আহিলে অতিথিয়ে প্ৰাণ হেৰুৱায়। আন মানুহৰ তালৈ গলে অতিথিয়ে সেৱা-শুশ্ৰূষা আদৰ-যত্ন পায়। সেই কাৰণে তেওঁলোকৰ নাম আকতাবৰ (সূৰ্য্যৰ) নিচিনা ৰোসনদাৰ হৈ থাকে।” এই কথা শুনি ৰজা- জনে বহুত দুখ কৰিলে। কলে—“মই কি কৰিম। এই নগৰৰ নাম আগেয়ে আছিল “আদল আবাদ” অৰ্থাৎ সুবিচাৰৰ স্থান; এতিয়া ইয়াৰ নাম হৈছে “বেদাদ নগৰ।” মোৰ হতভাগিনী ছোৱালী জনীৰ ওপৰত কি এটা দুৰ্দ্দৈবই অধিকাৰ কৰিছেহি—যাৰ বাবে ইয়াত বাটৰুৱাই প্ৰাণ হেৰুৱায় আৰু সিহঁতৰ বধৰ ভাগী হওঁ মই। নিজৰ পেটৰ পোৱালি গুণে ছোৱালী জনীক মাৰি পেলাবও নোৱাৰোঁ।” হাতেমে তেতিয়া ঈশ্বৰক স্মৰণ কৰি কলে “হে ৰজা! মোক সেই ছোৱালী জনীৰ ওচৰলৈ লৈ যাওক। ঈশ্বৰে কৰিলে মই এই বিষয়ৰ সমাধান কৰিব পাৰিম।” ৰজাই হাতেমক ছোৱালীৰ ওচৰলৈ পঠিয়াই দিলে। পৰ্দ্দাৰ আঁৰত ছোৱালীটী বহি আছিল। হাতেমক দেখি বহুত আদৰ সাদৰ কৰি বহুমূল্য আসনত বহুৱালে। ছোৱালীটীৰ ৰূপ দেখি হাতেম আচৰিত হল আৰু মনে মনে দুঃখ কৰিবলৈ ধৰিলে যে হে ভগৱান ইমান অতুলনীয় ৰূপ দিয়ে এই কন্যাটাক কেলেই এনে কৰিছা। কন্যাও হাতেমক দেখি মুগ্ধ হ'ল। ধাইৰ আগত ছোৱালীটীযে দুখ কৰি কলে যে এইজন পুৰুষকো কালি বধ কৰিব লাগিৰ। ধাইমাকে কুঁৱৰীক বহুত অবোধ দিলে। হাতেমে ধাইক সুধিলে কি কাৰণে ইয়াত ইমান মানুহক বধ কৰা হয়। ধায়ে কলে—“ৰাতি হলে এই ছোৱালী জনী বলিয়া হয় আৰু তিনিটা প্ৰশ্ন সোধে। যাক প্ৰশ্ন সোধে সি উত্তৰ দিব নোৱাৰে কাৰণে তাক বধ কৰে।” কথাই-বতৰাই সন্ধিয়া হল। হাতেমৰ আগত ধাযে আনি নানা ৰকমৰ সুমিষ্ট খাদ্য খাবলৈ দিলেহি। হাতেমে তাক স্পৰ্শও নকৰিলে। ধায়ে কলে—“তুমি ঠিক মানুহ হয়। নিমখ সম্বন্ধে তোমাৰ ধাৰণা আছে।” ইয়াৰ পাচত ৰাতি হল। লগুৱা লিকচৌ তাৰপৰা আঁতৰি গল। কোঠাৰ দুৱাৰ ভালকৈ বন্ধ কৰি দিয়া হল। মাথোন হাতেম আৰু সেই কুঁৱৰী কোঠাৰ মাজত থাকিল। অলপমান পৰৰ পাচত কুঁৱৰী বলিয়া হৈ
পৃষ্ঠা:হাতেম তাই.djvu/৪৭
অৱয়ব