ক’লে আই! তুমি চহৰলৈ গৈ খোৱা বোৱাৰ বস্তু বাৰি আৰু অলপ বাচন বৰ্ত্তন লৈ আহা গৈ” ধাই এই কথাত ৰাজি নহয় কাৰণ তেওঁ ভয় কৰিলে পাছে এৰি গলে হাসেনবানুৰ আকৌ বা কি বিপদ হয়। এনেকৈ কথা বতৰা পাতি থাকোঁতেই হাসেন বানুৰ এজন আত্মীয় সন্ন্যাসীৰ ভেশ ধৰি সেইখিনি ওলালহি। সি আহিয়েই হাসেনৰ ভৰিত ধৰি কান্দিবলৈ ধৰিলে আৰু উঠি হাসেনবানুৰ মূৰত চুমা খাই থিয় দি ৰল। হাসেনে তাক দেখি বৰ ৰং পালে আৰু কলে যে “আৰু কোনো ভয় নাই। ঈশ্বৰে মোক বৰ অনুগ্ৰহ কৰিছে। এতিয়া মই অসীম ধনৰ অধিপতি। মোৰ পৰা ৰূপ বনি লৈ তুমি চহৰলৈ গৈ এই সু খবৰ মোৰ বন্ধু-বান্ধবক দিয়াগৈ আৰু মোৰ আত্মীয় কুটুম্বসকলক ইয়ালৈ লৈ আহাগৈ। আহোঁতে খুব ভাল ভাল মিস্ত্ৰী আৰু কাৰিকৰ কিছুমানো লগতে লৈ আহিবা। সম্প্ৰতি মোৰ নিমিত্তে ইয়াত এটা সুন্দৰ পকি ঘৰ হব। তাৰ পাছত ইয়াত “সাহাবাদ” নামে এখন নগৰ পাতিম। এইকথা কিন্তু প্ৰকাশ নহয় যেন” এইকথা শুনি মানুহ জন চহৰলৈ উলটি আহিল। হাসেন বানুৰ পৰিয়ালৰ মানুহবিলাকে ভিক্ষা কৰি কৰি খাই ফুৰিছিল। সিহঁতক গোট খুৱালে। আৰু হাসেন বানুৰ ওচৰলৈ লৈ গ’ল। তাৰ পাছত সিহঁতক তাতে থৈ পুনৰ চহৰলৈ উলটি গৈ ৰাজমিস্ত্ৰী আৰু আন আন কৰ্মীসকলক সদাগৰৰ লগত বন্দোবস্ত কৰি সিহঁতকো হাবিলৈ লৈ গল। প্ৰথমে সকলোটিয়ে তম্বু তৰি আছিল। তাৰ পাছত ছমাহ বাদে যেতিয়া সুন্দৰ ঘৰ দুৱাৰে এটি হাউলি তৈয়াৰ হ’ল তেতিয়া এটাইবোৰ তাতে থাকিল। হাসেনবানুৱে মিস্ত্ৰী সকলক এখন নগৰ পাতন কৰিবলৈ ক’লত ঘাই মিস্ত্ৰীজনে আপত্তি কৰিলে যে ৰজাৰ হুকুম নোহোৱাকৈ এনে কাম কৰা ভাল নহয়। হাসেন বানুও এই কথাত মান্তি হ’ল।
তাৰ পাছত হাসেন বানুৱে নিজৰ ভেশ সলাই মতা মানুহৰ সাজ পোছাক পিন্ধিলে আৰু এটা তেজাল ঘোৰাত উঠি লগত কিছুমান অনুচৰ