পৃষ্ঠা:হাতেম তাই.djvu/১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
হাতেম তাই
 

বন্দোবস্ত দেখি বৰ প্ৰশংসা কৰিলে। তাৰ পাছত “ফৰাণ সাহানত" বহিলগৈ। বানুৱে অতি ভক্তি আৰু বিনয়েৰে সম্ভাষণ কৰি সোণ, ৰূপ হীৰা জহৰতৰ থালবিলাক উপহাৰ দিলে। অতি লোভী হলেও ফকিৰে সম্প্ৰতি সাধুতা দেখুৱাই সেইবিলাক গ্ৰহণ নকৰিলে আৰু সংসাৰ যে অনিত্য আৰু সোণ ৰূপে যে সন্ন্যাসীৰ কোনো কামত নালাগে ইয়াকে কৈ প্ৰবোধ দিলে। তাৰ পাছত উৎকৃষ্ট আসনত বহি নানা ৰকম উৎকৃষ্ট খাদ্য খালে। সোণৰ চৰিয়াত হাত মুখ ধুই পুনৰ (সিংহাসন) ফৰাসে সহানাৎ বহিলগৈ। তাৰ পাছত ঘৰৰ দুৱাৰে দুৱাৰে গুণাৰ কাম কৰা পাট কাপোৰৰ পৰ্দ্দা হীৰা মুকুতাৰ নানাৰকমৰ আস্‌বাব ইত্যাদি দেখি মনে মনে গুনিব ধৰিলে যে “বৰজখ সদাগৰ বৰ ধনী আছিল। আজি ৰাতি এই ধন মোৰ ঘৰ পোৱাব লাগিব।” তাৰ পাছত হাসেনবানুক বহুত আশীৰ্বাদ দি সন্ন্যাসী তাৰ পৰা বিদায় হ’ল।

 দৈবাৎ ভাগৰে পৰিশ্ৰমে সেইদিনা খন বানুৰ চাকৰবিলাকেও ভাগৰ লাগি ঘৰৰ সদৰ দুৱাৰ জপাবলৈ পাহৰিলে, আৰু দিনত উলিওৱা সোণ ৰূপৰ বস্তুবিলাকো পেটাৰিত ভৰাই থবলৈ পাহৰিলে। দুপৰ নিশা সেই সন্ন্যাসী ডকাইত তাৰ দুকুৰি অনুচৰ লগত লৈ আহি ঘৰ সোমালহি আৰু ঘৰৰ বস্তু বাৰি লুটিবলৈ ধৰিলেহি। দুই চাৰিজন চাকৰ উঠি চিঞৰ-বাখৰ কৰাত ঘৰৰ আন আন চাকৰ বোৰো উঠিল। তেতিয়া সেই ডকাইতবিলাকে প্ৰায় দহবাৰ জনক প্ৰাণে মাৰিলে আৰু বহুতক জখম কৰি বস্তু-বাৰি লৈ পলাই গ’ল। হাসেন বানুৱে ওপৰত এখন খিৰিকীৰ পৰা চাই থাকি দেখিলে আৰু চিনিলে যে ডাকাইত আন কেওঁ নহয়। সেই সোণ ৰূপৰ ইটাত ভৰি দিয়া ফকিৰ আৰু তাৰ শিষ্যবিলাক। ৰাতিটো কোনো মতে শেষ হল, পুৱাতে হাসেন বানুৱে গৈ ৰাজ দৰবাৰত উপস্থিত হৈ গোচৰ কৰিলেগৈ। ৰজাই সিংহাসনত বহিয়েই ওৰণি লোৱা ছোৱালীটিৰ কি গোচৰ এই বুলি সোধাত এজন পাত্ৰই বানুক কি কব লগীয়া আছে কবলৈ কলে।