কিলাই “চুনী” পাথৰ ডোখৰ নিবলৈ যত্ব কৰিলে। ঠিক তেনে সময়তে কাৰ এষাৰ ভয়ানক মাতত পথাৰখন কঁপি উঠিল। চোৰহঁত পলাই পত্ৰং দিলে। কিন্তু মই পলাব নোৱাৰিলোঁ। ভয়তে কাঠৰ দৰে হৈ কঁপিবলৈ ধৰিলোঁ। মানুহজনে আহি পৰিচয় সুধিলে। মই মিছা কথা কব নোৱাৰিলোঁ, অকপটে মোৰ সকলো পাপৰ কথা তেওঁক কলোঁ। আৰু মোৰ চোৰাই মালবোৰ দেখুৱালোঁ। সেই মানুহজনে মোক কলে, যিহেতু তুমি বেয়া কাম কৰিও সঁচা কথা কৈ স্বীকাৰ কৰিলা, সেই বাবে তোমাক ক্ষমা কৰিলোঁ। তুমি এই মালবোৰ লৈ যোৱাঁ৷ এই মাল তোমাৰ হল। আজিৰপৰা তুমি ঈশ্বৰৰ নামত শপত খোৱা—জীৱনত কেতিয়াও জুৱা নেখেলোঁ বুলি। মই শপত খালোঁ। তেওঁ মোক আশীৰ্ব্বাদ কৰিলে। মই আহি এই ঠাইত সেই ধন-সম্পত্তিৰে এই অট্টালিকা সাজিলোঁ। মানুহৰ মোৰ প্ৰতি হিংসা হবলৈ ধৰিলে—আৰু ৰজাৰ ঘৰত গোচৰ দিলে ৰজাৰ বিচাৰলৈ বান্ধি ধৰি লৈ গ'ল। ৰজাৰ আগতত মই এটা কথাও নুলুকুৱাকৈ আদিৰেপৰা অন্তলৈকে সকলো সঁচা কথা কলোঁ। ৰাজকুমাৰীৰ যথাসৰ্বস্ব চুৰি কৰি অনাৰ কথাও কলোঁ। ৰজাই মোৰ সকলো কথা নিৰ্ভয় ভাবেৰে কোৱা শুনি, বিশেষকৈ চোৰ এজনে এনেদৰে সঁচা কথা কোৱা শুনি বিস্ময় মানিলে। আৰু কলে চোৰ হলেও এই মানুহটো সত্যবাদী। মোৰ জীৱনত এইটো এটা আচৰিত অভিজ্ঞতা। গতিকে মই এই সত্যবাদী চোৰক ক্ষমা কৰিলোঁ। বিশেষকৈ তেওঁ যেতিয়া চুৰি বিদ্যা এৰি সৎভাৱে জীৱন নিৰ্ব্বাহ কৰিছে, এই মানুহ মোৰ ক্ষমাৰ পাত্ৰ। সেই দিনাই ঘৰলৈ উলটি আহি এই মহামন্ত্ৰষাৰ মোৰ বাট-চ’ৰাত লিখি থলোঁ। এই কথা দুফাকিৰ এই ইতিহাস। প্ৰত্যেক প্ৰশ্নকাৰীকে মোৰ এই পাপৰ ইতিহাস কবলৈ মোক এই কথা দুশাৰীয়ে সুবিধা দিলে।
হাতেমৰ তথ্য সংগ্ৰহ সম্পূৰ্ণ হ'ল। তেওঁ বিদায় লৈ “সাহাবাদৰ” পিনে যাত্ৰা কৰিলে। সাহাবাদত পোনতেই মনিৰ স্বামীক সাক্ষাৎ কৰি তেওঁৰ সফলতাৰ কথা কলে। তেওঁ অতি আনন্দিত হ’ল। শেষত