সমললৈ যাওক

পৃষ্ঠা:হাতেম তাই.djvu/৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৪
হাতেম তাই
 

ধৰিলে পুনৰ সেই হাবিয়েই আপোনাৰ গতি হব।” এই কথা শুনি মানুহজন লৰ মাৰি পুখুৰীৰ পাৰলৈ গলগৈ। হাতেমে দেখিলে যে এজনী সুন্দৰী আহি তেওঁৰ হাতত ধৰি পুখুৰীৰ তললৈ লৈ গলগৈ। হাতেমে তাৰ পাচত চাহাবাদ চহৰৰ ফাললৈ খোজ ললে। কিছুদিনৰ পাচত চাহাবাদ পালেহি আৰু হাচেন বানুক সকলো কথা ক'লে। আৰু কলে যে সেই অন্তৰাজ আৰু দস্যহাৱেদাও নাই।

 হাচেন বানুৱে তেওঁক বহুত ধন্যবাদ দিলে। তাৰ পাচত হাতেমে মনিৰ স্বামীৰ লগত দেখা কৰি তাতেই আঠ দিন কটালে।


দ্বিতীয় প্ৰশ্ন
(“পুণ্য কৰ্ম্ম কৰা আৰু পানীত ভহাই দিয়া”)

 হাতেম আকৌ দ্বিতীয়বাৰ ৰাৱণা হল। গৈ গৈ এখন বৰ হাবিয়নি পালেগৈ। তাতে এজোপা গছৰ তলত জিৰাই থাকোঁতেই তেওঁৰ টোপনি আহিল। সাৰ পাই উঠি তেওঁ শুনিলে বেদনাতুৰ সুৰেৰে কোনোবাই ইনাই-বিনাই কান্দিব লাগিছে। হাতেমৰ মন সমবেদনাৰে ভৰি গল। তেওঁ ওচৰচাপি গৈ দেখে যে এটি বৰ ধুনীয়া ডেকা বহি কান্দিব লাগিছে। তেওঁৰ ফুলৰ নিচিনা শুৱনি গালেদি দুধাৰি মুকুতা পান্তিৰ নিচিনা চকুলো বই পৰিছে। শোকত অধীৰ ডেকা জনে ক'ব লাগিছে - “মই কাক মোৰ প্ৰিয়তমাৰ বাতৰি সুধিম! কোনে মোক সমিধান দিব?

 এই কথা শুনি হাতেম ওচৰলৈ গল আৰু ডেকা জনক সুধিবলৈ ধৰিলে “ডেকাদেউ! তোমাৰ এনে কি বিপদ হৈছে যে তুমি ইমান ব্যাকুল আৰু ব্যথিত হৈছা? তেওঁ উত্তৰ দিলে—“ডাঙৰীয়া, মই এজন সাউদ। নানা ৰকমৰ বস্তু লৈ বণিজ বেহাই ফুৰে। এদিন এনেকৈ ফুৰোঁতে