শাস্তিৰ হাত সাৰিব নোৱাৰিবা।” হাতেমৰ কথা শুনি বুঢ়া জ্বলি-পকি
উঠি কলে—“কওক গৈ ৰজাৰ আগত। বুঢ়া হৈছে, বৰ দুখেৰে পৃথিৱীত
জীয়াই আছোঁ। কিহৰ মায়া আছে এই হাড় কিডালৰ ওপৰত?
ভয় নকৰো ৰজাৰ শাস্তিলৈ? তথাপি আপোনাক ধৰাই দি টকা
খাব নোৱাৱোঁ। মূৰৰ ওপৰত ঈশ্বৰ আছে। জনমে জনমে অনাহাৰে
মৰিম, দুখকেই জীৱনৰ সাৰথি কৰিম, তথাপি ছয়তান হব নোৱাৰিম।”
কাৰ যেন কথা-বতৰা শুনি বুঢ়াই চঞ্চল চকুৰে কেউপিনে চকু
ফুৰালে। বুঢ়াই আতঙ্কিত ভাৱে আকৌ কলে—“পলাওক! পলাওক!
ৰজাৰ চৰ আহিছে আপোনাক বিচাৰি। যাওঁক আপুনি আঁতৰি
গৈ প্ৰাণ ৰাখক।” এনেতে পিচ পিনৰপৰা বীভৎস উল্লাসৰ বিকট
চিঞৰ শুনি বুঢ়াই হাঁয় প্ৰভু! হে ঈশ্বৰ, বুলি চিঞৰি মাটিত লুটি
খাই পৰিল।
চকুৰ পচাৰতে কিছুমান ৰজাৰ চৰে হাতেমক বেঢ়ি ধৰিলে।
আনন্দৰ হৰ্ষধ্বনি কৰি কৰি ৰজাৰ ওচৰলৈ হাতেমক লৈ গ'ল।
বুঢ়া-বুঢ়ীৰ হিয়া ফাটি গ’ল, চকুৰ পানীৰে বুকু ভহাই ভহাই কান্দি
কান্দি বুঢ়া-বুঢ়ীও পিচ ললে।
নওফেল ৰজা উজিৰ ওমৰাহসকলৰ সৈতে ৰাজ-দৰবাৰত বহি
আছে। হাতেমক ধৰিবলৈ বুদ্ধি পৰামৰ্শ চলিছে। এনেতে হাতেমক
বন্দী কৰি ধৰি অনা দেখি, সভাসদসকলৰে ৰজা আনন্দত জপিয়াই
উঠিল। বন্দীক ৰজাৰ আগত থিয় কৰালে। ৰজাই সুধিলে-
“তোমালোকৰ ভিতৰত কোনে হাতেমক ধৰিছা আগবাঢ়ি আহাঁ।”
এজনে আগবাঢ়ি কলে—“চাহাজাদা! মই ধৰিছোঁ”। এনেতে আকৌ এজন
আগবঢ়ি হাত জোৰকৈ কলে—“নহয় চাহাজাদা, মইহে হাতেমক প্ৰথমে
ধৰিছোঁ।” আৰু দুই তিনিজন একেলগে আগবাঢ়ি কলে-“নহয় নহয়,
মইহে ধৰিছো।” এই দৰে দহ বাৰজনে মই ধৰিছোঁ, মই ধৰিছোঁ, বুলি
সভাস্থল হুলস্থুল লগাই দিলে। ৰজাই বুজিলে কাৰো কথা সঁচা নহয়।
এইবাৰ ৰজাই হাতেমক সুধিলে-“হাতেম! তুমি সঁচা কথা কোৱাচোন
পৃষ্ঠা:হাতেম তাই.djvu/১০১
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
হাতেম তাই
৯১