পৃষ্ঠা:হাতেম তাই.djvu/৫৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৬
হাতেম তাই
 

 ডেকাই এই মহাপ্ৰাণ যুৱকৰ মধুৰ কথা শুনি শ্ৰদ্ধাত মুগ্ধ হৈ হাতেমৰ ভৰিত লুটি খাই পৰিল আৰু নিজৰ দুখৰ কথা কবলৈ ধৰিলে।—

 ডেকাই কলে “মই এজন বণিকৰ লৰা। সাত বছৰৰ আগতে এই বাটেদি ৰুম চহৰলৈ গৈছিলোঁ। এই পৰ্ব্বতৰ শোভাত মই মুগ্ধ হৈ অকলৈ পাহাৰৰ ওপৰলৈ উঠি গলোঁ। শেষত ঘূৰি পকি এই গছ জোপাৰ তলতে এটি মনোৰম দৃশ্য দেখিলোঁ। এই ঠাইতেই এজনী অপূৰ্ব্ব সুন্দৰী পৰী-কন্যা শুই আছিল। সেই ৰূপৰ সেই লাৱণ্যৰ কি আকৰ্ষণ আছিল মই কব নোৱাৰোঁ, মই মোৰ জ্ঞান হেৰৱাই পেলালোঁ। যেতিয়া চেতনা আহিল, দেখোঁ যে সেই অপৰূপা কন্যাই মোৰ মূৰটো কোলাত লৈ শুশ্ৰুষা কৰি আছে। মই লৰালৰিকৈ উঠি তেওঁৰ হাতখনত ধৰিবলৈ মোৰ হাতখন মেলিলোঁ। কিন্তু তেওঁ তৎক্ষণাত আতৰি গল আৰু কলে—“যুৱক মই কুমাৰী কন্যা, মোৰ হাতত তুমি নধৰিবা। তুমি অসুস্থ হৈ পৰিছিলা দেখি মই তোমাক ৰোগী হিচাবে শুশ্ৰুষা কৰিছিলোঁ। এই কামত যদি কিবা দোষ হয় ঈশ্বৰে মোক মাৰ্জ্জনা কৰিব। কিন্তু বিবাহ নোহাৱাকৈ মোক কোনো পুৰুষে স্পৰ্শ কৰিব নোৱাৰে। তেওঁৰ কথা শুনি মই তেওঁক বিবাহ কৰিবৰ কাৰণে অতি অনুনয় কৰিবলৈ ধৰিলোঁ। তেওঁ কলে—“মোৰ আই বোপাই জীয়াই আছে। তেওঁলোক বৰ বুঢ়া হৈছে বুলি মই পৰী ৰাজ্যৰ সিংহাসন পাইছোঁ; তথাপি মই কুমাৰী কন্যা। পিতা মাতাৰ অমতত তো মই বিবাহ কৰিব নোৱাৰোঁ। বিশেষকৈ তুমি মানুহ। মই মানুহ চোৱাৰ হেপাহতে এই মানুহৰ সমাগম ঠাইলৈ আহিছিলোঁ।”

তেওঁৰ কথা শুনি বলিয়াৰ দৰে তেওঁক কাকূতি কৰিবলৈ ধৰিলোঁ। কাৰণ পৰী কন্যাৰ উন্মাদ মায়াই মোৰ জ্ঞান ধৈৰ্য্য সকলো নাশ কৰি পেলাইছে। মোৰ কাকূতি শুনি তেওঁ কলে “বাৰু তুমি ঠিক এই ঠাইতেই ৰৈ থাকা, তিনি-দিনৰ ভিতৰত মোৰ আই বোপাইৰ মত লৈ ঘুৰি আহিম। নাইবা মই তোমাক আমাৰ পৰী ৰাজ্যলৈ লৈ যাম। মই আহিব নোৱাৰিলেও তোমাক নিবলৈ দূত পঠিয়াম। তুমি হলে এই