মৰমৰ জীয়াৰী জনীৰ বৰ বেমাৰ। হাতেমে তৎক্ষণাৎ তেওঁক চাবলৈ অনুমতি প্ৰাৰ্থনা কৰিলে। ৰজায়ো তেওঁক ভিতৰলৈ লৈ গৈ জীয়েকক দেখুৱালে। হাতেমে দেখে যে ৰোগিণী বহু দিনৰ পুৰণি বেমাৰত ভুগিব লাগিছে। মুখত তেজ নাই—একেবাৰে কেহৰাজ বঁটা যেন হৈ পৰিছে। হাতেমে এবাটি চৰতৰ ফৰমাইচ দিলে৷ চৰত আহিলত তাতে জহৰ-মহৰটি বেচকৈ পিহি সেই চৰবত নৰিয়াক খুৱাই দিলে। নৰিয়াৰ তাৰ পিচৰ পৰা এদিন এৰাতি হৰদম ভেদ হবলৈ ধৰিলে। শেষত গৈ কেবাবাৰো বাতিও হ’ল। ঘটনা দেখি ৰজাই বৰ ভয় খাইছিল। কিন্তু ঈশ্বৰৰ নাম লৈ লৈ হাতেমে তেওঁক নিৰ্ভয় দি আছিল। লাহে লাহে বেমাৰ শাম কাটিলে আৰু জোৰ নাইকিয়া হ'ল আৰু ধীৰে ধীৰে ছোৱালীৰ তেজপূঁজ ধৰি সম্পূৰ্ণ আৰোগ্য হল। প্ৰায় কুৰি দিনৰ পাচত ছোৱালী সম্পূৰ্ণ আৰোগ্য হলত হাতেমে ৰজাৰপৰা বিদায় ললে। ৰজাই বৰ আদৰেৰে অসংখ্য ধন সম্পত্তি সোণৰ মোহৰ লগত দি হাতেমক গাতৰ মুখত থোৱাই দিয়ালে। হাতেম তাৰপৰা মানুহ দুনুহৰ মূৰত সেই ধন সম্পত্তিবিলাক দি আলহী-ঘৰ পালেগৈ। তাত সেই সদাগৰৰ লৰাক এই ধন বস্তুবিলাক দান কৰিলে। সদাগৰ ডেকাই আন একো নেপাই হাতেমৰ ভৰি দুখন আকোৱালি ধৰি হৃদয়ৰ কৃতজ্ঞতা আৰু ভক্তি জনালে।
তাৰ পাচত পূৰ্ব্বৰ গাভৰুৰ ওচৰলৈ গৈ প্ৰথম প্ৰশ্নৰ কথা ভাঙি পাতি ক'লে আৰু দ্বিতীয় প্ৰশ্নৰ কথা সুধিলে। গাভৰুৰ দ্বিতীয় প্ৰশ্নও হাতেমক কলে।
দ্বিতীয় প্ৰশ্ন এই। শুকুৰ বাৰে ৰাতি এটা আৱাজ হয়। তাতে কোনোবা এটাই কয়—“এনে কাম মই কৰা নাই—যি আজি ৰাতি মোৰ কামত আহিব পাৰে।” সেইটো কি আৰু কৰপৰা আহে ইয়াৰ খবৰ আনি দিব লাগে।
এই কথা শুনাৰ পাচত হাতেম তাৰপৰা সেই শব্দ বিচাৰি যাত্ৰা