সমললৈ যাওক

পৃষ্ঠা:হাতেম তাই.djvu/১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
হাতেম তাই
 

সজাবলৈ আজ্ঞা দিলে বৰ অনুগৃহীত হওঁ।” সমশেষত ৰজায়ো তাতে মঞ্জুৰ হ’ল। ইয়াৰ পাছত হাসেনবানু মাহত দুবাৰ তিনিবাৰকৈ ৰজাক দৰ্শন কৰিবলৈ আহিবলৈ ধৰিলে। শেষত বছৰৰ মূৰত সাহাবাদ নগৰ তৈয়াৰী হলত মিস্ত্ৰী কাৰিকৰ সকলোকে বখশিশ দি বিদায় দিলে। তাৰ পাছত “হাসেনবানুয়ে” ৰাজসভালৈ প্ৰতিদিনে অহাযোৱা কৰিবলৈ ধৰিলে।

 এদিন ৰজাঘৰলৈ আহি হাসেনবানুয়ে দেখিলে যে ৰজাই তেওঁৰ গুৰুৰ ওচৰলৈ যাবলৈ কাৰবাৰ কৰিছে। হাসেনক দেখি ৰজাই কলে “বোপা মোৰ ইচ্ছা যে তুমিও মোৰ লগতে সেই সাধু সজ্জন জনক দেখা কৰিবলৈ যাবা। বলা দুয়ো গৈ তেখেতক দৰ্শন কৰি ইহ পৰকালৰ উপকাৰ সাধোঁ গৈ।” হাসেনে যদিও সেই সাধু ৰূপী দুৰাত্মাৰ মুখ দেখাও পাপ মুলি মনে মনে ভাবিছিল তথাপি ৰজাৰ অনুৰোধত ৰজাৰ লগত যাবলৈ বাধ্য হৈছিল। সন্ন্যাসীৰ ঘৰ পাই দস্তুৰ মতে অভিবাদন নমস্কাৰাদিৰ পাছত ৰজাই ইকথা সিকথাৰ পিছত সন্ন্যাসীৰ আগত হাসেনবানুক মেহেৰুসাহ বুলি পৰিচয় দিলে আৰু নানা ৰকমে প্ৰশংসা কৰিবলৈ ধৰিলে। হাসেনে তললৈ মূৰ কৈ ভাবিবলৈ ধৰিলে যে, “এই প্ৰশংসা মোৰ নহয় মোৰ ধনৰহে। মই সেই বৰজখৰ কন্যা হাসেন বানুয়েই। মোকেই নগৰৰ বাজ কৰি দিছিল। আৰু আজি মোৰ গুণ ৰাশিৰ ইমান প্ৰশংসা। কিছু কথা বতৰাৰ পাছত ৰজাই কলে যে মেহেৰসাহৰ ঘৰত যদি সন্ন্যাসী ঠাকুৰে শুভ পদাৰ্পন কৰি তেখেতে তেওঁৰ আতিথ্য গ্ৰহণ কৰে, তেন্তে তেওঁ বৰ উপকৃত হব। সন্ন্যাসীয়ে এই কথা শুনি মেহেৰসাহক প্ৰশংসা কৰি তাত মান্তি হল। তেতিয়া হাসেন বানুৱে ৰজাক জনালে যে “স্বৰ্গদেৱ মোৰ ঘৰ বহুত দূৰত এই চহৰত বৰজখ সদাগৰৰ ঘৰটো খালি আছে মোক যদি সেইটো কেদিন মানৰ নিমিত্তে দিয়ে তেন্তে মই তাতে এই পৰম ধাৰ্ম্মীক মহাত্মাক সোধ-পোচ কৰিব পাৰোঁ। ৰজাই এই কথাত মান্তি হৈ তাৰ পৰা