তেওঁ ৰজা হোৱাত সকলো সুখী হল। মাত্ৰ এজন সুখী হব নোৱাৰিলে;
তেওঁ আৰবদেশৰ বাদচাহ “নওফেল”।
সমানৰ ভিতৰত বিদ্বেষ ভাব স্বাভাৱিকতে দেখা যায়। ক্ষমতাত
সমান হলেও হাতেমৰ স্থান মনুষ্য সমাজৰ বহু উৰ্দ্ধত। হাতেমৰ
মহত্ত্বত মুগ্ধ দেশ-বিদেশ বিয়পা কীৰ্ত্তিৰ কথা শুনি নওফেলৰ বুকুত ঈৰ্ষা
জুই জ্বলি উঠিল।
নওফেল ধনে-মানে, কুলে-শীলে, পৰাক্ৰমে হাতেমতকৈ কোনো
গুণে হীন নাছিল। কিন্তু নওফেলৰ নাম মানুহে নলয় কিয়?
কেউপিনেই শুনা যায়—মাত্ৰ হাতেম, হাতেম। তেওঁ হিংসাত চট্ফটাবলৈ
ধৰিলে। শেষত হাতেমক তেওঁ বধ কৰি তেওঁৰ সিংহাসন কাঢ়ি লবলৈ
থিৰ কৰিলে। ভাবিলে—হাতেম মৰিলে হাতেমৰ নাম নুমাব। তেতিয়া
মানুহে তেওঁৰ নাম লবলৈ বাধ্য হব। যুদ্ধৰ সঙ্কল্প কৰি নওফেলে
বিৰাট সৈন্যবাহিনী লৈ হাতেমৰ ৰাজ্য আক্ৰমণ কৰিলে। দেশত
হুলস্থুল লাগিল। ভয়, আতঙ্কত ৰাইজ আহি হাতেমৰ ওচৰত
আঠু ললে। হাতেম বীৰত্ব, পৰাক্ৰম, সৈন্যবল, ধনবলত পিচ পৰিব
লগীয়া নাছিল। তেওঁ সহজে আক্ৰমণ প্ৰতিবোধ কৰি ৰাজ্যত শান্তি
প্ৰতিষ্ঠা কৰিব পাৰিলেহেঁতেন।
কিন্তু দয়ালু, পৰদুখত কাতৰ হাতেমৰ কোমল হিয়া যুদ্ধৰ তেজৰ
সোঁতত অসংখ্য মানুহৰ প্ৰাণক উটুৱাই দিবলৈ কান্দি উঠিল। যিজনে
মানুহ কিয়, কোনো প্ৰাণীকেই দুখ দিবলৈ ভাল নেপায়, সেইজনে অসংখ্য
মানুহক যুদ্ধত মৰিবলৈ কেনেকৈ আগবঢ়াই দিব? ঈশ্বৰৰ সৃষ্ট
সকলো প্ৰাণীৰে কল্যাণ সাধন, তেওঁৰ জীৱনৰ এয়েই তো একমাত্ৰ ব্ৰত।
এই ব্ৰত সাৰোগত কৰি জীৱনত তেওঁ কিমান দুখ, কষ্ট বিপদ বৰণ
কৰিছে। যুদ্ধত কিমান মানুহ মৰিব, কিমান মানুহে পুত্ৰ-ভাই-পিতাকক
হেৰুৱাব, কিমান নাৰীয়ে পুত্ৰ স্বামী ভাই হেৰুৱাব। নাই তেওঁ এনে
ভয়াবহ যুদ্ধ হবলৈ দিব নোৱাৰে। নওফেলৰ হিংসা একমাত্ৰ তেওঁৰ
ওপৰত। তেওঁ আঁতৰি গলে নিৰ্ব্বিবাদে নওফেলে এই দেশ অধিকাৰ
পৃষ্ঠা:হাতেম তাই.djvu/৯৭
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
হাতেম তাই
৮৭
![](http://upload.wikimedia.org/wikipedia/commons/thumb/9/9e/%E0%A6%B9%E0%A6%BE%E0%A6%A4%E0%A7%87%E0%A6%AE_%E0%A6%A4%E0%A6%BE%E0%A6%87.djvu/page97-943px-%E0%A6%B9%E0%A6%BE%E0%A6%A4%E0%A7%87%E0%A6%AE_%E0%A6%A4%E0%A6%BE%E0%A6%87.djvu.jpg)