পুখুৰীৰ পিনে আগবাঢ়ি যাওঁতে ওপৰলৈ চকু পৰিল, আৰু গা শিয়ঁৰি উঠিল। ভয়ত চিঞৰ ধৰিলে। পুখুৰীৰ ওপৰৰ সেই ডাঙৰ গছ জোপাৰ ডালবোৰত অতি ধুনীয়া ধুনীয়া তিৰুতা মানুহবোৰৰ মূৰবোৰ ওলমি আছে। আটাইতকৈ ওখ ডালটো পুখুৰীত লাগো লাগো হৈ ওলমি আছে, আৰু ডাঙৰ মূৰৰপৰা তেজবোৰ জৰজৰকৈ বৈ বৈ তেজৰ পুখুৰী হৈ গৈছে। সেই ডালটোত যি জনী সুন্দৰী ছোৱালীৰ মূৰটো ওলমি আছে, সেই ছোৱালী জনী অসামান্যা সুন্দৰী; এনে সুন্দৰী কন্যা হাতেমে জীৱনত কেতিয়াও দেখা নাই। সেই মূৰবোৰ যদিও কটা মূৰ, মুখবোৰ জীয়া মানুহৰ দৰে; প্ৰত্যেক খন মুখতে হাঁহি বিৰিঙি আছে। মাত্ৰ আটাইতকৈ সুন্দৰী ছোৱালীজনীৰ মূৰটোৰ দৃষ্টি অতি কৰুণ, চকুত যেন এটি কৰুণ আবেদন ফুটি আছে। মুখখনি অতি বেজাৰেৰে ভৰা। সেই মুখখনিৰ কৰুণকাতৰ দৃষ্টিয়ে হাতেমক বিচলিত কৰি তুলিলে। তেওঁৰ বুজিবলৈ বাকী নেথাকিল যে, এইটো কোনো দুবৃত্তৰ নিষ্ঠুৰ অত্যাচাৰৰ মায়া-দৃশ্য। ইমানবোৰ নাৰী হত্যা কৰিলে? কি পৈশাচিক দৃশ্য! এইদৰে হতভম্ব হৈ ভাবি থাকোঁতেই লাহে লাহে বেলি মাৰ গৈ এন্ধাৰ হৈ আহিল। তেওঁ অপলক দৃষ্টিৰে চাই চাই থাকোঁতেই দেখিলে এটি আচৰিত পৰিবৰ্ত্তন। এন্ধাৰ হোৱাৰ লগে লগেই গুছিৰপৰা পকা আম সৰি পৰাৰ দৰে টপ্ টপ্কৈ কটা মূৰবোৰ তেজৰ পুখুৰীত সৰি পৰিল। চাওঁতে চাওঁতেই তেজৰ পুখুৰীৰ ঠাইত এটা ধুনীয়া প্ৰাসাদোপম অট্টালিকা জিলিকি উঠিল। প্ৰাসাদৰ ভিতৰত সুসজ্জিত দৰবাৰ ঘৰ পোহৰত জলমলাবলৈ ধৰিলে। ঘৰৰ ভিতৰত মূল্যৱান আসনবোৰ শাৰী শাৰীকৈ পাতি থোৱা মজিয়াত মূল্যৱান কাৰ্পেট পৰা। সো-মাজতে এখন বহুমূলীয়া সোণৰ সিংহাসন পাতি হোৱা। সিংহাসনৰ মণি মুকুতাবোৰ পোহৰত জোন বেলিৰ দৰে জিলিকি উঠিছে। আকৌ দেখিলে—এজাক ধুনীয়া গাভৰুৱে পৰ্দ্দা খন আঁতৰাই-ভিতৰলৈ সোমাই আহি কেউপিনে চাই সন্ত্ৰমেৰে থিয় হল।
পৃষ্ঠা:হাতেম তাই.djvu/৬৬
অৱয়ব