তোমাক কোনে ধৰিলে?” হাতেমে গম্ভীৰ মাতেৰে দৃঢ়তাৰে কলে “মোক
এওঁলোকে ধৰা নাই, ধৰিছে সৌ বুঢ়া-বুঢ়ী হালে।” ৰজাই সুধিলে-
“সেই বুঢ়া-বুঢ়া হালে তোমাৰ দৰে বলৱান ডেকাক কেনেকৈ ধৰিলে?”
তেতিয়া হাতেমে বুঢ়া-বুঢ়ীয়ে কোৱামেলা কৰা শুনি সিহঁতে দুখ কষ্ট কৰি
জীৱন-যাত্ৰা নিৰ্ব্বাহ কৰা আৰু হাতেমৰ বিষয়ে আলোচনা কৰা শুনি
তেওঁৰ মন সিহঁতৰ দুৰৱস্থাত পমি গৈছিল। সিহঁতে এই পুৰস্কাৰ পাবৰ
নিমিত্তে তেওঁ নিজে আহি ধৰা দিছিল। শেষত বুঢ়া-বুঢ়ীৰ লগত কথা
পাত থাকোতে কি দৰে অনুচৰবোৰে ধৰিছিল সকলো অকপটে
বিবৰি কলে।
হাতেমৰ মহৎ প্ৰাণৰ এনে আত্মদানৰ কথা শুনি সভাসদসকলে
হাতেমক ধন্য ধন্য কৰিবলৈ ধৰিলে। ইপিনে বুঢ়া-বুঢ়ী হালে সভাৰ
ঘৰৰ এচুকত বহি হাত জোৰকৈ হাতেমৰ জীৱন ৰক্ষাৰ কাৰণে ঈশ্বৰৰ
ওচৰত প্ৰাৰ্থনা জনাই কান্দিবলৈ ধৰিলে। —“হে প্ৰভু! তুমি
দুনীয়াৰ মালিক। এই মহাপ্ৰাণ যুৱকৰ জীৱন ৰক্ষা কৰা। তোমাৰ
মহিমা দেখুৱা প্ৰভু! আমাৰ কু-অভিপ্ৰায়তে এই অমূল্য জীৱন
আজি নষ্ট হবলৈ ধৰিছে। হে প্ৰভু! দয়া কৰা।”
বুঢ়া-বুঢ়ীৰ প্ৰাৰ্থনা শুনি সভাসদসকলৰ চকুত পানী বিৰিঙি উঠিল।
সকলোৱেই যেন অস্ফুট স্বৰেৰ এই প্ৰাৰ্থনাকেই জনালে। সভা
তন্ময় অৱস্থাত অভিভূত হৈ পৰিল। বাদচাহ নওফেলৰ এই দৃশ্য
দেখি চকু মুকলি হল। নিজৰ ভুল অন্যায় সকলো বুজিব পাৰিলে।
বাদচাহ নওফেল উঠি আহি হাতেমক আলিঙ্গন কৰি কলে,-“ক্ষমা
কৰা ভাই মোৰ দোষ ক্ষমা কৰা।” বান্ধ খুলি হাতেমক নিজৰ সিংহাসনত
বহুৱাই সন্মান জনালে। হাতেমৰ ৰাজ্য ঐশ্বৰ্য্য সকলো ওলোটাই
দিলে। শেষত বুঢ়া-বুঢ়ীকো দহহেজাৰ সোণৰ মোহৰ দি পুৰস্কৃত
কৰিলে।
⸻:০:⸻