আটাইতকৈ ডাঙৰ সদাগৰৰ ল'ৰা। মোৰ নাম “হামিৰ।” মোৰ পতাই মোৰ নাম অনুসাৰেই এই চহৰ নিৰ্ম্মাণ কৰিছিল। তেওঁ বণিজ বেহাবলৈ যাওঁতে জাহাজ বুৰি স্বৰ্গী হয়, কিন্তু মোৰ পিতাৰ অতুল সম্পত্তি মই ৰাখিব নোৱাৰিলোঁ৷ নানা ব্যভিচাৰ কৰি মই সকলো সম্পত্তি হেৰুৱালোঁ৷ শুনিলো মাটিৰ তলত আগৰ দিনৰ বহুত ধন পোতা আছে বুলি। এজন জ্যোতিষী মতাই আনি তেওঁৰ লগত যুক্তি কৰিলোঁ,— যদি তেওঁ মোক মাটিৰ তলৰ ধন দেখুৱাই দিব পাৰে মই তেওঁক সিকি ভাগ দিম। জ্যোতিষীয়ে ঠাই দেখুৱাই দিয়ামতে মাটি খান্দি মই বহুত ধন-সম্পত্তি পালোঁ। কিন্তু মই মোৰ প্ৰতিজ্ঞা নেৰাখিলোঁ। ধনৰ লোভত সকলো পাহৰি জ্যোতিষীক যথেষ্ট প্ৰহাৰ কৰি তাৰপৰা খেদি দিলোঁ। আন কি জ্যোতিষীৰ চকু দুটা কণা কৰি দিবলৈযো মই বিচাৰিছিলোঁ। ঈশ্বৰক সাক্ষী কৰি জ্যোতিষী গুচি গ'ল। কিছুদিন গ’ল, সেই জ্যোতিষীজন আকৌ উলটি আহি মোৰ লগত বন্ধুৰ দৰেই ব্যৱহাৰ কৰিবলৈ ধৰিলে। পূৰ্ব্ব ব্যৱহাৰ পাহৰিলে বুলি মই বিশ্বাস কৰিলোঁ। তেওঁ এদিন কলে, বন্ধু! ভূগৰ্ভত এতিয়াও অতুল সম্পদ আছে। মই তেওঁক আকৌ এডোখৰ ঠাই গণি দিবলৈ অনুৰোধ কৰাত তেওঁ সন্মতি জনালে। মই ধনৰ লোভত আকৌ বলিয়া হৈ উঠিলোঁ; আৰু ধন পালে আধা ভাগ দিম বুলি প্ৰতিজ্ঞা কৰিলোঁ। তেওঁ কলে—মোৰ কথাত তুমি বিশ্বাস কৰিব নেলাগে, নিজ চকুৰেই চাই লবা। এইদৰে কৈ তেওঁ মোক এই ঠাইলৈ লৈ আহিল , আৰু এবিধ পনীয়া বস্তু চকুত সানি কলে,—এতিয়া তুমি নিজেই মাটিৰ তলৰ ধন দেখা পাবা। কিন্তু হাঁয়! মই তেওঁৰ চাতুৰি বুজি নেপালোঁ। পনীয়া বস্তুটো চকুত লগোৱা মাত্ৰকে মই অন্ধ হলোঁ। পূব্ব অপমান সুঁৱৰি জ্যোতিষীয়ে মোক এই পিঞ্জৰাটোত ভৰাই গছৰ ডালত আৰি থলে; আৰু কলে পূৰ্ব্ব পাপৰ প্ৰায়শ্চিত্ত কৰ। তই মোক কণা কৰিবলৈ বিচাৰিছিলি, এতিয়া নিজে কণা হৈ গছত ওলমি থাক। অসৎ কৰ্ম্মৰ ফল এনেকুৱাই হয়।
পৃষ্ঠা:হাতেম তাই.djvu/৬২
অৱয়ব