কৰিলে। আপুনি নিশ্চয় ঈশ্বৰপ্ৰেৰিত, নহলে মানুহৰ এই মহামায়া
ভেদ কৰিবৰ ক্ষমতা নাই—যি যুগ যুগ ধৰি এই ভয়ানক যাদু ভাঙি
পৃথিৱীৰ কল্যাণ সাধিব পাৰে। আমি যে কতকাল শিলা হৈ পৰি
আছোঁ। আৰু যে কতলোক আহি শিলা হবলগীয়া হলহেঁতেন। কিন্তু
আপুনি ঈশ্বৰপ্ৰেৰিত মহাপুৰুষ। আপুনি আমাক উদ্ধাৰ কৰিলে। আমাৰ
হিয়াভৰা শ্ৰদ্ধা গ্ৰহণ কৰক।” এই বুলি হাতেমৰ ভৰি-ধুলি শিৰত
সানি সানি লবলৈ ধৰিলে। হাতেমে কলে–"মই কোন ভাই! কি শক্তি
আছে মোৰ! ক্ষুদ্ৰ মানুহ মই। মোৰ কি সাধ্য আছে যে, এই ভীষণ
ইন্দ্ৰজাল ভেদ কৰিব পাৰোঁ। সকলো ঈশ্বৰৰ কাৰ্য্য। তেওঁৰ কাম তেওঁ
সমাধা কৰিছে।”
সকলোকে লৈ হাতেম উলটিল। হাৰেশ চাহৰ লগত সাক্ষাত কৰি
তেওঁক অশেষ কৃতজ্ঞতা জনাই সকলে নিজৰ নিজৰ ঘৰলৈ উলটিল।
যথা সময়ত চাহাবাদত উপস্থিত হৈ হাতেমে হাসনুবানুৰ লগত সাক্ষাৎ
কৰি তেওঁৰ সপ্তম প্ৰশ্নৰ উত্তৰ দিলে। কলে-“হাসনুবানু! তোমাৰ
সাতোটা প্ৰশ্নৰ উত্তৰ দি মোৰ প্ৰতিজ্ঞা ৰক্ষা কৰিলোঁ। শেষ প্ৰশ্নৰ
সমাধানত মহামূল্য হীৰা দেখুৱালোঁ। হাসনুবানু! তুমি এইবাৰ তোমাৰ
প্ৰতিজ্ঞা ৰক্ষা কৰাঁ।”
এইবাৰ হাসনুবানুৱে পৰ্দ্দা ঠেলি বাহিৰলৈ ওলাই আহিল, আঠু
কাঢ়ি কৃতজ্ঞতাৰে হিয়া ওপচাই কলে—“হে মহান্! মোৰ পৃথিৱীত
কোনো নাই। একমাত্ৰ ধাত্ৰীয়েই মোৰ আপোন। এইবাৰ মই আপোনাৰ
চৰণত আত্ম সমৰ্পণ কৰিলোঁ; এই জীৱনৰ ওপৰত আপোনাৰ সম্পূৰ্ণ
অধিকাৰ।
হাতেমে কলে-“তেন্তে তুমি মোৰ কন্যা! আজিৰপৰা মই তোমাৰ
পিতৃ হলোঁ। উঠা আই! মই—আজি তোমাক উপযুক্ত পাত্ৰত
অৰ্পণ কৰিম।”
এদিন শুভদিনত ধুমধামেৰে বিয়া পাতি মহাত্মা হাতেমে মনীৰৰ
হাতত হাসনুবানুক সম্প্ৰদান কৰি পিতৃকৰ্ত্তব্য পালন কৰিলে। এইবাৰ
পৃষ্ঠা:হাতেম তাই.djvu/৯৫
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
হাতেম তাই
৮৫
![](http://upload.wikimedia.org/wikipedia/commons/thumb/9/9e/%E0%A6%B9%E0%A6%BE%E0%A6%A4%E0%A7%87%E0%A6%AE_%E0%A6%A4%E0%A6%BE%E0%A6%87.djvu/page95-943px-%E0%A6%B9%E0%A6%BE%E0%A6%A4%E0%A7%87%E0%A6%AE_%E0%A6%A4%E0%A6%BE%E0%A6%87.djvu.jpg)