পৃষ্ঠা:হাতেম তাই.djvu/৫৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
হাতেম তাই
৪৭
 

ঠাই এৰি কলৈকে-নেযাবা।” এই কথা কৈ তেওঁ যি গ’ল। সাত দিনৰ ঠাইত আজি সাত বছৰ মই তেওঁলৈ বাট চাই চাই এই ঠাইতেই বহি আছোঁ। এই ঠাই এৰি যাবও নোৱাৰোঁ, কিজানি তেওঁ ঘূৰি আহি উভতি যায়, সেই আশঙ্কাতে মই আজি দীঘলীয়া সাত বছৰ ধৰি তেওঁলৈকে বাট চাই দিন নিয়াইছোঁ। এবাৰো তেওঁ মোক দেখা দিব নেপাই নে?”

 ডেকাই কান্দিবলৈ ধৰিলে। হাতেমে এই উন্মাদ ডেকাক সান্ত্বনা দি তেওঁ কোন পিনে গৈছে সুধিলে। ডেকাই কলে তেওঁৰ নাম “আলগুন- পৰী” তেওঁ অলকা পাহাৰৰ পৰীৰ দেশলৈ গৈছে। হাতেমে কলে-“ভাই তুমিও মোৰ লগতে বলা। আমি সেই মায়াবিনীক বিচাৰি উলিয়ামেই।” ডেকাই কলে “নাই ভাই মই নেযাওঁ। মই গলে কিজানি তেওঁ আহি মোক নেপাই উলটি যায। মই এই ঠাই এৰিব নোৱাৰোঁ।” হাতেমে কলে “বাৰু ভাই তুমি থাকা। ঈশ্বৰৰ দয়া হলে ময়েই তেওঁক বিচাৰি উলিয়াব পাৰিম। তোমাৰ কাম শেষ নকৰালৈকে মই আন কামলৈ নেযাওঁ।” এই দৰে ডেকাক সান্ত্বনা দি হাতেমে অলকা পৰ্ব্বতৰ পিনে যাত্ৰা কৰিলে। এটাৰ পাচত এটাকৈ পৰ্ব্বতমালা পাৰ হবলৈ ধৰিলে। শেষত এদিন এখন দুৰ্গম পৰ্ব্বত পাৰ হৈ এখন নিজান ঠাই পালে যি ঠাইৰ পৰা অলকা পৰ্ব্বত আৰম্ভ হৈছে, সেই ঠাইত ওলালগৈ। অলকা পাহাৰৰ মনোৰম শোভা চাই থাকোঁতে পৰ্ব্বত-শিখৰত এজনী অতি অপৰূপা সুন্দৰ গাভৰু দেখিবলৈ পালে। তেওঁ লৰালৰিকৈ পৰ্ব্বতত উঠি গাভৰুৰ আগতে থিয় হলগৈ। গাভৰুৱে চক্ খাই উঠি কোন পিনে যে নাইকিয়া হল হাতেমে তৎ ধৰিব নোৱাৰিলে। শেষত গাভৰুক বিচাৰি তেওঁ এখন লতা গুল্মৰে আৱৰি থকা ঠাই পালে। এই ঠাইতেই লুকাইছে ভাবি লতাবোৰ আঁতৰাই তাৰ মাজত সোমাই পৰিল। হঠাতে তেওঁৰ সুৰঙ্গ এটা চকুত পৰিল। সেই বাটেদিয়েই গাভৰু পলাইছে ভাবি তেওঁ সুৰঙ্গ বাটেদি সোমাই গ'ল আৰু ঢালু সুৰঙ্গ বাটেদি তেওঁ তললৈ চুচৰি গলগৈ। তেওঁ ঈশ্বৰৰ নাম লবলৈ ধৰিলে। অলপ পিচত তেওঁৰ ভৰিত মাটিৰ পৰশ লাগিল। তেওঁ থিয় হৈ চাৰিওপিনে চকু ফুৰাই চাই