নমাই দিলে। আকাশেদি উৰি যাওঁতে হাতেমে মাথােন ধোঁৱাহে দেখিছিল, আন একো দেখা নাছিল। হাতেমৰ কাণত এটা চিঞৰ পৰিলহি—।
“পৰলৈ হুল চাচিলে আগতে আপুনি মৰে ফুটি ঐ
আপুনি মৰে ফুটি।”
সেই চিঞৰৰ শব্দ লক্ষ্য কৰি হাতেমে গৈ দেখা পালে এটা আচৰিত দৃশ্য৷ এখন পথাৰৰ মাজত এডাল পুৰণি বৰগছ। সেই গছ ডালৰ ঠাল এটাত এটা বৰ প্ৰকাণ্ড পিঞ্জৰা ওলমি আছে। পিঞ্জৰাটোৰ ভিতৰত এজন কণা বুঢ়া বহি আছে। মাজে মাজে বুঢ়াই কপালত চাপৰ মাৰি দিয়ে আৰু চিঞৰি কান্দি উঠে—
“পৰলৈ হুল চাচি— আগতে মৰিলোঁ ফুটি ঐ আগতে মৰিলোঁ ফুটি।”
এই দৃশ্য দেখি হাতেমৰ কৰুণ হিয়া কান্দি উঠিল। বুঢ়াক সাদৰ সম্ভাষণ কৰি এইদৰে কান্দি থকাৰ কাৰণ সুধিলে। বুঢ়াই উত্তৰ দিয়ক চাৰি খং আৰু বিৰক্তিত হাতেমক গালি পাৰিবলৈ ধৰিলে।
“হেৰ মৰিবলৈ ওলােৱা, তই কোন অ’!
মােক নিজানতো শান্তিৰে থাকিবলৈ নিদিয়নে ?”
গুচ্ গুচ্ আদৰ চেলাব নেলাগে, য’ৰ মানুহ তলৈ যা।”
এই কথা শুনি হাতেমে আকৌ কলে—“আপ! শুনক ঈশ্বৰে মােক আপােনাৰ দুখ গুচুৱাবলৈ পঠিয়াইছে। দয়াকৰি আপােনাৰ দুখৰ বিৱৰণ মােক কওক । মই নিজৰ জীৱন দি হলেও আপােনাৰ দুখ গুচুৱাম।” বুঢ়াই কলে—“হেৰৌ বাটৰুৱা! তই যদি মােৰ দুখ গুচুৱাবলৈ আহিছ, তেনে আগতে শপত খা—মােক এই অৱস্থাৰপৰা উদ্ধাৰ কৰিবি বুলি । আন দহজনৰ দৰে মােৰ কথাখিনি শুনি মােক ইতিকিং কৰি পলাই নেযাওঁ বুলি। মােৰ দুখৰ কথাবােৰ শুনি দহজনৰ আগত কৈ কৈ ৰহইচ কৰি নুফুৰোঁ বুলি। তেতিয়াহলে মই কওঁ মােৰ কথা।” হাতেমে বুঢ়াৰ গালি খাই অকণাে খং নকৰিলে। ঈশ্বৰৰ নাম লৈ বুঢ়াৰ দুখ গুচুৱাম বুলি শপত খালে। বুঢ়াই কবলৈ ধৰিলে—“মই এই দেশৰ