সমললৈ যাওক

পৃষ্ঠা:হাতেম তাই.djvu/৭১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
হাতেম তাই
৬১
 

সোমাই গ'ল, আৰু ঘৰৰ গিৰিহঁতৰ আতিকে আদৰ অভ্যৰ্থনা পালে। শেষত গিৰিহঁতে আতি-গুৰি সুধিলত হাতেমে সকলো বৃত্তান্ত গিৰিহঁতক বিবৰি কলে আৰু বাট-চ'ৰাত লিখি থোৱা কথা দুশাৰীৰ অৰ্থ সুধিলে। গিৰীহঁতে কলে—“বহু ধন্যবাদ লোৱা আৰব ডেকা! তুমি পৰৰ হিত সাধিবলৈ নিজৰ জীৱনৰ মায়া এৰি নানা বিপদৰ মাজেদি এই সুদূৰ দেশ পাইছাহি। যি কাম আনৰ অসাধ্য, তুমি নিজৰ দৃঢ়তাৰ বলত সাধন কৰিছা; ঈশ্বৰে তোমাৰ মঙ্গল কৰিব। তোমাৰ যশস্যা আৰু খ্যাতিৰে পৃথিৱী উপচি যাব।” তেওঁৰ প্ৰশংসা শুনি হাতেমে লাজত তলমু কৰিলে। সেইনিশা খাই-বৈ শান্তিৰে বিশ্ৰাম কৰিলে। পিচদিনা গিৰী- হঁতৰ ওচৰত তেওঁৰ জীৱন-কাহিনী শুনিবলৈ বহিল। গিৰীহঁতে কবলৈ ধৰিলে—“শুনা আৰব ডেকা! পাপৰ কাহিনী। মই ডেকাকালত অতি পাত জুৱাৰী আছিলোঁ। জুৱা খেলি খেলি জুৱাৰ নিচাত মোৰ সকলো সম্পত্তি নাশ কৰিলোঁ। মোৰ হাতত ফুটা-কড়ি এটাও নোহোৱা হ’ল। তথাপি মোক পপীয়া জুৱাৰ নিচাই নেৰিলে। শেষত চুৰ কৰিবলৈ ললোঁ, কাৰণ জুৱাৰ নিচাই মানুহক এবাৰ ধৰিলে তাক ঢালে ঢালে পাপৰ নৰকলৈ নিহে এৰিব। মোকো এই পপীয়া নিচাই ঢালে ঢালে নমাই নিলে। চুৰ কৰিবলৈ ধৰিলোঁ, কাৰণ মোৰ বহুত টকাৰ আৱশ্যক। গতিকে এদিন ৰজাৰ ঘৰত চুৰ কৰিবলৈ ঠিক কৰিলোঁ। গভীৰ নিশা ৰাতি মই খিড়ীকিয়েদি ৰজাৰ জীয়ৰীৰ ঘৰ সোমাই টকা-কড়ি, অয় অলঙ্কাৰ আন কি সোণৰ জ্বলি থকা চাকিটোও নুমুৱাই বান্ধি লৈ নিৰাপদে বাহিৰ হৈ আহিলোঁ। কোনেও গম নেপালে! কিন্তু মোৰ বুকুৰ ভিতৰখন দুৰ্ দুৰ্‌কৈ কঁপিবলৈ ধৰিলে। মই নিজান পথাৰলৈ গলোঁ। তাতো ৰক্ষা নেপালোঁ; কাৰণ মই দেখিলো পথাৰৰ মাজত আন কেইজনমান চোৰে বস্তু চুৰ কৰি আনি ভাগ কৰিবলৈ ধৰিছে। চোৰ কেইটাই মোক সুধিলে-‘কোন’? মই চোৰ বুলি কৈ সিহঁতক মোৰ চোৰাই মালবোৰ দেখুৱালোঁ। মোৰ বস্তুৰ ভিতৰত এখন ডাঙৰ মূল্যৱান “চুনী” পাথৰ আছিল। চোৰ কেইটাৰ দেখি লোভ লাগিল। সিহঁতে মোক মাৰি