পৃষ্ঠা:হাতেম তাই.djvu/২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৮
হাতেম তাই

নকৰিবি।” ঘোঙে সেই কথাটোত মান্তি নহৈ হাতেমক আক্ৰমণ কৰিবলৈ উদ্যত হলত হাতেমে ঘোঙ-ঘোঙনী দুয়োকো টেটুত দুহাতে ধৰি মাটিত পেলাই টেপা মাৰি ধৰিলে। উশাহ নেপাই সিহঁত মৰোঁ মৰোঁ হ’ল। তেতিয়া প্ৰাণ বধ কৰিবৰ ইচ্ছা নকৰি সিহঁতৰ নখকেটা উঘালি পেলালে আৰু দাঁত কেটা ভাঙি দি এৰি দিলে। সিহঁতে তাৰ বিষত ছটফটাই থাকোতে হাতেমে আঠুকাঢ়ি ঈশ্বৰক প্ৰাৰ্থনা কৰিলে—“হে প্ৰভু! মোক ক্ষমা কৰা! আৰু এই নিৰ্ব্বোধ পশু কেইটাৰ যাতনাৰ নিবৃত্তি কৰি দিয়া।” চাওঁতে চাওঁতে সিহঁতৰ যাতনা নিবৃত্তি হল। তেতিয়া সিহঁতে কান্দি কালি কবলৈ ধৰিলে—“এতিয়া আমি কেনেকৈ আহাৰ ধৰিম আৰু কেনেকৈ জীয়াই থাকিম।” হাতেমে ক’লে—“হেৰ অজান পশু, দুখ নকৰিবি। যি প্ৰভুৱে সকলোকে সৃজন কৰিছে তেৱেঁই তহঁতক আহাৰ যোগাব।” তেতিয়া জোপৰ আঁৰৰপৰা শিয়াল ওলাই আহি সইত খাই কলে—“আমি জীয়াই থকাত ঘোঙৰ আহাৰৰ নিমিত্তে কেতিয়াও ভাবিব নেলাগে। যি আহাৰ সিহঁতে খাব পাৰে, সেই আহাৰকৈ সদায় নিয়মিত ৰূপে যোগাই থাকিম।” ইয়াৰ পাচত হাতেম পুনৰ শিয়ালৰ বাহৰ ওচৰলৈ গ’ল। শিয়াল- শিয়ালীৰ মন আনন্দ আৰু কৃতজ্ঞতাত উপচি পৰিল। শিয়ালীয়ে শিয়ালক কলে—“এইজন মানুহক অকলে যাবলৈ দিব নোৱাৰি; তুমিও যোৱাঁ।” শিয়ালেও হাতেমৰ লগত যাবলৈ ওলাল। হাতেমে কিন্তু তাক ধন্যবাদ দি যাবলৈ হাক দিলে আৰু কেৱল বাট দেখুৱাই দিবলৈ অনুৰোধ কৰিলে। অগত্যা শিয়ালে “দস্য হাৱেদা” ৰ বাট দেখুৱাই দি বিদায় ললে আৰু হাতেম আগবাঢ়ি গল। গৈ গৈ এঠাইত চাৰি আলিৰ মূৰ পালেগৈ। তাত থিয় দি কেনি যাব ভাবি চিন্তি থাকোতেই দেখা পালে যে অসংখ্য ভালুক ইফালে সিফালে লৰিব লাগিছে। সেইখন ভালুক ৰজাৰ দেশ। প্ৰজাবিলাকে হাতেমক ধৰি ৰজাৰ কাষলৈ লৈ গ’ল। ৰজাই হাতেমক দেখি


“দস্য হাৱেদা”—এখন ঠাইৰ নাম।