কৰিলে। ময়দানে ময়দানে ৰাতিয়ে দিনে ফুৰিবলৈ ধৰিলে। অলপ দিনৰ পাচত এদিন সেই আৱাজ তেওঁ শুনিলে। শব্দ শুনি সেই শব্দ লক্ষ্য কৰি গৈ গৈ তেওঁ এদিন অকস্মাৎ এঠাইত ওলালগৈ— যত মানুহৰ কন্দা-কটাৰ ৰোল উঠিছে। হাতেমে তাৰ মানুহক ইয়াৰ গুৰি সোধাত এজনে ক'লে যে সদায় মাহৰ সাত তাৰিখে গাঁৱলৈ এটা দৈত্য আহে। সি যেতিয়া আহি পায় তেতিয়া এটা মানুহ তৈয়াৰ থাকিব লাগে, সি তাক খায়। এই বেলি আহে বৃহস্পতিবাৰে আমাৰ গাঁৱৰ গৰাকী জনৰ ধুনীয়া লৰাটিৰ পাল পৰিব। সেই কাৰণেই গাঁৱৰ সকলো মানুহেই এতিয়াৰপৰা শোকত অধীৰ হৈ কান্দিব লাগিছে। হাতেম গৈ গৰাকী জনক লগ ধৰি তাক নিৰ্ভয় দিলে আৰু সুধিলে যে সেই দৈত্যটোক কোনোবাই দেখিছেনে নাই। গৰাকীয়ে তাক মাটিত আকি দেখুৱালে। তাৰ নখন মুখ আৰু নখন হাত, নখন ভৰি। হাতেমে কলে যে “এই দৈত্যৰ নাম “হেলোকা” ই এক ৰকমৰ কৱন্ধ। ইয়াক মাৰিলেও নমৰে পুৰিলেও নোপোৰে। কিন্তু মই যি কওঁ তাক যদি শুনা তেন্তে মই ইয়াক মাৰিবৰ প্ৰৱন্ধ কৰিব পাৰোঁ।” গৰাকী জনে হাতেমে যি কয় তাকে কৰিবলৈ গাত ললে। তেতিয়া হাতেমে কলে যে “তোমাৰ গাঁৱত যদি দৰ্পণ (আৰ্চ্চী) তৈয়াৰ কৰিব পৰা মানুহ আছে তেন্তে এখন বৰ ডাঙৰ আৰ্চী মোক তিনি দিনৰ ভিতৰতে সাজি দিব লাগে।” তেতিয়াই গৰাকীয়ে গাঁৱৰ দৰ্পণ তৈয়াৰ কৰা মানুহবিলাকক মাতি আনি এখন কুৰি হাত দীঘল আৰু এহাত পুতলৰ দৰ্পণ কৰিবলৈ লগাই দিলে। যথা সময়ত দৰ্পণ তৈয়াৰ হৈ আহিল। তেতিয়া সেই দৰ্পণ খন লৈ গৈ দৈত্য যলৈ আহে তাতে নি থিয় কৰি দিলে। দৰ্পণৰ এখন ঢাকোন কৰি সেই ঢাকনি কাপোৰেৰে তাক ঢাকি থলে। অহা দিনৰ দিনা হাতেমে গাঁৱৰ মানুহক নিজৰ নিজৰ ঘৰলৈ যাবলৈ দিলে। যদি কোনো বাই ধেমালি চাব খোজ তেন্তে তেওঁৰ লগত থাকিবলৈ ক'লে।
পৃষ্ঠা:হাতেম তাই.djvu/৪০
অৱয়ব