পৃষ্ঠা:হাতেম তাই.djvu/৯০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮০
হাতেম তাই

মহাপ্ৰাণ পৰোপকাৰী ডেকাজনে নিজৰ জীৱনৰ মায়া এৰি বিপদসঙ্কুল বাট ধৰিলে। নানা হাবিবন, দুৰ্ঘোৰ অৰণ্য পাৰ হৈ এখন চহৰত উপস্থিত হল। সেই চহৰত এজন সৰ্পবেশী দৈত্যৰ অত্যাচাৰত চহৰবাসী অতি আতঙ্কিত হৈ পৰিছিল। হাতেমে জহৰ-মহৰৰ অদ্ভুত শক্তিৰে সেই দৈত্যক কৌশলেৰে এটা পিঞ্জৰাত সুমুৱাই পুৰি মাৰিলে। চহৰবাসীক মহা আতঙ্কৰপৰা ৰক্ষা কৰিলে। এইবাৰ “কাতান” চহৰৰ পিনে আগ বাঢ়িল। ফকীৰৰ কথামতে কিছুদূৰ গৈ এখন পৰ্ব্বত পালেগৈ। পৰ্ব্বত পাৰ হৈ এখন পথাৰ পালে। পথাৰ পাৰ হৈ এটা আলিৰ দোমোজাত থিয় হলহি। ফকীৰে বাওঁপিনৰ বাটটো বিপদপূৰ্ণ বুলি সেই বাটেদি যাবলৈ হাতেমক হাক দিছিল। কিন্তু অসম সাহসী হাতেমে বিপদকেই বৰণ কৰি বাওঁপিনৰ বাটেদি আগবাঢ়িল; আৰু অতি কাঁইটনী হাবি এখনত সোমাল। গোটেই গা কাঁইটে বিন্ধি ৰাঙলী কৰিলে। কাঁইটনী পাৰ হৈ এখন হিংস্ৰ জন্তু আৰু বিষাক্ত সাপৰ ৰাজ্য পালে। প্ৰতি খোজতে হাতেমৰ জীৱন বিপন্ন হৈ উঠিবলৈ ধৰিলে। কিন্তু তেওঁৰ অদ্ভুত শক্তিশালী মুকুতাটোৰ গুণতে আৰু ফকীৰৰ দয়াত তেওঁ সকলো বাধা আৰু বিপদ পাৰ হৈ আগবাঢ়ি যাবলৈ সক্ষম হল। আকৌ এখন চহৰ পালেগৈ। সেই মহা অটব্য অৰণ্য আৰু হিস্ৰ জন্তু সমাকুল বাট পাৰ হৈ অহা শুনি চহৰৰ মানুহ আচৰিত হ'ল। আৰু সেই দেশৰ বাদচাহক খবৰ দিলে। বাদাহে এনে আচৰিত বাতৰি শুনি দূত পঠিয়াই হাতেমক আদৰি সাদৰি নিজ প্ৰাসাদলৈ লৈ গৈ এনে সাহসী যুৱকক অতি সমাদৰ জনালে। হাতেমৰ “কাতান” চহৰৰ বাদগৰ্দ্দলৈ যোৱাৰ সঙ্কল্প শুনি এনে বিপদপূৰ্ণ ঠাইলৈ নেযাবলৈ বাৰে বাৰে হাক দিলে। হাতেমে নিজৰ প্ৰতিজ্ঞাৰ কথা কৈ বাদাহৰ অনুৰোধ ৰাখিব নোৱাৰি যোৱাটোকে স্থিৰ কৰিলে। শেষত বাদাহে মানুহ লগত দি “কাতান” চহৰত পোৱাই দিলে।

 “কাতান” চহৰ পাই হাতেমে প্ৰথমে এখন আলহী-ঘৰত আশ্ৰয় ললে। আলহী-ঘৰত কেইবাজনো সদাগৰ লগ পালে। তেওঁলোকৰ