ঠিক সেই সময়তে হাসেনবানুৰ মানুহ আৰু চিপাহীবিলাকে লুকুৱা ঠাইৰ পৰা ওলাই সিহঁতক ধৰি বান্ধি পেলালে। সিহঁতক মালে-বস্তুৱে বেচকৈ বান্ধি কোটোৱালে নি ৰাতিটো বান্ধি থলে। পুৱা হাসেনে মেহেৰ সাহৰ ভেশেৰে ৰজা ঘৰত উপস্থিত হলগৈ। ইফালে ডকাইতবিলাকক লৈ কোটোৱালো হাজিৰ হলহি। ৰজাই ৰাজসিংহাসনত বহি কোটোৱালক তাৰ সকামৰ কথা শুধিলত তেওঁ পুৱাৰাতিৰ ঘটনা যথাযথ বৰ্ণনা কৰিলে আৰু ক’লে যে মেহেৰশাহে এইখিনি বুদ্ধি নকৰাহেঁতেন নৃসংশহতে তেওঁক ধনেপ্ৰাণে বধিলেহেঁতেন। ৰজাই মেহেৰশাহক এই বিষয়ে শুধি তেওঁৰ মুখেও এই কথা শুনি আসামী বিলাকক তেওঁৰ আগলৈ আনিবলৈ হুকুম দিলে। সৰ্ব্ব প্ৰথমে আহিল সন্ন্যাসী ডকাইত বেশেৰে। ৰজাই তেওঁক দেখি আচৰিত হ’ল আৰু সুধিলে যে তেওঁৰ এই বেশৰ তাৎপৰ্য্য কি। সন্ন্যাসী অবাক। তেওঁৰ পিঠিৰ বোজাৰ পৰা বহুত সোণ ৰূপৰ চোৰাই মাল ওলাল। তেতিয়া ৰজাৰ বৰ খং উঠিল আৰু গোটেই দলৰে প্ৰাণ দণ্ড কৰিলে। তেতিয়া হাসেন বানুয়ে সিংহাসনৰ আগত থিয় দি কলে স্বৰ্গদেৱ মই মতা মানুহ নহও, মই বৰজখ সদাগৰৰ জীয়েক হাসেনবানুহে। আগৰ বাৰৰ এই ডকাইতেই মোৰ যথা সৰ্ব্বস্ব লুটি নিছে। তাৰ ঘৰ দুৱাৰ খানি কুৰি চালে সকলো ওলাব। ৰজাই তৎক্ষণাৎ মানুহ পঠাই চোৱালত বৰজখ সদাগৰৰ বহুত ধন দৌলত ওলাল। তেতিয়া ৰজাই হাসেন বানুক ধন্যবাদ দিলে আৰু নিজে বৰ দুখ প্ৰকাশ কৰিলে। আৰু হাসেনবানুৰ ঘৰ-দুৱাৰ, বস্তু-বাৰি সকলো ওভোটাই দি কলে যে "পূৰ্ব্বে মই তোমাক পো বুলিছিলোঁ এতিয়া জী বুলিলোঁ” তুমি তোমাৰ পুৰণা ঘৰ, বস্তু সকলো অবাধে ভোগ কৰা, আৰু নতুন চহৰতো প্ৰভুত্ব কৰা। হাসেনে তেতিয়া গছৰ তলত কিদৰে বহুত ধন সোণ পাইছিল সকলো কলে, আৰু ৰজাক “সাহাবাদলৈ” নিমণ কৰি গ’ল।
হাসেনবানু সাহাবাদ পাইয়েই চহৰত নানাৰকম সাজ-সজ্জা কৰিবলৈ