁহি বিৰিঙি আছে। মাত্ৰ আটাইতকৈ সুন্দৰী ছোৱালীজনীৰ মূৰটোৰ দৃষ্টি অতি কৰুণ, চকুত যেন এটি কৰুণ আবেদন ফুটি আছে। মুখখনি অতি বেজাৰেৰে ভৰা। সেই মুখখনিৰ কৰুণকাতৰ দৃষ্টিয়ে হাতেমক বিচলিত কৰি তুলিলে। তেওঁৰ বুজিবলৈ বাকী নেথাকিল যে, এইটো কোনো দুবৃত্তৰ নিষ্ঠুৰ অত্যাচাৰৰ মায়া-দৃশ্য। ইমানবোৰ নাৰী হত্যা কৰিলে? কি পৈশাচিক দৃশ্য! এইদৰে হতভম্ব হৈ ভাবি থাকোঁতেই লাহে লাহে বেলি মাৰ গৈ এন্ধাৰ হৈ আহিল। তেওঁ অপলক দৃষ্টিৰে চাই চাই থাকোঁতেই দেখিলে এটি আচৰিত পৰিবৰ্ত্তন। এন্ধাৰ হোৱাৰ লগে লগেই গুছিৰপৰা পকা আম সৰি পৰাৰ দৰে টপ্ টপ্‌কৈ কটা মূৰবোৰ তেজৰ পুখুৰীত সৰি পৰিল। চাওঁতে চাওঁতেই তেজৰ পুখুৰীৰ ঠাইত এটা ধুনীয়া প্ৰাসাদোপম অট্টালিকা জিলিকি উঠিল। প্ৰাসাদৰ ভিতৰত সুসজ্জিত দৰবাৰ ঘৰ পোহৰত জলমলাবলৈ ধৰিলে। ঘৰৰ ভিতৰত মূল্যৱান আসনবোৰ শাৰী শাৰীকৈ পাতি থোৱা মজিয়াত মূল্যৱান কাৰ্পেট পৰা। সো-মাজতে এখন বহুমূলীয়া সোণৰ সিংহাসন পাতি হোৱা। সিংহাসনৰ মণি মুকুতাবোৰ পোহৰত জোন বেলিৰ দৰে জিলিকি উঠিছে। আকৌ দেখিলে—এজাক ধুনীয়া গাভৰুৱে পৰ্দ্দা খন আঁতৰাই-ভিতৰলৈ সোমাই আহি কেউপিনে চাই সন্ত্ৰমেৰে থিয় হল। [ ৬৭ ] শেষত সোমাই আহিল ৰাণী। ৰাণী আহি সিংহাসনত বহিল। হাতেমে চিনিব পাৰিলে আটাইতকৈ ধুনীয়া মূৰটোৱেই ৰাণীৰ মূৰ। আৰু আন ধুনীয়া গাভৰুবোৰৰ মূৰবোৰই এই গাভৰুহঁতৰ মূৰ৷ হাতেম বিস্ময়ত স্বৰগ পৰা মানুহৰ দৰে থৰ লগিল। আকৌ দেখিলে—সেই কটা মূৰৰ গাভৰু সুন্দৰীবোৰে নাচ গান কৰি বাজনা বজাই উলাহত উৰুলিকৃত হৈ উঠিল। পিচত আকৌ খোৱাৰ আয়োজন। নানা তৰহৰ খাদ্য, ফল মূল মিঠৈ পোলাও পৰমান্ন৷ এজনীয়ে আহি হাতেমক খাবলৈ মাতিলে। হাতেমৰ ভয় আৰু বিস্ময়ত মুখৰ মাত হৰিল। হাতেমে একো নেমাতিলে। এবাৰ মাত্ৰ কলে—“তোমালোকৰ ৰাণীৰ ওচৰলৈ মোক লৈ গলেহে মই খাম।” কথাষাৰ কবলৈহে পালে, ইপিনে ভোজবাজীৰ দৰে অট্টালিকা, সুন্দৰী, গান-বাজনা নিমিষতে নাইকিয়া হ’ল। হাতেমে বিস্ময় মানি কেউপিনে চকু ফুৰাই দেখিলে - কেতিয়ানো পূবে ধলফাট দিছে কবই নোৱাৰে। আকৌ সেই তেজৰ পুখুৰীত কটা ওলোমা মূৰবোৰ, জৰ্ জৰ্ কৰি ধাৰাসাৰে তেজ বৰষি থকা আগৰ সেই বীভৎস হাতেমে এই মায়া-ৰাজ্যৰ ওৰ নেপাই ঈশ্বৰৰ চৰণ চিন্তা কৰি সেই ঠাইতে বহি দিন কটালে। আকৌ সন্ধিয়া হল। হাতেমে চকুমেলি চাই দেখিলে আকৌ আগৰ নিশাৰ দৰে অট্টালিকা, সুন্দৰী, গান-বাজনা, খোৱাৰ আয়োজন। আকৌ এজনী সুন্দৰী গাভৰুৱে হাতেমক খাবলৈ দিলে। হাতেমে অনুনয় কৰি কলে-ৰাণীৰ ওচৰলৈ নিবলৈ। সুন্দৰীয়ে ইঙ্গিতেৰে হাতেমক খাবলৈ কলে। হাতেমে এইবাৰ খালে। খাই উঠি সুন্দৰীৰ পাচ ললে। সুন্দৰী দৌৰি গৈ সেই সৰোবৰত জপিয়াই পৰিল। হাতেমেও সুন্দৰীক অনুসৰণ কৰি সৰবৰত জাপ দিলে। অলপ পিচতে হাতেমে ভৰিৰ তলত মাটিৰ পৰশ পাই চকু মেলি চাই দেখিলে এখন সীমাহীন মৰুভূমিত তেওঁ থিয়হৈ আছে। ক’ত অট্টালিকা, ক’ত সুন্দৰী, সকলো সপোন যেন লাগিল। মৰুভূমিৰ মাজত হাতেমে [ ৬৮ ] তিনদিন ঘূৰি ফুৰিলে। ক’তো বাট-পথ নেপাই মৰণ নিশ্চিত বুলি ভাবি ললে; আৰু এঠাইত বহি ঈশ্বৰৰ নাম জপিবলৈ ধৰিলে। অলপ পৰৰ পিচতে সেউজীয়া সাজ পিন্ধা বুঢ়া ফকীৰ এজন ওলালহি। হাতেমে সেই নিজান মৰুভূমিত বুঢ়া ফকীৰ জন দেখা পাই বৰ ভাল পাল। ফকীৰে সুধিলে-“কি দেখিলা? কি কৰিবা? কলৈ যাম বুলি ভাবিছা?” হাতেমে কলে-“য’ৰপৰা আহিছোঁ তলৈকে যাবলৈ ইচ্ছা কৰোঁ”। বুঢ়াই বলে—“বাৰু লাঠী ডাল ধৰি চকুমুদি থিয় হোঁৱা।” হাতেমে চকুমুদি লাঠীত ধৰাৰ লগে লগেই আকৌ সেই তেজৰ পুখুৰী পালেগৈ। আকৌ সেই গছত ওলোমা কটামূৰ, তেজৰ পুখুৰী দেখিলে। ফকীৰ অদৃশ্য হ’ল। হাতেমৰ বাৰে বাৰে এনে মায়াবাজীবোৰ দেখি খং উঠিল। এইবাৰ ৰাণীৰ মূৰটো গছৰপৰা ছিঙি আনো বুলি গছ ডাললৈ উঠি গ'ল। কিন্তু গছডাল বৰকৈ কঁপিবলৈ ধৰিলে। গছৰ মাজমান উঠোতেই ভয়ানক শব্দ কৰি গছডাল মাজে মাজে ফালি দুফাল হ’ল। গছৰ ফঁটত হাতেম সোমাই পৰিল। এইবাৰ নিশ্চিত মৃত্যু ভাবি ঈশ্বৰক স্মৰণ কৰি হাতেমে গছৰ ফাটৰপৰা ওলাবলৈ প্ৰাণপণে যুজিবলৈ ধৰিলে; কিন্তু লৰচৰ কৰিবলৈকে গাত শকতি নোহোৱা হ'ল। এনেতে আকৌ সেই বুঢ়া ফকীৰ ওলাল হি। গছৰ ডালত টানকৈ লাঠীডালেৰে কোব এটা মাৰি দিলে, ফাঁট বহলহৈ গ'ল। হাতেমক হাতত ধৰি ফকীৰে উলিয়াই আনিলে, আৰু কলে “হেৰৌ মূৰ্খ ডেকা, সেই কটামূৰ ছিঙিবলৈ কেলেই গৈছিলি? এনে কাম কৰিবলৈ গলে তোৰ মৃত্যু নিশ্চিত।” হাতেমে কলে—“ফকীৰ চাহাব! সেই ৰাণীৰ মূৰটোৱে মোক যাদু কৰিছে। মই সেই মূৰটোৰ আকৰ্ষণ এৰাব নোৱাৰা হৈছো। এইবোৰ কি যাদু মোক কওক, মই অস্থিৰ হৈ পৰিছোঁ।” ফকীৰে কৰে -“শুন মই কওঁ। এই ঠাইৰ পৰা তিনি শ ক্ৰোশ দূৰৈত হামিৰ পৰ্ব্বতৰ ওপৰত “সাহ আহমাৰ” নামৰ ভয়ানক যাদুকৰ এটা আছে। তাৰ ভয়ত পৃথিৱী [ ৬৯ ] সেই ভয়ানক যাদুকৰে কিমান সুখৰ সংসাৰ পুৰি ছাই কৰি নিজৰ সুখ-সম্পত্তি কৰিছে তাৰ অন্ত নাই। কিন্তু তাৰ ছোৱালী সেই “জাৰিণপোষ” বৰ ধাৰ্ম্মিকা আৰু দয়াৱতী। তাই বাপেকে এই দৰে লোকৰ সৰ্ব্বনাশ কৰাত বাধা দিয়ে, আৰু বিপদগ্ৰস্ত মানুহবোৰক মুক্ত কৰিবলৈ সদায় যত্ন কৰে। এই কথাত বাপেকৰ খং উঠি তাইক আৰু তাইৰ সহচৰীবোৰক যাদু কৰি এনে দুৰাৱস্থা কৰি নিষ্ঠুৰ শাস্তি দি ৰাখিছে। ৰাতি হলে ভাল হয়, দিনত এই দৰে মূৰ ছিঙি গছত ওলমি থাকে। আটাইতকৈ সুন্দৰী জনীৰ মুৰটোৱেই “জাৰিণপোষ”ৰ মূৰ। কিন্তু যেয়ে সিহঁতৰ মূৰ ছুব, তাৰো সেইদৰে মূৰ ছিঙিব, এনে যাদুৰ মায়া।” এই কথা কৈ ফকীৰ অন্তৰ্দ্ধান হল। জাৰিণপোষৰ এনে দুৰ্দ্দশাৰ কাৰণ শুনি দয়ালু হাতেমৰ প্ৰাণ কান্দি উঠিল। যেনেকৈ হওক পিশাঁচ যাদুকৰৰ মায়াৰপৰা জাৰিণপোষক উদ্ধাৰ কৰিবলৈ প্ৰাণ যায় যদি যাওঁক তথাপি চেষ্টা কৰিবই। এনে প্ৰতিজ্ঞা কৰি হাতেমে আকৌ গছত উঠি সেই জাৰিণপোষৰ মূৰটো স্পৰ্শ কৰিলে! সেই মুহূৰ্ত্ততে হাতেমৰ মূৰটো ছিঙি গছত ওলমি পৰিল আৰু ধাৰাৰে তেজ ববলৈ ধৰিলে, গা ছোৱা তেজৰ সৰবৰত বুৰ গ'ল। আকৌ নিশা আহিল। সুন্দৰীহঁতৰদৰেই হাতেমৰ মূৰ সৰবৰত সৰি পৰা দেহৰ লগত জোৰা লাগিল। সুন্দৰীহঁতৰ সতে নাচ গান কৰি স্ফূৰ্ত্তি কৰিলে; কিন্তু মায়াৰ জালত পৰি হাতেমে পূৰ্ব্ব-স্মৃতি পাহৰি গ'ল। এইদৰে কিমান দিন যে গ'ল তাৰ ঠিকনা নাই। এদিন বুঢ়া ফকীৰ আকৌ ওলালহি। হাতেমৰ সেই দশা দেখি লাঠীৰে কোবাই মূৰটো পাৰি আনিলে আৰু সৰোবৰৰপৰা দেহটো তুলি আনি জোৰা দিলে। হাতেম জী উঠিল। বুঢ়া ফকীৰে পূৰ্ব্বৰ জ্ঞান সোঁৱৰাই দিলে। হাতেমৰ তেতিয়াহে তত, আহিল। ফকীৰৰ ভৰিত লুটি খাই পৰি প্ৰাণদাতাক আন্তৰিক কৃতজ্ঞতা জনালে। ফকীৰে কলে- “হাতেম! তই ঈশ্বৰৰ ভক্ত, পৰোপকাৰী। তোৰ জীৱন ঈশ্বৰেই [ ৭০ ] ৰাখিছে, তেওঁৰ কাম সিদ্ধি কৰিবলৈ। বাৰু তোক মই এটা ঈশ্বৰৰ মন্ত্ৰ শিকাই দিওঁ। যদি তই দেহে মনে সদায় পৱিত্ৰ হৈ থাকিব পাৰ আৰু কেতিয়াও মিছা কথা নকৱ, বেয়া ব্যৱহাৰ নকৰ, তেনেহলে এই মন্ত্ৰৰ বলত “সাহ আহমাৰ” যাদুকৰৰ সকলো যাদু মন্ত্ৰ নষ্ট হৈ যাব। সেই দুবৃত্তক সহজেই ধ্বংস কৰি এই নিৰপৰাধিনী ছোৱালীবোৰক উদ্ধাৰ কৰিব পাৰিবি। সংসাৰৰ মানুহৰ দুখ নিৰ্য্যাতন গুচুৱাই পিশাঁচৰ হাতৰপৰা মুক্ত কৰিব পাৰিবি। এতিয়া যা ঈশ্বৰৰ চৰণত আত্মসমৰ্পণ কৰি আগবাঢ়। ল এই লাঠী। এই লাঠীডাল হাতত লৈ যলৈকে যাবলৈ মন কৰ চকুমুদি মন কৰিলেই লাঠীয়ে তোক নিমিষতে সেই ঠাই পোৱাই দিব আৰু ৰক্ষা কৰিব।” ফকীৰ খন্তেকতে অন্তৰ্দ্ধান হল। হাতেমে ঈশ্বৰক স্মৰণ কৰি ভয়ঙ্কৰ যাদুকৰক বিনাশ কৰিবলৈ যাত্ৰা কৰিলে। শেষত হামিৰ পৰ্ব্বতৰ যাদুকৰক অতি কষ্টেৰে লাঠীৰ সহায়েৰে বধ কৰিলে। যাদুকৰৰ মৃত্যুৰ লগে লগে সকলো মায়াজাল খন্তেকতে ছিঙি গল। “জাৰিণপোষ” আৰু সুন্দৰী গাভৰুসকলে জীৱন লাভ কৰিলে। প্ৰাণদাতাৰ ওচৰলৈ লৰি আহি ভৰিত দীঘল দি পৰিল। শেষত নিৰাশ “জাৰিণপোষৰ” কোনো অভিভাবক নথকাৰ কাৰণে হাতেমে জাৰিণপোষক বিয়া কৰালে আৰু হাতেমৰ বুঢ়া পিতা-মাতাৰ ওচৰলৈ পঠিয়াই দিলে। কাৰণ হাসুন- বানুৰ চতুৰ্থ প্ৰশ্ন সমাধান এতিয়াও হোৱা নাই। কৰ্ত্তব্যপৰায়ণ হাতেমে এইবাৰ আগবাঢ়িল অনায়াসে লাঠীৰ সহায়ত। খন্তেকতে কোৰসদেশ পালেগৈ। পুৰণি চহৰলৈ গৈ এটা প্ৰকাণ্ড অট্টালিকাৰ সেই অট্টালিকাৰ বাটচ'ৰাত এই কথা কেইটা লিখি থোৱা আছে।

“সঁচা কথা কবলৈ সাহ আছে যাৰ
পৃথিৱীত কোনো ভয় নাইকিয়া তাৰ।”

 হাতেমৰ ৰঙতে হিয়া নাচি উঠিল। তেওঁ অট্টালিকাৰ ভিতৰলৈ [ ৭১ ] সোমাই গ'ল, আৰু ঘৰৰ গিৰিহঁতৰ আতিকে আদৰ অভ্যৰ্থনা পালে। শেষত গিৰিহঁতে আতি-গুৰি সুধিলত হাতেমে সকলো বৃত্তান্ত গিৰিহঁতক বিবৰি কলে আৰু বাটচ'ৰাত লিখি থোৱা কথা দুশাৰীৰ অৰ্থ সুধিলে। গিৰীহঁতে কলে—“বহু ধন্যবাদ লোৱা আৰব ডেকা! তুমি পৰৰ হিত সাধিবলৈ নিজৰ জীৱনৰ মায়া এৰি নানা বিপদৰ মাজেদি এই সুদূৰ দেশ পাইছাহি। যি কাম আনৰ অসাধ্য, তুমি নিজৰ দৃঢ়তাৰ বলত সাধন কৰিছা; ঈশ্বৰে তোমাৰ মঙ্গল কৰিব। তোমাৰ যশস্যা আৰু খ্যাতিৰে পৃথিৱী উপচি যাব।” তেওঁৰ প্ৰশংসা শুনি হাতেমে লাজত তলমু কৰিলে। সেইনিশা খাই-বৈ শান্তিৰে বিশ্ৰাম কৰিলে। পিচদিনা গিৰী- হঁতৰ ওচৰত তেওঁৰ জীৱন-কাহিনী শুনিবলৈ বহিল। গিৰীহঁতে কবলৈ ধৰিলে—“শুনা আৰব ডেকা! পাপৰ কাহিনী। মই ডেকাকালত অতি পাত জুৱাৰী আছিলোঁ। জুৱা খেলি খেলি জুৱাৰ নিচাত মোৰ সকলো সম্পত্তি নাশ কৰিলোঁ। মোৰ হাতত ফুটা-কড়ি এটাও নোহোৱা হ’ল। তথাপি মোক পপীয়া জুৱাৰ নিচাই নেৰিলে। শেষত চুৰ কৰিবলৈ ললোঁ, কাৰণ জুৱাৰ নিচাই মানুহক এবাৰ ধৰিলে তাক ঢালে ঢালে পাপৰ নৰকলৈ নিহে এৰিব। মোকো এই পপীয়া নিচাই ঢালে ঢালে নমাই নিলে। চুৰ কৰিবলৈ ধৰিলোঁ, কাৰণ মোৰ বহুত টকাৰ আৱশ্যক। গতিকে এদিন ৰজাৰ ঘৰত চুৰ কৰিবলৈ ঠিক কৰিলোঁ। গভীৰ নিশা ৰাতি মই খিড়ীকিয়েদি ৰজাৰ জীয়ৰীৰ ঘৰ সোমাই টকা-কড়ি, অয় অলঙ্কাৰ আন কি সোণৰ জ্বলি থকা চাকিটোও নুমুৱাই বান্ধি লৈ নিৰাপদে বাহিৰ হৈ আহিলোঁ। কোনেও গম নেপালে! কিন্তু মোৰ বুকুৰ ভিতৰখন দুৰ্ দুৰ্‌কৈ কঁপিবলৈ ধৰিলে। মই নিজান পথাৰলৈ গলোঁ। তাতো ৰক্ষা নেপালোঁ; কাৰণ মই দেখিলো পথাৰৰ মাজত আন কেইজনমান চোৰে বস্তু চুৰ কৰি আনি ভাগ কৰিবলৈ ধৰিছে। চোৰ কেইটাই মোক সুধিলে-‘কোন’? মই চোৰ বুলি কৈ সিহঁতক মোৰ চোৰাই মালবোৰ দেখুৱালোঁ। মোৰ বস্তুৰ ভিতৰত এখন ডাঙৰ মূল্যৱান “চুনী” পাথৰ আছিল। চোৰ কেইটাৰ দেখি লোভ লাগিল। সিহঁতে মোক মাৰি [ ৭২ ] কিলাই “চুনী” পাথৰ ডোখৰ নিবলৈ যত্ব কৰিলে। ঠিক তেনে সময়তে কাৰ এষাৰ ভয়ানক মাতত পথাৰখন কঁপি উঠিল। চোৰহঁত পলাই পত্ৰং দিলে। কিন্তু মই পলাব নোৱাৰিলোঁ। ভয়তে কাঠৰ দৰে হৈ কঁপিবলৈ ধৰিলোঁ। মানুহজনে আহি পৰিচয় সুধিলে। মই মিছা কথা কব নোৱাৰিলোঁ, অকপটে মোৰ সকলো পাপৰ কথা তেওঁক কলোঁ। আৰু মোৰ চোৰাই মালবোৰ দেখুৱালোঁ। সেই মানুহজনে মোক কলে, যিহেতু তুমি বেয়া কাম কৰিও সঁচা কথা কৈ স্বীকাৰ কৰিলা, সেই বাবে তোমাক ক্ষমা কৰিলোঁ। তুমি এই মালবোৰ লৈ যোৱাঁ৷ এই মাল তোমাৰ হল। আজিৰপৰা তুমি ঈশ্বৰৰ নামত শপত খোৱা—জীৱনত কেতিয়াও জুৱা নেখেলোঁ বুলি। মই শপত খালোঁ। তেওঁ মোক আশীৰ্ব্বাদ কৰিলে। মই আহি এই ঠাইত সেই ধন-সম্পত্তিৰে এই অট্টালিকা সাজিলোঁ। মানুহৰ মোৰ প্ৰতি হিংসা হবলৈ ধৰিলে—আৰু ৰজাৰ ঘৰত গোচৰ দিলে ৰজাৰ বিচাৰলৈ বান্ধি ধৰি লৈ গ'ল। ৰজাৰ আগতত মই এটা কথাও নুলুকুৱাকৈ আদিৰেপৰা অন্তলৈকে সকলো সঁচা কথা কলোঁ। ৰাজকুমাৰীৰ যথাসৰ্বস্ব চুৰি কৰি অনাৰ কথাও কলোঁ। ৰজাই মোৰ সকলো কথা নিৰ্ভয় ভাবেৰে কোৱা শুনি, বিশেষকৈ চোৰ এজনে এনেদৰে সঁচা কথা কোৱা শুনি বিস্ময় মানিলে। আৰু কলে চোৰ হলেও এই মানুহটো সত্যবাদী। মোৰ জীৱনত এইটো এটা আচৰিত অভিজ্ঞতা। গতিকে মই এই সত্যবাদী চোৰক ক্ষমা কৰিলোঁ। বিশেষকৈ তেওঁ যেতিয়া চুৰি বিদ্যা এৰি সৎভাৱে জীৱন নিৰ্ব্বাহ কৰিছে, এই মানুহ মোৰ ক্ষমাৰ পাত্ৰ। সেই দিনাই ঘৰলৈ উলটি আহি এই মহামন্ত্ৰষাৰ মোৰ বাট-চ’ৰাত লিখি থলোঁ। এই কথা দুফাকিৰ এই ইতিহাস। প্ৰত্যেক প্ৰশ্নকাৰীকে মোৰ এই পাপৰ ইতিহাস কবলৈ মোক এই কথা দুশাৰীয়ে সুবিধা দিলে।

 হাতেমৰ তথ্য সংগ্ৰহ সম্পূৰ্ণ হ'ল। তেওঁ বিদায় লৈ “সাহাবাদৰ” পিনে যাত্ৰা কৰিলে। সাহাবাদত পোনতেই মনিৰ স্বামীক সাক্ষাৎ কৰি তেওঁৰ সফলতাৰ কথা কলে। তেওঁ অতি আনন্দিত হ’ল। শেষত [ ৭৩ ] হাসনুবানুৰ ওচৰত হাতেমে চতুর্থ প্ৰশ্নৰ সফলতা আৰু বাটৰ অভিজ্ঞতা বর্ণনা কৰিলে। হাসনুবানুৱে হাতেমক অশেষ ধন্যবাদ জনালে।

 এইবাৰ হাতেমে হাসনুবাৰ পঞ্চম প্রশ্নৰ কথা সুধিলে। হাসনুনুৱে “ফেহেনদা” পৰ্ব্বতৰ ভিতৰৰ ৰহস্য উদ্ঘাটন কৰি হাসনু- বানুক জনাবলৈ গােচৰ কৰিলে। হাতেমে আনন্দ মনেৰে অলৌকিক লাঠীৰ সহায়েৰে “ফেহেনেদা” পৰ্ব্বতলৈ যাত্ৰা কৰিলে ।

----

পঞ্চম প্রশ্ন সমাধান

 এইবাৰ ফোহেনদা পৰ্ব্বতৰ সন্ধানত হাতেমে বহু দেশ পাৰ হৈ এখন চহৰৰ প্ৰান্তৰ মৈদামত উপস্থিত হলহি। মৈদামত কিছুমান মানুহে এটা মৃতকৰ কবৰ খান্দি থকা দেখা পালে। হাতেমক দেখা পাই এজন মানুহ লৰি আহি হাতেমক মাতিলে আৰু বিনয়েৰে কলে— "বাটৰুৱা আহক, আমাৰ অলপ আহাৰ গ্ৰহণ কৰক হি। কাৰণ আমাৰ দেশৰ নিয়ম মতে এজন বাটৰুৱাক আহাৰ নিদিয়ালৈকে কবৰত মাটি দিব নােৱাৰি। গতিকে আপুনি অনুগ্ৰহ কৰি আমাৰ কাম সমাধা কৰিবলৈ উপায় দিলে আমি বৰ উপকৃত হম।

 হাতেম কবৰৰ ওচৰলৈ গৈ আহাৰ কৰিলে। মানুহবােৰেও মৃতকৰ কবৰত মাটি দি ঘৰাঘৰি গ'ল। শ্মশান-যাত্ৰীসকলৰ এজনে বাটৰুৱা হাতেমক নিজৰ ঘৰলৈ মাতি লৈ গ'ল। সেই চহৰৰ মানুহৰ অতিথিপৰায়ণতা দেখি হাতেম আচৰিত হৈ গ'ল। শেষত নাগৰিক জনে বাদচাহৰ দৰবাৰলৈ হাতেমক লৈ গৈ বাদচাহৰ লগত পৰিচয় কৰি দিলে। দৰবাৰত উপস্থিত হৈ বাদচাহক কুর্নিশ কৰি হাতেমে “ফোহেনদা” নগৰৰ বাতৰি সুধিলে। বাদচাহৰ দৰবাৰৰ এজন বুঢ়ালােকে কলে—“সৰু কালতে শুনিছিলোঁ। “ফোহেনদা” দেশ দক্ষিণ পিনে বহু [ ৭৪ ] দূৰৈত। সেইখন এখন আচৰিত চহৰ। সেই ঠাইত মানুহ মৰিলে হেনাে কোনেও শােক নকৰে। কোনেও কাৰৰ কাৰণে নেকান্দে।” বাতৰি পাই হাতেম তাই “ফোহেনদা” নগৰলৈ যাত্ৰা কৰিলে। এজন গৃহস্থ লােকে হাতেমক আদৰ কৰি নিজৰ ঘৰলৈ মাতি লৈ গ'ল। আৰু নিজৰ ঘৈণীয়েকৰ গাৰ মাংস এডোখৰ কাটি আলহীক ৰান্ধি দিলে। এই বিভৎস দৃশ্য দেখি হাতেম বিস্ময় বিমূঢ় হৈ তৎক্ষণাত সেই ঠাই এৰিলে । বহু দেশ আৰু বহু গাঁও পাৰ হৈ গৈ আকৌ এঠাইত দেখিলে - মৃতকৰ সৎকাৰৰ বাবে চিতা জ্বলাইছে। কেউপিনে মানুহে বেঢ়ি থকা দেখি হাতেমে মৰা মানুহজন কিয় পুৰিছে বুলি সুধিলে । উত্তৰত শ্মশান-যাত্ৰীসকলে কলে—“মহাশয় ! এইখন হিন্দুৰ দেশ । এই ঠাইত মৃতকক চিতা জ্বলাই দাহ কৰাৰ নিয়ম।” এই হিন্দু ৰাজ্যত বহুত ঘূৰি আৰু বহু দূৰত আকৌ এখন দেশ পালেগৈ। সেই ঠাইত আৰু এটি আচৰিত ঘটনা দেখি থমকি ৰ’ল। মৃত স্ত্রীৰ লগত স্বামীকে কবৰ দিবলৈ বহুত মানুহে এজন ডেকাক ধৰি বান্ধি লৈ আজুৰি আনিছে । ডেকাজনে কোনােমতেই কবৰত সােমাব নােখােজ। সমাজেও নেৰে। হাতেমে এনে ব্যৱহাৰ দেখি অতি আচৰিল হল । তেওঁ ডেকাজনৰ কাণে কাণে কলে-“ডেকা ! তুমি এতিয়া কবৰলৈ যােৱাঁ, নিশা তােমাক মই উদ্ধাৰ কৰিম।” এই কথা শুনি ডেকাজনৰ সন্মতিক্রমে কবৰ দিয়া হ’ল। নিশা হাতেমে কবৰ খান্দি ডেকাক উদ্ধাৰ কৰিলে। তেওঁ এই দেশ এৰি সেই নিশাৰ ভিতৰতে পলাই গ'ল। সেই ঠাইতে হাতেমে “ফোহেনদা” পৰ্ব্বতৰ ৰহস্য সংগ্রহ কৰিলে। বুঢ়া এজনে কলে—“ফোহেনদা” পৰ্ব্বত ইয়াৰপৰা এমাহৰ বাট। পৰ্ব্বতৰ ভিতৰৰপৰা কোনােবাই চিঞৰি মাতে কিন্তু কোনে মাতে কোনেও নেজানে। হাতেমে তেতিয়াই “ফোহেনদা” পৰ্ব্বতলৈ যাত্ৰা কৰিলে। “ফোহেনদা” চহৰ পােৱা মাত্রেই মানুহে তেওঁক বেঢ়ি ধৰিলে আৰু কটোৱালৰ ওচৰ পােৱালেগৈ। কটোৱালবােৰে হাতেমৰ পৰিচয় পাই অতি আদৰ সাদৰ কৰিলে। কাৰণ দিগ্বিজয়ী চেকেন্দৰ বাদচাহ অহাৰ [ ৭৫ ] পিচত এতিয়ালৈকে সেই ঠাইলৈ কোনাে বিদেশী অহা নাছিল। “ফোহেনদা” পৰ্ব্বতলৈ অহাৰ কাৰণ কটোৱালৰ আগত হাতেমে বিবৰি কলে৷ তেতিয়া কটোৱালে কলে “হে মহাপ্রাণ আৰব যৱৰাজ ! আপুনি সেই পৰ্ব্বতৰ ৰহস্য সন্ধান কেনেকৈ পাব? কিছুদিন এই নগৰত বাস কৰিলেহে সেই ৰহস্য বুজিব পাৰিব।”

 কটোৱালৰ সুবন্দৱস্ত পাই হাতেমে সেই চহৰত কিছুদিন বাস কৰিবলৈ ধৰিলে। ক্রমে ক্রমে বহুত লােকৰ লগত চা-চিনাকি আৰু বন্ধুত্ব গঢ়ি উঠিল। এদিন নিজৰ ঘৰত বহুত বন্ধু বান্ধৱৰ লগত কথা-বতৰা পাতি হাতেম বহি আছে, এনেতে হাতেমে সুধিলে-“সোঁ যে পৰ্ব্বতশাৰী, তাৰ ভিতৰত কোনটো ৰহস্যপূর্ণ নেদাৰ পৰ্ব্বত ?” এজনে কলে—“সৌ যে ওখ টিলাটো মেঘ ছোঁ ছোঁ হৈ আছে সেইটোৱেই “নেদাৰ” পৰ্ব্বত।” কথাষাৰ শেষ হবলৈ নৌ পাওঁতেই পৰ্ব্বতৰ ভিতৰৰপৰা কাৰ যেন এটা ভীষণ চিঞৰ উঠিল। মানুহবােৰৰ কঁপনি উঠিল। হঠাতে এজন মানুহৰ মুখখন মৰাৰ দৰে শেঁতা হৈ পৰিল। সেই মুহূৰ্ত্ততে মানুহ জনে কাকো একো নােকোৱাকৈ বলিযাৰ দৰে উদ্ধশ্বাসে নেদাৰ পৰ্ব্বতৰ পিনে দৌৰিবলৈ ধৰিলে। ইবােৰ মানুহাে সেই মানুহটোৰ পিচে পিচে দৌৰি যাবলৈ ধৰিলে। লগে লগে হাতেমাে দৌৰিলে। হাতেমে এজনক সুধিলে-“কি হ'ল। কি কাণ্ড এইবােৰ ?” মানুহ জনে কলে “আপুনি শুনা নাই জানাে? সেই মানুহ জনৰ ডাক পৰিলত তেওঁৰ দিন শেষ হ'ল। যাৰ দিন শেষ হয়, আযুস শেষ হয়, সেয়ে এই মাত শুনে। এই মাত শুনিলে কানাে ৰবৰ সাধ্য নাই। সি যাবই লাগিব।” “তেনে শব্দৰে-কোনে এইদৰে মাতে? পৰ্ব্বতৰ ভিতৰত কোন আছে ?” মানুহজনে উত্তৰ দিলে “নেজানাে, কোনেও নেজানে। যি জনৰ ডাক পৰে তেওঁৰ বাহিৰে আনে কব নােৱাৰে। কোনােবাই যদি পৰ্ব্বতৰ মাজত অদৃশ্য হৈ যােৱাৰ আগতে সেই মানুহজনক ধৰিব পাৰে, তেওঁহে কব পাৰিব।” [ ৭৬ ] সেই মানুহটোক যেন কিবা এটা অদৃশ্য আবর্ষণে হিৰ্ হিৰ্ কৰি টানি নিছে। তথাপি হাতেমে প্রাণপণে দৌৰি মানুহটোৰ হাত খনত থাপ্ মাৰি ধৰি অতি কৰুণ ভাৱে সুধিলে -“কোৱা ভাই। সেই পৰ্ব্বতৰপৰা তােমাক কোনে মাতিছে। কিয় তুমি এনে জনশূন্য হৈ দৌৰিছা? তােমাৰ লগত মই মৃত্যু বৰণ কৰিবলৈ ৰাজি আছোঁ। কোৱাঁ ভাই! তােমাৰ ভৰিত ধৰিছোঁ, কোৱাঁ।” কিন্তু সেই মানুহটোৰ যেন কাণ কলা, যেন বাহ্যজ্ঞান শূন্য, এনেভাৱে অতি জোৰেৰে হাতেমৰ হাতৰপৰা নিজৰ হাতখন মুকলি কৰি পৰ্ব্বতত উঠিবলৈ ধৰিলে। হাতেমাে পিচে পিচে লৰি গৈ আছে । অলপ উঠিয়েই দেখিলে মানুহটো চকুৰ আঁৰ হ’ল। অকল যে মানুহেই আৰ হল এনে নহয, পৰ্ব্বতৰ চূড়াও অদৃশ্য হল- মাত্র চকুৰ আগত এটা ৰামধেনুৰ বােলৰ দৰে সাতবৰণীয়া ওখ শিলে বাটভেটা দি আছে। কিছুমান সময় হাতেম হতবাক হৈ থমকি কেউপিনে চাই একো নেদেখি উলটি আহি আকৌ লগৰীয়া- বােৰৰ লগ ধৰিলেহি। লগৰীয়াবোৰে সকলােৱে পৰ্ব্বতৰ পিনে চাই তিনিবাৰ স্তুতি-পাঠ কৰি পৰ্ব্বতক সেৱা কৰি ঘৰমুৱা হল। হাতেমাে লগতে উলটি আহিল । বিশেষকৈ আচৰিত হব লগীয়া কথা হ’ল, মৃতকৰ আত্মীয় স্বজন কোনেও অকণাে দুখ বা শােক প্রকাশ নকৰিলে। বৰং সকলােৱে খুব ধুম-ধামেৰে দৰিদ্ৰ দুখীয়াক খুৱাই দান দক্ষিণা কৰি আকৌ যাৰ যি কাম কৰিবলৈ ধৰিলে ।

 কিছুদিন এইদৰে যােৱাৰ পিচত এদিন হাতেমৰ পৰম বন্ধু এজন সজ বংশজাত ডেকা তেওঁৰ নাম ‘যাম'। তেওঁ নিজৰ ঘৰত যামৰ লগতে বহি নানা দেশ-বিদেশৰ কথা বতৰা পাতি আছিল। হঠাতে আকৌ সেই সৰ্ব্বনশীয়া পৰ্ব্বতৰপৰা আকৌ সেই বিভীষিকাময় চিঞৰ কাণত পৰিলহি। শুনা মাত্রেই যামৰ শৰাৰ থৰথৰকৈ কঁপিবলৈ ধৰিলে চকু মুখ বগা পৰি গ'ল। যাম উঠি আগৰ মানুহ জনৰ দৰেই উন্মাদ ভাৱেই পৰ্ব্বতৰ পিনে দৌৰ মাৰিলে। এইবাৰ হলে হাতেমে যামৰ হাতত ভালকৈ খামােচ মাৰি ধৰিলে আৰু লগে লগে লৰি যাবলৈ চাই ৰল। [ ৭৭ ] ধৰিলে। শেষত সেই ওখ পৰ্ব্বতৰ চূড়াত এটা সুৰঙ্গ-পথ দেখা পালে। যাম সেই সুৰঙ্গ-পথেদি সোমাই গ'ল। লগে লগে হাতেমো সোমাই গ’ল। অলপ পিচতে এটা বিৰাট শব্দেৰে সুৰঙ্গৰ প্ৰৱেশ মুখখন জোৰা লাগি ওলোৱা বাট বন্ধ কৰি দিলে। চকু মেলি চাই হাতেমে দেখিলে এখন সেউজীয়া সীমাহীন অনন্ত প্ৰান্তৰ। সেই প্ৰান্তৰৰ মাজতে এটা ক'লা পাথৰৰ কবৰৰ দৰে চিন। চিনটো ঘোৰ কলা বৰণ। সেই ঠাই চকুত পৰা মাত্ৰকে যামে চকুৰ নিমিষতে হাতেমৰ হাতৰপৰা হাতখন এৰুৱাই নি দৌৰি গৈ সেই ক’লা চিনটোৰ ওপৰত শুই পৰিল; লগে লগে প্ৰাণ-বায়ু উৰি গল। ক্ষন্তেকতে এটা ভূমিকম্পৰ দৰে মাটি কঁপিবলৈ ধৰিলে আৰু সেই ক’লা চিন থকা ঠাইখনত ফাট মেলিলে। চাওঁতে চাওঁতে যামৰ দেহ সেই ক’লাচিন সকলো অদৃশ্যহৈ গ’ল, ক’তো চিন চাব এটাও নোহোৱা হৈ গ'ল। আকৌ কিবা যেন যাদু মন্ত্ৰৰ বলত সেই ঠাইতেই সেউজীয়া ঘাঁহনি বতাহত হালি জালি পৰিবলৈ ধৰিলে।

 হাতেমে বুজিলে এয়ে “ফোহেনবাদৰ” নেদাৰ পৰ্ব্বতৰ ৰহস্য। নেদা বাসীসকলে তেওঁলোকৰ পাৰ্থিৱ জীৱনৰ লীলা শেষ কৰি চিৰ অজ্ঞাত দেশলৈ যাত্ৰা কৰে এই পৰ্ব্বত পথেদি। হাসনুবানুৰ পঞ্চম প্ৰশ্ন সমাধান হৈ গল। এইবাৰ উলটিব লাগিব। কিন্তু বাট ক’ত? পৰ্ব্বত-সুৰঙ্গ ক’তো একো নাই। মাত্ৰ সীমাহীন অনন্ত প্ৰান্তৰে ধু-ধু কৰিছে। সেই বিশাল প্ৰান্তৰৰ শেষ ক'ত? কেনি যাব কোনে কৈ দিব বাটৰ সন্ধান? সাতদিন, সাত ৰাতি জনশূন্য, প্ৰাণীশূন্য সেই বিশাল প্ৰান্তৰত অনাহাৰে অনাই বনাই ফুৰি হাতেমৰ শৰীৰ অৱশ হৈ পৰিল, চকুৰে ধোঁৱা-কোঁৱা দেখিবলৈ ধৰিলে। মৰণ নিশ্চয় জানি এঠাইত বহি পৰিল আৰু ঈশ্বৰৰ চৰণ চিন্তা কৰিবলৈ ধৰিলে। যি কৰা তুমি কৰা প্ৰভু, মোৰ কোনো অস্তিত্ব নাই। কিন্তু অলপ পিচত দূৰৈৰ পৰা এটি মিঠা সঙ্গীতৰ সুৰ কাণত পৰিলহি। সেই সুৰৰ ধ্বনিত যেন শৰীৰত এটি বল আহিল, মনলৈ আশা আহিল। হাতেম সেই পিনে [ ৭৮ ] আগবাঢ়িবলৈ ধৰিলে। বহুদূৰ গৈ এখন মহা সাগৰ চকুত পৰিল। যিমান দূৰলৈ চকু যায় কেৱল সীমাহীন জল ৰাশিৰ উত্তাল তৰঙ্গমালা সাগৰ আকাশৰ লগত মিলি গৈছে। এইবাৰ হাতেম একেবাৰে নিৰাশ হৈ পৰিল। এই মহাসাগৰ পাৰ হব কেনেকৈ? আকৌ ধাৰ্ম্মিক ঈশ্বৰবিশ্বাসী হাতেমে ঈশ্বৰৰ চৰণকে সাৰ কৰিলে। কিছু পৰৰ পিচত এখন সৰু নাও ঢউৰ লগত নাচি নাচি আগবাঢ়ি অহা দেখিবলৈ পাই হাতেম অবাক হ’ল। নাও খন যেন পৰম ধাৰ্ম্মিক পৰমেশ্বৰে হাতেমক লৈ যাবলৈহে পঠিয়াইছে। আৰোহীহীন, নাৱৰীয়াহীন নাওখন আহি হাতেমৰ পিনে পাৰত লাগিলহি। হাতেমে ঈশ্বৰৰ চৰণত ভৰ কৰি নাও খনত উঠিল। উঠি আৰু আচৰিত হ'ল। নাও- খনত এটি সৰু খোটালী, তাত এখন কাঁহীত খোৱা আহাৰ পানী সজাই থোৱা দেখিবলৈ পালে। হাতেম তোক পিয়াহত অস্থিৰ হৈ আছিল। তেওঁ খাবলৈ আগবাঢ়ি আকৌ থমকি ৰ’ল। ভাবিলে—হয়তো নাৱৰীয়াই নিজৰ খাদ্য থৈ কেনিবা গৈছে। এই বস্তু খোৱা উচিত নহয়। এনেতে কোৱা শুনিলে- “হাতেম, সেইয়া তোমাৰ আহাৰ পানী, তুমি স্বচ্ছন্দে খোৱাঁ।” আহা! ঈশ্বৰ কিমান কৰুণাময়। তেওঁৰ অপাৰ মহিমা। তেওঁ ভক্তৰ কাৰণে অথাইসাগৰৰ মাজতো খাদ্য যোগাইছে। ঈশ্বৰৰ মহিমা সুৱৰি হাতেম খাবলৈ বহিল। তেওঁ ঈশ্বৰদত্ত আহাৰ খাই শৰীৰত নতুন বল পালে। নাওখন হঠাৎ বিপৰীত ঢৌৱে সাগৰৰ ভিতৰলৈ লৈ গ'ল আৰু উটি উটি গৈ সাগৰৰ পাৰৰ এখন চহৰৰ কাষত নাওখন থামিল গৈ। তেওঁ পাৰলৈ উঠিল আৰু বাট বুলিবলৈ ধৰিলে। তিন দিন গৈ এটা পৰ্ব্বত পালেগৈ; কিন্তু কি আচৰিত! পৰ্ব্বতটোৰ গাৰ পৰা তেজৰ নিজৰা বৈছে। শিল, পাথৰ, ধুলি সকলো তেজেৰে ৰঙা। তেজৰ পৰ্ব্বতৰ কাষে কাষে গৈ আকৌ সাগৰ পালেগৈ। সাগৰৰ পানী- বোৰো ৰঙা; কিন্তু কিছুদূৰ গৈ আকৌ এখন নাও হাতেমৰ চকুত পৰিল। এই নাওখনতো নাৱৰীয়া নাছিল। কিন্তু হাতেমে ঈশ্বৰ প্ৰেৰিত নাও বুলি নিৰ্ভয়ে উঠি দেখিলে যে, আগৰ দৰেই নাওখনত— [ ৭৯ ] এখন কাঁহীত ৰুটি, মাংসৰ কাবাব আৰু পানীয় সজোৱা আছে। আনন্দ- মনেৰে ঈশ্বৰৰ কৃপা সুঁৱৰি আহাৰ পানী খাই দেহত অদ্ভুত শক্তি পালে। নাওখন বায়ু বেগেৰে খৰসোঁতত উটি যাবলৈ ধৰিলে। এসপ্তাহ কাল সাগৰত উটি উটি আৰু এখন সাগৰত পৰিলগৈ। সাগৰৰ ৰূপােৱালী পানীবােৰ জক্-মক্ কৰে জ্বলিবলৈ ধৰিছে। হাতেমে সাগৰৰ পানীত হাত জুবুৰিয়াই দিলে। কি আচৰিত হাতত ৰূপােৱালী বােল সনাৰ দৰে হাতখন গধুৰ আৰু ৰূপােৱালী হৈ পৰিল। সাগৰৰ পাৰ পাই চিন্তিত মনেৰে হাতেমে পাৰে পাৰে যাবলৈ ধৰিলে। আকৌ এখন সৰু নাও দেখা পালে। হাতেমে ঈশ্বৰৰ নাম লৈ আকৌ সেই নাৱত উঠিল। নাও- খনত আগৰ দৰেই এখন কাহীত সুগন্ধি হালুৱা আৰু পানী দেখি তেওঁ ঈশ্বৰৰ অপাৰ কৰুণা সুঁৱৰি, আহাৰ কৰি নাও খনত দীঘল দি শুলে। এইবাৰ নাওখন এঘাৰ দিন সমুদ্ৰৰ মাজত উটি উটি আকৌ এটা পাৰত লাগিল হি। হাতেম উঠি আকৌ পৰ্ব্বত পাৰ হৈ প্ৰান্তৰত আহি উপস্থিত হ’ল। কি আচৰিত পৰ্ব্বতৰ কাষত হেজাৰ বহুমূলীয়া হীৰা জহৰত, মণি- মুক্তা সিঁচৰতি হৈ পৰি আছে। তেওঁ বাচি বাচি বহু মণি-মুক্তা, হীৰা- জহৰত বান্ধি ললে! পিয়াহত তেওঁৰ অণ্ঠ-কণ্ঠ শুকাই গৈছিল ; অলপ দূৰৈত এটি নিজৰ দেখি তেওঁ হেপাহ পলুৱাই পানী খালে, হাত ধুলে। হাতৰ ৰূপালী বােল গ’ল, কিন্তু নখবােৰ ৰূপালী হৈয়েই থাকিল। হঠাৎ নিজৰাৰ পাৰত দুটা বিশালকায় মানুহ দেখা পালে। মানুহ দুজনে কলে “হাতেম! তুমি এইবােৰ পৰৰ ধন নলবা, পেলাই দিয়া।” হাতেমে তৎক্ষণাত পেলাই দিলে। মানুহ দুজনে দুখন সবাতােকৈ ডাঙৰ হীৰা পান্না হাতেমক উপহাৰ দি কলৈ “হাতেম! এই বাটেদি যােৱা, সােণৰ সমুদ্র পাবাগৈ। তাৰ পিচত অগ্নি-সমুদ্র পাবা, সেয়ে তােমাৰ শেষ পৰীক্ষা । তাৰ পিচত তুমি দেশ পাবাগৈ।” সেই বাটেদি গৈ হাতেমে সঁচাকৈয়ে সােণৰ সমুদ্র পালে। পানী সোণােৱালী। সেই পানীৰে মুখ ধুলে, হাতেমেৰ দাঁত সােণোৱালী হল। সাগৰৰ পাৰৰ গছ, শিল সকলাে সােণবৰণীয়া। এইবাৰ অগ্নি-সমুদ্র পাই হাতেম জহত [ ৮০ ] চট্ ফটাবলৈ ধৰিলে। সাগৰৰ পানী নাই—জুইৰ সাগৰ ! এনে সময়তে আকৌ আগৰ বিশাল মানুহ দুজন আহি হাতেমক শীতল পানী আৰু খাদ্য যােগালে। পানী খাই হাতেমৰ শৰীৰ শীতল হল। এইবাৰ মানুহ এজনে হাতেমৰ হাতত এটি সৰু মুদ্রা দিলে আৰু কলে—“এই মুদ্রা তােমাৰ মুখত লবা, তােমাৰ শৰীৰত জুইৰ তাপ নেলাগে।” এই কথা মতে সেই আচৰিত মুদ্রা মুখত লৈ হাতেমে নিৰাপদে জুই-সমুদ্র পাৰ হ’ল। হাতেমে অগ্নি-সমুদ্ৰৰ মাজত ভয়তে চকু মুদি ঈশ্বৰক ধ্যান কৰি আছিল। এইবাৰ নাও পাৰত লাগিল। হাতেমে চকুমেলি চাই এখন চিনাকি ঠাই দেখি আনন্দত আপােনপাহৰা হৈ নাৱৰপৰা জাপমাৰি পাৰত নামিল। পাৰত এজন মানুহ থিয় হৈ আছে। হাতেমে কলে— “ভাই! এইখন কি দেশ কবানে ?” মানুহজনে কলে -“মহাশয় ! আপােনাক আমাৰ অতি প্রিয় ৰাজপুত্র হাতেমৰ দৰে দেখিছোঁ, আপােনাৰ নাম কি ? হাতেমে কলে-“ময়ে হাতেম ভাই, ময়ে হাতেম।” মানুহজনক ৰঙতে আকোৱালি ধৰিলে। উঃ কিমান দিনৰ মূৰত তেওঁ নিজ দেশ পালে। মানুহজনে কলে—“যুৱৰাজ ! আপােনাৰ শোকত বাদচাহ আৰু বেগমে দিনে ৰাতিয়ে কপাল চপৰিয়াই কান্দি আছে। জাৰিণপােষ বিবিয়ে দিনে ৰাতিয়ে চকুপানী টুকি আছে। ৰাজ্য শ্রীহীন, প্রজা ম্রিয়মান। আজি সাত বছৰ যুৱৰাজ আপুনি কলৈ গৈছিল ?” হাতেমে কলে—“কি কৰিম ভাই, ঈশ্বৰৰ কাম লৈ ঘৰৰ বাজ হৈছিলোঁ, যেতিয়ালৈকে সেইকাম শেষ নহয় তেতিয়ালৈকে মােৰ ঘৰলৈ গৈ সুখে বাস কৰিবলৈ অধিকাৰ নাই ভাই! তুমি যােৱাঁ মােৰ পিতা মাতাক মােৰ কুশল সংবাদ দিয়াগৈ। মই এতিয় নেযাওঁ, মােৰ কৰ্ত্তব্য কাম শেষ কৰিহে মই তেওঁলােকৰ লগত মিলিমগৈ। জাৰিণপােষক কবা তেওঁ যেন দুখ নকৰে; কাৰণ ঈশ্বৰ মােৰ সহায়।” এই কথা কৈ হাতেম আকৌ “সাহাবাদলৈ” ৰাৱণা হল। হাসনুবানুক বহুমূল্য মণি কেইটা দেখুৱালে আৰু পঞ্চম প্রশ্নৰ উত্তৰ বিবৰি কলে। হাসনুবানুৱে বহু ধন্যবাদ দি হাতেমক যষ্ঠ প্রশ্ন [ ৮১ ] আনিবলৈ পাচিলে। হাতেমে “মনিৰস্বামীক” দেখা কৰি ষষ্ঠ প্ৰশ্নৰ কাৰণে যাত্রা কৰিলে।

———

ষষ্ঠ প্রশ্নৰ সমাধান

 দহক্রোশ দূৰ খোজকাঢ়ি ভাগৰুৱা হাতেমে এখন মৰুপ্রান্তৰ পালেহি। গধুলি হ'ল, আৰু আগবাঢ়িবৰ উপায় নাই। গছৰ তলত এচটা শিল দেখি তাতেই বহিল। গছৰ ওপৰত সেই দিনা এজোৰ “নাটেকা” চৰাই আহি আশ্রয লৈছিল । চৰাইজোৰ বাস কৰে “কাহৰমা” সাগৰৰ পাৰত। চৰাই জোৰৰ গাৰ বৰণ সাতোটা। ৰামধেনুৰদৰে সাতবৰণীয়া এই চৰাইজোৰ দেখিবলৈ অতি আচৰিত আৰু ধুনীয়া। গছৰ তলত ভাগৰুৱা হাতেমক দেখি চৰাইজনীযে মাত লগাই চৰাইটোক হাতেমৰ কথা সুধিলে। চৰাইটোৱে কলে,—

 “শুনা! এওঁ পৰম ধার্ম্মিক পুৰুষ। এওঁ “এমন” দেশৰ ধাৰ্ম্মিক ৰজাৰ ল'ৰা হাতেম। এওঁ এজন বন্ধুৰ কামত নিজৰ জীৱনক পদে পদে বিপন্ন কৰি কিমান যে দুৰূহ কামবােৰ সমাধা কৰি ফুৰিছে, তাৰ সীমা নাই। এনে সত্যবাদী, আত্মত্যাগী আৰু পৰােপকাৰী মহাপুৰুষ এওঁত বাজে অনি এজন পৃথিৱীত আছেনে নাই সন্দেহ। এতিয়া এওঁ বন্ধুৰ প্ৰশ্নৰ উত্তৰত এটা আচৰিত মুকুতা বিচাৰি ফুৰিছে।” চৰাইজনীৰ মৰম লাগি কলে, “আই ঐ দেহি ! তেওঁনাে ক’ত মুকুতা বিচাৰি যাব ?” চৰাইটোৱে কলে,-

 মই সকলাে কথা কৈছো শুনা, এওঁ যি মুকুতা বিচাৰি ওলাইছে সেইবােৰ মুকুতা নহয়, আমাৰ পূৰ্ব্ব পুৰুষৰ “কণী” মাথােন। তিনি বছৰৰ মূৰে মূৰে আমাৰ বংশত কণীপৰা নিয়ম। কিন্তু কি কাৰণত নেজানাে “সােলমান বাদচাব" দিনৰপৰা আমাৰ কণী পৰা বন্ধ হৈ গ'ল। যিবােৰ কণী আছিল সাগৰে উটুৱাই নিলে। এতিয়াও [ ৮২ ] তাৰে কণী এজোৰা পৃথিৱীত আছে। এটা আছে হাসনুবানুৰ হাতত। তাৰে ইটো বিচাৰি পঠিয়াইছে হাসনুনানুৱে হাতেমক।

 চৰাইজনী:- ইটোনাে কাৰ হাতত আছে?

 চৰাই:-সেইবােৰ বহুত কথা—ভাগ্যবশতঃ “চামচাবাদচাহে” এই কণীটো ( মুকুতা) পাইছিল, তেওঁ আছিল অপুত্রক। তেওঁৰ ৰাজ্যধন সকলাে মাটিৰ তলত পােত খাইছিল । সেইবােৰ ভাগ্যবশত হাসনুননানুৱে পালে। ইটো “ফাহৰমা” দ্বীপৰ জামজাহা বাদাচাহে প্রথমে পাইছিল। পিচত শত্ৰুৱে তেওঁৰ ৰাজ্য কাঢ়ি লােৱাত, তেওঁৰ গৰ্ভৱতী ৰাণীয়ে মুকুতাটো লৈ সাগৰৰ পাৰলৈ পলাই যায়। সেইপিনেদিয়ে “বৰজখ” সদাগৰ বণিজ কৰি আহােতে নিৰাশ্রয়া বাণীক পাই নিজঘৰলৈ লৈ আহি নিজৰ ছােৱালীৰ দৰে পালন কৰে। সময়ত সেই পুত্রটিয়েই সকলাে ধন সম্পত্তিৰ অধিকাৰী হয়। সময়ত তেওঁ 'বৰজখৰ” সম্পত্তি আৰু মুকুতা পাই বৰজখ নগৰৰ বাদচাহ হয়। তেওঁৰ মৃত্যুৰ পিচত “হােছেন পৰীয়ে" মুকুটো হৰণ কৰে। বৰ্ত্তমান পৰীৰাজ্যৰ বৰজখ বাদচাহ “মহিয়াৰ চোলেমণি” সেই অমূল্য মুকুতাৰ অধিকাৰী।

 চৰাইজনী :—কি হব তেনেহলে, কিয় দিব সেই অমূল্য মুকুতা পৰীজাদাই ?

 চৰাই:- ইয়াৰ উপায় আছে, ভয় নেখাবা। পৰীজাদাই প্রতিজ্ঞা কৰিছে, যিজনে এই মুকুতাৰ ইতিহাস কব পাৰিব তেওঁকেই তেওঁৰ ছােৱালীক বিয়াদিব, আৰু যৌতুকত এই অমূল্য মুকুটো দিব । কিন্তু সেই ঠাই অতি বিপজ্জনক। তালৈ যােৱা বৰ কঠিন কাম।

 চৰাইজনী:- কেনেকুৱা? কোৱাচোন ।

 চৰাই:-শুনা—কওঁ, আগতে সেই ঠাইত দৈত্য আৰু পৰীৰাজ্যৰ সদায় যুদ্ধ হয়। কিন্তু চোলেমান বাচাহে এই বিবাদ বন্ধ কৰি দিয়ে। কাৰণ দৈত্যৰাজ্য আৰু পৰীৰাজ্যৰ সীমা নিদ্ধাৰিত কৰি দিয়ে। আৰু কোনাে কাৰো ৰাজ্যলৈ নেযাবলৈ বন্ধ কৰি দিয়ে। গতিকে পৰীৰাজ্যলৈ [ ৮৩ ] গলে দৈত্যৰাজ্যৰ মাজেদি পাৰ যাব লাগে। সিহঁতে ঈশ্বৰৰ নামে শপত খাই এই নিয়ম পালন কৰিছে। কোনোবাই নিয়ম ভাঙিলে তাৰ ৰক্ষা নাই, মৃত্যু অনিবাৰ্য্য। মানুহৰ তো সেই ঠাইলৈ যাবৰ কোনো উপায় নায়েই। দৈত্যৰাজ “কোফাক” অতি দুৰ্দ্দান্ত। তাৰ দেশৰ সীমা পাৰ হলেহে পৰীজাদা বৰজখৰ দ্বীপৰ সীমা পোৱা যাব।

 চৰাইজনী :-হায়! তেনে এই পৰোপকাৰী ধাৰ্ম্মিক পুৰুষৰ কাম নহব নে কি? তেওঁক সহায় কৰা আমাৰ প্ৰধান কৰ্ত্তব্য।

 চৰাই:- এৰা, তেওঁ ধাৰ্ম্মিক পুৰুষ, পৰোপকাৰী, তেওঁক সহায় কৰিবই লাগিব। উপায় এটা আছে। আমাৰ ৰঙা পাখি পুৰি তাৰ ছাই পানীত গুলি গোটেই গাত সানি ললে, তেওঁৰ ৰূপটো ঠিক দৈত্যৰ দৰে হব। গাত মানুহৰ গোন্ধ নোথাকিব, আৰু বনৰীয়া জন্তুবোৰো তেওঁক দেখি পলাই যাব। আকৌ যেতিয়া দৈত্য মুলুক পাৰ হব, তেতিয়া আমাৰ বগা পাখি পুৰি, ছাই গুলি গাত সানিলেই, তেওঁ নিজৰ ৰূপ পাব। এই উপায়েৰে হাতেম যাব পাৰিব। এই কথা কৈ চৰাইটোৱে বৰ জোৰকৈ গা কটালি দিলে। লগে লগে ৰঙা ৰঙা বহুত পাখি সৰি পৰিল। হাতেমে চৰাই হালৰ সকলো কথা শুনি আছিল। ঈশ্বৰক মনে মনে কৰজোৰ কৰি সেৱা জনাই, পাখিবোৰ বুটলি ললে। নিশাটো পৰোপকাৰী চৰাইহালৰ কথা ভাবি ভাবি গছৰ তলত কটাই ঢলপুৱাতে যাত্ৰা কৰিলে।

 কিছুদিন গৈ গৈ এখন পাহাৰ পালেগৈ। ভোকে পিয়াহে অস্থিৰ হৈ খোৱা বস্তু পোৱা যায়নে নেযায় ইফালে-সিফালে চকু ফুৰোৱাত পাহাৰৰ মাজত এটি সুন্দৰ নিজৰা আৰু ‘মেওঁৱা' ফলৰ গছ দেখিবলৈ পালে। অলপ আগবাঢ়ি দেখিলে নিজৰাৰ পাৰত এডাল প্ৰকাণ্ড সাপ পৰি আছে। হাতেমে ভয় খাই পিচুৱাই আহিবলৈ ধৰিলে। কিন্তু কি আচৰিত, সাপটোৱে মানুহৰ ৰূপ লৈ মানুহৰ মাতেৰে মিনতি কৰি হামেক মাতিবলৈ ধৰিলে—“ডাঙৰীয়া! দয়া কৰি দুখীয়াৰ ঘৰত ভৰিধুলি পেলাই ধন্য কৰক।” হাতেমে সাপ-মানুহজনৰ [ ৮৪ ] আহ্বান এৰাব নােৱাৰি এখোজ দুখােজ কৈ আগবাঢ়িবলৈ ধৰিলে। অলপ আগবাঢ়িয়েই দেখিলে—এখন সুন্দৰ বাগিচাৰ মাজত এটা প্রাসাদৰ দৰে অট্টালিকা। অট্টালিকাৰ ভিতৰৰলৈ সাপ মানুহটোৱে বাটদেখুৱাই নি হাতেমক এটি সুসজ্জিত দৰবাৰ ঘৰত বহুমূলীয়া আসনত বহুৱালে। মহামূল্যৱান সাজ-সজ্জাৰে সজোৱা এনে সুন্দৰ জাক্‌জমক ঘৰ দেখা হাতেমৰ কেতিয়াও মনত নপৰে । মানুহৰ ঘৰৰ লগত এই ঘৰৰ তুলনা হয়। হাতেম বিস্ময়বিমূঢ় ভাৱেৰে বহি ৰহি ঘৰৰ শােভা চাই ভােল গল । এনেতে আৰু এটা আচৰিত ঘটনা হল। সেই পুখুৰীটোৰপৰা এজাক অপেশ্বৰী ওলাই আহিল । হাতত নানা সুমিষ্ট খাদ্য সামগ্রী লৈ হাতেমৰ আগত দিলে। এনেতে সেই পুখুৰীৰপৰা ধুনীয়া ডেকা এজন ওলাই আহি হাতেমক সুধিলে “মোক চিনি পাইছানে বন্ধু ?”

 হাতেম অবাক হৈ ভালেপৰ চাই কলে—“কতো দেখা মনত নপৰে দেখােন ডাঙৰীয়া আপোনাক।” ডেকাজনে কলে -'মই এই পৰী-ৰাজ্যৰ বাদচাহ “সমস্‌শা” চোলেমান বাদচাহৰ ওচৰত কৰা প্রতিজ্ঞা পাহৰি মই মানুহৰ অপকাৰ কৰিছিলোঁ। সেই পাপৰ ফলত মাই সাপ হৈ থাকিবলগীয়া হৈছিল। হে মহাত্মন! অপপানাৰ দৰ্শন পাই আজি মই শাপমুক্ত হলোঁ। আপােনাৰ চৰণৰ চিৰদাস হৈ মই মােৰ জীৱন কটাম বুলি ভাবিছো।” অতি আদৰ যত্ন কৰি পৰী বাদচাহৰ ঘৰত হাতেমক কেইদিন মান শুশ্রুষা কৰিলে । শেষত হাতেম ভ্ৰমণৰ উদ্দেশ্য শুনি তেওঁক সহায় কৰিবলৈ পৰীকিঙ্কৰসকলক আদেশ দিলে । পৰীকিঙ্কৰসকলে এখন কাঠৰ তক্তাত বহুৱাই শূন্য-পথেদি দৈত্য দেশৰ ওপৰেদি হাতেমক উৰুৱাই লৈ যাবলৈ ধৰিলে। দৈত্যবিলাকে হাতেমক আক্রমণ কৰিছিল; কিন্তু সমশা বাদাহে বাতৰি পাই দৈত্যৰ হাতৰপৰা হাতেমক ৰক্ষা কৰিলে। ওপৰেদি উৰি যাওঁতে এখন পৰ্ব্বতৰ ওপৰত এজন ডেকা বেজাৰ মনেৰে বহি থকা দেখি সেই ঠাইত তেওঁ নামিবলৈ মন কৰি নামি পৰিল। [ ৮৫ ] ডেকাজনে দেখি আচৰিত হৈ সুধিলে, “তুমি এই ৰাজ্যলৈ কেনেকৈ আহিলা? এইখন অপেশ্বৰী দেশৰ ভিতৰ; এই ঠাইলৈ মানুহ কোনোমতেই আহিব নোৱাৰে। তুমি কোন? কিদৰে আহিলা? মই আচৰিত হৈছোঁ।” হাতেমে নিজ উদ্দেশ্যৰ কথা ডেকাৰ আগত বিবৰি কলে আৰু তেওঁ কিয় ইয়াত বেজাৰ মনেৰে বহি আছে সুধিলে। উত্তৰত ডেকাই দুখমনেৰে নিজৰ দুঃখৰ কাহিনী কবলৈ আৰম্ভ কৰিলে। ডেকাই কলে,-“মই “তুফান” দেশৰ পৰীৰজাৰ ল’ৰা। মোৰ নাম ‘মেহেব ওৱাৰ তুফানী।” বৰজখৰ বাদচাহ মাহিয়াৰ চোলেমানৰ জীয়েকক বিয়া কৰাবলৈ তেওঁৰ ওচৰলৈ গৈছিলোঁ। কিন্তু বাদচাহে এটা অদ্ভুত চৰাই কণীৰ সমান মুকুতা উলিয়াই কলে, যিজনে এই মুকুতাৰ ইতিহাস কব পাৰিব, তেওঁকেই মোৰ অপৰূপা সুন্দৰী কন্যাক বিয়াদিম, লগতে মুকুটো যৌতুকত দিম, এযেই মোৰ প্ৰতিজ্ঞা। এনে ইতিহাস পৰী-ৰাজ্যৰ কোনেও নেজানে, মযো নেজানো। কেনেকৈ কম! গতিকে মই নিৰাশ হৈ গুচি আহিলোঁ, আৰু এইবাবেই এই নিজানত বহি অদৃষ্টক ধিক্কাৰ দি বহি আছো।” হাতেমে কলে,-“বেজাৰ নকৰিবা ডেকা! ময়ো সেই মুকুতা বিচাৰিয়েই আহিছোঁ। কিন্তু ভয় নাই, মই বাদচাহৰ জীযৰীক বিচৰা নাই। গতিকে মই সেই মুকুতাৰ ইতিহাস জানো; আৰু মুকুতাৰ ইতিহাস কলে বাদচাহে কন্যা আৰু মুকুতা মোক দিবলৈ বাধ্য হব। মই আগতেই মোৰ ইচ্ছা মতে তেওঁৰ কন্যাকে যাকে ইচ্ছা দিবলৈ প্ৰতিজ্ঞা কৰাই লম। বাদচাহ জাদীক তোমাৰ লগতেই বিয়া দিম।” ডেকাই আচৰিত হৈ সুধিলে আমি পৰীজাদা হৈ মুকুতাৰ ইতিহাস নেজানো, তুমি মানুহ হৈ কেনেকৈ জানিলা?” হাতেমে কলে “সেইটো ঈশ্বৰৰ অসীম কৃপা মোৰ প্ৰতি। বলা, এতিয়া দুয়ো আগবাঢ়ো।” পিচত দুয়োজনে আকো কাঠৰ তক্তাত বহিল। পৰীকিঙ্কৰসকলে দুয়োকো উৰুৱাই লৈ গ'ল। [ ৮৬ ] “কোফাক” দেশৰ সীমা পাই, পৰীকিঙ্কৰসকলে কলে,—“আমাৰ এই দেশৰ সীমা পাৰ হবলৈ অধিকাৰ নাই, গতিকে আমাক বিদায় দিয়ক। সেই ঠাইতে দুয়ােজনকে নমাই দি পৰীকিঙ্কৰসকলে বিদায় ললে।

 এইবাৰ হাতেম দৈত্যৰাজ্যৰ মাজেদি যাবলৈ সাজু হ'ল। “নাতেকা” পখীৰ ৰঙা পাখি এটা পুৰি গাত সানি ললে ; হাতেমৰ ৰূপ দেখিবলৈ দৈত্যৰ দৰে হ’ল ; আন কি কণ্ঠৰ মাত, গাৰ গােন্ধ সকলাে দৈত্যৰ দৰে হৈ পৰিল। দুই বন্ধুৱে যুক্তি কৰিলে, দুয়াে একেলগে যাব কিন্তু পৰীজাদা তুফান শূন্যেদি উৰিব, হাতেম খােজ কাঢ়ি যাব। এইদৰে দুয়াে বহু দূৰ গৈ “কোফাক” দেশ এৰি সাগৰৰ পাৰ পালে। এতিয়া সাগৰ পাৰ হয় কেনেকৈ ? এনেতে পৰীজাদা তুফানীয়ে কলে, “বন্ধু! তুমি এই ঠাইতে অলপ পৰ বাটচাব লাগিব। মই যাওঁ, ইয়াৰপৰা চৈধ্য ক্রোশ দূৰৈত মােৰ দেশ। মই গৈ দুটা পক্ষীৰাজ ঘোঁৰা লৈ আহোঁগৈ। সেই ঘোঁৰা দুটাত উঠি আমি সাগৰ পাৰ হব লাগিব। নহলে আন উপায় নাই।” এই কথা কৈ তুফানী নিজ দেশলৈ উৰি গ'ল। এই সময়তে হাতেমে “নাতেম” পখীৰ বগা পাখি পুৰি ছাই গাত সানি নিজৰ দৈত্যৰূপ সলনি কৰি ললে। হাতেমৰ আকৌ আগৰদৰে সুন্দৰ কান্তি হৈ পৰিল। ইপিনে তুফানীয়ে দুটা বায়ুবেগী পক্ষীৰাজ ঘোঁৰা আনি সমুখত ৰাখিলেহি। দুয়াে তাত উঠি আনন্দ মনেৰে বৰজখ দ্বীপলৈ উৰি যাবলৈ ধৰিলে; কিন্তু বাট বৰ দীঘলীয়া । অন্ত হবলৈকে নিবিচাৰে। ভােকে-পিয়াহে হাতেম অতি কাতৰ হৈ পৰিল। তুফানীয়ে এটি পৰীদেশৰ মেওৱা তেওঁক খাবলৈ দিলে। মেওৱাৰ কি আচৰিত গুণ—অমৃত ফলৰ দৰে মেওৱা খাই হাতেমৰ ভােক পিয়াহ কেনিবাদি গ'ল। গাত এটি আচৰিত শক্তি অনুভব কৰিলে। তুফানীক আন্তৰিক ধন্যবাদ জনাই, দুয়াে বায়ুবেগেৰে আগবাঢ়িবলৈ ধৰিলে। দুয়ােজনে যথাসময়ত বৰজখ দ্বীপত ঘোঁৰা ৰখাই নামিল। তুফানীয়ে কলে “বন্ধু! তুমি ইয়াতে অলপদিন অপেক্ষা কৰা, কাৰণ তুমি গলে বৰজখৰ ৰাজপুৰীলৈ দহদিন [ ৮৭ ] লাগিব। গতিকে মই কিছুমান চাকৰ বাকৰ লৈ আহোঁ। এইদৰে দৰিদ্ৰ হৈ যােৱাটো ভাল নেদেখি।”

 হাতেমে এই প্রস্তাৱত সন্মতি জনালে। তুফানীয়ে বায়ুবেগে আগ বাঢ়িল। প্রায় বাৰ হেজাৰ পৰী-সৈন্য লৈ সােনকালেই পালেহি। ধুমধামেৰে বাজনা বজাই সসৈন্যে দুয়ো আড়ম্বৰ কৰি আগ বাঢ়িল।

 পৰী ৰজাৰ ওচৰত কটোৱালে কোনােবা পৰী ৰজা সসৈন্যে যুদ্ধ কৰিবলৈ আহিছে বুলি জনালেগৈ। পৰী-ৰজাই এই বাতৰি পাই সৈন্যৰােধ কৰিবলৈ আদেশ দিলে। তুফানীৰ দূত গৈ বৰজখ ৰজাৰ সভাত তেওঁলােকৰ আগমনৰ বাতৰি বিবৰি কোৱাত ৰজাই সাদৰেৰে হাতেম আৰু তুফানীক আহ্বান কৰিলে। দুয়ােদলৰ সৈন্যই ঢােল খােল বজাই নগৰ সােমালেহি। হাতেমে তুফানীক এৰি অকলেই ৰজাৰ লগত নিজৰ উদ্দেশ্য বিবৰি কলে। বাদচাহ বৰজখেও নিজৰ প্রতিজ্ঞাৰ কথা কলে “এই মুকুতাৰ ইতিহাস কব নােৱাৰিলে তােমাৰ অভিলাষ পূর্ণ নহব ডেকা। কিয় মিছাতে এনে কষ্ট কৰি আহিলা?” হাতেমে কলে—“বাদচাহজাদা! মই মুকুতাৰ ইতিহাস নজনাহেঁতেন ইমান কষ্ট কৰি ইয়ালৈ নাহো। মই মুকুতাৰ ইতিহাস কম ; আৰু আপােনাকো অঙ্গীকাৰৰ দায় মুক্ত কৰিম। কিন্তু মই মুকুতাৰ ইতিহাস কলে বাদচাহজাদীক মই যাকেই দান কৰিব খােজো তেওঁকেই আপুনি অৰ্পণ কৰিব বুলি অঙ্গীকাৰ কৰিব লাগিব, যদি তেওঁ সুপাত্র হয়। বাদচাহে এই কথা শুনি অতিকৈ আনন্দ পালে। পিচদিনা খুব ধুম ধামেৰে ডাঙৰ সভা পাতিলে। হাতেমে মুকুতাৰ বিবৰণ কৈ সকলােকে আচৰিত কৰি দিলে। তেতিয়া তেওঁ বাদচাহৰ আগত তুফানীক উপস্থিত কৰি কলে,-এই পৰী-ৰাজকুমাৰৰ হাতত আপােনাৰ অপৰূপা কন্যাক অর্পণ কৰক, বাদচাহজাদা এওঁ আপােনাৰ কন্যাৰ সম্পূর্ণ যােগ্য পাত্র। বাদাহে অতি আনন্দেৰে তুফানীৰ লগত বাদচাহজাদীক বিয়া মুকুতাটি যৌতুকত দিলে। তুফানীয়েও আগৰ চুক্তি মতে হাতেমক মুকুতাটি দি মনৰ আনন্দেৰে ৰাজকন্যাক লৈ নিজ দেশলৈ যাত্ৰা কৰিলে। [ ৮৮ ] হাতেমক লৈ গৈ একেবাৰে নিৰাপদ ঠাইত থৈ বিদায় ললে। হাতেম “সাহাবাদত" উপস্থিত হৈ মণিৰ আৰু হাসনুবানুক দেখা কৰি মুকুতাৰ বিবৰণ কৈ মুকুতাটি দিলে। হাসনুবানুৰ আনন্দত হিয়া উপচি পৰিল। এই ধুনীয়া সুপুৰুষ হাতেমে ছটাপ্ৰশ্নৰ উত্তৰ অসাধ্য সাধন কৰি আনি দিলে। মাত্র এটা প্রশ্ন বাকী। এই প্রশ্ন সমাধান হলেই তেওঁৰ দুর্জ্জয় যাত্ৰাৰ সমাপ্তি ঘটিব। হাতেমে অতি আদিৰ সাদৰৰ মাজত কিছুদিন বিশ্রাম কৰি আকৌ সপ্তম প্রশ্নৰ কাৰণে সাজু হ’ল। হাসনুবানুৱে কলে—“বাদগর্দ্দ” হামাম কোন দেশত আছে কব পাৰা জানাে? হাতেমে কলে “দক্ষিণ-পছিম পিনে আছে বুলি শুনিছো। এই বিষয়ে আৰু নেজাননা।”

____

সপ্তম প্রশ্নেৰ উত্তৰ

 সাহাবাদ এৰি বহুদিন দক্ষিণ-পছিম পিনে গৈ গৈ হাতেম এখন চহৰত উপস্থিত হল গৈ। সেই চহৰখনত দেখােন সকলােৱে হায় হায় কৰি বেজাৰত ম্রিয়মান হৈ আছে। হাতেমে এজনক তাৰ কাৰণ সুধিলে—তেওঁ কলে-“আমাৰ বাদচাহৰ একমাত্র পুত্রজনে পথাৰৰ মাজৰ এটা নাদৰ ভিতৰত যে কি দেখিলে কব নােৱাৰোঁ, তেওঁ সেই দিনাৰপৰা বলিয়া হৈ পৰিছে। দিনে ৰাতিয়ে একেথৰে নাদৰ ভিতৰলৈ চাই থাকে, এখােজো নলৰে। কিন্তু আজি তিনদিন হ'ল হঠাৎ তেওঁ নাদৰ ভিতৰত জপিয়াহৈ পৰিল আৰু নােহােৱা হ'ল। নাদৰ ভিতৰত তেওঁৰ দেহ পােৱা নগল। বাদচাহ আৰু বেগম একেবাৰে বলিয়া হৈ পৰিছে। গােটেই ৰাজ্য শােকত ম্রিয়মান। এনেতে বাদচাহবেগম দুয়ােজনে বলিয়াৰ দৰে নাদৰ পাৰলৈ দৌৰি যাবলৈ ধৰিলে। পিচে পিচে মানুহবােৰৰ লৰিবলৈ ধৰিলে, হাতেমাে লৰিবলৈ [ ৮৯ ] ধৰিলে। নদিৰ পাৰত বাদচাহবেগমে মূৰে কপালে ভুকুৱাই কান্দিবলৈ ধৰিলে। হাতেমৰ মনত বৰ দুখ লাগিল। তেওঁৰ কোমল মনে পৰৰ দুখ সমূলি সহিব নোৱাৰিছিল। তেওঁ বাদচাহ আৰু বেগমক কলে,— “আপােনালােকে দুখ নকৰিব ; মােৰ জীৱন দিও মই আপােনাৰ পুত্ৰক আনি দিম। এইদৰে কৈ তেওঁ নদিত জপিয়াই পৰিল তেতিয়াই তেওঁ অদৃশ্য হল। শেষত এখন পৰীৰ ৰাজ্যৰপৰা বহু যত্ন কৰি এজনী পৰীৰ আকৰ্ষণৰ পৰা তেওঁ বাদচাহৰ ল’ৰাক উদ্ধাৰ কৰি আনি দিলেহি। ৰাজ্য আকৌ আনন্দত মুখৰিত হৈ উঠিল। ৰজা ৰাণীয়ে কৃতজ্ঞতাত অভিভূত হৈ হাতেমক বহুত আদৰ সাদৰ কৰি বিদায় দিলে। বহুদূৰ গৈ গৈ হাতেমে এজন বুঢ়া ফকীৰ লগ পালে। ফকীৰে হাতেম উদ্দেশ্যৰ কথা শুনি শিয়ৰি উঠিল। কলে,-“নাই নাই বােপা ! তুমি এনে কথা মুখতেই নানিবা। “বাদগদ্দব” দৰে ভয়ানক ঠাই পৃথিৱীত নাই। “বাদগৰ্দ্দ হামাম” চাবলৈ আজিলৈকে যিমান মানুহ গৈছে, কোনাে উলটি অহা নাই। নেযাবা, নেযাবা এনে ঠাইলৈ। তুমি যাবা কেনেকৈ ? এনেয়ে বহুদূৰ সেই ঠাই। “কাতান" দেশৰ বাদচাহৰ সেই অদ্ভুত “হামাম।” সেই ঠাইলৈ গলে মানুহ উলটি নাহে দেখি, সেই দেশৰ বাদচাহে সেই সীমাত অসংখ্য প্ৰহৰ ৰাখি থৈছে। ৰজাৰ হুকুম নেমানি কোনােজন গলে প্রাণদণ্ড কৰা হয়। গতিকে তুমি ডেকাল’ৰা এনে দুৰাশা পৰিত্যাগ কৰাঁ।”

 হাতেমে শেষত তেওঁৰ মনিব আৰু হাসনুবানুৰ আগত তেওঁ প্রতিজ্ঞাবদ্ধ হোৱা কথা কলে। আৰু কলে ফকীৰ চাহাব! মানুহৰ জীৱন চিৰস্থায়ী নহয়, এদিন জন্ম হলে মৰিবই লাগিব। গতিকে প্ৰাণৰ ভয়ত মানুহে ধৰ্ম্ম এৰিব নেপায়। মই যেতিয়া প্রতিজ্ঞাবদ্ধ, প্রতিজ্ঞা ৰাখিবলৈ মই যত্ন কৰিব লাগিব। পাৰােনে নােৱাৰোঁ সেইটো ঈশ্বৰৰ হাতত। মই প্রথমে প্রতিজ্ঞা ৰক্ষাৰ কাৰণে চেষ্টা কৰিবই লাগিব। আপুনি বাধা নিদিব, মােক বাটৰ নিৰ্দ্দেশ দি সহায় কৰক।” শেষত ফকীৰে হাতেমক বাটৰ বাতৰি দি বিদায় দিলে। [ ৯০ ] মহাপ্ৰাণ পৰোপকাৰী ডেকাজনে নিজৰ জীৱনৰ মায়া এৰি বিপদসঙ্কুল বাট ধৰিলে। নানা হাবিবন, দুৰ্ঘোৰ অৰণ্য পাৰ হৈ এখন চহৰত উপস্থিত হল। সেই চহৰত এজন সৰ্পবেশী দৈত্যৰ অত্যাচাৰত চহৰবাসী অতি আতঙ্কিত হৈ পৰিছিল। হাতেমে জহৰ-মহৰৰ অদ্ভুত শক্তিৰে সেই দৈত্যক কৌশলেৰে এটা পিঞ্জৰাত সুমুৱাই পুৰি মাৰিলে। চহৰবাসীক মহা আতঙ্কৰপৰা ৰক্ষা কৰিলে। এইবাৰ “কাতান” চহৰৰ পিনে আগ বাঢ়িল। ফকীৰৰ কথামতে কিছুদূৰ গৈ এখন পৰ্ব্বত পালেগৈ। পৰ্ব্বত পাৰ হৈ এখন পথাৰ পালে। পথাৰ পাৰ হৈ এটা আলিৰ দোমোজাত থিয় হলহি। ফকীৰে বাওঁপিনৰ বাটটো বিপদপূৰ্ণ বুলি সেই বাটেদি যাবলৈ হাতেমক হাক দিছিল। কিন্তু অসম সাহসী হাতেমে বিপদকেই বৰণ কৰি বাওঁপিনৰ বাটেদি আগবাঢ়িল; আৰু অতি কাঁইটনী হাবি এখনত সোমাল। গোটেই গা কাঁইটে বিন্ধি ৰাঙলী কৰিলে। কাঁইটনী পাৰ হৈ এখন হিংস্ৰ জন্তু আৰু বিষাক্ত সাপৰ ৰাজ্য পালে। প্ৰতি খোজতে হাতেমৰ জীৱন বিপন্ন হৈ উঠিবলৈ ধৰিলে। কিন্তু তেওঁৰ অদ্ভুত শক্তিশালী মুকুতাটোৰ গুণতে আৰু ফকীৰৰ দয়াত তেওঁ সকলো বাধা আৰু বিপদ পাৰ হৈ আগবাঢ়ি যাবলৈ সক্ষম হল। আকৌ এখন চহৰ পালেগৈ। সেই মহা অটব্য অৰণ্য আৰু হিস্ৰ জন্তু সমাকুল বাট পাৰ হৈ অহা শুনি চহৰৰ মানুহ আচৰিত হ'ল। আৰু সেই দেশৰ বাদচাহক খবৰ দিলে। বাদাহে এনে আচৰিত বাতৰি শুনি দূত পঠিয়াই হাতেমক আদৰি সাদৰি নিজ প্ৰাসাদলৈ লৈ গৈ এনে সাহসী যুৱকক অতি সমাদৰ জনালে। হাতেমৰ “কাতান” চহৰৰ বাদগৰ্দ্দলৈ যোৱাৰ সঙ্কল্প শুনি এনে বিপদপূৰ্ণ ঠাইলৈ নেযাবলৈ বাৰে বাৰে হাক দিলে। হাতেমে নিজৰ প্ৰতিজ্ঞাৰ কথা কৈ বাদাহৰ অনুৰোধ ৰাখিব নোৱাৰি যোৱাটোকে স্থিৰ কৰিলে। শেষত বাদাহে মানুহ লগত দি “কাতান” চহৰত পোৱাই দিলে।

 “কাতান” চহৰ পাই হাতেমে প্ৰথমে এখন আলহী-ঘৰত আশ্ৰয় ললে। আলহী-ঘৰত কেইবাজনো সদাগৰ লগ পালে। তেওঁলোকৰ [ ৯১ ] পৰা বাদগৰ্দ্দৰ বিষয়ে নানা তথ্য পাতি গোটাই ললে, আৰু আৰু কিছুমান মণি-মুক্তা কিনি লৈ এদিন বাদচাহৰ ওচৰত ভেটি বাদচাহৰ দৰ্শন প্ৰাৰ্থনা কৰিলে। বাদচাহে হাতেমৰ পৰিচয় পাই আৰু অসীম সাহসি- কতাৰ যাত্ৰাৰ আচৰিত বাতৰি শুনি অবাক হল। অতি সন্মানেৰে নিজৰ কাষত বহুৱাই হাতেমক বৰ আদৰ যত্ন কৰিলে। সুবিধা বুজি হাতেমে নিজৰ উদ্দেশ্যৰ কথা বাদচাহক গোচৰ কৰিলে। বাদচাহে এই কথা শুনি অতি আচৰিত হল আৰু সেই ঠাইলৈ কোনো মতেই যাবলৈ দিব নোৱাৰো বুলি কলে। শেষত হাতেমে নিজ প্ৰতিজ্ঞাৰ কথা কলে,-“শাহাজাদা, মানুহক ঈশ্বৰে শ্ৰেষ্ঠ জীৱৰূপে স্ৰজন কৰিছে। মানুহে কৰিব নোৱাৰা কাম পৃথিৱীত একো নাই। মানুহ হৈ মৰণলৈ ভয় কৰা উচিত নহয়। জন্মিলে এদিন মৰিবই লাগিব। মানুহৰ জীৱনৰ মূল্যতকৈ ধৰ্ম্ম আৰু কৰ্ত্তব্যৰ মূল্য বহুত বেচি। গতিকে মোক যাবলৈ দি মোৰ ধৰ্ম্ম আৰু প্ৰতিজ্ঞা পালনৰ আপুনি সহায় হওক।”
 এই কথা শুনি বাদচাহে হাতেমক আৰু বাধা দিব নোৱাৰিলে। অনিচ্ছা স্বত্বেও প্ৰহৰীবোৰলৈ এখন অনুমতিপত্ৰ লেখি হাতেমৰ হাতত দি তেওঁক বিদায় দিলে। হাতেমে ঈশ্বৰৰ চৰণ সৰোগত কৰি সাক্ষাৎ মৰণ-পুৰীৰ দৰে ‘বাদগৰ্দ্দ’লৈ যাত্ৰা কৰিলে। প্ৰায় পোন্ধৰ দিন বাট বুলি শেষত এটা প্ৰকাণ্ড দুৰ্গ আৰু প্ৰকাণ্ড দুৱাৰ এখন হাতেমৰ চকুত পৰিল। সেই ঠাইতেই প্ৰহৰীবোৰক নিজৰ অনুমতি-পত্ৰ দেখুৱালে। প্ৰহৰীবোৰেও এনে অসাধ্য সাধন কৰিবলৈ যাবলৈ যথেষ্ট বাধা দিলে, কিন্তু হাতেম অচল অটল। কলে- “ভাই! ঈশ্বৰ সাক্ষী কৰি প্ৰতিজ্ঞা কৰি আহিছোঁ। ঈশ্বৰৰ কামত দেহ মন সপিছোঁ , আৰু উলটি নেযাওঁ। মৃত্যুলৈ ভয় নকৰোঁ। প্ৰাণ যদি যায়, এই প্ৰাণ তেওঁ লব। তাত মোৰ কোনো দুখ নাই। মোক ‘হামাম’ চাবলৈ দিয়া; মোৰ ইমান কষ্ট আৰু অথলে যাবলৈ নিদিবা।”
 উপায়হীন হৈ প্ৰহৰীবোৰে অনুমতি দি বাট এৰি দিলে। সেই ঠাইৰপৰা বাদচাহৰ মানুহবোেৰ উলটি গ'ল। [ ৯২ ]  হাতেম আগবাঢ়ি গ'ল। দুৱাৰৰ ওপৰত এখন ফলিত ডাঙৰ ডাঙৰ আখৰেৰে লিখা আছে,-“তৈমুছ বাদচাই যাদুৰ বলেৰে এই হামাম সাজিছে। ইয়াৰ ভিতৰ সোমালে কোনোৱেই বাহিৰ হব নোৱাৰে, চিৰ- জীৱন এই হামামতে অৱসান হব।” হাতেমে এখন্তেকৰ কাৰণে মনক স্থিৰ কৰি ললে। ঈশ্বৰৰ চৰণ চিন্তা কৰিলে আৰু দুৱাৰৰ ভিতৰেদি সোমাই গ'ল। দহখোজমান আগুৱাই গৈ পিচলৈ উলটি চাই দেখিলে, দুৱাৰ মানুহ একো নাই; সকলো অদৃশ্য হল। চাৰিওপিনে চকুত পৰালৈকে মাথোন বিশাল পথাৰ দেখিবলৈ পালে। হাতেমে ইফালে সিফালে ঘূৰি পকি বাট বিচাৰিবলৈ ধৰিলে। হঠাতে এজন মানুহ তেওঁৰ চকুত পৰিল। মানুহজন দেখি হাতেমৰ বৰ ভাল লাগিল। তেওঁ ওচৰ চাপি মানুহজনক “বাদগৰ্দ্দ হামামৰ” বাতৰি সুধিলে। মানুহজনে কলে- “আমি এই হামামৰ ৰখীয়া। মানুহক হামামত স্নান কৰাই পুৰস্কাৰ লওঁ।
 হাতেম:– তুমি থাকা ক’ত? তোমাৰ বাহিৰে আৰু কোনোবা চাকৰ আছেনে, অকল তুমিয়েই আছা?
 মানুহজন:– আছে, হামামৰ ভিতৰতেই আমাৰ ঘৰ-বাৰী আছে। আমাৰ একো দিনকৈ পালা পৰে। আহক আপোনাক স্নান কৰাই দিওঁ।
 চাকৰজনে হাতেমক লৈ গল। অলপ দূৰ গৈ প্ৰসাদৰ ৰঙা গম্বুজ চকুত পৰিল। বিস্ময়পূৰ্ণ ভাৱে চাই হাতেমে সুধিলে-“সৌযে তেজৰ দৰে ৰঙা মেঘত লগা সেইটো কি?”
 মানুহজন :—সেইটোৱেই হামাম ঘৰৰ গম্বুজ। তাৰ ঠিক তলতেই “বাদগৰ্দ্দ হামাম” স্নানাগাৰ। মোৰ লগত আহক” বুলি মানুহজনে হাতেমক হামামৰ পিনে লৈ গ'ল। হামামৰ দুৱাৰেদি দুয়োজনেই সোমাই গ’ল। সম্মুখত এটা প্ৰকাণ্ড শুকান চৌবাচ্চাত হাতেমক নামি যাবলৈ কলে। হাতেমে কাপোৰ কানি পাৰত সোলোকাই থৈ চৌবাচ্চাত নামিল। মানুহজনে তিনিঘটি তপত পানী আনি দিলে আৰু মূৰত ঢালিবলৈ কলে। হাতেমে সেইদৰে তপত পানী তিনি ঘটি মূৰত বাকিলে। লগে লগে সমুখৰ দুৱাৰখন সশব্দে বন্ধ হৈ গ'ল, এটা বজ্ৰধ্বনিৰ দৰে [ ৯৩ ] ভয়ানক ভয় লগা শব্দ হল। কেউপিনে আন্ধাৰ হৈ পৰিল। হাতেমে চকুৰে একো নেদেখা হল। অলপ পৰৰ পিচতে আকৌ সূৰ্য্য ওলাল। পোহৰ হৈ পৰিল। তেওঁ আচৰিত হৈ কেউপিনে চকু ফুৰাই চাই আৰু আচৰিত হল—মানুহজনো নাই চৌবাচ্চাও নাই, কেউপিনে বন্ধ। ওপৰত বহু ওপৰত সেই গম্বুজ জিক্‌ মিক্‌ কৰে জ্বলিবলৈ ধৰিছে। হঠাৎ হাতেমৰ ভৰিৰ তলৰপৰা পাতাল ফুটি হো হোৱাই পানী ওলাবলৈ ধৰিলে। লাহে লাহে হাতেমৰ কঁকাল, বুকু, ডিঙিলৈ তল গল; পানীয়ে নাক ছুলেহি। এইবাৰ মৃত্যু নিশ্চিত ভাবি হাতেমে ঈশ্বৰৰ নাম জপিবলৈ ধৰিলে। হাতেম ডুব গল। তেওঁ সাতুৰিবলৈ ধৰিলে, ওপৰলৈ ভাহি উঠিল। পানী বাঢ়ি বাঢ়ি ওপৰৰ গম্বুজ ছুলেগৈ। হাতেমে গম্বুজৰ চূড়াত ধৰি কোনোমতে উশাহ ললে। আকৌ বজ্ৰনাদ হল। হাতেমে ভয়তে চকু মুদিলে। তেওঁৰ অলপ পৰ মনত হল যেন তেওঁ মাটিৰ ওপৰত শুই আছে। তেওঁ ভয়ে ভয়ে চকু মেলি চাই দেখে যে পানীও নাই, গম্বুজো নাই তেওঁ এখন বহল পথাৰত শুই আছে। তিন দিন তিনি ৰাতি তেওঁ পথাৰ খনত ঘূৰি ফুৰিবলৈ ধৰিলে। শেষত এখন ধুনীয়া বাগিচাত ঘৰ এটা দেখা পাই সেই পিনে খোজ ললে। ঘৰটোত সোমোৱামাত্ৰকে তাৰ দুৱাৰখন জাপখাই গ'ল। ঘৰটো নাইকিয়া হ'ল। এখন হাবি পালেগৈ। হাবিখন ঘূৰি ফুৰোঁতে পকাফলবোৰ ওলমি থকা দেখি, ভোকত তত নোহোৱা হৈ সেই পকাফলবোৰ খাবলৈ ধৰিলে। যিমানেই খায় তিমানেই ভোক বাঢ়িহে যায়। শেষত খাবলৈ এৰি আগবাঢ়িল। আকৌ এটা ধুনীয়া অট্টালিকা দেখা পাই তাৰ দুৱাৰেদি সোমাই গ'ল। কি আচৰিত—প্ৰাসাদৰ ভিতৰখন শিলৰ মূৰ্ত্তিৰে পৰিপূৰ্ণ। মানুহবোৰ নানা সাজ-পাৰ পিন্ধা-- ৰজা মহাৰজা আমীৰ ওমৰা, সদাগৰ বাটৰুৱা নানা ধৰণৰ মানুহ; কিন্তু নিথৰ নীৰৱ শিলামুৰ্ত্তি। চাৰিওপিনে চকু ফুৰাই হাতেমে চাবলৈ ধৰিলে। হঠাৎ এটা জীয়ামাত কাণত পৰিল। ওপৰলৈ চাই দেখিলে সোণৰ সজাত এটা ভাটো চৰাই ওলমি আছে। সজাটোৰ তলত লিখা আছে ডাঙৰ ডাঙৰ আখৰেৰে– [ ৯৪ ]  ‘‘বাদচা তৈমুছ এবাৰ চিকাৰলৈ যাওঁতে এডোখৰ বৰ ডাঙৰ বহুমূলীয়া উজ্জ্বল হীৰা পালে। হীৰাডোখৰৰ মূল্যৰ আৰু সমগুণৰ হীৰা পৃথিৱীত দ্বিতীয় আৰু নাছিল। সেই দুৰ্ল্লভ হীৰাখনি নিৰাপদে থবলৈ তেওঁ এই ঐন্দ্ৰজালিক হামাম নিৰ্ম্মাণ কৰিলে আৰু সেই ভাটৌ চৰাইটোৰ পেটত হীৰাডোখৰ লুকুৱাই থলে। ইয়াত তিনডাল কাঁড় আছে। কোনোবা বীৰ পুৰুষে যদি এই কাঁড়েৰে এই ভাটো চৰাইটো মাৰিব পাৰে তেনেহলে তেৱেঁই হব এই মহাৰত্নৰ অধিকাৰী। কিন্তু ভাটেীটোক মাৰিব নোৱাৰিলে তেওঁ শিলা হৈ থাকিব।”
 হাতেমে বুজিলে এই মহাৰত্নৰ লোভতে অসংখ্য মানুহৰ আজি এই দশা। কিন্তু নানা বিপদসঙ্কুল পথ অতিক্ৰম কৰি যে এইখিনি পাইছেহি, তেওঁ আৰু উলটিবৰ উপায় ভাবিব নেপায়। গতিকে ঈশ্বৰক স্মৰণ কৰি হাতত ধেনুকাঁড় তুলি ললে। এপাট শৰ মাৰিলে। শৰ লক্ষ্যচ্যুত হল। হাতেম আঠুলৈকে শিলা হ'ল। মৃত্যু নিশ্চিত জানি পৰমেশ্বৰৰ চৰণত ভক্তিপূৰ্ণ ভাৱে হাতেমে আত্মসমৰ্পণ কৰি দ্বিতীয় শৰপাট হাতত তুলি মাৰি পঠিয়ালে। এইবাৰৰ ব্যৰ্থ হল। লগে লগে কঁকাললৈকে তেওঁ শিলা হল। আৰু এপাট শৰ বাকী। এইবাৰ তেওঁ ব্যাকুল ভাৱে ঈশ্বৰৰ নাম লবলৈ ধৰিলে—যাতে মৃত্যু সময়ত তেওঁ ঈশ্বৰৰ নাম মুখত থাকে। ঈশ্বৰৰ চৰণত সকলো মন প্ৰাণ অৰ্পণ কৰি কলে—“হে প্ৰভু, হে খোদা! তুমি যি কৰা সকলো মোৰ মঙ্গল।” তেওঁ শেষ শৰ নিক্ষেপ কৰিলে। এইবাৰ ভাটো চৰাইটো মৰিল। নিমিষতে অদ্ভুত পৰিবৰ্ত্তন ঘটিল। হাতেমৰ স্থিৰ, চকুত উজ্জ্বল সূৰ্য্যৰ পোহৰ পৰিলহি। মায়া “হামাম বাদগৰ্দ্দৰ চিন চাব নোহোৱা হল–মাত্ৰ তেওঁ চকুৰ আগত দেখা পালে সূৰ্যৰ ৰশ্মি পৰি মাটিত জ্বলি উঠিছে—দ্বিতীয় সূৰ্য্যৰ দৰে সেই মহা অমূল্য মাণিক হীৰাখণ্ড। তেওঁ সেই মহামাণিক হাতত তুলি ললে। চাওঁতে চাওঁতে শই শই ৰজা বাদচা আমীৰ ওমৰাহ লৰি আহি হাতেমৰ ভৰিত দীঘল দি পৰিলহি। কলে-“হে মহাপুৰুষ! কোন আপুনি? আমাক উদ্ধাৰ [ ৯৫ ] কৰিলে। আপুনি নিশ্চয় ঈশ্বৰপ্ৰেৰিত, নহলে মানুহৰ এই মহামায়া ভেদ কৰিবৰ ক্ষমতা নাই—যি যুগ যুগ ধৰি এই ভয়ানক যাদু ভাঙি পৃথিৱীৰ কল্যাণ সাধিব পাৰে। আমি যে কতকাল শিলা হৈ পৰি আছোঁ। আৰু যে কতলোক আহি শিলা হবলগীয়া হলহেঁতেন। কিন্তু আপুনি ঈশ্বৰপ্ৰেৰিত মহাপুৰুষ। আপুনি আমাক উদ্ধাৰ কৰিলে। আমাৰ হিয়াভৰা শ্ৰদ্ধা গ্ৰহণ কৰক।” এই বুলি হাতেমৰ ভৰি-ধুলি শিৰত সানি সানি লবলৈ ধৰিলে। হাতেমে কলে–"মই কোন ভাই! কি শক্তি আছে মোৰ! ক্ষুদ্ৰ মানুহ মই। মোৰ কি সাধ্য আছে যে, এই ভীষণ ইন্দ্ৰজাল ভেদ কৰিব পাৰোঁ। সকলো ঈশ্বৰৰ কাৰ্য্য। তেওঁৰ কাম তেওঁ সমাধা কৰিছে।”
 সকলোকে লৈ হাতেম উলটিল। হাৰেশ চাহৰ লগত সাক্ষাত কৰি তেওঁক অশেষ কৃতজ্ঞতা জনাই সকলে নিজৰ নিজৰ ঘৰলৈ উলটিল। যথা সময়ত চাহাবাদত উপস্থিত হৈ হাতেমে হাসনুবানুৰ লগত সাক্ষাৎ কৰি তেওঁৰ সপ্তম প্ৰশ্নৰ উত্তৰ দিলে। কলে-“হাসনুবানু! তোমাৰ সাতোটা প্ৰশ্নৰ উত্তৰ দি মোৰ প্ৰতিজ্ঞা ৰক্ষা কৰিলোঁ। শেষ প্ৰশ্নৰ সমাধানত মহামূল্য হীৰা দেখুৱালোঁ। হাসনুবানু! তুমি এইবাৰ তোমাৰ প্ৰতিজ্ঞা ৰক্ষা কৰাঁ।”
 এইবাৰ হাসনুবানুৱে পৰ্দ্দা ঠেলি বাহিৰলৈ ওলাই আহিল, আঠু কাঢ়ি কৃতজ্ঞতাৰে হিয়া ওপচাই কলে—“হে মহান্‌! মোৰ পৃথিৱীত কোনো নাই। একমাত্ৰ ধাত্ৰীয়েই মোৰ আপোন। এইবাৰ মই আপোনাৰ চৰণত আত্ম সমৰ্পণ কৰিলোঁ; এই জীৱনৰ ওপৰত আপোনাৰ সম্পূৰ্ণ অধিকাৰ।
 হাতেমে কলে-“তেন্তে তুমি মোৰ কন্যা! আজিৰপৰা মই তোমাৰ পিতৃ হলোঁ। উঠা আই! মই—আজি তোমাক উপযুক্ত পাত্ৰত অৰ্পণ কৰিম।”
 এদিন শুভদিনত ধুমধামেৰে বিয়া পাতি মহাত্মা হাতেমে মনীৰৰ হাতত হাসনুবানুক সম্প্ৰদান কৰি পিতৃকৰ্ত্তব্য পালন কৰিলে। এইবাৰ [ ৯৬ ] হাতেম নিজ ঘৰলৈ উলটিল। বুঢ়া “তাই” বাদচাহৰ বহুদিনৰ মূৰত হাতেমৰ মুখখনি দেখি পুত্ৰবিৰহ কাতৰ হিয়া আনন্দত উপচি পৰিল। হাতেমক বুকুত সাৱটি ধৰাত বুঢ়া পিতৃৰ চকুৰপানী পৰিবলৈ ধৰিলে। দেশজুৰি আনন্দ উৎসৱৰ আয়োজন হ’ল; দেশজুৰি দীপাৱলী জ্বলিল। নৃত্য, গীত, বাদ্য উৎসৱত মুখৰিত হৈ পৰিল। দুখী দৰিদ্ৰই দান পাই আনন্দ মনেৰে ঘৰলৈ উলটিল। দেশত দুখ দৰিদ্ৰতা নোহোৱা হ'ল। বুঢ়া বাদচাহৰ বিষাদী মুখত সৰল শিশুৰ দৰে হাঁহিয়ে উপচি পৰিল। ৰাজপুত্ৰ হাতেমৰ মুখে মুখে গুণগান বিয়পি পৰিল। ঘৰে ঘৰে ফুলমালা পতাকাৰে নগৰৰ শোভা বৰ্দ্ধন কৰি হাতেমক সাদৰ সম্ভাষণ জনালে।
 ইপিনে বহুকাল স্বামীবিৰহকাতৰা ‘জাৰিণ পোষে” স্বামী দৰ্শন পাই ইমান দিনৰ দুখ-কষ্ট পাহৰি পেলালে। বিয়াৰ পিচৰপৰা এই সুদীৰ্ঘ- কাল স্বামী নিৰুদ্দেশৰ বাটত, প্ৰতি পলে পলে তেওঁ কি দুখ যাতনা সহি দিন কটাইছে! কত দুখ, কত দুশ্চিন্তা, কিমান বিনিদ্ৰ নিশা তেওঁ চকুৰ পানী টুকি টুকি কটাইছে! আজি হেৰোৱা মাণিকক পাই তেওঁ সকলো পাহৰি পেলালে। সুখ-সাগৰত যেন বুৰ মাৰিলে। ৰাজপুত্ৰ হাতেমক পাই দেশত আনন্দৰ সোঁত ববলৈ ধৰিলে। বুঢ়া ‘তাই' ৰজাই এই আনন্দ উৎসৱ চিৰস্থায়ী কৰি উপযুক্ত প্ৰিয়দৰ্শন পুত্ৰক ৰাজ্যত অভিষেক কৰি নিজৰ শিৰৰ মুকুট পিন্ধাই দি সিংহাসনত বহুৱালে প্ৰজাবোৰে প্ৰিয় কুমাৰক ৰজাৰূপে পাই সুখী হ’ল। বুঢ়া বাদচাহে পুত্ৰক সিংহাসনত দেখি সুখ-সাগৰত ভাহিবলৈ ধৰিলে আৰু বিশ্ৰাম ললে।


শিৰদান

 হাতেম তাইৰ সজ চৰিত্ৰ, মহৎ গুণত সকলো মুগ্ধ। দেশ-বিদেশত হাতেমৰ মহৎ চৰিত্ৰৰ কথা শতমুখে প্ৰচাৰিত। ল’ৰা-বুঢ়া সকলোৱে হাতেমক ভাল পায়। তেওঁ ঈশ্বৰভক্ত, পৰোপকাৰী' দয়ালু, মিষ্টভাষী। [ ৯৭ ] তেওঁ ৰজা হোৱাত সকলো সুখী হল। মাত্ৰ এজন সুখী হব নোৱাৰিলে; তেওঁ আৰবদেশৰ বাদচাহ “নওফেল”।
 সমানৰ ভিতৰত বিদ্বেষ ভাব স্বাভাৱিকতে দেখা যায়। ক্ষমতাত সমান হলেও হাতেমৰ স্থান মনুষ্য সমাজৰ বহু উৰ্দ্ধত। হাতেমৰ মহত্ত্বত মুগ্ধ দেশ-বিদেশ বিয়পা কীৰ্ত্তিৰ কথা শুনি নওফেলৰ বুকুত ঈৰ্ষা জুই জ্বলি উঠিল।
 নওফেল ধনে-মানে, কুলে-শীলে, পৰাক্ৰমে হাতেমতকৈ কোনো গুণে হীন নাছিল। কিন্তু নওফেলৰ নাম মানুহে নলয় কিয়? কেউপিনেই শুনা যায়—মাত্ৰ হাতেম, হাতেম। তেওঁ হিংসাত চট্‌ফটাবলৈ ধৰিলে। শেষত হাতেমক তেওঁ বধ কৰি তেওঁৰ সিংহাসন কাঢ়ি লবলৈ থিৰ কৰিলে। ভাবিলে—হাতেম মৰিলে হাতেমৰ নাম নুমাব। তেতিয়া মানুহে তেওঁৰ নাম লবলৈ বাধ্য হব। যুদ্ধৰ সঙ্কল্প কৰি নওফেলে বিৰাট সৈন্যবাহিনী লৈ হাতেমৰ ৰাজ্য আক্ৰমণ কৰিলে। দেশত হুলস্থুল লাগিল। ভয়, আতঙ্কত ৰাইজ আহি হাতেমৰ ওচৰত আঠু ললে। হাতেম বীৰত্ব, পৰাক্ৰম, সৈন্যবল, ধনবলত পিচ পৰিব লগীয়া নাছিল। তেওঁ সহজে আক্ৰমণ প্ৰতিবোধ কৰি ৰাজ্যত শান্তি প্ৰতিষ্ঠা কৰিব পাৰিলেহেঁতেন।
 কিন্তু দয়ালু, পৰদুখত কাতৰ হাতেমৰ কোমল হিয়া যুদ্ধৰ তেজৰ সোঁতত অসংখ্য মানুহৰ প্ৰাণক উটুৱাই দিবলৈ কান্দি উঠিল। যিজনে মানুহ কিয়, কোনো প্ৰাণীকেই দুখ দিবলৈ ভাল নেপায়, সেইজনে অসংখ্য মানুহক যুদ্ধত মৰিবলৈ কেনেকৈ আগবঢ়াই দিব? ঈশ্বৰৰ সৃষ্ট সকলো প্ৰাণীৰে কল্যাণ সাধন, তেওঁৰ জীৱনৰ এয়েই তো একমাত্ৰ ব্ৰত। এই ব্ৰত সাৰোগত কৰি জীৱনত তেওঁ কিমান দুখ, কষ্ট বিপদ বৰণ কৰিছে। যুদ্ধত কিমান মানুহ মৰিব, কিমান মানুহে পুত্ৰ-ভাই-পিতাকক হেৰুৱাব, কিমান নাৰীয়ে পুত্ৰ স্বামী ভাই হেৰুৱাব। নাই তেওঁ এনে ভয়াবহ যুদ্ধ হবলৈ দিব নোৱাৰে। নওফেলৰ হিংসা একমাত্ৰ তেওঁৰ ওপৰত। তেওঁ আঁতৰি গলে নিৰ্ব্বিবাদে নওফেলে এই দেশ অধিকাৰ [ ৯৮ ] কৰিব। দেশৰ মানুহৰ ওপৰত তেওঁৰ হিংসা নাই যেতিয়া ৰাজ্য পালে তেওঁৰ মানুহ বধ কৰিবৰ প্ৰয়োজন নেথাকিব, প্ৰজাৰ শান্তি হব। গতিকে তেওঁ আঁতৰি যোৱাই উচিত। এই ভাবি তেওঁ নিজৰ দুখ-কষ্ট লাঞ্ছনা সহ্য কৰাকে সৰোগত কৰিলে। মহাপ্ৰাণ হাতেমে ৰাজ্য, ঐশ্বৰ্য্য, প্ৰাসাদ, সিংহাসন সকলো ত্যাগ কৰি নিশা অকলে ঘৰৰ পৰা বাজ হ’ল। এটি পৰ্ব্বতৰ মাজৰ গুহাত লুকাই থাকিল। ইপিনে নওফেলে কোনো বাধা নোপোৱাত হাতেমৰ ৰাজ্য সোমাই সিংহাসন অধিকাৰ কৰি এমন দেশ অধিকাৰ কৰিলে। ৰাজ-ভাণ্ডাৰৰ ঐশ্বৰ্য্য লুটি লৈ গ'ল।
 কিন্তু হিংসুক পৰশ্ৰীকাতৰ নওফেলৰ প্ৰাণত জানো শান্তি আহিল? হাতেম যে জীয়াই আছে! ৰাজ্য ধন লুটি ললে হয়, কিন্তু হাতেম জীয়াই থাকিলে, হাতেমৰ গুণ গান গোৱাটো বন্ধ নহব। হাতেমৰ গুণ গান শুনা অসহ্য। নওফেলৰ নাম দেখোন কোনোৱেই নলয়, মিছা হল। হাতেমৰ ৰাজ্য লুটি ললে কি হব? একো লাভ নাই। হাতেমক লাগে; হাতেমক বধিবই লাগিব। নহলে শান্তি নাই, ব্যক্তি নাই,—সুখ নাই; হাতেমক ধ্বংস কৰিবই লাগিব। বুকুত তাৰ নৰকৰ জুই জ্বলিছে। হিংসুক নওফেলে প্ৰচাৰ কৰিলে—“যি লোকে হাতেমক ধৰি আনি দিব তেওঁক পাঁচ হেজাৰ সোণৰ মোহৰ দিয়া হব।”
 কিন্তু নওফেলৰ প্ৰচাৰ মিছা হল! দিন গ'ল, মাহ গ'ল, বছৰ বাগৰি গ'ল; কিন্তু হাতেমক ধৰি অনা দূৰৰ কথা তেওঁৰ বাতৰিও কাৰো মুখৰপৰা শুনা নগল। প্ৰেমৰ গুণেৰে ৰাইজৰ হৃদয় জয় কৰি থৈছে হাতেমে; এনেজন প্ৰিয় মহাপুৰুষ হাতেমৰ কোনে সন্ধান দিব? নওফেলৰ বুকুত হিংসাৰ জুই দুগুণে জ্বলিবলৈ ধৰিলে। মনে মনে নিজকে ধিক্কাৰ দিবলৈ ধৰিলে।
 হে হাতেম! তই পলাতক গৃহহীন; কিন্তু তথাপি তই মোতকৈ ভাগ্যৱান। কেনেকৈ কি কৰিলে মোক সকলোৱে হাতেমৰ দৰে ভাল পাব? কোনে মোক এই উপায় শিকাই দিব? বলিয়াৰ [ ৯৯ ] দৰে নওফেলে নিজকে নিজে বলকি থাকে। যিমানেই দিন যাবলৈ ধৰিলে, নওফেলৰ জেদ্‌ দুগুণে বাঢ়িবলৈ ধৰিলে। পুৰস্কাৰ দুগুণে বঢ়াই দি আকৌ প্ৰচাৰ কৰিলে। এইবাৰ চোৰ-ডকাইত দুশ্চৰিত্ৰ মানুহৰ মাজত পুৰস্কাৰ ঘোষণা কৰা হ'ল।
 অভাৱগ্ৰস্ত বহুত চৰিত্ৰহীন লোক আছে, যি বোৰে এনে প্ৰলোভন জয় কৰা টান হ’ল। সেইবোৰে গোপনে হাতেমৰ অনুসন্ধানত লাগি গ'ল।
 এদিন কাঠকটীয়া বুঢ়া-বুঢ়ী এহাল হাবিত কাঠ কাটিবলৈ গৈছিল। সিহঁতে হাবিত কাঠ কাটি আনি বজাৰত বেচি যি পায় তাৰেই জীৱিকা নিব্বাহ কৰে। কিন্তু বুঢ়া-বুঢ়ীৰ দিনে দিনে বয়স বেচি হোৱাত শৰীৰৰ বল শক্তিৰ নাটনি পৰিছে। গতিকে আগৰ দৰে কাঠ কাটিব নোৱাৰি দুযো ভাগৰি পৰি মূৰে কপালে হাত দি এজোপা গছৰ ছাঁত বহিছে। মূৰৰ ওপৰত যেন দুপৰৰ ৰ’দে জুই হে বৰষিছে। কাঠ কাটোতে বুঢ়া-বুঢ়ীৰ জীউ যাওঁ যাওঁ যেন হৈছে। বুঢ়ীয়ে উশাহ কাঢ়ি কাঢ়ি কবলৈ ধৰিলে,—“হায় প্ৰভু!! এনেহে কপাল লৈ আহিছিলোঁ; দিনটো কাঠ কাটি কাটি পেট প্ৰবৰ্ত্তাইছিলোঁ; এতিয়া গাত বলো নাই- কিযা হ’ল, পেট ভৰাযো খাবলৈ নেপাওঁ। ইয়াতকৈ মানুহৰ কপালত আৰু কি দুখ হব পাৰে? শুনিছে ৰজা নওফেলে বোলে ঘোষণা কৰিছে—যেয়ে হাতেমক ধৰিব পাৰিব, তাকে বোলে দহ হেজাৰ সোণৰ মোহৰ দিব। হাতেমক যদি এই হাবিত পালোঁহেঁতেন ধৰি নি ৰজাক দি টকাখিনি পালোঁহেঁতেন। জীৱনৰ শেষকাল খিনি সেই টকাৰেই বহি খাব পাৰিলোঁহেঁতেন।
 কাঠুৰীয়াই বুঢ়ীক হুকি মাৰি কলে—মনে মনে থাক হেৰ, মিছাতে বলকি নেথাকিবি! তই এনেখন কপাল লৈ অহা নাই, হাতেমক ধৰি দি দহ হেজাৰ সোণৰ মোহৰ পাবলৈ। এনে কপাল হবনে? কপালৰ দুখ কোনে খণ্ডাব পাৰে?” বুঢ়াই দীঘল হুমুনিয়াহ এটা পেলালে। ঠিক এনে সময়েতে পিচপিনৰপৰা কোনোবাই মাত লগালে—“ময়ে [ ১০০ ] তোমালোকৰ দুখ গুচুৱাম। আতা আবু! ময়েই সেই পলৰীয়া হাতেম তাই। এই পৰ্ব্বতৰ গুহাৰপৰা তোমালোকৰ সকলোবোৰ কথা শুনিছোঁ। মোক নওফেলৰ ওচৰলৈ লৈ বলা; এতিয়াই দহ হেজাৰ সোণৰ মোহৰ পাবা। তোমালোকৰ সকলো দুখ গুচিব।” এই কথা কৈ-কৈ হাতেম আহি বুঢ়া-বুঢ়ীৰ আগতে থিয় হলহি। বুঢ়া বুঢ়ীয়ে নিজৰ চকু কাণকে বিশ্বাস কৰিব নোৱাৰা হ’ল। বুঢ়াই ভাবিলে-সপোন দেখিছো নে কি? মানুহে নো পৰৰ দুখ গুচুৱাবলৈ নিজৰ মূৰ আগবঢ়াব পাৰেনে? কি মায়া এইবোৰ! এইদৰে ভাবি ভাবি বুঢ়া-বুঢ়ীয়ে হাতেমৰ মুখলৈ ভেলেঙা লাগি চাই ৰ'ল। হাতেমে আকৌ কলে,-“কেলেই পলম কৰিছা? লৈ বলা মোক তোমালেকে। নহলে আন কোনোবাই আহি দেখিলে, তোমালোকৰ পুৰস্কাৰ পোৱা মিছা হব। তোমালোকৰ দুখৰ কথা শুনি মই অন্তৰত বৰ বেজাৰ পাইছোঁ; সেয়েহে নিজে ধৰা দিছোঁহি। বলা মোক বাদচাহৰ ওচৰলৈ লৈ ব’ল, পলম নকৰিবা।” কাঠকটীয়া বুঢ়াৰ মনত কি খেলালে ঈশ্বৰেহে জানিলে -বুঢ়াই বলিয়াৰ দৰে চিঞৰি উঠিল—“হাঁয়, প্ৰভু! নহয় নহয় নহয় এইবোৰ কি প্ৰলোভন দেখুৱাইছা? যাওক, আপুনি গুচি যাওঁক এই ঠাইৰপৰা; এই ঠাইত আৰু নেথাকিব। আমাৰ দেহত প্ৰাণ থাকে মানে আমি এনে ছয়তানি কৰিব নোৱাৰোঁ। হে প্ৰভু! আজি তুমি মাটিৰ পৃথিৱীত কি সৰগৰ ছবি দেখুৱালা দয়াময়! গতিকে যাওক আপুনি পলাই যাওক। কেউপিনে ৰজাৰ চৰে পিয়াপি দি আপোক বিচাৰি ফুৰিছে। কোনোবাই আপোনাক দেখিবহি, সৰ্ব্বনাশ হব। পলাওক পলাওক, জীৱন ৰাখক আপোনাৰ। দেৱতা! লুকাওক লুকাওক।”
 কাঠুৰীয়াৰ কথা শুনি হাতেমৰ মহৎ হৃদয় বিগলিত হ'ল, চকুৰ পানী ওলাল। তথাপি মনৰ ভাব লুকুৱাই হাতেমে কলে–“বুঢ়া ভাই! তোমাললাকে যদি মোক ধৰি নিনিয়া, তেন্তে মই নিজেই গৈ বাদচাহক কমগৈ তোমালোকে মোক লুকুৱাই ৰাখিছা বুলি। তেতিয়া তোমালোকেও [ ১০১ ] শাস্তিৰ হাত সাৰিব নোৱাৰিবা।” হাতেমৰ কথা শুনি বুঢ়া জ্বলি-পকি উঠি কলে—“কওক গৈ ৰজাৰ আগত। বুঢ়া হৈছে, বৰ দুখেৰে পৃথিৱীত জীয়াই আছোঁ। কিহৰ মায়া আছে এই হাড় কিডালৰ ওপৰত? ভয় নকৰো ৰজাৰ শাস্তিলৈ? তথাপি আপোনাক ধৰাই দি টকা খাব নোৱাৱোঁ। মূৰৰ ওপৰত ঈশ্বৰ আছে। জনমে জনমে অনাহাৰে মৰিম, দুখকেই জীৱনৰ সাৰথি কৰিম, তথাপি ছয়তান হব নোৱাৰিম।”
 কাৰ যেন কথা-বতৰা শুনি বুঢ়াই চঞ্চল চকুৰে কেউপিনে চকু ফুৰালে। বুঢ়াই আতঙ্কিত ভাৱে আকৌ কলে—“পলাওক! পলাওক! ৰজাৰ চৰ আহিছে আপোনাক বিচাৰি। যাওঁক আপুনি আঁতৰি গৈ প্ৰাণ ৰাখক।” এনেতে পিচ পিনৰপৰা বীভৎস উল্লাসৰ বিকট চিঞৰ শুনি বুঢ়াই হাঁয় প্ৰভু! হে ঈশ্বৰ, বুলি চিঞৰি মাটিত লুটি খাই পৰিল।
 চকুৰ পচাৰতে কিছুমান ৰজাৰ চৰে হাতেমক বেঢ়ি ধৰিলে। আনন্দৰ হৰ্ষধ্বনি কৰি কৰি ৰজাৰ ওচৰলৈ হাতেমক লৈ গ'ল। বুঢ়া-বুঢ়ীৰ হিয়া ফাটি গ’ল, চকুৰ পানীৰে বুকু ভহাই ভহাই কান্দি কান্দি বুঢ়া-বুঢ়ীও পিচ ললে।
 নওফেল ৰজা উজিৰ ওমৰাহসকলৰ সৈতে ৰাজ-দৰবাৰত বহি আছে। হাতেমক ধৰিবলৈ বুদ্ধি পৰামৰ্শ চলিছে। এনেতে হাতেমক বন্দী কৰি ধৰি অনা দেখি, সভাসদসকলৰে ৰজা আনন্দত জপিয়াই উঠিল। বন্দীক ৰজাৰ আগত থিয় কৰালে। ৰজাই সুধিলে- “তোমালোকৰ ভিতৰত কোনে হাতেমক ধৰিছা আগবাঢ়ি আহাঁ।” এজনে আগবাঢ়ি কলে—“চাহাজাদা! মই ধৰিছোঁ”। এনেতে আকৌ এজন আগবঢ়ি হাত জোৰকৈ কলে—“নহয় চাহাজাদা, মইহে হাতেমক প্ৰথমে ধৰিছোঁ।” আৰু দুই তিনিজন একেলগে আগবাঢ়ি কলে-“নহয় নহয়, মইহে ধৰিছো।” এই দৰে দহ বাৰজনে মই ধৰিছোঁ, মই ধৰিছোঁ, বুলি সভাস্থল হুলস্থুল লগাই দিলে। ৰজাই বুজিলে কাৰো কথা সঁচা নহয়। এইবাৰ ৰজাই হাতেমক সুধিলে-“হাতেম! তুমি সঁচা কথা কোৱাচোন [ ১০২ ] তোমাক কোনে ধৰিলে?” হাতেমে গম্ভীৰ মাতেৰে দৃঢ়তাৰে কলে “মোক এওঁলোকে ধৰা নাই, ধৰিছে সৌ বুঢ়া-বুঢ়ী হালে।” ৰজাই সুধিলে- “সেই বুঢ়া-বুঢ়া হালে তোমাৰ দৰে বলৱান ডেকাক কেনেকৈ ধৰিলে?” তেতিয়া হাতেমে বুঢ়া-বুঢ়ীয়ে কোৱামেলা কৰা শুনি সিহঁতে দুখ কষ্ট কৰি জীৱন-যাত্ৰা নিৰ্ব্বাহ কৰা আৰু হাতেমৰ বিষয়ে আলোচনা কৰা শুনি তেওঁৰ মন সিহঁতৰ দুৰৱস্থাত পমি গৈছিল। সিহঁতে এই পুৰস্কাৰ পাবৰ নিমিত্তে তেওঁ নিজে আহি ধৰা দিছিল। শেষত বুঢ়া-বুঢ়ীৰ লগত কথা পাত থাকোতে কি দৰে অনুচৰবোৰে ধৰিছিল সকলো অকপটে বিবৰি কলে।
 হাতেমৰ মহৎ প্ৰাণৰ এনে আত্মদানৰ কথা শুনি সভাসদসকলে হাতেমক ধন্য ধন্য কৰিবলৈ ধৰিলে। ইপিনে বুঢ়া-বুঢ়ী হালে সভাৰ ঘৰৰ এচুকত বহি হাত জোৰকৈ হাতেমৰ জীৱন ৰক্ষাৰ কাৰণে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাই কান্দিবলৈ ধৰিলে। —“হে প্ৰভু! তুমি দুনীয়াৰ মালিক। এই মহাপ্ৰাণ যুৱকৰ জীৱন ৰক্ষা কৰা। তোমাৰ মহিমা দেখুৱা প্ৰভু! আমাৰ কু-অভিপ্ৰায়তে এই অমূল্য জীৱন আজি নষ্ট হবলৈ ধৰিছে। হে প্ৰভু! দয়া কৰা।”
 বুঢ়া-বুঢ়ীৰ প্ৰাৰ্থনা শুনি সভাসদসকলৰ চকুত পানী বিৰিঙি উঠিল। সকলোৱেই যেন অস্ফুট স্বৰেৰ এই প্ৰাৰ্থনাকেই জনালে। সভা তন্ময় অৱস্থাত অভিভূত হৈ পৰিল। বাদচাহ নওফেলৰ এই দৃশ্য দেখি চকু মুকলি হল। নিজৰ ভুল অন্যায় সকলো বুজিব পাৰিলে। বাদচাহ নওফেল উঠি আহি হাতেমক আলিঙ্গন কৰি কলে,-“ক্ষমা কৰা ভাই মোৰ দোষ ক্ষমা কৰা।” বান্ধ খুলি হাতেমক নিজৰ সিংহাসনত বহুৱাই সন্মান জনালে। হাতেমৰ ৰাজ্য ঐশ্বৰ্য্য সকলো ওলোটাই দিলে। শেষত বুঢ়া-বুঢ়ীকো দহহেজাৰ সোণৰ মোহৰ দি পুৰস্কৃত কৰিলে।

⸻:০:⸻

এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২১ চনত ১ জানুৱাৰী ১৯৬১ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )