হাতেম যোৱা মাত্ৰেই তেওঁৰ আগত আনি এখন থাল আৰু এলোটা পানী দিলেহি। হাতেমে দেখে যে সেই দুৰ্ভগীয়া মানুহ জনৰ আগত এখন থালত দিছে কিছুমান শিলৰ টুকুৰা আৰু এলোটা গছৰ ৰস আৰু কুঁজা এটাত একুঁজা পানী; তাতো পূজ তেজ আদি নানান প্ৰকাৰ দুৰ্গন্ধময় বস্তুৰে ভৰা। চকু কাণ মুদি হাতেমে নিজৰ ভাগ খাই উঠিল। তাৰ পাচত তাৰে এজনক সুধিলে-“আপোনালোকে যে ইমান আনন্দেৰে নানান ভোগ কৰি আছে সেই বেচেৰা গৰীবৰ এনে দুৰৱস্থা কেলেই হৈছে? মানুহজনে কলে যে তেওঁলোকে ইয়াৰ কোনো ৰহস্য নেজানে। সেই মানুহ জনক সুধিলেই সকলো কথা গম পাব। হাতেমে তাৰ ওচৰলৈ গৈ তাক সুধিলত কবলৈ ধৰিলে—“মই জীয়াই থাকোঁতে এজন সদাগৰ আছিলোঁ। মোৰ নাম আছিল ‘ইউচুফ'। এইবিলাক যে দেখিছা ইহঁত আছিল মোৰ চাকৰ; মোৰ অপাৰ ধন দৌলত আছিল। কিন্তু মই ইমান কৃপণ আছিলোঁ যে ঈশ্বৰৰ বা ধৰ্ম্মৰ বা সজকামৰ নামেৰে এক পইচাও খৰচ কৰিব নোৱাৰিছিলোঁ। মোৰ চাকৰবিলাকে নিজৰ নিজৰ পইচা খৰচ কৰি মাজে মাজে ধৰ্ম্ম কামত লগালে মই সিহঁতক খুব মাৰ-পিট কৰিছিলোঁ। সিহঁতে সেই অত্যাচাৰ সহ কৰিও পৰকালৰ নিমিত্তে যথাসাধ্য ধৰ্ম্ম কৰ্ম্ম কৰি আছিল। তাৰ ফলত আজি মোৰ এই দুখ কষ্ট আৰু নিজ নিজ সুকৃতিৰ ফলত সিহঁত ইমান আনন্দেৰে আছে। এই ফালেদি বণিজ বেহাবলৈ যাওঁতে বাটতে ডকাইতে পাই চাকৰ বাকৰেৰে সৈতে আমাৰ সকলোটিকে বধ কৰি ইয়াতে পুতি থৈ মাল বস্তু কাঢ়ি লৈ গুচি গল। এতিয়া মোৰ লৰা-ছোৱালী বিলাকে খাবলৈ নেপাই বাটে বাটে ভিক্ষা কৰি কৰি ফুৰিব লাগিছে।” হাতেমে সুধিলে যে তেওঁৰ এই দুঃখৰ অন্ত কেনেকৈ হব পাৰে। তেওঁ কলে—“হব পাৰে-যদি কোনোবাই মোৰ দেশলৈ যায়। আৰু তাত সদাগৰ চুবুৰিত যি মোৰ ঘৰ আছে তাৰ ওচৰতে এজোপা গছৰ তলত বহুত ৰত্ন পুতি খোৱা আছে। যদি সেইবোৰ উলিয়াই দান যজ্ঞ কৰে আৰু মোৰ লৰা-ছোৱালীবিলাকক প্ৰাণ প্ৰৱৰ্ত্তনৰ সুবিধা৫
পৃষ্ঠা:হাতেম তাই.djvu/৪৩
অৱয়ব